প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম

এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলাক কেন্দ্ৰ কৰি ক্ৰীড়ামহলাত এতিয়া ব্যাপক চৰ্চা চলিছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ BCCI-য়ে স্পষ্ট কৰি দিছে যে চূড়ান্ত একাদশত স্থান লাভ কৰাৰ পূৰ্বে তেওঁ বেংগালুৰুস্থিত ‘চেণ্টাৰ অৱ এক্সেলেন্স’ অৰ্থাৎ CoE-ৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰাটো বাধ্যতামূলক ।

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁৰ নামৰ সৈতে এই বিশেষ ফিটনেছৰ চৰ্তটো যোগ কৰি দিয়া হৈছে । প্ৰাপ্ত প্ৰতিবেদন অনুসৰি, হাৰ্দিক ইতিমধ্যে ২ জুনত বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত উপস্থিত হৈছে । শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ তাত এসপ্তাহতকৈও অধিক সময় অতিবাহিত কৰিব । এই সময়ছোৱাত ৩২ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে বিভিন্ন ফিটনেছ ড্ৰিল আৰু কঠোৰ শাৰীৰিক মূল্যায়নৰ মাজেৰে পাৰ হ’ব লাগিব । সকলো নিৰ্ধাৰিত মাপদণ্ডত উত্তীৰ্ণ হ’লেহে তেওঁ ‘ৰিটাৰ্ণ টু প্লে’ চমুকৈ RTP মঞ্জুৰী লাভ কৰিব আৰু তাৰ পিছতহে আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ খেলাক লৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

হাৰ্দিকৰ বাবে এই ফিটনেছ টেষ্ট অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো সদ্যসমাপ্ত IPL 2026-ত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰাৰ সময়ত তেওঁ পিঠিৰ বিষৰ সমস্যাত ভুগিছিল । এই শাৰীৰিক সমস্যাৰ বাবেই তেওঁ টুৰ্নামেণ্টখনৰ কেইখনমান মেচত অংশ লব পৰা নাছিল । উল্লেখ্য যে, তেওঁ খেলা শেষ এদিনীয়া মেচখন আছিল ICC চেম্পিয়নছ ট্ৰফী ২০২৫-ৰ ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ।

কেৱল হাৰ্দিক পাণ্ডিয়াই নহয়, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাকো BCCI-য়ে চেণ্টাৰ অৱ এক্সেলেন্সত ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিছে । ৰোহিতো IPL 2026-ৰ সময়ত হেমষ্ট্ৰিংৰ আঘাতৰ সৈতে যুঁজি আছিল । এই বাবেই আফগানিস্তান শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত ৰোহিত শৰ্মাৰ নামৰ আগতো ফিটনেছ সম্পৰ্কীয় চৰ্ত আৰোপ কৰা হৈছে । অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়বৰ্ধনেই শেহতীয়াকৈ দাবী কৰিছে যে ৰোহিত সম্পূৰ্ণ সুস্থ । জয়বৰ্ধনেৰ মতে, ৰোহিতক আঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত সময় দিয়া হৈছিল আৰু মেডিকেল টিমে তেওঁক এশ শতাংশ ফিট বুলি ঘোষণা কৰিছে । তেওঁ লগতে স্পষ্ট কৰে যে IPL-ত ৰোহিতক ‘ইম্পেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰাটো দলৰ এক ৰণনীতিহে আছিল, ইয়াৰ সৈতে খেলুৱৈগৰাকীৰ ফিটনেছৰ কোনো সম্পৰ্ক নাছিল ।

ভাৰত আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া এই তিনিখনীয়া এদিনীয়া শৃংখলাটি অহা ১৩ জুনৰ পৰা ধৰমশালাৰ HPCA ষ্টেডিয়ামত আৰম্ভ হ’ব । শৃংখলাৰ দ্বিতীয়খন মেচ ১৭ জুনত লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত খেলা হ’ব আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব ।

এই শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব শুভমন গীলে । দলৰ বাকী সদস্যসকল হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলী, সহ-অধিনায়ক শ্ৰেয়াছ আয়াৰ, উইকেটকীপাৰ কে এল ৰাহুল আৰু ইশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে । ইয়াৰে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান ক্ৰীড়াপ্ৰেমী তথা নিৰ্বাচক সকলোৰে চকু এই দুই তাৰকা খেলুৱৈৰ ফিটনেছ ৰিপৰ্টৰ ওপৰত নিবদ্ধ হৈছে । যদি দুয়ো সময়মতে সেউজ সংকেত লাভ কৰে, তেন্তে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটো বহুত বেছি শক্তিশালী হৈ পৰিব ।

লগতে পঢ়ক : বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

আইচিচিৰ ডাঙৰ সিদ্ধান্তঃ এইখন দেশৰ ক্ৰিকেট বৰ্ডক কৰিলে নিলম্বন

এই বৈঠকত কেৱল নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয়

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কানাডা ক্ৰিকেট বৰ্ডক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে । বৰ্ডৰ বিৰুদ্ধে আইচিচিৰ সদস্য পদৰ নিয়ম আৰু দায়িত্বসমূহ উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৩১ মে’ত আহমেদাবাদত অনুষ্ঠিত আইচিচিৰ এক গুৰুত্বপূৰ্ণ ব’ৰ্ড বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

আইচিচিয়ে জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে কেইবাটাও প্ৰশাসনিক ত্ৰুটিৰ বাবেই কানাডিয়ান ব’ৰ্ডক নিলম্বন কৰা হৈছে । অৱশ্যে এই সিদ্ধান্তই খেলুৱৈসকলৰ কেৰিয়াৰত কোনো প্ৰভাৱ নেপেলায় । কানাডাৰ খেলুৱৈসকলে পূৰ্বৰ দৰেই আইচিচিৰ টুৰ্ণামেণ্টসমূহত অংশগ্ৰহণ কৰিব পাৰিব । যিহেতু এই নিলম্বন কেৱল প্ৰশাসনিক পৰ্যায়তে সীমাবদ্ধ, সেয়েহে খেলুৱৈসকল যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে এক নিয়ন্ত্ৰিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুঁজি বা ধন যোগান ধৰা হ’ব ।

কানাডা ক্ৰিকেট ব’ৰ্ডৰ সদস্যপদ পুনৰ বাহাল কৰাৰ বাবে আইচিচিয়ে কেইটামান চৰ্ত বান্ধি দিছে । ব’ৰ্ডৰ প্ৰশাসনিক ত্ৰুটিসমূহ দূৰ কৰাই এই চৰ্তসমূহৰ মূল উদ্দেশ্য। এই চৰ্তসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই, তাৰ ওপৰত চকু ৰাখিবলৈ আইচিচিয়ে এটা বিশেষ নিৰীক্ষণ কমিটিও গঠন কৰিব ।

টেষ্ট ক্ৰিকেটত গুলপীয়া বলৰ ব্যৱহাৰ আৰু গ্লবেল কোৱালিফায়াৰ-

আহমেদাবাদৰ এই বৈঠকত কেৱল কানাডা বৰ্ডৰ নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয় :

কম পোহৰত গুলপীয়া বল : প্ৰায়ে টেষ্ট মেচসমূহত পৰ্যাপ্ত পোহৰৰ অভাৱৰ বাবে দিনটোৰ খেল সোনকালে সমাপ্ত কৰিবলগীয়া হয় । এতিয়াৰে পৰা যদি খেলপথাৰত পোহৰ কম হয় আৰু দুয়োটা দলৰে সন্মতি থাকে, তেন্তে মেচৰ মাজতে গুলপীয়া বল ব্যৱহাৰ কৰাৰ এক নতুন পৰামৰ্শই আইচিচিৰ অনুমোদন লাভ কৰিছে ।

গ্লবেল কোৱালিফায়াৰ : আহিবলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে এটা গোলকীয় কোৱালিফায়াৰ (Global Qualifier) টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো বৈঠকত ইতিবাচক আলোচনা কৰা হয় ।

ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ সম্প্ৰসাৰণক লৈ চিন্তিত আইচিচি-

বিশ্বজুৰি ক্ৰমান্বয়ে বৃদ্ধি পোৱা ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ (যেনে IPL, BBL আদি) জনপ্ৰিয়তা আৰু সম্প্ৰসাৰণক লৈ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে চিন্তা প্ৰকট কৰিছে । ফ্ৰেঞ্চাইজি লীগসমূহৰ বাবে যাতে আন্তৰ্জাতিক ক্ৰিকেটৰ সময়সূচী ব্যাহত নহয়, তাৰ বাবে দুয়োটাৰে মাজত এক সঠিক সমন্বয়ৰ মূল্যায়ন কৰিবলৈ আইচিচিয়ে এখন বিশেষ কমিটি গঠন কৰাৰো সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

আই পি এল ২০২৬ এটা অভিলেখ ভংগকাৰী ছিজন হিচাপে পৰিগণিত হয়, য’ত সমগ্ৰ টুৰ্নামেণ্টখনত বেটিঙৰ একাধিক অভিলেখ গঢ়ি উঠে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ সংস্কৰণটো লীগখনৰ ইতিহাসত আটাইতকৈ বেছি ৰান হোৱা টুৰ্নামেণ্ট হিচাপে প্ৰমাণিত হ’ল । দেওবাৰে এই অভিযানৰ সামৰণি পৰে, য’ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত গুজৰাট টাইটানছক পাঁচ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে এই টুৰ্নামেণ্টখন বহুতো “সৰ্বাধিক” আৰু “সৰ্বোচ্চ” অভিলেখৰে সমাপ্ত হয় ।

আই পি এল ২০২৬ এটা অভিলেখ ভংগকাৰী ছিজন হিচাপে পৰিগণিত হয়, য’ত সমগ্ৰ টুৰ্নামেণ্টখনত বেটিঙৰ একাধিক অভিলেখ গঢ়ি উঠে । এই একক সংস্কৰণটোত সৰ্বাধিক মুঠ ২৭,৪৫০ ৰান সংগ্ৰহ হোৱাৰ লগতে প্ৰতিটো উইকেটৰ বিপৰীতে সৰ্বশ্ৰেষ্ঠ ৩১.২৬ ৰানৰ অনুপাত ৰেকৰ্ড কৰা হয় ।

এই ছিজনত প্ৰতি অভাৰত সৰ্বোচ্চ ৯.৮৮ ৰানৰ গতি (Run Rate) দেখা গৈছিল । ইয়াৰ উপৰিও, এইবাৰ এটা আই পি এল ছিজনত এতিয়ালৈকে আটাইতকৈ বেছি বাউণ্ডীৰ অভিলেখ গঢ়ি উঠে, যাৰ ভিতৰত আছিল ২,৩৩২ টা চাৰি আৰু ১,৪২৬ টা ছয়- যিয়ে বেটিঙৰ আধিপত্যক স্পষ্টকৈ প্ৰমাণ কৰে ।

ব্যক্তিগত পাৰদৰ্শিতাও সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল, য’ত অভিলেখসংখ্যক ১৫ টা শতক অৰ্জন কৰা হয় । চেন্নাই ছুপাৰ কিংছৰ বেটাৰ সঞ্জু ছেমছন দুটা শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰিও, দলসমূহে নিয়মীয়াকৈ বিশাল স্ক’ৰ থিয় কৰাইছিল, য’ত ৬৫ বাৰ স্ক’ৰে ২০০ ৰানৰ সীমা পাৰ কৰিছিল আৰু ১৭ বাৰ ২০০ তকৈ অধিক ৰানৰ লক্ষ্য সফলতাৰে খেদি জয়লাভ কৰা হৈছিল ।

চমুকৈ আই পি এল ২০২৬ :

-এটা সংস্কৰণত সৰ্বাধিক ৰান : ২৭,৪৫০

-এটা সংস্কৰণত সৰ্বোচ্চ ৰান/উইকেটৰ অনুপাত : ৩১.২৬

-এটা সংস্কৰণত সৰ্বোচ্চ ৰান ৰেট (RPO) : ৯.৮৮

-এটা সংস্কৰণত সৰ্বাধিক চাৰি : ২,৩৩২

-এটা সংস্কৰণত সৰ্বাধিক ছয় : ১,৪২৬

-সৰ্বাধিক ব্যক্তিগত শতক : ১৫

-সৰ্বাধিক ২০০-প্লাছ টোটেল : ৬৫

-সৰ্বাধিক সফল ২০০-প্লাছ ৰান চেজ : ১৭

ফাইনেল খেলখনৰ কথালৈ আহিলে, RCB-ৰ আমন্ত্ৰণ ক্ৰমে প্ৰথমে বেটিং কৰিবলৈ নামি GT-য়ে ২০ অভাৰত মাত্ৰ ১৫৫/৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৱাশ্বিংটন সুন্দৰ (৩৭ বলত ৫০* ৰান, ৫টা চাৰি) আৰু নিশান্ত সিন্ধু (১৮ বলত ২০ ৰান, ৩টা চাৰি) ২০ ৰানৰ সীমা পাৰ কৰা একমাত্ৰ বেটাৰ আছিল । ৰাছিক দৰ ছালাম (৩/২৭), ভুৱনেশ্বৰ কুমাৰ (২/২৯) আৰু জছ হেজলউডে (২/৩৭) নিয়মীয়াকৈ উইকেট দখল কৰে ।

RCB-য়ে ভেংকটেশ আয়াৰ (১৬ বলত ৩২ ৰান, ৪টা চাৰি আৰু ২টা ছয়) আৰু বিৰাট কোহলীৰ মাজত ৬২ ৰানৰ যুটিৰে সুন্দৰ আৰম্ভণি কৰে ।

GT-য়ে কিছু যুঁজ দি এক সময়ত RCB-ক ১৩২/৫ লৈ হ্ৰাস কৰিছিল, কিন্তু বিৰাটে (৪২ বলত ৭৫* ৰান, ৯টা চাৰি আৰু ৩টা ছয়) দুটা অভাৰ বাকী থকা অৱস্থাত RCB-ক জয়ৰ দিশে লৈ যায় । এইয়া RCB-ৰ দ্বিতীয়টো IPL খিতাপ জয় আৰু সামগ্ৰিকভাৱে তেওঁলোকৰ চতুৰ্থটো ভাৰতীয় ফ্ৰেঞ্চাইজি ক্ৰিকেট ট্ৰফী, যাৰ ভিতৰত দুটা ৱিমেনছ প্ৰিমিয়াৰ লীগ (WPL) খিতাপো অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ

২০০৮ৰ পৰা ২০২৫ চনলৈঃ কোন বৰ্ষত কোনটো দলে জিনিছিল আই পি এল খিতাপ ?

আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ব্যাপক উত্তেজনা । আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । অহা ৩১ মে’, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ হাই-ভল্টেজ ফাইনেল মেচ । এই চূড়ান্ত যুঁজত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু শক্তিশালী গুজৰাট টাইটানছ । বিশেষভাৱে লক্ষণীয় যে ফাইনেলত প্ৰৱেশ কৰা এই দুয়োটা দলেই ইতিমধ্যে এবাৰকৈ আইপিএল খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হৈছে ।

২০০৮ চনৰ পৰা আৰম্ভ হোৱা আইপিএলৰ যাত্ৰাত এতিয়ালৈকে মুঠ আঠটা দলে ট্ৰফী জয় কৰাৰ গৌৰৱ অৰ্জন কৰিছে । বৰ্তমানলৈকে সৰ্বাধিক পাঁচটাকৈ ট্ৰফীৰে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ যুটীয়াভাৱে তালিকাৰ শীৰ্ষত আছে । ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে তিনিবাৰ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাজস্থান ৰয়েলছ, ডেক্কান চাৰ্জাৰ্ছ তথা গুজৰাট টাইটানছে এবাৰকৈ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২০০৮ চনৰ পৰা প্ৰতিবছৰে ভিন্ন ভিন্ন দলে খিতাপ জয় কৰি আহিছে । ইয়াৰ ভিতৰত চেন্নাই ছুপাৰ কিংছ (২০১০, ২০১১, ২০১৮, ২০২১, ২০২৩), মুম্বাই ইণ্ডিয়ানছ (২০১৩, ২০১৫, ২০১৭, ২০১৯, ২০২০), কলকাতা নাইট ৰাইডাৰ্ছ (২০১২, ২০১৪, ২০২৪), ৰাজস্থান ৰয়েলছ (২০০৮), ডেক্কান চাৰ্জাৰ্ছ (২০০৯), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৬), গুজৰাট টাইটানছ (২০২২) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (২০২৫) ট্ৰফী জয় কৰিছে ।

ইতিহাস সৃষ্টিৰ দিশত বেংগালুৰু-

আই পি এলৰ ইতিহাসত কেৱল চেন্নাই ছুপাৰ কিংছ (২০১০-১১) আৰু মুম্বাই ইণ্ডিয়ানছে (২০১৯-২০) একেৰাহে দুবাৰকৈ খিতাপ জয় কৰাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছে । যোৱাবাৰৰ চেম্পিয়ন বেঙ্গালুৰুৰ সন্মুখত এতিয়া সেই অভিলেখ স্পৰ্শ কৰাৰ এক সুবৰ্ণ সুযোগ আহি পৰিছে । যদি তেওঁলোকে কাইলৈৰ ফাইনেলত জয়ী হয়, তেন্তে আই পি এলৰ ইতিহাসত একেৰাহে দুবাৰ খিতাপ দখল কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হ’ব ।

কেনেকৈ ফাইনেল পালে বেংগালুৰুৱে ?

চলিত ছিজনত বেংগালুৰুৰ প্ৰদৰ্শন আছিল অতি চিত্তাকৰ্ষক । লীগ পৰ্যায়ৰ ১৪খন মেচৰ ভিতৰত ৯খনত জয়লাভ কৰি তেওঁলোকে পইণ্ট টেবুলৰ শীৰ্ষ স্থান দখল কৰিছিল । ইয়াৰ পিছত কোৱালিফায়াৰ-১ মেচত গুজৰাট টাইটানছক পৰাস্ত কৰি দলটোৱে ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয় । এতিয়া ফাইনেলত পুনৰ গুজৰাটক মুখামুখি হৈ তেওঁলোকে নিজৰ খিতাপ ধৰি ৰাখিব পাৰিব নে নাই, সেয়াই এতিয়া ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চাৰ মূল বিষয় ।

লগতে পঢ়ক : পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে উচুপি উঠিল বৈভৱ সূৰ্যবংশী; ফাইনেলৰ স্বপ্নভংগ

আই পি এলৰ পিছত ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰাৰ বাবে সাজু ‘বেবী বছ’

বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে

আই পি এল ২০২৬-ত নিজৰ বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে । ৰাজস্থান ৰয়েলছৰ হৈ খেলা বৈভৱৰ আই পি এল যাত্ৰা কোৱালিফায়াৰ-২ত সমাপ্ত হ’লেও, তেওঁৰ প্ৰদৰ্শনে লাখ লাখ অনুৰাগীৰ মন জয় কৰিছে । এতিয়া সকলোৰে চকু তেওঁৰ পৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰত্যাহ্বানৰ ওপৰত ।

বৈভৱ সূৰ্যবংশীয়ে অহা জুন মাহত শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া এক ত্ৰিকোণীয় শৃংখলাত ইণ্ডিয়া-এ দলৰ হৈ খেলপথাৰত নামিব । এই ৫০ অভাৰৰ শৃংখলাটোত ভাৰতৰ উপৰিও শ্ৰীলংকা-এ আৰু আফগানিস্তান-এ দলে অংশগ্ৰহণ কৰিব । ইণ্ডিয়া-এ দলৰ নেতৃত্ব বহন কৰিব তিলক বাৰ্মাই ।

শৃংখলাটোৰ সময়সূচী অনুসৰি, ৯ জুনত শ্ৰীলংকা-এৰ বিৰুদ্ধে ইণ্ডিয়া-এ দলে নিজৰ অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত ১১ জুনত আফগানিস্তান-এ, ১৫ জুনত পুনৰ শ্ৰীলংকা-এ আৰু ১৭ জুনত আফগানিস্তান-এৰ বিৰুদ্ধে ভাৰতে নিজৰ খেলসমূহ খেলিব । সকলো খেল ভাৰতীয় সময় অনুসৰি পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২১ জুনত টুৰ্ণামেন্টৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব ।

ইণ্ডিয়া-এ দলত বৈভৱৰ সৈতে তিলক বাৰ্মা, ৰিয়ান পৰাগ, প্ৰিয়াংশ আৰ্য, আয়ুষ বদৌনী, নিশান্ত সিন্ধু, সূৰ্যাংশ শ্বেদগে, প্ৰভসিমৰণ সিং, কুমাৰ কুশাগ্র, বিপ্ৰজ নিগম, যশ ঠাকুৰ, যুদ্ধবীৰ সিং, আৰ্শদ খান, অংশুল কম্বোজ আৰু অনুকূল ৰয়ক অন্তৰ্ভুক্ত কৰা হৈছে ।

মাত্ৰ ১২ বছৰ বয়সতে বিহাৰৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱা বৈভৱৰ প্ৰতিভাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । আইপিএল ২০২৬-ৰ ১৬খন খেলত ৭৭৬ ৰান সংগ্ৰহ কৰি তেওঁ নিজৰ সক্ষমতাৰ প্ৰমাণ দিছে । বিশেষকৈ ২৩৭.৩০ ষ্ট্ৰাইক ৰেটত বেটিং কৰি তেওঁ প্ৰতিপক্ষৰ অভিজ্ঞ বলাৰসকলক ধৰাশায়ী কৰিছিল । ছিজনটোত তেওঁ এটা শতক আৰু পাঁচটা অৰ্ধশতক অৰ্জন কৰে ।

শেষৰ দুখন গুৰুত্বপূৰ্ণ খেলত তেওঁৰ বেটৰ পৰা ওলাইছিল ৯৭ আৰু ৯৬ ৰানৰ দৰে বিস্ফোৰক ইনিংছ । যদিও তেওঁৰ এই প্ৰচেষ্টাই ৰাজস্থান ৰয়েলছক জয়ৰ মুখ দেখুৱাব নোৱাৰিলে, তথাপিও তেওঁৰ এই অসাধাৰণ ফৰ্মক লৈ এতিয়া আশাবাদী অনুৰাগীসকল । শ্ৰীলংকাৰ এই ট্ৰাই ছিৰিজত বৈভৱে নিজৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই, সেয়াই এতিয়া চৰ্চাৰ বিষয় ।

লগতে পঢ়ক : “অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন

ইংলেণ্ডক ৩৮ ৰানত পৰাস্ত কৰি ১-০ ত অগ্ৰগতি ভাৰতীয় মহিলা দলৰ

প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতে ইংলেণ্ডক ৩৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাটোত ১-০ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে

ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণিতেই নিজৰ আধিপত্য বিস্তাৰ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে । চেমছফ’ৰ্ডত অনুষ্ঠিত প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতে ইংলেণ্ডক ৩৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাটোত ১-০ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে । দলৰ বেটিং, বলিং আৰু ফিল্ডিং— প্ৰতিটো দিশতে দেখুওৱা অনবদ্য প্ৰদৰ্শনে জয়ৰ বাট প্ৰশস্ত কৰে ।

বিশাল স্কোৰ গঢ়িলে ভাৰতে-

টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলে আৰম্ভণিতেই স্মৃতি মান্ধানাৰ উইকেট হেৰুৱাই চাপত পৰিছিল । অৱশ্যে, য়াস্তিকা ভাটিয়া আৰু জেমিমাহ ৰড্ৰিগেজে অতি সাৱধানতাৰে আৰু আক্ৰমণাত্মকভাৱে খেল আগবঢ়াই নি দলক বিপদৰ পৰা উদ্ধাৰ কৰে । য়াস্তিকাই ৪০ বলত ৫৪ ৰান আৰু জেমিমাহে ৪০ বলত ৬৯ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে । শেষৰ ফালে দীপ্তি শৰ্মাৰ বিস্ফোৰক বেটিঙে ভাৰতক নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৮৮ ৰানৰ এক বিশাল স্কোৰ গঢ়াত সহায় কৰে । ইংলেণ্ডৰ হৈ লৰেন বেলে ৩টা উইকেট দখল কৰে ।

ইংলেণ্ডৰ বেটিং লাইন-আপৰ অৱনতি-

১৮৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংলেণ্ড আৰম্ভণিৰ পৰাই ভাৰতীয় বলাৰসকলৰ হেঁচাত পৰে । ক্ৰান্তি গৌড়ে ইনিংছৰ আৰম্ভণিতেই দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক প্ৰাৰম্ভিক খুন্দা দিয়ে । ইংলেণ্ডৰ হৈ এমী জোন্সে ৬৭ ৰানৰ যুঁজাৰু ইনিংছ খেলিলেও দলটোক জয়ৰ দিশে লৈ যোৱাত ব্যৰ্থ হয় ।

নন্দিনী শৰ্মাৰ বিধ্বংসী বলিং-

ভাৰতীয় জয়ৰ মূল নায়ক আছিল নন্দিনী শৰ্মা । তেওঁ মাত্ৰ ২৩ ৰান খৰচ কৰি ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে, যিয়ে ইংলেণ্ডৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড ভাঙি পেলায় । ইয়াৰ উপৰিও দীপ্তি শৰ্মা আৰু ক্ৰান্তি গৌড়ৰ নিয়ন্ত্ৰিত বলিঙৰ আগত ইংলেণ্ডৰ বেটছমেনসকলে আঠু ল’বলগীয়া হয় । ফলস্বৰূপে, ইংলেণ্ড নিৰ্ধাৰিত লক্ষ্যৰ পৰা বহুদূৰত ৰৈ যায় আৰু ৩৮ ৰানত পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ‘ৰেকৰ্ড নহয়, আই পি এল ট্ৰফীহে লাগে’, শতক বঞ্চিত বৈভৱ সূৰ্যবংশীৰ ডাঙৰ মন্তব্য

আই পি এলত বিৰাট ইতিহাস! কিং কোহলীয়ে গঢ়িলে অভূতপূৰ্ব অভিলেখ

RCBৰ বেটিং তাৰকা বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত এক অভূতপূৰ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ বেটিং তাৰকা বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ ইতিহাসত এক অভূতপূৰ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । মঙলবাৰে গুজৰাট টাইটানছ (GT)ৰ বিৰুদ্ধে খেলা প্ৰথম কোৱালিফায়াৰ মেচখনত তেওঁ আই পি এলৰ ইতিহাসত ধাৰাবাহিকভাৱে চাৰিটা ছিজনত ৬০০ বা তাতকৈ অধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয় । এই গুৰুত্বপূৰ্ণ মেচখনত কোহলীয়ে ১৭২.০০ ষ্ট্ৰাইক ৰেটেৰে মাত্ৰ ২৫ টা বলত ৪৩ ৰাণৰ এক ক্ষিপ্ৰ ইনিংছ খেলে, য’ত আছিল পাঁচটা চাৰি আৰু এটা দৃষ্টিনন্দন ছয় ।

এই ঐতিহাসিক ছিজনত কোহলীয়ে বৰ্তমানলৈকে ১৫ টা ইনিংছ খেলি ৫০.০০ গড় আৰু ১৬৪.৩৮ ষ্ট্ৰাইক ৰেটেৰে মুঠ ৬০০ ৰাণ সম্পূৰ্ণ কৰিছে । উল্লেখ্য যে, এই ষ্ট্ৰাইক ৰেটটো আই পি এলৰ এটা ছিজনত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ । চলিত ছিজনত তেওঁ এটা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে আৰু তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে অপৰাজিত ১০৫ ৰাণ ।

ফৰ্মহীনতা নেওচি ক্ৰমাগত উন্নতিৰ যাত্ৰা-

২০২২ চনৰ আই পি এল ছিজনত বিৰাট কোহলী এক ভয়াৱহ ফৰ্মহীনতাৰ মাজেৰে গতি কৰিছিল । সেই সময়ত তেওঁ ১৬ খন মেচত মাত্ৰ ২২.৭৩ গড়ত মাত্ৰ ৩৪১ ৰাণহে কৰিবলৈ সক্ষম হৈছিল । কিন্তু তাৰ পিছৰে পৰা আই পি এলত তেওঁ যিধৰণে প্ৰত্যাৱৰ্তন কৰিলে আৰু এগৰাকী আধুনিক টি-২০ ক্ৰিকেটাৰ হিচাপে নিজক নতুনকৈ গঢ়ি তুলিলে, সেয়া সঁচাকৈয়ে অসাধাৰণ । বিশেষকৈ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা আৰু ক্ৰমান্বয়ে বাঢ়ি অহা বয়সকো নেওচি তেওঁ প্ৰতিটো ছিজনতে নিজৰ খেলৰ মান উন্নত কৰি গৈছে ।

২০২৩ চনৰ ছিজনটো আছিল কোহলীৰ প্ৰত্যাৱৰ্তনৰ বছৰ । সেইবাৰ তেওঁ ১৪ টা ইনিংছত ৫৩.২৫ গড় আৰু ১৩৯.৮২ ষ্ট্ৰাইক ৰেটেৰে ৬৩৯ ৰাণ সংগ্ৰহ কৰি টুৰ্নামেণ্টৰ চতুৰ্থ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল, য’ত আছিল দুটা শতক আৰু ছটা অৰ্ধশতক । ইয়াৰ পিছৰ অৰ্থাৎ ২০২৪ চনৰ ছিজনত তেওঁ স্পিন বলাৰসকলৰ বিৰুদ্ধে নিজৰ কৌশলৰ ব্যাপক উন্নতি ঘটায় আৰু ছিক্সাৰ কোবোৱাৰ এক আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে । সেই ছিজনত তেওঁ ১৫ টা ইনিংছত ৬১.৭৫ গড় আৰু ১৫৪.৬৯ ষ্ট্ৰাইক ৰেটেৰে সৰ্বাধিক ৭৪১ ৰাণ কৰি অৰেঞ্জ কেপ অৰ্জন কৰে । সেই সংস্কৰণত তেওঁ মুঠ ৩৮ টা ছয় কোবাইছিল, যিটো ২০১৬ চনৰ তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ অভিলেখৰ সৈতে সমান আছিল ।

একেদৰে, যোৱা ছিজনতো আৰ চি বিয়ে খিতাপ অৰ্জন কৰাৰ ক্ষেত্ৰত কোহলীয়ে মূল চালিকা শক্তি হিচাপে কাম কৰিছিল । ভিন্ন পৰিস্থিতিত নিজৰ উৎকৃষ্ট অভিযোজন ক্ষমতা আৰু বেটিং গতিৰ জৰিয়তে তেওঁ সন্মুখৰ পৰা দলক নেতৃত্ব দিছিল । সেইবাৰ তেওঁ ১৫ টা ইনিংছত ৫৪.৭৫ গড় আৰু ১৪৪.৭১ ষ্ট্ৰাইক ৰেটেৰে ৮ টা অৰ্ধশতকসহ ৬৫৭ ৰাণ সংগ্ৰহ কৰি টুৰ্নামেণ্টৰ তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে নিজৰ স্থিতি বজাই ৰাখিছিল ।

ফাইনেলৰ দৌৰত কোন ?

মঙলবাৰৰ এই গুৰুত্বপূৰ্ণ মেচখনত গুজৰাট টাইটানছে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । নিয়ম অনুসৰি, এই প্ৰথম কোৱালিফায়াৰ মেচখনত যিটো দলেই জয়লাভ কৰিব, সেই দলে পোনপটীয়াকৈ মেগা ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিব । আনহাতে, পৰাজিত দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে আৰু এটা সুযোগ পাব । তেওঁলোকে কোৱালিফায়াৰ-২ ত ছানৰাইজৰ্ছ হায়দৰাবাদ (SRH) আৰু ৰাজস্থান ৰয়েলছ (RR)ৰ মাজত হ’বলগীয়া এলিমিনেটৰ মেচৰ বিজয়ী দলটোৰ মুখামুখি হ’ব লাগিব ।

লগতে পঢ়ক : পদ্মশ্ৰী সন্মান ল’বলৈ ৰাষ্ট্ৰপতি ভৱনলৈ কিয় নগ’ল ‘হিটমেন’? পোহৰলৈ আহিল আচল কাৰণ!

আই পি এল ২০২৬: লীগ পৰ্যায়ৰ সামৰণি; অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত তীব্ৰ প্ৰতিযোগিতা

আই পি এলৰ এই খেলসমূহৰ ফলাফলৰ লগে লগেই বৰ্তমান স্পষ্ট হৈ পৰিছে অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত থকা খেলুৱৈসকলৰ তালিকা

ক্ৰীড়াপ্ৰেমীৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে সমাপ্ত হ’ল আই পি এল ২০২৬-ৰ লীগ পৰ্যায়ৰ খেলসমূহ । এই পৰ্যায়ৰ অন্তিমখন গুৰুত্বপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে (RR) মুম্বাই ইণ্ডিয়ানছক (MI) পৰাস্ত কৰি প্লে-অফৰ স্থান সুৰক্ষিত কৰে । আনহাতে, আন এখন মেচত দিল্লী কেপিটেলছে (DC) কলকাতা নাইট ৰাইডাৰ্ছক (KKR) হৰুৱাই এক জয়ৰে চলিত ছিজনৰ সামৰণি মাৰে । এই খেলসমূহৰ ফলাফলৰ লগে লগেই বৰ্তমান স্পষ্ট হৈ পৰিছে অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত থকা খেলুৱৈসকলৰ তালিকা ।

পাৰ্পল কেপৰ দৌৰ : ভুৱনেশ্বৰ-ৰাবাডাৰ শীৰ্ষস্থান, দৌৰত আছে আৰ্চাৰো

চলিত ছিজনত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত অৰ্থাৎ পাৰ্পল কেপৰ দৌৰত এতিয়াও যুঁজখন অত্যন্ত কঠিন হৈ আছে । বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) ভুৱনেশ্বৰ কুমাৰ আৰু গুজৰাট টাইটানছৰ (GT) কাগিছ’ ৰাবাডাই ২৪টাকৈ উইকেট লৈ যুটীয়াভাৱে শীৰ্ষ স্থানত অক্ষুণ্ণ আছে ।

আনহাতে, ৰাজস্থান ৰয়েলছৰ জোফ্ৰা আৰ্চাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৭ ৰানত ৩টা উইকেট লৈ এক চমকপ্ৰদ বলিং প্ৰদৰ্শন কৰে । এই প্ৰদৰ্শনৰ জৰিয়তে তেওঁ মুঠ ২১টা উইকেটেৰে তালিকাৰ তৃতীয় স্থানলৈ জাঁপ মাৰিছে । তেওঁৰ পাছতেই ১৯টা উইকেট লৈ চতুৰ্থ স্থানত নিজৰ স্থিতি বজাই ৰাখিছে গুজৰাট টাইটানছৰ তাৰকা স্পীনাৰ ৰছিদ খানে । এতিয়া প্লে-অফৰ মেচসমূহত এই বলাৰসকলৰ মাজত খিতাপৰ যুঁজখন অধিক তীব্ৰতৰ হৈ পৰিব ।

অৰেঞ্জ কেপৰ দৌৰ : গুজৰাট টাইটানছৰ আধিপত্য আৰু চতুৰ্থ স্থানৰ তীব্ৰ যুঁজ

সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনৰ তালিকাত অৰ্থাৎ অৰেঞ্জ কেপৰ দৌৰত গুজৰাট টাইটানছৰ খেলুৱৈৰ আধিপত্য দেখিবলৈ পোৱা গৈছে । বৰ্তমান ৬৩৮ ৰানেৰে তালিকাৰ প্ৰথম স্থানত আছে বি ছাই সুৰ্দৰ্শন আৰু ৬১৬ ৰানেৰে দ্বিতীয় স্থানত আছে অধিনায়ক শুভমন গীল । ইফালে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিখ ক্লাচেন ৬০৬ ৰানৰ সৈতে তৃতীয় স্থানত অৱস্থান কৰিছে ।

অৱশ্যে আটাইতকৈ আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে তালিকাৰ চতুৰ্থ স্থানক লৈ । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ কে এল ৰাহুলে ৬০ ৰানৰ এক দায়িত্ববাহী ইনিংছ খেলি মুঠ ৫৯৩ ৰান সম্পূৰ্ণ কৰে আৰু ছিজনৰ এক শক্তিশালী সামৰণি মাৰি চতুৰ্থ স্থান দখল কৰে । আনহাতে, ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে মুম্বাইৰ বিৰুদ্ধে মাত্ৰ ৪ ৰানতে আউট হ’বলগা হয় । ফলত তেওঁ ৫৮৩ ৰানতে থমকি ৰয় আৰু তালিকাৰ পঞ্চম স্থানলৈ পিছলি পৰে ।

আইপিএল ২০২৬ এতিয়া আটাইতকৈ ৰোমাঞ্চকৰ পৰ্যায় অৰ্থাৎ প্লে-অফৰ দিশে আগবাঢ়িছে । এতিয়া প্লে-অফৰ খেলসমূহত এই তাৰকাসকলৰ প্ৰদৰ্শনেই স্থিৰ কৰিব যে অৱশেষত অৰেঞ্জ আৰু পাৰ্পল কেপ কাৰ নামত হ’ব ।

লগতে পঢ়ক : ‘টি-২০ত মই ২০০ ৰান কৰিম’— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!

‘টি-২০ত মই ২০০ ৰান কৰিম’— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!

১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬-ত বিধ্বংসী বেটিঙেৰে খলকনি সৃষ্টি কৰা ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে । ক্ৰিকেট বিশ্বক চমকিত কৰি এই নৱাগত তাৰকাগৰাকীয়ে দাবী কৰিছে যে কেৱল অৰ্ধশতক বা শতক অৰ্জনেই তেওঁক সন্তুষ্ট কৰিব নোৱাৰে, বৰঞ্চ টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰাহে তেওঁৰ আচল সপোন ।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনৰ সৈতে হোৱা এক বাৰ্তালাপত বৈভৱে তেওঁৰ এই বৃহৎ লক্ষ্যৰ কথা প্ৰকাশ কৰে । পিটাৰছনে যেতিয়া তেওঁক অৰ্ধশতক উদযাপন কৰিবলৈ ভাল পায়নে বুলি প্ৰশ্ন কৰিছিল, তেতিয়া বৈভৱে উত্তৰ দিয়ে- “নহয়, সিমান বেছি নহয় । মই আচলতে টি-২০ মেচত ২০০ ৰান কৰিব বিচাৰোঁ আৰু ক্ৰিছ গেইলৰ অভিলেখ ভাঙিব বিচাৰোঁ ।”

গেইলৰ ১৭৫ ৰানৰ বিশ্ব ৰেকৰ্ডলৈ লক্ষ্য বৈভৱৰ-

উল্লেখ্য যে, ২০১৩ চনৰ আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ হৈ খেলি ক্ৰিছ গেইলে পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অপৰাজিত ১৭৫ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলিছিল । টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটোৱেই বৰ্তমানলৈকে সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ । ১৫ বছৰীয়া বৈভৱৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এই অভিলেখ ধূলিস্যাৎ কৰিব পাৰিব । তেওঁ কয়-

“যদি মই কোনো এখন মেচত আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰাৰ সুযোগ পাওঁ, তেন্তে মই গেইলৰ ১৭৫ ৰানৰ ৰেকৰ্ডটো নিশ্চিতভাৱে ভাঙি দিম ।”

ক্ৰিকেট জগতত সাধাৰণতে বেটছমেনসকল ‘নাৰ্ভাছ নাইণ্টিজ’ (নব্বৈৰ ঘৰত মানসিক চাপ)ৰ চিকাৰ হোৱা দেখা যায়, কিন্তু বৈভৱৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নাই । এই সন্দৰ্ভত যুৱ খেলুৱৈগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ধৰণৰ চাপ নোলোৱাকৈ কেৱল নিজৰ স্বাভাৱিক খেল খেলি যাবলৈ পচন্দ কৰে ।

ডমেষ্টিক ক্ৰিকেটত ৰেকৰ্ডৰ পাহাৰ-

বৈভৱ সূৰ্যবংশীৰ এই আত্মবিশ্বাস কেৱল মুখৰ কথা নহয়, তেওঁৰ বিগত দিনৰ প্ৰদৰ্শনেই ইয়াৰ প্ৰমাণ দিয়ে :

অনুৰ্ধ-১৯ বিশ্বকাপ : এই বছৰ অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত তেওঁ ১৭৫ ৰানৰ এক বিধ্বংসী ইনিংছ খেলিছিল ।

বিজয় হাজাৰে ট্ৰফী (২০২৫-২৬) : বিহাৰৰ হৈ ডমেষ্টিক ক্ৰিকেট খেলি তেওঁ ১৯০ ৰানৰ এক ডাঙৰ ইনিংছ উপহাৰ দিছিল ।

ঘৰুৱা ক্ৰিকেটত ত্ৰিশতক : বাৰ্তালাপৰ শেষত আটাইতকৈ আচৰিত কৰা তথ্যটো প্ৰকাশ কৰি বৈভৱে কয় যে তেওঁ নিজৰ ৰাজ্যৰ হৈ এখন ঘৰুৱা মেচত সম্পূৰ্ণ ৫০ অভাৰ বেটিং কৰি অপৰাজিত ৩৩৫ ৰান সংগ্ৰহ কৰিছিল ।

মাত্ৰ ১৫ বছৰ বয়সতে এনে অপৰিসীম আত্মবিশ্বাস আৰু আক্ৰমণাত্মক বেটিং শৈলীয়ে ক্ৰিকেট বিশেষজ্ঞসকলক এই কথা ভাবিবলৈ বাধ্য কৰিছে যে বৈভৱ সূৰ্যবংশীয়েই হ’ব পাৰে ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী ‘মহাতাৰকা’ ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায় সমাপ্ত, কোৱালিফায়াৰত পৰাস্ত হ’লেও ফাইনেলৰ দৌৰত থাকিব গুজৰাট-বেংগালুৰু