জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ

জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন তথা চাৰ্জ ফ্ৰেম কৰে ফাষ্ট-ট্ৰেক আদালতে

সোমবাৰে ফাষ্ট-ট্ৰেক আদালতে জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন তথা চাৰ্জ ফ্ৰেম কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, মূল অভিযুক্ত হিচাপে চিহ্নিত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ অধীনত পোনপটীয়াকৈ হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে ।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত বহা বিশেষ আদালতে গোচৰটোৰ তদন্তকাৰীকাৰী দলে দাখিল কৰা অভিযোগনামা (Chargesheet) পৰীক্ষা কৰি সকলো সাতজন অভিযুক্তৰ বিৰুদ্ধেই আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছে ।

কাক, কি ধাৰাত অভিযুক্ত কৰা হৈছে ?

আদালতৰ শুনানিৰ অন্তত বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত সমগ্ৰ আইনী প্ৰক্ৰিয়াটো দাঙি ধৰে । অভিযোগকাৰী পক্ষৰ তথ্য অনুসৰি অভিযুক্তসকলৰ বিৰুদ্ধে থকা ধাৰাসমূহ তলত উল্লেখ কৰা হ’ল :

-হত্যা আৰু ষড়যন্ত্ৰৰ গোচৰ (ধাৰা ১০৩, ৩ আৰু ৬১): শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বেণ্ডৰ সতীৰ্থ শেখৰ জ্যোতি গোস্বামী আৰু সহ-গায়িকা অমৃতপ্ৰভা মহন্ত ।

অতিৰিক্ত গুৰুতৰ অভিযোগসমূহ :

-শ্যামকানু মহন্ত : ধাৰা ৩০৮ (জবৰদস্তি ধন আদায়), ৩১৮ (প্ৰতাৰণা), আৰু ২৩৮ (প্ৰমাণ নষ্ট কৰা)।

-সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী: ধাৰা ৩১৬ (অপৰাধমূলক বিশ্বাসভংগ)।

-অমৃতপ্ৰভা মহন্ত: ধাৰা ২৩৮ (প্ৰমাণ নষ্ট কৰা)।

-অন্যান্য সহযোগী অভিযুক্ত: জুবিনৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে ধাৰা ১০৫ আৰু তেওঁৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক ধাৰা ৬১ (ষড়যন্ত্ৰ) আৰু ৩১৬ (বিশ্বাসভংগ)-ৰ অধীনত অভিযুক্ত কৰা হৈছে ।

বিশেষ চৰকাৰী অধিবক্তাৰ অনুসৰি – “আজি আদালতে অভিযোগনামাত নাম থকা সকলো অভিযুক্তৰে বিৰুদ্ধে ধাৰা স্পষ্ট কৰি অভিযোগ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । অহা ৮ জুনৰ পৰা এই সমগ্ৰ গোচৰটোৰ মূল বিচাৰ প্ৰক্ৰিয়া (Trial) আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ।”

লগতে পঢ়ক : “তেওঁলোকৰ মুখৰ পৰা ‘মায়াবিনী’ নহয়, ‘দয়াবিনী’হে ওলাল”- জুবিনক লৈ বিৰোধীক তীব্ৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ

“তেওঁলোকৰ মুখৰ পৰা ‘মায়াবিনী’ নহয়, ‘দয়াবিনী’হে ওলাল”- জুবিনক লৈ বিৰোধীক তীব্ৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্বাচনৰ সময়ত বিৰোধীৰ একাংশই জুবিন গাৰ্গক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৬ মে’ত বিধানসভাত “মায়াবিনী” আৰু “দায়াবিনী” সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ অৱতাৰণা কৰি নিৰ্বাচনৰ সময়ত বিৰোধীৰ একাংশই জুবিন গাৰ্গক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে ।

অসম বিধানসভাত চলি থকা আলোচনাৰ সময়ত ভাষণ দি ড০ শৰ্মাই কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত “মায়াবিনী” আৰু “দায়াবিনী”ক লৈ এক “পৰিকল্পিত বিতৰ্ক”ৰ সৃষ্টি কৰা হৈছিল । কিছুমান ৰাজনৈতিক গোটে জুবিন গাৰ্গৰ জনপ্ৰিয়তাক নিৰ্বাচনী লাভালাভৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল বুলিও তেওঁ দাবী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্বাচনৰ সময়ত আমি আন এক বিতৰ্কৰ সূচনা হোৱা দেখিবলৈ পালোঁ— সেয়া আছিল দায়াবিনী আৰু মায়াবিনীৰ বিতৰ্ক ।”

জুবিন গাৰ্গক “অসমীয়া ৰাইজৰ এক সম্পদ” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে গায়কগৰাকীয়ে নিজৰ সংগীত আৰু ৰাজহুৱা জীৱনৰ জৰিয়তে অসমৰ প্ৰজন্মৰ পিছত প্ৰজন্ম যুৱক-যুৱতীক প্ৰভাৱিত কৰি আহিছে ।

তেওঁ কয়, “জুবিনৰ ‘মায়াবিনী’য়ে অসমীয়া সমাজক গভীৰভাৱে প্ৰভাৱিত কৰিছে । জুবিনে তেওঁৰ গান, কলা আৰু জীৱনৰ জৰিয়তে বহু প্ৰজন্মৰ অসমীয়া যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে অতীতে জুবিন গাৰ্গক সমালোচনা কৰা কংগ্ৰেছ নেতাসকলে নিৰ্বাচনৰ সময়ত হঠাৎ তেওঁৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে । তেওঁ কয়- “এইবাৰ জুবিন গাৰ্গ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ অন্যতম ইছ্যু হৈ পৰিছিল”। তেওঁ লগতে কয় যে ৰাজীৱ ভৱনৰ বাহিৰত কংগ্ৰেছ কৰ্মীসকলে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতাসকলৰ ফটোৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ বেনাৰ আঁৰি দিছিল ।

ড০ শৰ্মাই দাবী কৰে যে এই পদক্ষেপে শিল্পীগৰাকীৰ ভাবমূৰ্তি আৰু জনপ্ৰিয়তাক ৰাজনৈতিকভাৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে । তেওঁ কয়, “যিসকলে জুবিনক গোটেই জীৱন নিৰ্দয়ভাৱে সমালোচনা কৰিছিল, তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁৰ স্মাৰকলৈ গৈ অসমৰ ৰাজনৈতিক যুঁজখন নিজৰ সপক্ষে ঘূৰাবলৈ ইয়াক ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে একেবোৰ ৰাজনৈতিক গোটে ঐতিহাসিকভাৱে বাংলাদেশৰ গায়কসকলক প্ৰসাৰিত কৰিছিল আৰু শেহতীয়াকৈহে নিজক জুবিন গাৰ্গৰ সমৰ্থক হিচাপে উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে । তেওঁ কয়- “যিসকলে গোটেই জীৱন বাংলাদেশৰ পৰা অনা গায়কসকলক সমৰ্থন কৰিছিল, তেওঁলোক হঠাৎ জুবিন গাৰ্গৰ ৰাতিটোৰ ভিতৰতে সমৰ্থক হৈ পৰিল ।”  তেওঁ লগতে কয় : “কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ মুখৰ পৰা মায়াবিনী নহয়, দায়াবিনীহে ওলাল ।”

ড০ শৰ্মাই নিৰ্বাচনৰ সময়ত বৰপেটা জিলাত জুবিন গাৰ্গৰ স্মাৰকক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজনৈতিক তৎপৰতাৰ কথাও উল্লেখ কৰে আৰু বিৰোধী গোটসমূহে দেখুওৱা এই আকস্মিক আগ্ৰহক লৈ প্ৰশ্ন উত্থাপন কৰে । “আমি সদায় খাটি অসমীয়া সংস্কৃতি আৰু বাংলাদেশী প্ৰভাৱৰ মাজত পাৰ্থক্য ৰাখিছোঁ আৰু তাকেই আমি সমালোচনা কৰি আহিছোঁ,” তেওঁ কয় ।

লগতে পঢ়ক : “জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়”; সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

“জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়”;  সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

অসম বিধানসভাৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ প্ৰসংগ উত্থাপন কৰে।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে হাৰ্টথ্ৰৰ্ব জুবিন গাৰ্গ প্ৰসংগ। জুবিন গাৰ্গৰ কথা উল্লেখ কৰি মুক্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জুবিন অসমীয়াৰ সম্পদ। জুবিনক লৈ কেতিয়াও ৰাজনীতি নহয়। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলে এইবাৰৰ নিৰ্বাচনত সেইসকল তথাকথিত জুবিনপ্ৰেমীক ৰাইজে শিক্ষা দিলে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া সমালোচনা কৰিছিল, ব্যক্তিগত ভাৱে মই থিয় হৈ এইকেইটা মন্তব্য কৰিছিলো। নিৰ্বাচনৰ পূৰ্বে জুবিনক লৈ বিৰোধিয়ে ২ খন সমাজ গঢ়িছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকল লোকে ৰাজনীতি কৰিছিল সেই সকলে জীৱিত কালত জুবিনক সমালোচনা কৰিছিল।জুবিনৰ মৃত্যুৰ পিছত ৰাতিটোৰ ভিতৰতে একাংশ জুবিনৰ

কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নিৰ্বাচনৰ টেবুলতো কংগ্ৰেছে জুবিন গাৰ্গৰ ফটো আঁৰি দিছিল। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক নেতাৰ নহয়, জুবিন গাৰ্গৰ ফটোহে দেখা গৈছিল।জুবিনক লৈ ৰাজনীতি কৰা সকলক ৰাইজে তেওঁলোকৰ বিধায়ক ১৯ জনলৈ হ্ৰাস কৰিলে। ১৯ জনৰ ১৮ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। শংকৰদেৱ মাধৱদেৱ, জ্যোতিপ্ৰসাদক লৈ ৰাজনীতি নহয়।

লগতে পঢ়ক: গুৱাহাটীত ভূটানৰ প্ৰধানমন্ত্ৰী: ৰঙা দলিচা পাৰি ভব্য আদৰণি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় ২৯ মে’লৈ সংৰক্ষিত উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে । এই গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়দান অহা ২৯ মে’লৈ সংৰক্ষিত ৰাখিছে ।

সমগ্ৰ ৰাজ্যবাসীৰ তীক্ষ্ণ নজৰ থকা এই হাই-প্ৰফাইল গোচৰটোৰ শুনানি শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালত কক্ষত অনুষ্ঠিত হয় । উল্লেখযোগ্য যে, গোচৰটোৰ এইয়া আছিল তৃতীয় পৰ্যায়ৰ শুনানি । ইয়াৰ পূৰ্বে যোৱা ১৫ মে’ আৰু ২২ মে’ত অনুষ্ঠিত হোৱা শুনানিত অভিযুক্ত মহন্তৰ আইনী প্ৰতিনিধিয়ে জামিন লাভৰ বাবে আদালতত কেইবাখনো অতিৰিক্ত নথিপত্ৰ দাখিল কৰাৰ লগতে বিতং যুক্তি দাঙি ধৰিছিল ।

আদালতত শ্যামকানু মহন্তৰ হৈ প্ৰতিৰক্ষা পক্ষৰ জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই তৰ্কত অৱতীৰ্ণ হয় । তেওঁ আদালতক জনায় যে জুবিন গাৰ্গৰ মৃত্যু এক অতি দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বাবেহে হৈছিল, ই কোনো ধৰণৰ পৰিকল্পিত বা উদ্দেশ্যপ্ৰণোদিত কাৰ্য নাছিল । গতিকে এই ঘটনাৰ বাবে মহন্তক অপৰাধমূলকভাৱে জগৰীয়া কৰিব নোৱাৰি । অধিবক্তাগৰাকীয়ে বিশেষ তদন্তকাৰী দল (SIT)-ৰ সন্মুখত লিপিবদ্ধ কৰা কেইবাজনো ব্যক্তিৰ ভাষ্য উদ্ধৃত কৰি মহন্ত যে নিৰ্দোষী, সেই কথা প্ৰমাণ কৰিবলৈ চেষ্টা কৰে । ইয়াৰ উপৰিও পূৰ্বৰ অনুৰূপ গোচৰৰ ন্যায়িক নজিৰ দাঙি ধৰি তেওঁ আদালতৰ পৰা জামিন মঞ্জুৰ কৰিবলৈ অনুৰোধ জনায় ।

আনহাতে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰা হয় । চৰকাৰী পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা দেবাজিৎ লন শইকীয়া আদালতত উপস্থিত থাকি আবেদনখন খাৰিজ কৰিবলৈ দাবী জনায় । চৰকাৰে এই সমগ্ৰ গোচৰটোক কিমান গুৰুত্বসহকাৰে লৈছে, সেই কথা তেওঁ যুক্তিৰ জৰিয়তে আদালতৰ সমুখত ডাঙি ধৰে ।

উভয় পক্ষৰ দীঘলীয়া যুক্তি-তৰ্ক অন্ত পৰাৰ পিছত উচ্চ ন্যায়ালয়ে জামিন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি অহা ২৯ মে’ত ৰায়দান কৰিব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক : ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী, শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কঠোৰ গাইডলাইন

কাৰাগাৰ নে মুকলি আকাশ! সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আদালতত চূড়ান্ত ৰায়দান

আজি মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আজি আদালতে দিব চূড়ান্ত ৰায়দান

আজি ফাষ্ট ট্ৰেক আদালতে দিব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানিৰ ৰায়দান। ২৮ এপ্ৰিলত শুনানি সম্পন্ন কৰি আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছিল।কেইটামান ঘন্টাৰ পাছতে ৰায়দান দিব আদালতে। আজি জামিন লাভ কৰিলে মুকলি আকাশৰ তললৈ আহিব সিদ্ধাৰ্থ শৰ্মা। অৱশ্যে আবেদন নাকচ হ’লে জে’লেই হ’ব পৰৱৰ্তী ঠিকনা।আদালতে কি সিদ্ধান্ত লয় তাকে লৈ এতিয়া সকলোৰে চকু এতিয়া আদালতৰ ৰায়ৰ ওপৰত নিৱদ্ধ হৈ আছে।

জুবিন গাৰ্গ হত্যা কাণ্ডৰ সৈতে জড়িত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান বাক্সাৰ নিকাছী কাৰাগাৰত বন্দী হৈ আছে।ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা আৰু বিভিন্ন বেংকৰ ৬টা একাউণ্ট জব্দৰ নিৰ্দেশো দিছিল ফাষ্টট্ৰেক আদালতে।

লগতে পঢ়ক: তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট  

তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট

আদালতৰ ৰায়দানৰ পিছতে সামাজিক মাধ্যমৰ এক বিশেষ পোষ্ট যোগে ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু জনসাধাৰণৰ সমৰ্থনৰ ওপৰত বিশ্বাস ব্যক্ত কৰে গৰিমাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰ সন্দৰ্ভত বিশেষ ফাষ্ট ট্ৰেক আদালতে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । এই গোচৰত আদালতে ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে । ইয়াৰ পিছতে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্য যোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । আদালতৰ ৰায়দানৰ পিছতে সামাজিক মাধ্যমৰ এক বিশেষ পোষ্ট যোগে ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু জনসাধাৰণৰ সমৰ্থনৰ ওপৰত বিশ্বাস ব্যক্ত কৰে গৰিমাই ।

আদালতৰ নিৰ্দেশৰ কিছু সময় পিছতে ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে লিখে যে “ঈশ্বৰ, দেশৰ ন্যায় ব্যৱস্থা আৰু ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ তথা সহযোগিতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ।” জুবিন গাৰ্গক আৱেগিকভাৱে “গল্ডী” বুলি সম্বোধন কৰি তেওঁ লগতে লিখে যে তেওঁ আশা কৰে কোনো পবিত্ৰ আৰু সহজ-সৰল মনৰ ব্যক্তিয়ে যাতে পুনৰ এনে অন্যায়ৰ সন্মুখীন হ’বলগীয়া নহয় ।

সামাজিক মাধ্যমৰ পোষ্টত গৰিমা শইকীয়া গাৰ্গে লিখিছে- “ভগৱান, আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত, ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ আৰু সহযোগিতাৰ ওপৰত পূৰ্ণ আস্থা আছে আমাৰ ..

তুমিও নিজেই নিজক চাবা গ’ল্ডী.. আৰু যাতে তোমাৰ দৰে এক পৱিত্ৰ,সহজ- সৰল এক সত্বাৰ লগত কেতিয়াও এনে ভয়ংকৰ অন্যায় নহয় ।”

ফাষ্ট ট্ৰেক আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰাৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এই প’ষ্টটো কৰে । বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামৰৰ মতে, অভিযুক্তই ঘটনাৰ পিছত আইনী প্ৰক্ৰিয়াত সহযোগিতা কৰাৰ পৰিৱৰ্তে ছিংগাপুৰ ত্যাগ কৰি মালয়েছিয়াত আশ্ৰয় লোৱা বুলি উত্থাপিত অভিযোগক আদালতে গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ।

অভিযোগকাৰী পক্ষই লগতে এইবুলিও দাবী কৰে যে অভিযুক্তই জুবিন গাৰ্গক উপহাৰ হিচাপে দিয়া বুলি কোৱা সুৰাৰ বটলটোৰ যোগান ধৰিছিল আৰু শিল্পীগৰাকীৰ অসুস্থতাৰ কথা জানিও তেওঁক ইচ্ছাকৃতভাৱে পানীত নামিবলৈ দিছিল । আদালতে ইয়াৰ পূৰ্বে প্ৰয়াত শিল্পীগৰাকীৰ পৰা আত্মসাৎ কৰা ধনৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত কেইবাটাও ব্যৱসায়িক স্বাৰ্থ আৰু একাধিক বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল ।

এই গোচৰৰ পৰৱৰ্তী শুনানি ২ মে’ত অনুষ্ঠিত হ’ব, য’ত অভিযোগ গঠনৰ স্তৰত অভিযুক্তই নিজৰ লিখিত যুক্তি দাখিল কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল শ্যামকানুৰ

মুকলি আকাশৰ তললৈ অহাৰ সপোন পূৰণ নহ’ল শ্যামকানুৰ

এই ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে আদালতে

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰক লৈ গুৱাহাটীৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে ৩০ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । এই ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আৱেদন খাৰিজ কৰে আদালতে ।

জামিন আবেদনৰ ওপৰত দুদিনীয়া শুনানিৰ অন্তত আদালতে পূৰ্বে ৰায়দান সংৰক্ষিত কৰি ৰখাৰ পিছত আজি এই ৰায় প্ৰদান কৰে । বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল শ্যামকানু । আনহাতে, চৰকাৰী পক্ষই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰি শুনানিৰ সময়ত আদালতত লিখিত আপত্তি দাখিল কৰিছিল ।

যোৱা সপ্তাহত অনুষ্ঠিত হোৱা শুনানিৰ সময়ত মহন্তৰ অধিবক্তাই জামিনৰ সপক্ষে যুক্তি আগবঢ়াইছিল । গোচৰটোৰ সংবেদনশীলতা আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে ফাষ্ট ট্ৰেক আদালতে নিয়মিতভাৱে এই বিষয়টো গ্ৰহণ কৰি আহিছিল । উভয় পক্ষৰ শুনানিৰ অন্তত আদালতে ৰায়দান সংৰক্ষিত ৰাখিছিল আৰু ৰায় ঘোষণাৰ বাবে ৩০ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছিল ।

উল্লেখ্য য়ে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ৰাজ্যতে ব্যাপক ক্ষোভ আৰু নিৰপেক্ষ তদন্তৰ দাবীৰ সৃষ্টি কৰিছিল । বিশেষ তদন্তকাৰী দলৰ (SIT) তদন্তৰ পাছত শ্যামকানু মহন্তকে ধৰি কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল । তেতিয়াৰ পৰাই এই গোচৰটোৱে ৰাজহুৱা চৰ্চা লাভ কৰি আহিছে ।

জামিন আৱেদন খাৰিজ হোৱাৰ ফলত মহন্তই এতিয়াও ন্যায়িক জিম্মাতে থাকিব লাগিব আৰু গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আগবাঢ়িব ।

লগতে পঢ়ক : ড্ৰেচিং ৰুমত ৰিয়ান পৰাগৰ ধুমপান! বিচিচিআই এ ল’ব নেকি এক্সন, ভাইৰেল ভিডিঅ’

‘জুবিন গাৰ্গ সাংস্কৃতিক দিশৰ এটা সূৰ্য আছিল, তেওঁক পৰিচয়ৰ প্ৰয়োজন আছিল নে’; গৰিমা শইকীয়া গাৰ্গ

শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তই জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে গৰিমা শইকীয়া গাৰ্গে।

জুবিনৰ সকলো সম্পত্তি গৰিমা গাৰ্গৰ নামলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন কৰা হৈছিল।দীৰ্ঘদিনে আইনী জটিলতাৰ বাবে বিষয়টো সম্পন্ন হৈ উঠা নাছিল।আবেদনখনৰ সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰে। আদালতলৈ আহি অনিতা ডেকা মহন্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে

তেওঁ কয় যে,’জুবিন গাৰ্গে সকলোকে ভাল পাইছিলে সেই কথা সঁচা কিন্তু আমিহে মানুহ চিনি পোৱাত ভুল কৰিলো।জুবিনৰ নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই।জুবিন গাৰ্গ সাংস্কৃতিক দিশৰ এটা সূৰ্য আছিল।৩০ বছৰে জুবিন গাৰ্গে যিখিনি কৰিলে তাৰ পিছত তেওঁক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছিল নেকি? কোনে কাক ক’ত পৰিচয় কৰাই দিছে সেই কথা অসমৰ ৰাইজে জানে। ’।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে, ‘ভিডিঅ’ত ৰাইজে সকলো দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জে’লত ভৰাই থব নেকি? সেই প্ৰশ্নটো তেওঁ নিজকে নিজক সোধক। এনেই কোনেও কাকো জে’লত ভৰাই নথয়।আমি আইন প্ৰক্ৰিয়া, ন্যায় প্ৰক্ৰিয়াত বিশ্বাসী।অধিবক্তাসকলে বলিষ্ঠভাৱে নিজৰ কাম কৰি আছে আৰু আমি আশা কৰিছো শীঘ্ৰেই ন্যায় পাম’।   

লগতে পঢ়ক: নিশা ৩ বজালৈ পাৰ্টী, ঘণ্টাত ১৩০ কিলোমিটাৰ গতিবেগ; মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য

“কোনো প্ৰমাণ নোহোৱাকৈ ৭ মাহে শ্যামকানুক জে’লত ভৰাই থৈছে”: অনিতা মহন্ত

জুবিন আৰু শ্যামকানু নলে-গলে লগা বন্ধু আছিল, জুবিনৰ মৃত্যুত শ্যামকানুৱে বহুত কষ্ট পাইছে। আদালতত উপস্থিত হৈ অনিতা মহন্তৰ প্ৰতিক্ৰিয়া।

বৃহস্পতিবাৰে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত আদালতত উপস্থিত হয় শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত।সাংবাদিকৰ আগত অনিতা ডেকা মহন্তই কয় যে, জুবিন গাৰ্গক শ্যামকানু মহন্তই জোৰ কৰি ছিংগাপুৰলৈ নিয়া নাছিল, তাৰ কোনো প্ৰমাণ নাই। শ্যামকানু মহন্তই জুবিন গাৰ্গক সুৰা যোগান ধৰাৰো কোনো প্ৰমাণ নাই।গোচৰটোৰ কোনো সত্য সত্যতা নাই। মানুহে যি কৈছে সেইটোৰ ওপৰতেই গুৰুত্ব দি গোচৰটো চলি আছে।ইয়াত কোনো দোষী নহয়।আমিও ন্যাৰ বাবে আশা কৰি আছো। কোনো প্ৰমাণ নোহোৱাকো ৭ মাহে জেলত থকাটো ইমান সহজ কথা নহয়।

অনিতা মহন্তই আৰু কয় যে, জুবিন গাৰ্গ শ্যামকানু মহন্তৰ নলে গলে লগা বন্ধু আছিলে। জুবিনে শ্যামকানু মহন্তৰ সপোনবোৰ প্ৰথমদিনাৰ পৰাই সমৰ্থন কৰিছিল। যি কাম কৰিছিল সদায় জুবিনৰ উপদেশ লৈ কৰিছিলো। তেওঁ সদায় আমাৰ প্ৰতিটোকামতে সমৰ্থন জনাইছিলে।শ্যামকানু মহন্ত কিমান দুখ লাগিছে ভাবক । কাৰণ তেওঁ নিজৰ এজন শুভাকাংশী হেৰুৱাইছে।

তেওঁ আৰু কয় যে, জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্বা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এটা ডাঙৰ সাংস্কৃতিক শূন্যতা হৈছে। এই শূন্যতা আমি সৃষ্টিশীলতাৰে পূৰ্ণ কৰিব লাগিছিল, হিংসা খঙেৰে নহয়।নতুন নতুন সংগীত সৃষ্টি কৰি আগবাঢ়ি যাব লাগিছিল।  

ৰাইজলৈ কাতৰ অনুৰোধ কৰি অনিতা মহন্তই কয় যে ৰাইজে হিংসা খং এৰি অসমীয়া জাতীয় জীৱনলৈ মৰম চেনেহবোৰ ঘুৰাই আনিব লাগে।   

লগতে পঢ়ক: “শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই