“MIৰ দৰেই জীৱনতো আহিব বেয়া ছিজন…” ছাত্ৰৰ ধেমেলীয়া কটাক্ষত মুখ ঢাকি হাঁহিলে নীতা আম্বানীয়ে!

আটাইতকৈ বিশেষ কথাটো হ’ল, ধেমালিৰ লক্ষ্য হোৱা খোদ নীতা আম্বানীয়েও নিজৰ হাঁহি ধৰি ৰাখিব নোৱাৰিলে

বিদ্যালয় বা মহাবিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ সমূহ সাধাৰণতে পুৰণি দিনৰ আবেগিক স্মৃতি, প্ৰেৰণাদায়ক বাৰ্তা আৰু ভৱিষ্যতৰ সপোনেৰে ভৰি থাকে । কিন্তু ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলৰ (DAIS) ‘ক্লাছ অৱ ২০২৬’ৰ সমাৰোহত ঘটিল এক ব্যতিক্ৰমী ঘটনা । মঞ্চলৈ অহা এজন ছাত্ৰই ক্ৰিকেটৰ এনে এক মছলা সানি দিলে যে অডিটৰিয়ামত উপস্থিত সকলোৱে জোৰেৰে হাঁহি উঠিল । আটাইতকৈ বিশেষ কথাটো হ’ল, ধেমালিৰ লক্ষ্য হোৱা খোদ নীতা আম্বানীয়েও নিজৰ হাঁহি ধৰি ৰাখিব নোৱাৰিলে ।

ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলৰ গ্ৰেজুৱেশ্যন সমাৰোহৰ এটা ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো ভাইৰেল হোৱাৰ মূল কাৰণ হৈছে স্কুলখনৰ হেড বয়জনৰ এটা ধেমেলীয়া মন্তব্য । ছাত্ৰজনে ভাষণ দি থকা অৱস্থাতে আম্বানী পৰিয়ালৰ আই পি এল দল মুম্বাই ইণ্ডিয়ানছৰ উল্লেখ কৰি এনে এক মন্তব্য কৰে যে হলটোত থকা সকলোৱে গিৰ্জনী মাৰি হাঁহি উঠে ।

জীৱনৰ শিক্ষা আৰু মুম্বাই ইণ্ডিয়ানছ-

নিজৰ ভাষণত ছাত্ৰজনে স্কুলৰ দিনবোৰৰ যাত্ৰা, বন্ধুত্ব আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে কৈ আছিল । এই সময়ছোৱাতে তেওঁ কয়, “আমাৰ প্ৰিয় মুম্বাই ইণ্ডিয়ানছৰ দৰেই জীৱনতো কিছুমান কঠিন ছিজন আহিব ।”

ছাত্ৰজনৰ মুখৰ পৰা এইষাৰ কথা ওলোৱাৰ লগে লগেই অডিটৰিয়ামত জোৰদাৰ হাঁহিৰ ৰোল উঠে । কেমেৰাটো লগে লগে স্কুলখনৰ প্ৰতিষ্ঠাপক তথা চেয়ারপাৰ্ছন নীতা আম্বানীৰ ফালে ঘূৰি যায় আৰু তেওঁকো হাঁহি হাঁহি নিজৰ মুখখন ঢাকি ধৰা দেখা যায় ।

অৱশ্যে ছাত্ৰজনৰ এই বক্তব্য কেৱল ধেমালিৰ মাজতেই সীমাবদ্ধ নাছিল । তেওঁ অতি চতুৰতাৰে নিজৰ কথাখিনিক জীৱনৰ এক ডাঙৰ শিক্ষাৰ সৈতে সংযোগ কৰে । ছাত্ৰজনে কয় যে জীৱনত এনেকুৱা সময়ো আহিব যেতিয়া কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আশা কৰা ধৰণে ফলাফল পোৱা নাযাব আৰু নিজৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব । কিন্তু তেনে কঠিন পৰিস্থিতিতো মুম্বাই ইণ্ডিয়ানছৰ দৰেই নিজৰ পৰিচয়, ঐতিহ্য আৰু নিজৰ মানুহৰ ওপৰত বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে ।

‘দুনিয়া হিলা দেংগে হাম’ শ্লোগানেৰে সামৰণি-

ভাষণৰ সামৰণি মাৰি ছাত্ৰজনে মুম্বাই ইণ্ডিয়ানছৰ সেই বিখ্যাত শ্লোগান “দুনিয়া হিলা দেংগে হাম” (Duniya Hila Denge Hum) উচ্চাৰণ কৰে । এই কথা শুনিয়েই নীতা আম্বানীয়ে হাঁহি মুখেৰে হাতচাপৰি বজাবলৈ ধৰে আৰু সমগ্ৰ হলটো জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰে কঁপি উঠে ।

উক্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধু । কিন্তু বৰ্তমান ছচিয়েল মিডিয়াত আটাইতকৈ বেছি চৰ্চা লাভ কৰিছে সেই ছাত্ৰজনে, যিয়ে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সমগ্ৰ অনুষ্ঠানটোক চিৰস্মৰণীয় কৰি তুলিলে । ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ছাত্ৰজনৰ এই আত্মবিশ্বাসৰ ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায় সমাপ্ত, কোৱালিফায়াৰত পৰাস্ত হ’লেও ফাইনেলৰ দৌৰত থাকিব গুজৰাট-বেংগালুৰু

আই পি এল ২০২৬: লীগ পৰ্যায় সমাপ্ত, কোৱালিফায়াৰত পৰাস্ত হ’লেও ফাইনেলৰ দৌৰত থাকিব গুজৰাট-বেংগালুৰু

প্লে’অফৰ বাবে অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চাৰিটা শক্তিশালী দল- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৬-ৰ লীগ পৰ্যায়ৰ খেলসমূহ আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে । লীগ পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ৭০ খন মেচৰ অন্তত এইবাৰ প্লে’অফৰ বাবে অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চাৰিটা শক্তিশালী দল- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB), গুজৰাট টাইটানছ (GT), ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) আৰু ৰাজস্থান ৰয়েলছ (RR) ।

ইয়াৰ ভিতৰত পইণ্ট টেবুলৰ শীৰ্ষৰ দুটা স্থানত অৰ্থাৎ টপ-২ ত শেষ কৰিছে ৰজত পাটিদাৰৰ নেতৃত্বাধীন আৰ চি বি আৰু শুভমন গীলৰ গুজৰাট টাইটানছে । নিয়ম অনুসৰি টপ-২ ত থকাৰ বাবে দুয়োটা দলেই ফাইনেলত প্ৰৱেশ কৰাৰ বাবে দুটাকৈ সুযোগ লাভ কৰিব । অহা কাইলৈ অৰ্থাৎ মঙলবাৰে আহমেদাবাদত এই দুই শীৰ্ষ দলৰ মাজত অনুষ্ঠিত হ’ব হাই-ভল্টেজ ‘কোৱালিফায়াৰ-১’ মেচ । এই মেচখনত হাৰিলে কোনো এটা দলেই টুৰ্নামেণ্টৰ পৰা বাহিৰ নহয়, বৰঞ্চ এলিমিনেটৰ মেচৰ বিজয়ী দলটোৰ বিৰুদ্ধে ‘কোৱালিফায়াৰ-২’ খেলি ফাইনেললৈ যোৱাৰ দ্বিতীয়টো সুযোগ পাব ।

সমান পইণ্ট, কিন্তু নেট ৰান ৰেটত আগত বেংগালুৰু-

আইপিএল ২০২৬-ৰ লীগ পৰ্যায়ৰ সামৰণিৰ পিছত আৰ চি বি আৰু গুজৰাট টাইটানছ দুয়োটা দলেই ১৪ খনকৈ মেচ খেলি ১৮ পইণ্টকৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে (১৪ মেচত ৯ খনত জয়)। কিন্তু নেট ৰান ৰেট উন্নত হোৱাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট টেবুলৰ প্ৰথম স্থানত থাকে আৰু গুজৰাট দ্বিতীয় স্থানলৈ আহে ।

বৰষুণ হ’লে ভাগ্য খোল খাব আৰ চি বিৰ!

এক গুৰুত্বপূৰ্ণ নিয়ম : যদিহে মঙলবাৰে হ’বলগীয়া কোৱালিফায়াৰ-১ মেচখন বৰষুণৰ বাবে সম্পূৰ্ণৰূপে বাতিল হয়, তেন্তে পইণ্ট টেবুলত শীৰ্ষত থকাৰ সুবাদতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পোনপটীয়াকৈ ফাইনেলৰ টিকট লাভ কৰিব ।

আইপিএলৰ নিয়ম অনুসৰি, প্লে’অফৰ কোৱালিফায়াৰ-১, এলিমিনেটৰ বা কোৱালিফায়াৰ-২ মেচৰ বাবে কোনো ‘ৰিজাৰ্ভ ডে’’ ৰখা হোৱা নাই । কেৱল ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফাইনেল মেচখনৰ বাবেহে ৰিজাৰ্ভ ডে’ সংৰক্ষিত আছে ।

লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত ৰাজস্থান ৰয়েলছৰ…

আই পি এল ২০২৬ : দিল্লীৰ বিদায়! অন্তিমটো প্লে-অফ স্থানৰ বাবে তিনিটা দলৰ মাজত তীব্ৰ যুঁজ

পৰাজয়ৰ পিছত ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হোৱা লক্ষ্ণৌৰ বিশেষ একো লোকচান হোৱা নাই যদিও, ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে দিল্লী কেপিটেলছৰ ওপৰত

আই পি এল ২০২৬ এতিয়া একেবাৰে ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । কালি অৰ্থাৎ ২৩ মে’ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ৬৮ সংখ্যক মেচখনত পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে । এই পৰাজয়ৰ পিছত ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হোৱা লক্ষ্ণৌৰ বিশেষ একো লোকচান হোৱা নাই যদিও, ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে দিল্লী কেপিটেলছৰ ওপৰত । পঞ্জাবৰ এই জয়ৰ লগে লগে দিল্লী কেপিটেলছৰ প্লে-অফলৈ যোৱাৰ সকলো আশা এতিয়া সম্পূৰ্ণৰূপে শেষ হৈ পৰিছে ।

দিল্লীৰ বিদায়ৰ পিছত এতিয়া প্লে-অফৰ চতুৰ্থ তথা অন্তিমটো স্থানৰ বাবে মূল যুঁজখন ৰাজস্থান ৰয়েলছ (RR), কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু পঞ্জাব কিংছ (PBKS)-ৰ মাজত সীমাবদ্ধ হৈ পৰিছে । আহক চকু ফুৰাওঁ এই তিনিটা দলৰ প্লে-অফৰ জটিল সমীকৰণৰ ওপৰত :

ৰাজস্থান ৰয়েলছ: ভাগ্য নিজৰ হাতত

ৰাজস্থান ৰয়েলছৰ বাবে প্লে-অফৰ পথ এতিয়াও আটাইতকৈ সহজ । তেওঁলোকে কেৱল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হ’বলগীয়া নিজৰ অন্তিম মেচখন জিকিব লাগিব ।

যদি জিকি যায় : ১৪ খন মেচত ১৬ পইণ্ট লাভ কৰি ৰাজস্থানে পোনপটীয়াকৈ প্লে-অফৰ টিকট লাভ কৰিব আৰু বাকী দলৰ আশা তাতেই শেষ হ’ব ।

যদি হাৰি যায় : মুম্বাইৰ বিৰুদ্ধে পৰাজিত হ’লে ৰাজস্থান প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব । অৰ্থাৎ, এই মেচখন তেওঁলোকৰ বাবে ‘কৰা অথবা মৰা’ৰ দৰে হ’ব ।

কলকাতা নাইট ৰাইডাৰ্ছ: মেচ জিকাৰ লগতে কৰিব লাগিব অলৌকিক কাণ্ড

ৰাজস্থান ৰয়েলছৰ পৰাজয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে ভাগ্যৰ দুৱাৰ খুলিব পাৰে, কিন্তু তাৰ বাবে কেৱল জিকিলেই নহ’ব, তেওঁলোকে দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক বৃহৎ জয় পঞ্জীয়ন কৰিব লাগিব :

প্ৰথমে বেটিং কৰিলে : যদি KKR-এ প্ৰথমে বেটিং কৰি ২০০ ৰান কৰে, তেন্তে তেওঁলোকে দিল্লীক অন্ততঃ ৭৭ ৰান বা তাতকৈ অধিক ব্যৱধানত হৰুৱাব লাগিব ।

ৰান অনুসৰণ কৰিলে (Chase) : যদি বিপক্ষই ১৮০ ৰানৰ লক্ষ্য বান্ধি দিয়ে, তেন্তে পঞ্জাবতকৈ উন্নত ৰান ৰেট পাবলৈ KKR-এ মাত্ৰ ১২ ৰ পৰা ১২.৪ অভাৰৰ ভিতৰত এই লক্ষ্য স্পৰ্শ কৰিব লাগিব ।

পঞ্জাব কিংছ : ভাগ্য আৰু আন দলৰ ওপৰত নিৰ্ভৰশীল

লক্ষ্ণৌক হৰুৱাই পঞ্জাবে নিজৰ কাম কৰিলে, কিন্তু তেওঁলোকৰ ভাগ্য এতিয়া আন দলৰ হাতত । পঞ্জাবৰ ১৪ খন মেচত ১৫ পইণ্ট আছে । তেওঁলোকৰ প্লে-অফৰ সমীকৰণ এনেধৰণৰ :

পঞ্জাব প্লে-অফলৈ যাবলৈ হ’লে প্ৰথম চৰ্ত হ’ল ৰাজস্থান ৰয়েলছ নিজৰ মেচত হাৰিবই লাগিব ।

দ্বিতীয়তে, কলকাতা নাইট ৰাইডাৰ্ছেও নিজৰ মেচখন হাৰিব লাগিব অথবা অতি কম ব্যৱধানত জিকিব লাগিব, যাতে KKR-ৰ নেট ৰান ৰেট পঞ্জাবতকৈ উন্নত হ’ব নোৱাৰে । যদি KKR-এ দিল্লীক ডাঙৰ ব্যৱধানত হৰুৱাব নোৱাৰে, তেন্তে পঞ্জাবৰ প্লে-অফ খেলাটো নিশ্চিত হৈ পৰিব ।

এতিয়া সকলো ক্ৰীড়াপ্ৰেমীৰ চকু আই পি এলৰ অনাগত মেচসমূহৰ ওপৰত । কোনটো দলে লাভ কৰিব প্লে-অফৰ অন্তিমটো টিকট, সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক শতক, লক্ষ্ণৌক হৰুৱাই প্লে-অফৰ আশা সজীৱ পঞ্জাব কিংছৰ

শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক শতক, লক্ষ্ণৌক হৰুৱাই প্লে-অফৰ আশা সজীৱ পঞ্জাব কিংছৰ

একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত টুৰ্নামেণ্টৰ ৬৮ নম্বৰ মেচখনত পঞ্জাবে ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৭ উইকেটত পৰাস্ত কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬-ৰ এখন গুৰুত্বপূৰ্ণ মেচত পঞ্জাব কিংছে এক আকৰ্ষণীয় জয় সাব্যস্ত কৰিছে । শনিবাৰে (২৩ মে’) লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত টুৰ্নামেণ্টৰ ৬৮ নম্বৰ মেচখনত পঞ্জাবে ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক (LSG) ৭ উইকেটত পৰাস্ত কৰে । অধিনায়ক শ্ৰেয়াছ আয়াৰৰ শতকীয় ইনিংছৰ বলত পঞ্জাবে লক্ষ্ণৌৱে ধাৰ্য কৰি দিয়া ১৯৭ ৰাণৰ লক্ষ্য মাত্ৰ ১৮ অভাৰতে অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

আয়াৰ-প্ৰভিসিমৰণৰ মেচ বিজয়ী যুটি-

লক্ষ্ণৌৰ ১৯৬ ৰাণৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি পঞ্জাব কিংছৰ আৰম্ভণি একেবাৰেই ভাল হোৱা নাছিল । ইনিংছৰ প্ৰথমটো বলতে মহম্মদ ছামীয়ে প্ৰিয়াংশ আৰ্য্যক অৰ্জুন টেণ্ডুলকাৰৰ হাতত কেচ আউট কৰায় । ইয়াৰ পিছতে ছামীয়ে ফৰ্মত থকা বেটাৰ কুপাৰ ক’নোলী (১৮ ৰাণ)কো পেভিলিয়নৰ পথ দেখুৱায় ।

মাত্ৰ কেইৰাণমানতে ২ টা উইকেট হেৰুৱাই দলটো সংকটত পৰাৰ সময়তে ক্ৰীড়াংগনত ধুমুহাৰ সৃষ্টি কৰে অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু প্ৰভিসিমৰণ সিঙে । দুয়োজনে তৃতীয় উইকেটৰ যুটিত ১৪০ ৰাণৰ এক মেচ বিজয়ী পাৰ্টনাৰশ্বিপ গঢ়ি তোলে । প্ৰভিসিমৰণে ৩৯ টা বলত ৭ টা চাৰি আৰু ২ টা ছয়েৰে ধুমুহাময় ৬৯ ৰাণ কৰে । আনহাতে, অধিনায়ক আয়াৰে ৫১ টা বলত ১১ টা চাৰি আৰু ৫ টা ছয়েৰে ১০০ ৰাণ কৰি অপৰাজিত হৈ থাকে ।

লক্ষ্ণৌৰ ইনিংছ: ইংলিছ আৰু বদোনীৰ সংগ্ৰাম

ইয়াৰ পূৰ্বে, টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰে । দলৰ আৰম্ভণি বেয়া আছিল । অৰ্শিন কুলকাৰ্ণীয়ে খাতা নোখোলাকৈয়ে আজমতুল্লাহ ওমৰজাইৰ বলত আউট হয় । তাৰ পিছতে মাৰ্কো জানচেনে নিকোলাছ পুৰানক (২ ৰাণ) বোল্ড কৰে ।

দলীয় সংকটৰ সময়ত আয়ুষ বদোনী আৰু জশ ইংলিছৰ মাজত তৃতীয় উইকেটৰ বাবে ৪৯ ৰাণৰ পাৰ্টনাৰশ্বিপ হয় । বদোনীয়ে মাত্ৰ ১৮ টা বলত ৪৩ ৰাণ (৫ টা চাৰি, ৩ টা ছয়) কৰি যুজবেন্দ্ৰ চহালৰ চিকাৰ হয় । ইয়াৰ পিছত জশ ইংলিছে অধিনায়ক ঋষভ পণ্টৰ সৈতে চতুৰ্থ উইকেটৰ বাবে ৬৫ ৰাণ যোগ কৰে । পণ্ট ২৬ ৰাণত আউট হোৱাৰ বিপৰীতে ইংলিছে ৪৪ টা বলত ৭২ ৰাণৰ (৯ টা চাৰি, ২ টা ছয়) এক সুন্দৰ ইনিংছ খেলে । শেষৰ পিনে আব্দুল সমদে ২০ টা বলত অপৰাজিত ৩৭ ৰাণ কৰি দলৰ স্ক’ৰ ১৯৬ লৈ লৈ যায় । পঞ্জাবৰ হৈ চহাল আৰু জানচেনে ২টি কৈ উইকেট লাভ কৰে ।

পঞ্জাবৰ প্লে-অফৰ সমীকৰণ-

এই জয়ৰ সৈতে পঞ্জাব কিংছে ১৪ খন মেচৰ ৭ খনত জয়লাভ কৰি ১৫ পইণ্টেৰে প্লে-অফৰ দৌৰত নিজৰ আশা সজীৱ কৰি ৰাখিছে । এতিয়া যদি অন্তিমখন মেচত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ (KKR) পৰাস্ত হয়, তেন্তে পঞ্জাব পোনপটীয়াভাৱে প্লে-অফত প্ৰৱেশ কৰিব । অৱশ্যে কে চি আৰ জিকিলে বিষয়টো নেট ৰান ৰেটৰ ওপৰত নিৰ্ভৰ কৰিব । আনহাতে, ১৪ খন মেচৰ পৰা মাত্ৰ ৮ পইণ্ট লাভ কৰা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : অন্তিম ৫খন খেল আৰু প্লে-অফৰ উত্তেজনাময় অংক

আইপিএল ২০২৬: অৰেঞ্জ কেপত ছাই সুদৰ্শনৰ ৰাজত্ব, পাৰ্পল কেপৰ দৌৰত ভুৱনেশ্বৰ-ৰাবাডাৰ তীব্ৰ যুঁজ

প্ৰতিযোগিতাখন তীব্ৰতৰ হৈ অহাৰ লগে লগে খেলুৱৈসকলৰ মাজত অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভৰ যুঁজো তীব্ৰ হৈ পৰিছে

আইপিএল ২০২৬ এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯সংখ্যক সংস্কৰণত ইতিমধ্যে ৬৬খন মেচ খেলা হৈ গৈছে আৰু লীগ পৰ্যায়ৰ মাত্ৰ ৪খন মেচহে বাকী আছে । প্লে-অফৰ দৌৰত তিনিটা দলে নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটান্স আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে অফিচিয়েলভাৱে কোৱালিফাই কৰিছে । আনহাতে, চতুৰ্থটো স্থান লাভৰ বাবে এতিয়াও ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ আশা জীৱিত আছে ।

প্ৰতিযোগিতাখন তীব্ৰতৰ হৈ অহাৰ লগে লগে খেলুৱৈসকলৰ মাজত অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভৰ যুঁজো তীব্ৰ হৈ পৰিছে । নিয়ম অনুসৰি, সমগ্ৰ আইপিএল ছিজনত আটাইতকৈ বেছি ৰান কৰা বেটছমেনজনক অৰেঞ্জ কেপ আৰু আটাইতকৈ বেছি উইকেট দখল কৰা বলাৰজনক পাৰ্পল কেপ প্ৰদান কৰা হয় । লীগ সমাপ্ত হোৱাৰ পিছত এই কেপধাৰীসকলে ট্ৰফীৰ লগতে পুৰস্কাৰৰ ধনো লাভ কৰে ।

চলতি ছিজনৰ এক ডাঙৰ খবৰ এই যে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলী বৰ্তমান সৰ্বাধিক ৰান সংগ্ৰহকাৰী শীৰ্ষ ৫জন বেটছমেনৰ তালিকাৰ পৰা বাহিৰ হৈছে । কোহলীয়ে ১৩খন ইনিংছত ১টা শতক আৰু ৪টা অৰ্ধশতকৰ সহায়ত ৫৪২ ৰান সংগ্ৰহ কৰি বৰ্তমান তালিকাত ষষ্ঠ স্থানত আছে । তেওঁ অৰেঞ্জ কেপধাৰী খেলুৱৈজনতকৈ ৯৬ ৰান পিছ পৰি আছে । আজি অৱশ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে হ’বলগীয়া গুৰুত্বপূৰ্ণ খেলখনত কোহলীৰ হাতত পুনৰ ওপৰলৈ উঠাৰ সুযোগ থাকিব ।

বৰ্তমান অৰেঞ্জ কেপ আছে গুজৰাট টাইটান্সৰ অপেনাৰ ছাই সুদৰ্শনৰ হাতত । তেওঁ ১৪খন ইনিংছত ১টা শতক আৰু ৭টা অৰ্ধশতকৰ সৈতে সৰ্বাধিক ৬৩৮ ৰান সংগ্ৰহ কৰি শীৰ্ষত আছে । অলপতে বৃহস্পতিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত তেওঁ ৫৩টা বলত ৮৪ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলিছিল । এই তালিকাত ৬১৬ ৰানেৰে দ্বিতীয় স্থানত আছে গুজৰাটৰে শুভমন গিল । ইয়াৰ পিছতে ক্ৰমে ৰাজস্থান ৰয়েলছৰ বৈভৱ সূৰ্যবংশী (৫৭৯ ৰান), লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মিচেল মাৰ্শ (৫৬৩ ৰান) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিক ক্লাছেন (৫৫৫ ৰান) আছে ।

আনহাতে, পাৰ্পল কেপৰ দৌৰত বলাৰসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ চেন্নাইৰ বিৰুদ্ধে ৩টা উইকেট দখল কৰি ৰাবাডাই সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰিছে । আৰ চি বিৰ ভুৱনেশ্বৰ কুমাৰ আৰু গুজৰাট টাইটান্সৰ ৰাবাডা দুয়োৰে নামত বৰ্তমান ২৪টাকৈ উইকেট আছে । কিন্তু ভুৱনেশ্বৰ কুমাৰৰ ইকোনমি ৰেট ৰাবাডাতকৈ ভাল হোৱাৰ বাবে পাৰ্পল কেপটো বৰ্তমান ভুৱনেশ্বৰৰ দখলতেই আছে । এই তালিকাত ২১টা উইকেটেৰে তৃতীয় স্থানত আছে চেন্নাইৰ অংশুল কম্বোজ । ইয়াৰ পিছতে গুজৰাটৰ ৰাছিদ খানে ১৯টা উইকেট আৰু ৰাজস্থান ৰয়েলছৰ জোফ্ৰা আৰ্চাৰে ১৮টা উইকেট লৈ পাৰ্পল কেপৰ দৌৰত নিজকে বচাই ৰাখিছে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : অন্তিম ৫খন খেল আৰু প্লে-অফৰ উত্তেজনাময় অংক

আই পি এল ২০২৬ : অন্তিম ৫খন খেল আৰু প্লে-অফৰ উত্তেজনাময় অংক

ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ সন্মুখত এতিয়াও প্লে-অফৰ পথ খোলা আছে

আই পি এল (IPL 2026) এতিয়া একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছে । লীগ পৰ্যায়ত মাত্ৰ ৫খন খেল বাকী থকা অৱস্থাত চতুৰ্থ স্থানটো হস্তগত কৰিবলৈ এতিয়া ৪টা দলৰ মাজত যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে । ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ সন্মুখত এতিয়াও প্লে-অফৰ পথ খোলা আছে । আনহাতে, দিল্লী কেপিটেলছৰ বাবে অংকটো গাণিতিকভাৱে জীয়াই থাকিলেও অতি দুৰ্বল নেট ৰান-ৰেটৰ (NRR) বাবে তেওঁলোকৰ আশা প্ৰায় নগণ্য ।

আহক চকু ফুৰাওঁ দলসমূহৰ সমীকৰণৰ ওপৰত :

ৰাজস্থান ৰয়েলছ (পইণ্ট : ১৪, খেল বাকী : ১ বনাম মুম্বাই)

ৰাজস্থানৰ ভাগ্য সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হাতত আছে । দেওবাৰে মুম্বাই ইণ্ডিয়ানছক হৰুৱাব পাৰিলেই তেওঁলোকে ১৬ পইণ্টেৰে পোনপটীয়াকৈ প্লে-অফৰ টিকট পাব। আনকি গুজৰাট আৰু হায়দৰাবাদ হাৰিলে তেওঁলোকৰ শীৰ্ষ দুই স্থানলৈ যোৱাৰো সম্ভাৱনা আছে। কিন্তু যদি আৰ আৰ হাৰে, তেন্তে তেওঁলোকে আশা কৰিব লাগিব যাতে পঞ্জাৱ আৰু কলকাতা দুয়োটা দলেই নিজৰ খেলত পৰাজয়বৰণ কৰে।

পঞ্জাৱ কিংছ (পইণ্ট : ১৩, খেল বাকী : ১ বনাম লক্ষ্ণৌ)

একেৰাহে ৬খন খেলত হাৰিও পঞ্জাৱৰ আশা এতিয়াও জীয়াই আছে । শনিবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে তেওঁলোকে জয়লাভ কৰিব লাগিব আৰু দেওবাৰে ৰাজস্থান হাৰিব লাগিব । পঞ্জাৱৰ নেট ৰান-ৰেট (+০.২২৭) বহুত ভাল হোৱা বাবে তেওঁলোক এক সুবিধাজনক স্থিতিত আছে ।

কলকাতা নাইট ৰাইডাৰ্ছ (পইণ্ট : ১৩, খেল বাকী : ১ বনাম দিল্লী)

মুম্বাইৰ বিৰুদ্ধে জয়েৰে কে কে আৰ দৌৰত টিকি আছে । দেওবাৰে দিল্লীক হৰুৱাৰ পিছত যদি ৰাজস্থান আৰু পঞ্জাৱ হাৰে, তেন্তে কলকাতা সহজেই কোৱালিফাই কৰিব । কিন্তু পঞ্জাৱে নিজৰ খেলখন জিকিলে, কলকাতা দিল্লীৰ বিৰুদ্ধে এক বৃহৎ ব্যৱধানত (অন্ততঃ ৫২ ৰ পৰা ৬১ ৰানত) জিকিব লাগিব ।

চেন্নাই ছুপাৰ কিংছ (পইণ্ট : ১২, খেল বাকী : ১ বনাম গুজৰাট)

চি এছ কেৰ পথ আটাইতকৈ কঠিন । তেওঁলোকক নিজৰ জয়ৰ উপৰিও ৰাজস্থান, পঞ্জাৱ আৰু কলকাতা- তিনিওটা দলৰে পৰাজয়ৰ প্ৰয়োজন । এই সকলোবোৰ মিলি গ’লে, চি এছ কেই মাত্ৰ ২৫ ৰানৰ এক সন্মিলিত ব্যৱধানত ৰাজস্থান ৰয়েলছক ৰান-ৰেটত পিছ পেলাই প্লে-অফত প্ৰৱেশ কৰিব পাৰিব ।

শীৰ্ষ দুই স্থানৰ বাবে গুজৰাট আৰু হায়দৰাবাদৰ যুঁজ-

আনহাতে, ১৬ পইণ্ট লাভ কৰা গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত দ্বিতীয় স্থান লাভৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলিছে । গুজৰাটে চি এছ কেক ২০ ৰানত হৰুৱালে, হায়দৰাবাদে দ্বিতীয় স্থান পাবলৈ হ’লে আৰ চি বিক অন্ততঃ ৩৩ ৰানৰ ব্যৱধানত হৰুৱাব লাগিব ।

লীগ পৰ্যায়ৰ অন্তিম দিন ২৪ মে’ৰ পূৰ্বে প্লে-অফৰ এই অন্তিমখন ছবি স্পষ্ট নহ’ব, যাৰ বাবে ক্ৰীড়াপ্ৰেমীৰ মাজত উৎকণ্ঠা এতিয়া তুংগত ।

লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

ভাৰতৰ নতুন টেষ্ট শৃংখলা ঘোষণা, বিচিচিআইৰ তৰফৰ পৰা অনুৰাগীসকললৈ বিশেষ উপহাৰ

অতি শীঘ্ৰেই টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব

আইপিএল ২০২৬ সমাপ্ত হোৱাৰ পিছতেই পুনৰ ক্ৰিকেটৰ ব্যস্ত সূচীত সোমাই পৰিব ভাৰতীয় ক্ৰিকেট দল । আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ সফল সামৰণিৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) এতিয়া আন এক গুৰুত্বপূৰ্ণ শৃংখলা চূড়ান্ত কৰিছে । অতি শীঘ্ৰেই টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হোৱাৰ বাবে এই শৃংখলাটো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, লংকা প্ৰিমিয়াৰ লীগ (LPL) সমাপ্ত হোৱাৰ পিছতেই এই টেষ্ট শৃংখলাটো অনুষ্ঠিত হ’ব । উল্লেখ্য যে, অহা ৯ আগষ্টত লংকা প্ৰিমিয়াৰ লীগৰ ফাইনেল মেচখন অনুষ্ঠিত হোৱাৰ কথা আছে । ইয়াৰ পিছতেই ১৫ আগষ্টৰ পৰা ২৭ আগষ্টৰ ভিতৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত টেষ্ট মেচ দুখন খেলা হ’ব, যদিও এতিয়ালৈকে খেলৰ সঠিক তাৰিখসমূহ ঘোষণা কৰা হোৱা নাই । অৱশ্যে এই ভ্ৰমণকালতে ভাৰতে তিনিখন মেচৰ এটা টি-২০ শৃংখলাও খেলিব নে নাই, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই ।

শ্ৰীলংকাত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া-

বৰ্তমান বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া শ্ৰীলংকাত উপস্থিত আছে । জানিব পৰা মতে তেওঁ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সৈতে এই টেষ্ট শৃংখলাৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও পূৰ্বতে প্ৰস্তাৱিত টি-২০ শৃংখলাটোৰ সূচীক লৈও কথা-বতৰা হ’ব পাৰে । উল্লেখ্য যে, অলপতে শ্ৰীলংকাত আঘাত সনা ‘দিতৱাহ’ ঘূৰ্ণীবতাহৰ ভুক্তভোগীসকলৰ সাহায্যৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে বিচিচিআইয়ে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক এটা টি-২০ শৃংখলা খেলাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু যদি এই টি-২০ শৃংখলাটো অনুষ্ঠিত হয়, তেন্তে সেয়া ছেপ্টেম্বৰ মাহতহে সম্ভৱ হ’ব, যিটো সময়ত টীম ইণ্ডিয়াৰ সূচী ইতিমধ্যে অত্যন্ত ব্যস্ত হৈ আছে ।

ছেপ্টেম্বৰত টীম ইণ্ডিয়াৰ ব্যস্ততা-

ছেপ্টেম্বৰ মাহটোত ভাৰতীয় ক্ৰিকেট দলৰ বাবে অপেক্ষা কৰি আছে এটাৰ পিছত আনটো শৃংখলা-

বাংলাদেশ ভ্ৰমণ (প্ৰস্তাৱিত): ছেপ্টেম্বৰ মাহত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচৰ এখন হোৱাইট বল শৃংখলা খেলাৰ কথা আছে । বিগত বৰ্ষত দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ বাবে এই শৃংখলাটো স্থগিত ৰখা হৈছিল । অৱশ্যে এই ভ্ৰমণক লৈ বিচিচিআইয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা : বাংলাদেশ ভ্ৰমণৰ ঠিক পিছতেই ভাৰতে নিজৰ মাটিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব লাগিব ।

এছিয়ান গেমছ ২০২৬ : অহা ৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবেও ভাৰতীয় দলে প্ৰস্তুতি চলাব লাগিব ।

আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা : এই সকলোবোৰৰ মাজতে, ছেপ্টেম্বৰ মাহতেই ইউএই-ৰ মাটিত আফগানিস্তানৰ বিৰুদ্ধে ৩ খন মেচৰ এটা টি-২০ শৃংখলাতো অংশ ল’ব ভাৰতে ।

অহা কেইটামান মাহত ভাৰতীয় খেলুৱৈসকলে জিৰণি অবিৰাজিতভাৱে ক্ৰিকেট খেলিব লাগিব । এতিয়া দেৱজিৎ শইকীয়াৰ শ্ৰীলংকা ভ্ৰমণৰ পিছত এই সমগ্ৰ ক্ৰীড়া সূচীত কি নতুন ৰূপ আহে, তালৈকে দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰীড়াপ্ৰেমীসকলে ।

লগতে পঢ়ক : ‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

এদিনীয়া ক্ৰিকেটত ভাৰতৰ আধিপত্য অব্যাহত: আইচিচি ৰেংকিঙৰ শীৰ্ষত টীম ইণ্ডিয়া, পাকিস্তানৰ স্থান অৱনমিত

পুৰুষৰ এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত ভাৰতীয় দলে নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (ICC)ৰ শেহতীয়া বাৰ্ষিক আপডেটৰ পাছতো পুৰুষৰ এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত ভাৰতীয় দলে নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । ভাৰতে ১১৮ ৰেটিং পইণ্টেৰে তালিকাৰ প্ৰথম স্থানত থকাৰ বিপৰীতে নিউজীলেণ্ড ১১৩ পইণ্টেৰে দ্বিতীয় স্থানত আছে । মাত্ৰ ৫ পইণ্টৰ ব্যৱধানেৰে টীম ইণ্ডিয়াই নিজৰ প্ৰথম স্থান সুৰক্ষিত কৰি ৰাখিছে ।

ৰেংকিঙৰ গুৰুত্বপূৰ্ণ সালসলনিসমূহ-

শেহতীয়া তালিকাত অষ্ট্ৰেলিয়া ১০৯ পইণ্টেৰে তৃতীয় স্থানতে স্থিৰ আছে । অৱশ্যে, এইবাৰৰ আপডেটত আটাইতকৈ লাভান্বিত হৈছে দক্ষিণ আফ্ৰিকা । ১০২ পইণ্টেৰে দক্ষিণ আফ্ৰিকাই চতুৰ্থ স্থান দখল কৰি পাকিস্তানক তললৈ ঠেলি দিছে । পাকিস্তান বৰ্তমান ৯৮ পইণ্টেৰে পঞ্চম স্থানত আছে ।

আনহাতে, তালিকাৰ ষষ্ঠৰ পৰা দশম স্থানলৈকে এনেধৰণৰ:

ষষ্ঠ: শ্ৰীলংকা (৯৬ পইণ্ট)

সপ্তম: আফগানিস্তান (৯৩ পইণ্ট)

অষ্টম: ইংলেণ্ড (৮৯ পইণ্ট)

নৱম: বাংলাদেশ (৮৪ পইণ্ট)

দশম: ৱেষ্ট ইণ্ডিজ (৭৪ পইণ্ট)

২০২৭ বিশ্বকাপৰ দৌৰ-

এই ৰেংকিং ২০২৭ চনৰ পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ২০২৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ৰেংকিঙৰ শীৰ্ষ আঠটা দলে বিশ্বকাপলৈ পোনপটীয়া যোগ্যতা অৰ্জন কৰিব । যিহেতু দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱে আয়োজক হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে, সেয়েহে যদি দক্ষিণ আফ্ৰিকা শীৰ্ষ আঠৰ ভিতৰত থাকে, তেন্তে নৱম স্থানত থকা দলটোৱেও পোনপটীয়াকৈ বিশ্বকাপ খেলাৰ সুযোগ পাব পাৰে ।

অন্যান্য দেশৰ প্ৰদৰ্শন-

ৰেংকিঙৰ তলৰ ফালে আয়াৰলেণ্ডে জিম্বাবুৱেক পিছ পেলাই ১১তম স্থান দখল কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই ৪৬ পইণ্টেৰে স্কটলেণ্ডক অতিক্ৰম কৰি ১৩তম স্থানলৈ উন্নীত হৈছে । তদুপৰি, সংযুক্ত আৰৱ আমিৰশ্বাহে ১৬ পইণ্ট লাভ কৰি কানাডাক অতিক্ৰম কৰি ১৯তম স্থানত উপনীত হৈছে ।

উল্লেখ্য যে, আইচিচিৰ এই বাৰ্ষিক আপডেটে ২০২৫ চনৰ মে’ মাহৰ পৰা খেলা খেলসমূহক ১০০ শতাংশ আৰু তাৰ আগৰ দুবছৰৰ খেলসমূহক ৫০ শতাংশ গুৰুত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক : আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

উৰ্বিল পেটেলৰ দ্ৰুততম অৰ্ধশতক, লক্ষ্ণৌক ধূলিস্যাৎ কৰি প্লে-অফৰ দিশে চেন্নাই

ৰোমাঞ্চকৰ মেচত চেন্নাই ছুপাৰ কিঙছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৫ উইকেটত পৰাস্ত কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬-ৰ দেওবাৰৰ এখন ৰোমাঞ্চকৰ মেচত চেন্নাই ছুপাৰ কিঙছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৫ উইকেটত পৰাস্ত কৰে । এম.এ. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰি ঘৰুৱা দল চেন্নাইয়ে প্লে-অফৰ যুঁজত নিজৰ স্থান মজবুত কৰাৰ বিপৰীতে লক্ষ্ণৌৰ বাবে শেষ ৰাস্তাও প্ৰায় বন্ধ হৈ পৰিল ।

উৰ্বিলৰ অভিলেখ সৃষ্টিকাৰী ইনিংছ-

২০৪ ৰাণৰ এক বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ নামি চেন্নাইৰ হৈ বেটছমেন উৰ্বিল পেটেলে ইতিহাস ৰচনা কৰে । মাত্ৰ ১৩ বলত অৰ্ধশতক অৰ্জন কৰি তেওঁ আই পি এলৰ ইতিহাসত যশস্বী জয়ছোৱালৰ দ্ৰুততম অৰ্ধশতকৰ অভিলেখ স্পৰ্শ কৰে । উৰ্বিলে নিজৰ ৬৩ ৰাণৰ ইনিংছত ৮ টা ছিক্সাৰ আৰু ২ টা চাৰি কোবায় । তেওঁৰ এই ধুমুহাৰ বাবেই চেন্নায়ে ৪ বল বাকী থকা অৱস্থাতে ২০৮ ৰাণ সংগ্ৰহ কৰি জয় সাব্যস্ত কৰে ।

ইনিংছৰ আৰম্ভণিতে সঞ্জু চেমচন (২৮) আৰু ঋতুৰাজ গাইকোৱাডে (৪২) দলক এক সুন্দৰ ভেটি প্ৰদান কৰিছিল । মাজভাগত কিছু উইকেট হেৰুৱালেও শিৱম ডুবে আৰু প্ৰশান্ত বীৰে ঠাণ্ডা মগজুৰে দলক বিজয়ী লক্ষ্যত উপনীত কৰায় ।

জচ ইংলিছৰ সংগ্ৰাম অথলে-

ইয়াৰ পূৰ্বে, টছত হাৰি বেটিং কৰিবলৈ নামি লক্ষ্ণৌ ছুপাৰ জায়ণ্টছে ২০৩ ৰাণৰ বিশাল স্ক’ৰ থিয় কৰাইছিল । লক্ষ্ণৌৰ হৈ জচ ইংলিছে মাত্ৰ ৩৩ বলত ৮৫ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ ইনিংছত ১০ টা চাৰি আৰু ৬ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছিল । অৱশেষত শ্বাহবাজ আহমেদৰ ৪৩ ৰাণৰ সহায়ত দলটোৱে ৮ উইকেট হেৰুৱাই ২০০ ৰাণৰ সীমা অতিক্ৰম কৰে ।

চেন্নাইৰ হৈ বলিং বিভাগত জেমি অভাৰটনে সুন্দৰ প্ৰদৰ্শন কৰি ৩ টা উইকেট দখল কৰে ।

পইণ্ট তালিকাৰ অৱস্থা-

এই জয়ৰ সৈতে চেন্নাই ছুপাৰ কিঙচৰ ১১ খন খেলত ১২ পইণ্ট হ’ল । আনহাতে, ১১ খন খেলৰ ভিতৰত মাত্ৰ ৩ খনত জয়লাভ কৰা লক্ষ্ণৌ ছুপাৰ জায়ণ্টছ ৬ পইণ্টৰ সৈতে তালিকাৰ তলৰ ফালে আছে, যাৰ ফলত তেওঁলোকৰ প্লে-অফৰ সম্ভাৱনা প্ৰায় নাইকিয়া হৈ পৰিছে ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ