আহমেদাবাদ ট্ৰেজেদী : শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট কেপ্তেইন সুমিত সভাৰৱালক মঙলবাৰে মুম্বাইত এক শোকাকুল পৰিৱেশত অন্তিম বিদায় জনোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃয়ে পুত্ৰ সুমিতক আৱেগিক বিদায় দিয়ে । সভাৰৱালৰ মৃতদেহ আহমেদাবাদৰ পৰা মুম্বাইলৈ অনাৰ কেইঘণ্টামান পিছতে উপনগৰ চাকলাৰ এক শ্মশানত পৰিয়ালৰ লোকৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

৫৬ বছৰীয়া প্ৰবীণ পাইলটজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পিছত প্ৰায় ১১.১৫ বজাত তেওঁৰ পিতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্য শ্মশানৰ পৰা ওলাই যায় । ইয়াৰ পূৰ্বে পুৱা সভাৰৱালৰ মৃতদেহ কঢ়িয়াই অনা কফিনটো বিমানেৰে মুম্বাই বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পিছত পৰিয়ালৰ লোকে পৱাই অঞ্চলৰ জল বায়ু বিহাৰত থকা তেওঁৰ বাসগৃহলৈ লৈ যায় ।

সভাৰৱালৰ বহু বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন আৰু স্থানীয় বাসিন্দা তেওঁৰ বাসগৃহৰ বাহিৰত সমবেত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সুমিত সভাৰৱালৰ পিতৃকে ধৰি অন্যান্য আত্মীয়ই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই ।

উল্লেখ্য যে, ১২ জুনত আহমেদাবাদত ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমান এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা এজন যাত্ৰীৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়, আনহাতে মাটিত থকা আন ২৯ জনৰো মৃত্যু হয় ।

ইফালে মহাৰাষ্ট্ৰৰ ৰায়গড়ত আহমেদাবাদ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলক শেষ বিদায় দিয়া হয় । আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া যাত্ৰীবাহী বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলৰ মৃতদেহ নভা গাঁৱৰ বাসগৃহলৈ অনা হয় । বৃহৎ সংখ্যক লোক তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় ।

লগতে পঢ়ক : DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

আহমেদাবাদত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন; বাতিল হ’ল লণ্ডন অভমুখী বিমান

আহমেদাবাদত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান বাতিল । এই একেটা পথতে ১২ জুনত দুৰ্ঘটনাগ্ৰস্ত হৈছিল AI-171 বিমানখন । তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান এ আই-১৫৯ দিনৰ ১.১০ বজাত আহমেদাবাদৰ পৰা ৰাওনা হোৱাৰ কথা আছিল । বিমানখন লণ্ডনত উপস্থিত হোৱাৰ সময় সন্ধিয়া ৬.২৫ বজা বুলি কোৱা হৈছিল । বিগত দুদিনত তিনিখন বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানত কাৰিকৰী সমস্যা দেখা গৈছে । প্ৰথমে এয়াৰ ইণ্ডিয়া AI315 (হংকঙৰ পৰা দিল্লীলৈ) বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজভাগতে ঘূৰি আহিছিল । ইয়াৰ পিছতে ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইলৈ অহা বিমানখন কলকাতাত ৰ’ব লগা হৈছিল আৰু আহমেদাবাদ-লণ্ডনৰ বিমানখন বাতিল কৰিবলগীয়া হৈছিল ।

জানিব পৰা মতে মঙলবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানখন কাৰ্যকৰী সমস্যাৰ বাবে বাতিল কৰা হৈছে । এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটেও নিশ্চিত কৰিছে যে আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যাবলগা AI-159 বিমানখন বাতিল কৰা হৈছে । নিৰ্ধাৰিত যাত্ৰাৰ পৰা পলমকৈ বিমানখনে বিয়লি ৩ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰাৰ কথা আছিল ।

বিমানবন্দৰৰ অধীক্ষকে কয় যে, “আমাক জনোৱা হৈছে যে বিমানখন পৰিচালনাৰ কাৰণত বাতিল কৰা হৈছে । আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা মূল বিমানখনক এআই-১৭১ ক’ড কৰা হৈছিল, সোমবাৰৰ পৰা নতুন বিমান ক’ড এআই-১৫৯ৰে পুনৰ বিমান সেৱা আৰম্ভ হৈছিল ।” বিমানখন বাতিল হোৱাৰ “কাৰ্য্যকৰী সমস্যা”ৰ বিষয়ে বিষয়াগৰাকীয়ে বিতংভাৱে কোৱা নাই । যোৱা ১২ জুনত আহমেদাবাদৰ পৰা উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱা এআই-১৭১ বিমানখনৰ ঠাইত নতুন ক’ড এআই-১৫৯ স্থাপন কৰা হৈছে ।

বিমানখন বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে বিমান বাতিলৰ বাবে যাত্ৰীসকলে টিকটৰ ভাড়া ঘূৰাই পাব নে নাপাই সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক : লোকপিয়লৰ অধিসূচনা জাৰি; ৩৫ লাখৰো অধিক কৰ্মীয়ে ডিজিটেলী কৰিব কাম

ডি এন এ পৰীক্ষাত নিহত ৯ জনৰ মৃতদেহ চিনাক্ত; আত্মীয়ক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ

ডি এন এ পৰীক্ষাত নিহত ৯ জনৰ মৃতদেহ চিনাক্ত

আহমেদাবাদ অসামৰিক চিকিৎসালয়ত এই পৰ্যন্ত ডি এন এৰ নমুনাৰ ভিত্তিত শোকাৱহ বিমান দুৰ্ঘটনাৰ ৯ জন ভুক্তভোগীক চিনাক্ত কৰি মৃতদেহ আত্মীয়ক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । জানিব পৰা মতে, ইয়াৰ পূৰ্বে পৰিয়ালৰ সদস্যই চিনাক্ত কৰাৰ পিছত চিকিৎসালয়খনে ৮টা মৃতদেহ আত্মীয়ক গতাই দিছিল আৰু এই মৃতদেহসমূহৰ ডি এন এ প্ৰফাইলিঙৰ প্ৰয়োজন নাছিল । শনিবাৰে চিকিৎসকে জনোৱা মতে, বিমান দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে প্ৰায় ২৭০টা মৃতদেহ চিকিৎসালয়লৈ অনা হৈছে ।

বিমানত থকা ২৪২ জনৰ ভিতৰত ২৪১ জন যাত্ৰীৰ মৃত্যু-

আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহস্পতিবাৰে বিয়লি চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মহানগৰীৰ মেঘনীনগৰ অঞ্চলৰ মেডিকেল কলেজৰ হোষ্টেল চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত থকা ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ ভিতৰত ২৪১ জন যাত্ৰীৰে এই দুৰ্ঘটনাত মৃত্যু হয় । অলৌকিকভাৱে ৰক্ষা পৰে এজন যাত্ৰী ।

ডি এন এ পৰীক্ষা ক্ষিপ্ৰতাৰে কৰিবলৈ মন্ত্ৰীৰ বৈঠক-

ডি এন এ পৰীক্ষা প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে ৰাজ্যৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অসামৰিক অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয় যে ছটা ডি এন এৰ নমুনাৰ ফলাফল আহিছে আৰু সেই ৬জন নিহত লোকৰ আত্মীয়ক মৃতদেহ চমজি ল’বলৈ ফোনযোগে অৱগত কৰা হৈছে ।

গান্ধীনগৰৰ এফ এছ এলত এখন বৈঠকৰ অন্তত মন্ত্ৰী সংঘৱীয়ে কয় যে ডি এন এ পৰীক্ষা প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ । তেওঁ কয় যে, “সমগ্ৰ গুজৰাটৰ ফৰেনছিক বিশেষজ্ঞৰ লগতে কেন্দ্ৰই পঠোৱা বহু বিশেষজ্ঞই ডি এন এৰ নমুনা মিলাবলৈ দিনে-নিশাই কাম কৰি আছে । ফলাফল অহাৰ লগে লগে আমি অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিওঁ যাতে পৰিয়ালসমূহে মৃতদেহ দাবী কৰিব পাৰে ।”

জ্বলি যোৱা মৃতদেহ চিনাক্তকৰণ নিশ্চিত কৰিবলৈ ডি এন এ প্ৰফাইলিং চলি আছে । অসামৰিক চিকিৎসালয়ত আত্মীয়ৰ ডি এন এৰ নমুনা সংগ্ৰহ কৰাৰ পিছত এই নমুনাসমূহ মিলোৱাৰ বাবে আহমেদাবাদ আৰু গান্ধীনগৰৰ এফ এছ এললৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন

বিমান দুৰ্ঘটনাত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু; পত্নী-কন্যাক লগ কৰিবলৈ মাৰিছিল উৰা

প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু

আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে।এই মৰ্মান্তিক দুৰ্ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও একেখন বিমানতে আছিল, যাৰ মৃত্যু নিশ্চিত কৰিছে গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে।তথ্য অনুসৰি বিজয় ৰূপানীয়ে পত্নী অঞ্জলি আৰু কন্যাক লগ কৰিবলৈ লণ্ডনলৈ গৈছিল।

গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে গভীৰ শোক প্ৰকাশ কৰি কয় এই দুৰ্ঘটনাত বিমানখনত থকা যাত্ৰীসকলৰ উপৰিও হোষ্টেলত বসবাস কৰা চিকিৎসক ছাত্ৰ-ছাত্ৰীসকলৰো ক্ষতি হৈছে।বিমান দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

ৰূপানী আছিল ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ।বিজয় ৰূপানীৰ জন্ম হৈছিল বৰ্তমান ম্যানমাৰৰ ইয়াংগন নামেৰে জনাজাত ৰেংগুনত।

১৯৬০ চনত ৰাজনৈতিক অস্থিৰতাৰ পিছত তেওঁৰ পৰিয়াল গুজৰাটৰ ৰাজকোটলৈ গুচি যায়।স্কুলত পঢ়ি থকাৰ সময়তে ৰূপানীয়ে আৰ এছ এছ শাখাত যোগদান কৰিছিল।

ইয়াৰ পিছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে বিজেপিত যোগদান কৰে।২০১৪ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাজকোট পশ্চিমৰ পৰা উপ-নিৰ্বাচনত জয়ী হয়।

২০০৬ চনৰ পৰা ২০১২ চনলৈ ৰাজ্যসভাৰ সদস্যও আছিল তেওঁ।২০১৬ চনৰ পৰা ২০২১ চনলৈ গুজৰাটৰ ১৬ সংখ্যক মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৰূপানীয়ে।

লগতে পঢ়ক: ‘কোহলী অবিহনে টিম ইণ্ডিয়া গুলীবিহীন বন্দুকৰ দৰে’; অলি পোপেৰ ইতিকিং

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী; ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী

গুজৰাটৰ আহমেদাবাদৰ পৰা আহি আছে এক অতি দুৰ্ভাগ্যজনক খবৰ।চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘনী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান।

বিমান খনত ক্ৰু মেম্বাৰসহ ২৪২ জন যাত্ৰী আছিল। আহমেদাবাদৰ পৰা লণ্ডলনৈ যাত্ৰী কঢ়িয়াই নিয়া বিমানখন এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল।

তাৰ মাজতে এতিয়া জানিব পৰা মতে বিমানখনত থকা আটাইকেইজন যাত্ৰীয়ে মৃত্যু হৈছে। উৰণৰ কিছু সময় পিছতেই পাইলটে গম পাইছিল যে বিমানখনত কিছু  বিজুতি ঘটিছে।

যাত্ৰীসকলক বচোৱাৰ বাবে দুই পাইলটে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু কোনোপ্ৰকাৰে এজনো লোকৰো প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে পাইলটে।

দুৰ্ঘটনাগ্ৰস্থ বিমানখন মাত্ৰ ১২ ছেকেণ্ডতে দাউ দাউ কৈ জ্বলি উঠি BJ মেডিকেল কলেজ হোষ্টেলৰ ওপৰত পৰে। যাৰ ফলত ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু হয়।

বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ৭গৰাকী পৰ্তুগীজ আৰু এগৰাকী কানাডিয়ান যাত্ৰী আছিল। আহমেদাবাদৰ মেঘানীনগৰ অঞ্চলৰ সমীপৰ ধৰপুৰৰ পৰা প্ৰচণ্ড ধোঁৱা দেখা গৈছিল।

অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ সেই স্থানলৈ আহিছে আৰু জৰুৰীকালীন সহায়কাৰী দল সংগঠিত কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই কৰ্তৃপক্ষই।

লগতে পঢ়ক:  ‘বাকৰুদ্ধ হৈ পৰিছো’; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ অক্ষয় কুমাৰৰ

১১ বছৰীয়া পুৰণি বয়িং বিমান,৭০০০ কিলোমিটাৰ উৰণ; আহমেদাবাদত মৃত্যুৰ কিৰিলী

আহমেদাবাদত মৃত্যুৰ কিৰিলী

গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171।আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ক্ৰু মেম্বাৰ সহ প্ৰায় ২৪২ জন লোক আছিল বুলি জানিব পৰা গৈছে। বিমানখন ক্ৰেছ হোৱাৰ পিছতে ক’লা ধোঁৱাই ছানি ধৰিছিল আকাশ ।

আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখনে উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনাটো।বিমানখনত ১৬৯জন ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, ১জন কানাডাৰ আৰু ৭জন পৰ্তুগালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষী নিয়ন্ত্ৰণ কক্ষই এই কথা নিশ্চিত কৰিছে।তথ্য অনুসৰি এই বিমানখন লণ্ডনলৈ গৈ আছিল।বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ ডিজাইন কৰা ৪৪ হাজাৰ উৰণ চক্ৰ।অৰ্থাৎ যিয়ে ৩০ৰ পৰা ৫০ বছৰৰ সম্ভাৱ্য আয়ুসৰ ইংগিত দিয়ে।আনহাতে বেছিভাগ বাণিজ্যিক জেট বিমান ইমান দিন সেৱাত নাথাকে।

৭৮৭-৮ৰ শক্তিশালীতাই বহৰ আৰু অৱসৰৰ পৰিকল্পনাত অধিক নমনীয়তা প্ৰদান কৰে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ১১ বছৰ পুৰণি আছিল।

বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ এখন বহল বডী , মধ্যম আকাৰ আৰু দীৰ্ঘ দূৰত্বৰ বিমান, যিয়ে ২১০-২৫০ আসনৰ সৈতে ৮৫০০ নটিকেল মাইল (৯৮০০ মাইল) পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰে।ইয়াক ২০% কম ইন্ধন খৰচৰ সৈতে ডিজাইন কৰা হৈছে,যিটো পৰিৱেশৰ বাবেও ভাল।

লণ্ডনলৈ যোৱা বিমানখনৰ দৈৰ্ঘ্য প্ৰায় ৭ হাজাৰ কিলোমিটাৰ।এই বিমানখন আৰামদায়ক আৰু কাৰ্যক্ষম আছিল।

আজি এয়াৰ ইণ্ডিয়া, ব্ৰিটিছ এয়াৰৱেজ, ইতিহাদ আদি কেইবাখনো বিমান সংস্থাই এই পথত ৭৮৭-৮ বিমান ব্যৱহাৰ কৰে। জানিব পৰা মতে এই পৰ্যন্ত উদ্ধাৰ ১১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !

আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !

আহমেদাবাদ বিমান দুৰ্ঘটনা

আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল ।

শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে এই বিমানখনৰ যাত্ৰীৰ তালিকাও পোহৰলৈ আহিছে । তালিকাত গুৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ নামো আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে । যাত্ৰীৰ তালিকাত বিজয় ৰূপানীৰ নাম ১২ নম্বৰত আৰু ছিট নম্বৰ ২ডি উল্লেখ আছে ।

তথ্য অনুসৰি এই বিমানখন আহমেদাবাদৰ চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ১:৩৮ বজাত উৰা মৰাৰ পিছতে ১:৪০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখনে বিমানবন্দৰৰ সীমাও পাৰ হ’ব নোৱাৰিলে আৰু ওপৰলৈ গৈ থাকোঁতে হঠাতে দুৰ্ঘটনাত পতিত হয় ।

উল্লেখ্য যে, আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে । সাহায্য আৰু উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ৭ৰ পৰা আঠখন বাহন সেই স্থানত উপস্থিত হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ উদ্ধাৰ বাহিনীৰ দলো ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা

দেশত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দুৰ্ঘটনাস্থলীৰ ক’লা ধোঁৱাই আকাশ আৱৰি ধৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল । জানিব পৰা মতে আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখন উৰণৰ লগে লগে এই দুৰ্ঘটনা সংঘটিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে গৈ থকা এই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে মেঘনীনগৰৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।

বিমানবন্দৰৰ পৰা মেঘানীনগৰৰ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । বিমান দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দুৰ্ঘটনাস্থলীৰ পৰা ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে । লগে লগে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে । এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে বি এছ এফ আৰু এন ডি আৰ এফৰ দল । দুৰ্ঘটনাগ্ৰস্ত বিমানখন বয়িঙৰ ৭৮৭ ড্ৰিমলাইনাৰ বুলি জানিব পৰা গৈছে, যিখন ১১ বছৰ পুৰণি আছিল । দিনৰ প্ৰায় ১.৩০ বজাত আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ঘন জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে যদিও এতিয়ালৈকে কোনো নিশ্চিত খবৰ লাভ কৰা হোৱা নাই ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ডিজিপিৰ সৈতে ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰিছে । তেওঁ বিমান দুৰ্ঘটনা সম্পৰ্কে প্ৰাথমিক তথ্য লয় । ইফালে বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল বুলি তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন

আমেৰিকাত পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা; মাজ আকাশতেই ভাঙিল হেলিকপ্টাৰ, ৬ জনৰ মৃত্যু

পুনৰ আমেৰিকাৰত এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। মাজ আকাশতেই ভাগি পৰিল এখন হেলিকপ্টাৰ। নিউয়ৰ্কৰ হাডছন ৰিভাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত ৩ শিশুসহ ৬ জন লোকৰ মৃত্যু হৈছে।

তথ্য দি বিষয়াসকলে কয় যে এই দুৰ্ঘটনাটো লোয়াৰ মানহাটান আৰু জাৰ্চি চিটিৰ মাজত সংঘটিত হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে কয় যে মৃতসকলৰ ভিতৰত পাইলট আৰু পাঁচজনীয়া স্পেনিছ পৰিয়ালো আছে।নিউয়ৰ্ক আৰক্ষী বিভাগে এক্সৰ তথ্য শ্বেয়াৰ কৰি কয় যে, “ৱেষ্ট চাইড হাইৱে আৰু স্প্ৰিং ষ্ট্ৰীটৰ ওচৰৰ হাডছন নদীত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।”

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে পানীত ডুব যোৱা দেখা গৈছে।দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আকাশখন ডাৱৰীয়া আছিল।

ঘণ্টাত প্ৰায় ১০ৰ পৰা ১৫ কিলোমিটাৰ বেগত বতাহ বলি আছিল। লগতে পাতল বৰষুণো দি আছিল। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।