“শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই

স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দীত্বত ন্যায় বিচাৰি আদালতত উপস্থিত পত্নী অনিতা মহন্ত। প্ৰথমবাৰলৈ মুখ খুলি অনিতা মহন্তৰ বিস্ফোৰক মন্তব্য

শ্যামকনু মহন্তৰ জামিন আবেদনৰ শুনানিৰ পিছত আদালতৰ পৰা ওলাই  আহি প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী অনিতা মহন্তই। জুবিন গাৰ্গ হত্যাৰ সন্দৰ্ভত অনিতা মহন্তই কয় যে, “মোৰ মানুহজন নিৰপৰাধী।নিৰপৰাধী লোকজন জে’লত সোমাই আছে।তেওঁৰ সৈতে অন্যায় হৈছে।”

তেওঁ লগতে কয় যে, “ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাতো দূৰ্ঘটনা বুলি কৈছে। কিন্তু ইয়াৰ পিছতো অসমত হত্যা বুলি কৈ শ্যামকানুক জে’লত ভৰাই ৰাখিছে। শ্যামকানুক জেলত ভৰাই থোৱা বাবে জুবিনৰ আত্মাই বহুত কষ্ট পাব। ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছো আমিও যাতে ন্যায় পাও। জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো আমাৰ অৱহেলা হ’ব পাৰে। শ্যামকানুক জুবিনে বহুত ভালপাইছিলে। যাৰ বাবে জুবিনে শ্যামকানুয়ে আত্মহত্যা কৰিব বুলি ভয় কৰিছিলে।”

অনিতা মহন্তই লগতে কয় যে, “জুবিনক জোৰ কৰি কোনেও একো কাম কৰাব নোৱাৰে। জুবিনে নিজে যিটো ভাবে সেইটোৱেই কৰে। জুবিনে তাত গৈ ফুৰিবলৈ যোৱাৰ যি পৰিকল্পনা কৰিছিল সেই কথা আমি গম পোৱা নাছিলো।য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল।ঘটনাৰ সময়ত তেওঁ ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল।মই নিজেও চিংগাপুৰত সেই অনুষ্ঠানৰ বাবে উপস্থিত আছিলো।”

লগতে পঢ়ক: আগন্তুক ২-৩ দিনত বতৰে ল’ব কালৰূপ, প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী

“জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে…”; মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নীৰ বিশেষ অনুৰোধ

কম সময়তে অতি জনপ্ৰিয় হোৱা পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ ই জুবিন গাৰ্গ গীত সমূহ বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট

ব’হাগ বিহু উপলক্ষে শিল্পী সকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীতানুষ্ঠান সমূহ কৰি আছে।এইবাৰ জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ। যাৰ বাবে অসমৰ সকলো লোক ব্যথিত হৈ আছে। মঞ্চত গীত পৰিৱেশনৰ সময়ত বহু শিল্পীয়ে জুবিন গাৰ্গক সুৱঁৰি আৱেগিক হৈ পৰাও দেখিবলৈ পোৱা গৈছে।

তাৰ মাজতে জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে পশ্চিম বংগৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ এক বিশেষ অনুৰোধ কৰিছে।মৰ্মিতা মিত্ৰক জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ অনুৰোধ জনাইছে।দৰাচলতে সামাজিক মাধ্যমত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।য’ত মৰ্মিতাই জুবিনৰ গীতসমূহ সঠিকভাৱে পৰিৱেশন নকৰি বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।

 এই সন্দৰ্ভত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত তেওঁ লিখিছে যে, সকলো শিল্পী – কলাকুশলী যি সকলে জুবিন দাৰ গীত সমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে perform কৰিছে, তেওঁৰ সৃষ্টিৰাজীক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো 🙏, যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।

মৰ্মিতা মিত্ৰ লৈ বিশেষ অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গৰ গীত সমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব।

Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions.My best wishes are with her.

লগতে পঢ়ক: গোপনে বিবাহ পাশত আৱদ্ধ হ’ল জুবিন নটিয়াল; শৈশৱৰ বান্ধৱীৰ সৈতে ললে সাতফেৰে 

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতিৰ জেৰা

শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ জেৰা ২০২৬ চনৰ ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চলোৱা হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত আয়োগে হাফলং উপ-কাৰাগাৰত বন্দী হৈ থকা দুজন বিচাৰাধীন কয়দীৰ ভাষ্য গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

গুৱাহাটীৰ চানমাৰীস্থিত আয়োগৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, চিআইডি আৰক্ষী থানাৰ ১৮/২০২৫ নম্বৰ গোচৰৰ সন্দৰ্ভত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ জেৰা ২০২৬ চনৰ ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চলোৱা হ’ব । গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠিত এই আয়োগে ঘটনাৰ সৈতে জড়িত পৰিস্থিতিৰ তদন্ত পৰ্যবেক্ষণ কৰিছে ।

জিলা কৰ্তৃপক্ষক এই পৰীক্ষণ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে । ডিমা হাচাওৰ জিলা আয়ুক্তক পৰিদৰ্শক দলটোৰ বাবে থকা-খোৱা আৰু যাতায়তৰ সুবিধা প্ৰদান কৰিবলৈ কোৱা হৈছে, যাৰ ভিতৰত চাৰিটা ছিংগল ৰুম, এটা ভিআইপি ৰুম আৰু চালকসকলৰ বাবে অতিৰিক্ত থকাৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছে । লগতে অমৃতপ্ৰভা মহন্তৰ জেৰাৰ সময়ত এগৰাকী মহিলা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে ।

আৰক্ষী অধীক্ষকক পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু হাফলং উপ-কাৰাগাৰৰ অধীক্ষকক যাৱতীয় সামগ্ৰী আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ সুবিধা কৰি দিবলৈ কোৱা হৈছে । এই ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে ন্যায়াধীশ শইকীয়াই গুৱাহাটীৰ পৰাই কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব পাৰিব আৰু লগতে ভাষ্যসমূহ ৰেকৰ্ডিং আৰু সংৰক্ষণৰ ব্যৱস্থাও থাকিব ।

লগতে পঢ়ক : ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত জেঠীৰ নতুন প্ৰজাতি আৱিষ্কাৰ

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গে

শাৰীৰিক অসুস্থতাৰ মাজেৰেই গৰিমা শইকীয়া গাৰ্গ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে

অসম বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । এটা পৰ্যায়তে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ হয় । ইয়াৰ মাজতে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু শিল্পীগৰাকীৰ পৰিয়ালবৰ্গই । লগতে তেওঁলোকে ভোটদান কৰি সকলো নাগৰিককে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটীৰ দিছপুৰ সমষ্টিত ভোটদান কৰে । শাৰীৰিক অসুস্থতাৰ মাজেৰেই তেওঁ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা গৰিমাৰ সৈতে তেওঁৰ জুহিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰো উপস্থিত আছিল । গৰিমা শইকীয়া গাৰ্গে কয়, “ভোটদান কৰাটো আমাৰ কৰ্তব্য, সেইবাবেই অসুস্থ দেহাৰেই মই মোৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছো ।”

ইফালে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয় যে তেওঁলোকে ন্যায়ৰ বাবে যুঁজ দি আছে । তেওঁ কয়, “আমি তেওঁৰ ন্যায়ৰ বাবে যুঁজি আছো । আমি শীঘ্ৰেই ন্যায় লাভক লৈ আশাবাদী ।”

জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয়, “আমি সকলোৱে ভোটদান কৰিছো । মই সকলো নাগৰিককে নিজৰ বিবেকেৰে ভোট দিবলৈ অনুৰোধ জনাইছো যাতে আমি আমাৰ পচন্দৰ এখন চৰকাৰ গঠন কৰিব পাৰো ।”

লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজিৰে পৰা ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ শুনানি

জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট-ট্ৰেক আদালতত আৰম্ভ

৩০ মাৰ্চ, সোমবাৰৰ পৰা জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট-ট্ৰেক আদালতত আৰম্ভ হৈছে । পূৰ্বে ছিংগাপুৰত কৰা এক তদন্তত এই ঘটনাটোক এটা “দুৰ্ঘটনা” হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল । অৱশ্যে, এই ফলাফলে অসমৰ বহু লোকক সন্তুষ্ট কৰিব পৰা নাছিল, য’ত সন্দেহ অব্যাহত আছিল আৰু এক অধিক বিতং তদন্তৰ দাবী উত্থাপিত হৈছিল ।

এই দাবীসমূহৰ প্ৰতি সঁহাৰি জনাই, শেহতীয়া মাহবোৰত জুবিন গাৰ্গৰ পৰিয়াল আৰু অনুৰাগীসকলে এক ক্ষিপ্ৰ আইনী প্ৰক্ৰিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল । প্ৰক্ৰিয়াটো খৰতকীয়া কৰাটো নিশ্চিত কৰিবলৈ তেওঁলোকে গোচৰটো ফাষ্ট-ট্ৰেক আদালতলৈ স্থানান্তৰ কৰাৰ অনুৰোধ জনাইছিল।  ইয়াৰ পৰিপ্ৰেক্ষিতত, অসম চৰকাৰে এই বিষয়টোৰ মোকাবিলা কৰিবলৈ এখন ফাষ্ট-ট্ৰেক আদালত গঠন কৰে ।

কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৩ নম্বৰ কক্ষত এই শুনানি গ্ৰহণ কৰা হৈছে । জিলা আৰু সত্ৰ ন্যায়াধীশৰ সমপৰ্যায়ৰ এক বিশেষভাৱে সৃষ্টি কৰা চুপাৰনিউমেৰাৰী পদত নিযুক্তি পোৱা ন্যায়াধীশ শৰ্মিলা ভূঞাই এই গোচৰটোৰ বিচাৰ কৰিছে । আদালতে সময়মতে নিষ্পত্তিৰ ওপৰত গুৰুত্ব দি কাৰ্যবিধি পৰিচালনা কৰিব ।

জানিব পৰা অনুসৰি বিচাৰ প্ৰক্ৰিয়াটো নিৰ্ধাৰিত প্ৰট’কল অনুসৰি চলিব আৰু শুনানিৰ আপডেটসমূহ নিয়মীয়াকৈ প্ৰকাশ কৰা হ’ব ।

লগতে পঢ়ক : ‘অখিল গগৈয়ে আনে নকৰা বেয়াৰ উদাহৰণ স্থাপন কৰে’; মুখ্যমন্ত্ৰী

“জুবিন গাৰ্গ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়”; ছিংগাপুৰ কৰ’নাৰ্ছ আদালতৰ চূড়ান্ত ৰায়দান

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান দিয়ে। ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয় বুলি ৰায়দান দিছে।

ছিংগাপুৰত ৰহস্যজনকভাৱে য়টত ফুৰিবলৈ গৈ পানীত ডুবি মৃত্যু হোৱা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে আজি চূড়ান্ত ৰায়দান দিয়ে। আদালতে দিয়া ৰায়দান অনুসৰি দুৰ্ঘটনাৱশত পানীত ডুবিয়েই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰৰ আদালতে কয় যে, এয়া কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়।এয়া স্বাভাৱিক মৃত্যুৱেই হয়। এই ৰায়দানত হত্যা আৰু সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য নাই।

২৫ মাৰ্চত নিজৰ তথ্য প্ৰদান কৰি ৰাজ্যিক ক’ৰনাৰ আদম নাখোডাই কয় তেওঁৰ সন্মুখত থকা প্ৰমাণ বিশ্লেষণ কৰাৰ পিছত আৰক্ষী ক’ষ্ট গাৰ্ডৰ তদন্তৰ সিদ্ধান্তৰ সৈতে মতানৈক্যৰ কোনো কাৰণ নাছিল।ছিংগাপুৰ জেনেৰেল হস্পিতালৰ দ্বাৰা জাৰি কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত মৃত্যুৰ কাৰণ পানীত ডুব যোৱা বুলি উল্লেখ কৰা হৈছে। তেওঁ দিয়া তথ্য অনুসৰি, তাত উপস্থিত থকা লোকসকলে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি পানীলৈ ঠেলি দিয়া নাছিল।ক’ৰনাৰ্ছ আদালতে তদন্তত হত্যাৰ কোনো প্ৰমাণ পোৱা নাই।

লগতে পঢ়ক: চতুৰ্থ দিনত অভিলেখ ভংগকাৰী উপাৰ্জন ‘ধুৰন্ধৰ ২’ৰ

জুবিন গাৰ্গ কাণ্ডৰ বিচাৰৰ বাবে গঠন হ’ল বিশেষ ফাষ্ট ট্ৰেক আদালত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি গ্ৰহণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা সুকীয়া ফাষ্ট ট্ৰেক চেচন আদালত গঠনত অনুমোদন

জুবিন গাৰ্গ কাণ্ডৰ বিচাৰৰ বাবে গঠন হ’ল বিশেষ ফাষ্ট ট্ৰেক আদালত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি গ্ৰহণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা সুকীয়া ফাষ্ট ট্ৰেক চেচন আদালত গঠনত অনুমোদন জনোৱা বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে ।

বাক্সাৰ জিলা ন্যায়াধীশ শৰ্মিলা ভূঞাক এই আদালতৰ বিচাৰক হিচাপে মনোনীত কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই পদক্ষেপক “জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত আমাৰ সামূহিক ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি” হিচাপে অভিহিত কৰে । এক্স-ত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে বৰ্তমান বাক্সা জিলাৰ ন্যায়াধীশ হিচাপে কৰ্মৰত শৰ্মিলা ভূঞাক এই বিষয়ত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে এটা বিশেষ ফাষ্ট ট্ৰেক চেচন আদালতৰ বিচাৰক হিচাপে মনোনীত কৰিছে ।”

যোৱা মাহত অসম কেবিনেটে উচ্চ ন্যায়ালয়ক ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতে আজি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । এই গোচৰটোৰ দ্ৰুত বিচাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি চৰকাৰে এই পদক্ষেপ লৈছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ফাষ্ট ট্ৰেক আদালত নিযুক্তিৰ ফলত “ন্যায়িক প্ৰক্ৰিয়া যথেষ্ট ক্ষিপ্ৰ হ’ব আৰু ই সময়মতে ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰি তুলিছে ।”

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰক ৰাজ্য চৰকাৰৰ অনুৰোধ গ্ৰহণ কৰাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ অনুৰোধ গ্ৰহণ কৰাৰ বাবে আৰু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ দিশত তেওঁৰ সমৰ্থনৰ বাবে মই গভীৰ শলাগ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।”

লগতে পঢ়ক : জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

জুবিন গাৰ্গৰ নামেৰে অসমত আৱিস্কৃত নতুন উদ্ভিত প্ৰজাতিৰ নামকৰণ

অসমৰ সংস্কৃতি তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী জুবিন গাৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে

অসমত ‘ওচবেকিয়া জুবিনগাৰ্গিয়ানা’ (Osbeckia zubeengargiana) নামৰ এক নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে । এই নতুন উদ্ভিদৰ প্ৰজাতিটো আৱিষ্কাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে লগতে অসমৰ সংস্কৃতি তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী জুবিন গাৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে ।

‘মেলাষ্টোমাটাচিয়া’ (Melastomataceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এই নতুনকৈ চিনাক্ত কৰা প্ৰজাতিটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত পোৱা গৈছে । অসমৰ মেলাষ্টোমাটাচিয়া পৰিয়ালৰ ওপৰত কৰা এক ডক্টৰেট গৱেষণা প্ৰকল্পৰ অংশ হিচাপে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত চলোৱা উদ্ভিদ সম্পৰ্কীয় অনুসন্ধানৰ সময়ত গৱেষকসকলে এই আৱিষ্কাৰ কৰিছিল ।

বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত এই উদ্ভিদৰ এক বৃহৎ সংখ্যা দেখা গৈছিল আৰু তাৰ পৰাই ইয়াৰ নমুনা সংগ্ৰহ কৰা হৈছে । গৱেষকসকলে জনোৱা মতে, ছেপ্টেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰী মাহলৈকে এই উদ্ভিদত ফুল আৰু ফল ধৰে ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত মঙলবাৰে অনুষ্ঠিত অসম কেবিনেটে সাংস্কৃতিক স্বীকৃতি, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰ সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ বাবে এক বৃহৎ জলযোগান প্ৰকল্প, মিচিং সম্প্ৰদায়ৰ উৎসৱ ‘আলি-আয়ে-লৃগাং‘ৰ বাবে ৰাজ্যিক বন্ধ ঘোষণা আৰু জুবিন গাৰ্গ স্মাৰক ক্ষেত্ৰৰ বাবে ভূমি আবণ্টন ।

কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, অসমীয়া সংগীত আৰু সংস্কৃতিৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ‘জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ’ৰ বাবে ১০ বিঘা ভূমি আৱণ্টন দিয়া হৈছে ।

কেবিনেটৰ মুখ্য সিদ্ধান্তসমূহ :

গুৱাহাটী জলযোগান প্ৰকল্প : দক্ষিণ-পূব গুৱাহাটী জলযোগান প্ৰকল্পৰ বাবে ১,৩৬৭ কোটি টকা অনুমোদন জনোৱা হৈছে । ইয়াৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব ।

আলি-আয়ে-লৃগাং : মিচিং সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ ‘আলি-আয়ে-লৃগাং’ক এতিয়াৰে পৰা চৰকাৰী ৰাজ্যিক বন্ধ হিচাপে পালন কৰা হ’ব । ই থলুৱা সংস্কৃতিৰ প্ৰতি চৰকাৰৰ এক ডাঙৰ স্বীকৃতি ।

চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণ : বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নাম সলনি কৰি ‘বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল’ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ সন্মানত অন্য এক বৃহৎ প্ৰতিষ্ঠান উৎসৰ্গা কৰা হ’ব ।

চৰকাৰী নিযুক্তি : প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰে ৰাজহ বিভাগত তৃতীয় শ্ৰেণীৰ পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে । লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে নিজে এই নিযুক্তি পত্ৰ অৰ্পণ কৰে ।

লগতে পঢ়ক : ‘গৌৰৱ গগৈ, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰিব’; মুখ্যমন্ত্ৰী