'জুবিন গাৰ্গে সকলোকে ভাল পাইছিল,আমিহে মানুহ চিনাত ভুল কৰিলো’; গৰিমা শইকীয়া গাৰ্গ

‘জুবিন গাৰ্গ সাংস্কৃতিক দিশৰ এটা সূৰ্য আছিল, তেওঁক পৰিচয়ৰ প্ৰয়োজন আছিল নে’; গৰিমা শইকীয়া গাৰ্গ

শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তই জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ সকলো সম্পত্তি গৰিমা গাৰ্গৰ নামলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন কৰা হৈছিল।দীৰ্ঘদিনে আইনী জটিলতাৰ বাবে বিষয়টো সম্পন্ন হৈ উঠা নাছিল।আবেদনখনৰ সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰে। আদালতলৈ আহি অনিতা

শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তই জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে গৰিমা শইকীয়া গাৰ্গে।

জুবিনৰ সকলো সম্পত্তি গৰিমা গাৰ্গৰ নামলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন কৰা হৈছিল।দীৰ্ঘদিনে আইনী জটিলতাৰ বাবে বিষয়টো সম্পন্ন হৈ উঠা নাছিল।আবেদনখনৰ সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰে। আদালতলৈ আহি অনিতা ডেকা মহন্তৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে

তেওঁ কয় যে,’জুবিন গাৰ্গে সকলোকে ভাল পাইছিলে সেই কথা সঁচা কিন্তু আমিহে মানুহ চিনি পোৱাত ভুল কৰিলো।জুবিনৰ নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই।জুবিন গাৰ্গ সাংস্কৃতিক দিশৰ এটা সূৰ্য আছিল।৩০ বছৰে জুবিন গাৰ্গে যিখিনি কৰিলে তাৰ পিছত তেওঁক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছিল নেকি? কোনে কাক ক’ত পৰিচয় কৰাই দিছে সেই কথা অসমৰ ৰাইজে জানে। ’।

গৰিমা শইকীয়া গাৰ্গে লগতে কয় যে, ‘ভিডিঅ’ত ৰাইজে সকলো দেখাৰ পিছত কোনোবাই এনেই কাৰোবাক জে’লত ভৰাই থব নেকি? সেই প্ৰশ্নটো তেওঁ নিজকে নিজক সোধক। এনেই কোনেও কাকো জে’লত ভৰাই নথয়।আমি আইন প্ৰক্ৰিয়া, ন্যায় প্ৰক্ৰিয়াত বিশ্বাসী।অধিবক্তাসকলে বলিষ্ঠভাৱে নিজৰ কাম কৰি আছে আৰু আমি আশা কৰিছো শীঘ্ৰেই ন্যায় পাম’।   

লগতে পঢ়ক: নিশা ৩ বজালৈ পাৰ্টী, ঘণ্টাত ১৩০ কিলোমিটাৰ গতিবেগ; মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য