মেছি-ৰোনাল্ডোৰ সৈতে জিলিকিল স্মৃতি মান্ধানা

স্মৃতি মান্ধানাই নিজৰ ধাৰাবাহিক অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শন আৰু বলিষ্ঠ নেতৃত্বৰ বলত এই এলিট গোটত স্থান সুৰক্ষিত কৰিছে

ভাৰতীয় ক্ৰীড়া জগতৰ বাবে সুখবৰ । দেশৰ তাৰকা ক্ৰিকেটাৰ স্মৃতি মান্ধানাই লাভ কৰিছে এক বিশ্বমানৰ স্বীকৃতি । ২০২৬ বৰ্ষৰ বিখ্যাত ‘টাইম’ (TIME) মেগাজিনৰ ক্ৰীড়া জগতৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে মান্ধানাই । সমগ্ৰ বিশ্বৰ খেলুৱৈ, প্ৰশিক্ষক, সমৰ্থক আৰু বিনিয়োগকাৰীসকলক সামৰি প্ৰস্তুত কৰা এই মৰ্যাদাপূৰ্ণ তালিকাত স্থান লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় ক্ৰীড়াবিদ ।

বিশ্বৰ দিগ্গজ খেলুৱৈসকলৰ সৈতে একেখন তালিকাত মান্ধানা

আমেৰিকাৰ বাস্কেটবল কিংবদন্তি লেব্ৰন জেমছৰ নেতৃত্বত প্ৰকাশ পোৱা এই তালিকাত বিশ্ব ক্ৰীড়া জগতৰ কেইবাটাও ডাঙৰ নাম অন্তৰ্ভুক্ত আছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল :

ফুটবল : লিয়নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো

টেনিছ : কাৰ্লোছ আলকাৰাজ

গল্ফ: ৰ’ৰী মেকলৰয়

বাস্কেটবল : ভিক্টৰ ওৱেমবানিয়ামা আৰু জেলেন ব্ৰুন্ঠন

ক্ৰিকেট : দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা

অন্যান্য : স্কিয়াৰ আইলিন গু আৰু ফিফা সভাপতি জিয়ান্নি ইনফান্টিনো ।

এইসকল বিশ্ববিখ্যাত তাৰকাৰ মাজত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ২৯ বছৰীয়া সহ-অধিনায়ক স্মৃতি মান্ধানাই নিজৰ ধাৰাবাহিক অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শন আৰু বলিষ্ঠ নেতৃত্বৰ বলত এই এলিট গোটত স্থান সুৰক্ষিত কৰিছে ।

“অভিলেখসমূহ ইটোৰ পিছত সিটোকৈ ভংগ হৈয়েই আছে”

স্মৃতি মান্ধানাৰ প্ৰফাইল প্ৰকাশ কৰি ‘টাইম’ মেগাজিনে উল্লেখ কৰিছে যে, মুম্বাইত জন্মগ্ৰহণ কৰা এই বাওঁহতীয়া অপেনিং বেটাৰগৰাকী কেইবাটাও ঐতিহাসিক অভিলেখৰ অধিকাৰী । তেওঁ হৈছে : ঘৰুৱা এদিনীয়া ক্ৰীড়াত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা, ক্ৰিকেটৰ তিনিওটা আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটতে (টেষ্ট, এদিনীয়া আৰু টি-২০) শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ, ১৭টা শতকেৰে মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত যুটীয়াভাৱে সৰ্বাধিক শতক অৰ্জনকাৰী, এটা কেলেণ্ডাৰ বৰ্ষত এদিনীয়া ক্ৰীড়াত ১,০০০ তকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ ।

ব্যক্তিগত অভিলেখতকৈ দলীয় সাফল্যতহে বেছি সুখী স্মৃতি

ব্যক্তিগত স্ক’ৰতকৈ দলীয় সফলতাকহে সদায় অগ্ৰাধিকাৰ দিয়ে স্মৃতিয়ে । TIME-এ লিখিছে-

“মান্ধানাই তেওঁ অৰ্জন কৰা দলীয় সন্মানসমূহক লৈ আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰে । তেওঁৰ সফল অধিনায়কত্বতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে ২০২৪ আৰু ২০২৬ চনৰ ‘ৱিমেন্স প্ৰিমিয়াৰ লীগ’ খিতাপ জয় কৰিছিল । ইয়াৰ উপৰি যোৱা বছৰ অনুষ্ঠিত হোৱা আইচিচি মহিলা বিশ্বকাপত ভাৰতৰ বিজয়ী দলৰ সহ-অধিনায়ক হোৱাৰ লগতে তেওঁ প্ৰতিযোগিতাখনৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ আছিল ।”

ধাৰাবাহিকতাৰ আন এক নাম স্মৃতি মান্ধানা

মেগাজিনখনে স্মৃতিৰ খেলৰ ধাৰাবাহিকতাক প্ৰশংসা কৰি উল্লেখ কৰিছে যে, ২০২৪ চনত তেওঁ এটা কেলেণ্ডাৰ বৰ্ষত এগৰাকী মহিলা খেলুৱৈ হিচাপে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰান কৰাৰ অভিলেখ গঢ়িছিল আৰু ২০২৫ চনত তেওঁ নিজেই নিজৰ সেই অভিলেখ ভংগ কৰে । এই অনবদ্য প্ৰদৰ্শনৰ বাবেই তেওঁক “২০২৫ চনৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন” হিচাপেও সন্মানিত কৰা হৈছিল ।

লগতে পঢ়ক : নিস্তেজ ৰোনাল্ডোঃ ফেভাৰিট পৰ্তুগালক ৰোধিলে ডি আৰ কংগোৱে!

ছুপাৰ অভাৰত পৰাজয়ৰ পিছতেই ভাৰত-শ্ৰীলংকাৰ খেলুৱৈৰ মাজত উত্তেজনা

এক নাটকীয় ছুপাৰ অভাৰত ভাৰত ‘এ’ দলক পৰাস্ত কৰি শ্ৰীলংকা ‘এ’ দলে ফাইনেলৰ পথ প্ৰায় নিশ্চিত কৰাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে

ডাম্বোল্লাত অনুষ্ঠিত এদিনীয়া ত্ৰিকোণীয় শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । খেলৰ শেষৰ ফালে কেৱল বেট-বলৰ যুঁজেই নহয়, খেলপথাৰত দুই দলৰ খেলুৱৈৰ মাজত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে ক্ৰীড়াপ্ৰেমীসকলক স্তম্ভিত কৰি তোলে । এক নাটকীয় ছুপাৰ অভাৰত ভাৰত ‘এ’ দলক পৰাস্ত কৰি শ্ৰীলংকা ‘এ’ দলে ফাইনেলৰ পথ প্ৰায় নিশ্চিত কৰাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে ।

খেলপথাৰত তীব্ৰ বাক-বিতণ্ডা আৰু শাৰীৰিক সংঘাত

খবৰ অনুসৰি, মেচখন শেষ হোৱাৰ লগে লগে কম পোহৰৰ মাজতে ভাৰতৰ বৈভৱ সূৰ্যবংশী আৰু শ্ৰীলংকাৰ বিষেন হালাম্বাগেৰ মাজত পথাৰতে তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় । ক্ৰীড়া ৱেবছাইট ESPNcricinfo-ৰ ৰিপৰ্ট অনুসৰি, আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি দুই খেলুৱৈৰ মাজত শাৰীৰিক টনা-আঁতৰা বা হতা-হতিও সংঘটিত হয় । অৱশ্যে পৰিস্থিতি অধিক বেয়াৰ ফাললৈ যোৱাৰ পূৰ্বেই শ্ৰীলংকা ‘এ’ দলৰ অভিজ্ঞ উইকেটকীপাৰ নিৰোশন ডিকৱেলাই মাজত সোমাই দুয়োকে আঁতৰাই পঠিয়ায় আৰু পৰিস্থিতি শান্ত কৰে ।

কেনেকৈ হ’ল মেচখন টাই ?

প্ৰথমে বেটিং কৰি ভাৰত ‘এ’ দলে এক সময়ত ১৪৩ ৰানতে ৭ টা উইকেট হেৰুৱাই চৰম সংকটত পৰিছিল । কিন্তু তাৰ পিছতেই সূৰ্যাংশ শ্বেদগে আৰু বিপ্ৰজ নিগমে অষ্টম উইকেটৰ বাবে ১০৪ ৰানৰ এক চমৎকাৰ অংশীদাৰিত্ব গঢ়ি তুলি দলৰ স্ক’ৰ ২৬৫ ৰানলৈ লৈ যায় ।

২৬৬ ৰানৰ লক্ষ্য খেদি শ্ৰীলংকা ‘এ’ দলে সদিৰা সমৰাৱিক্ৰমাৰ ৯৩ ৰানৰ সংযত ইনিংছৰ সহায়ত জয়ৰ দিশে আগবাঢ়িছিল । কিন্তু অন্তিম অভাৰত ভাৰতৰ আৰ্ছাদ খানে অসাধাৰণ বলিং কৰি শ্ৰীলংকাক জয়ৰ ঠিক মুখে মুখে ৰখাই মেচখন টাই কৰিবলৈ বাধ্য কৰে ।

ছুপাৰ অভাৰৰ ৰোমাঞ্চ

নিয়মিত ৫০ অভাৰৰ খেলখন টাই হোৱাৰ পিছত বিজয়ী দল বাছনিৰ বাবে ছুপাৰ অভাৰৰ আশ্ৰয় লোৱা হয় । শ্ৰীলংকা ‘এ’: ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৬ ৰান । ভাৰত ‘এ’: ১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতীয় দলটোৱে মাত্ৰ ৯ ৰানহে কৰিবলৈ সক্ষম হয় । মথীছা পাথিৰানা, নৱাগত শ্ৰীলংকান পেচাৰ কুগাথাস মাথুলানে এক সুন্দৰ অভাৰ কৰি ভাৰতৰ বৈভৱ সূৰ্যবংশী আৰু সূৰ্যাংশ শ্বেদগেক বান্ধি ৰাখে আৰু আয়োজক দলৰ ঐতিহাসিক জয় নিশ্চিত কৰে ।

ভাৰত ‘এ’ দলৰ পৰিস্থিতি-

তিলক বাৰ্মাৰ নেতৃত্বাধীন ভাৰত ‘এ’ দলটোৰ তিনিখন খেলৰ ভিতৰত এয়া দ্বিতীয়টো পৰাজয় । ইয়াৰ পূৰ্বে আফগানিস্তানৰ বিৰুদ্ধে বৰষুণ বিঘ্নিত খেলখনত তেওঁলোকে ডি এল এছ পদ্ধতিৰে ৪ ৰানত পৰাস্ত হৈছিল । শৃংখলাত টিকি থাকিবলৈ হ’লে এতিয়া ভাৰতীয় দলটোক পৰৱৰ্তী মেচসমূহত উন্নত প্ৰদৰ্শনৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

মহিলা টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ঐতিহাসিক আৰু শক্তিশালী আৰম্ভণি কৰিছে

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ঐতিহাসিক আৰু শক্তিশালী আৰম্ভণি কৰিছে । দেওবাৰে বৰ্মিংহামৰ ঐতিহাসিক এজবেষ্টন খেলপথাৰত অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচখনত ভাৰতে চিৰবৈৰী পাকিস্তানক ৬৪ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাজিত কৰে । ভাৰতৰ হৈ বেটিঙত স্মৃতি মান্ধনা আৰু বলিংত দীপ্তি শৰ্মাই অনবদ্য প্ৰদৰ্শন কৰি এই বিজয়ত মুখ্য ভূমিকা লয় ।

১৭১ ৰানৰ লক্ষ্য, ১০৬ ৰানতে শেষ পাকিস্তান

খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে পাকিস্তানৰ সন্মুখত ১৭১ ৰানৰ এক প্ৰত্যাহ্বানমূলক লক্ষ্য ধাৰ্য কৰিছিল । কিন্তু এই বৃহৎ লক্ষ্যৰ পিছ খেদিবলৈ নামি পাকিস্তান দলটো বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ভাৰতীয় স্পীন আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি সমগ্ৰ পাকিস্তানী দলটো ১৭ অভাৰত মাত্ৰ ১০৬ ৰানতে তচনচ হৈ পৰে ।

পাকিস্তানৰ হৈ কেবল অপেনাৰ মুনীবা আলীয়েই অলপ যুঁজ দি ৩৫ টা বলত ৪১ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰে আলিয়া ৰিয়াজ (১৮ ৰান), গুল ফিৰোজা (১২ ৰান) আৰু আয়েশা জাফৰ (১২ ৰান) হে কেৱল দুটা অংক স্পৰ্শ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ তাৰকা বলাৰ দীপ্তি শৰ্মাই মাত্ৰ ৫ টা উইকেট লৈ পাকিস্তানী বেটিঙৰ কঁকাল ভাঙি দিয়ে । আনহাতে শ্ৰী চৰণীয়ে তিনিটা আৰু শ্বেফালী বাৰ্মাই ১ টা উইকেট লাভ কৰে । উল্লেখ্য যে, পাকিস্তানৰ ৯ টা উইকেটেই ভাৰতীয় স্পীনাৰসকলে দখল কৰে ।

আৰম্ভণিৰ বিপৰ্যয়ৰ পিছত স্মৃতি-হৰমনপ্ৰীতৰ খোপনি

ইয়াৰ পূৰ্বে, টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰতৰ আৰম্ভণি দুৰ্বল আছিল । পাৱাৰপ্লে’তে দলটোৱে দুটাকৈ উইকেট হেৰুৱাইছিল । শ্বেফালী বাৰ্মা (০) আৰু জেমাইমা ৰড্ৰিগোছে কম স্ক’ৰতে পেভিলিয়নলৈ ফেৰত যায় ।

ইয়াৰ পিছত স্মৃতি মান্ধনা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে ধৈৰ্যসহকাৰে খেলি তৃতীয় উইকেটৰ বাবে ৯১ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে । স্মৃতি মান্ধনাই ৪৪ টা বলত ৯ টা চাৰি আৰু ২ টা ছয়ৰ সহায়ত বিস্ফোৰক ৬৮ ৰান সংগ্ৰহ কৰে । আনহাতে অধিনায়ক হৰমনপ্ৰীতে ৩৬ ৰানৰ এক দায়িত্বশীল ইনিংছ খেলে । শেষৰ অভাৰকেইটাত উইকেটকীপাৰ বেটাৰ ৰিচা ঘোষে ধুমুহা বেটিং কৰি মাত্ৰ ১৭ টা বলত ৩৪ ৰান সংগ্ৰহ কৰে, যাৰ ফলত ভাৰতে এটা সন্মানীয় স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয় ।

পৰিসংখ্যাত ভাৰতৰ আধিপত্য

এই বিজয়েৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ টি-২০ মেচৰ পৰিসংখ্যাত ভাৰতে নিজৰ আধিপত্য আৰু অধিক মজবুত কৰিলে ।

মুঠ টি-২০ মেচ : ১৬ খন (ভাৰত জয়ী- ১৩, পাকিস্তান জয়ী- ৩)

টি-২০ বিশ্বকাপৰ মেচ : ৮ খন (ভাৰত জয়ী- ৬, পাকিস্তান জয়ী- ২)

পৰৱৰ্তী লক্ষ্য নেদাৰলেণ্ডছ

এতিয়ালৈকে ভাৰতীয় মহিলা দলে এবাৰো মহিলা টি-২০ ৱৰ্ল্ড কাপৰ খিতাপ দখল কৰিব পৰা নাই । ২০২০ চনত দলটো ফাইনেলত উপনীত হৈছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল । এইবাৰ প্ৰথমখন খেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে খিতাপ অৰ্জনৰ যাত্ৰা সুন্দৰভাৱে আৰম্ভ কৰিছে । দলটোৱে অহা ১৭ জুনত (বুধবাৰ) নিজৰ পৰৱৰ্তী খেলখনত নেদাৰলেণ্ডছৰ মুখামুখি হ’ব ।

ভাৰতৰ মূল একাদশ : স্মৃতি মান্ধনা, শ্বেফালী বাৰ্মা, জেমাইমা ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ভাৰতী ফুলমালী, ৰিচা ঘোষ (উইকেটকীপাৰ), দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়াংকা পাতিল, শ্ৰী চৰণী আৰু ক্ৰান্তি গৌড় ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ’ল ‘ন’ হেণ্ডশ্বেক পলিচি’

টি-২০ বিশ্বকাপ ২০২৬ : ভাৰত-পাকিস্তান মেচত দেখিবলৈ পোৱা গ’ল ‘ন’ হেণ্ডশ্বেক পলিচি’

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিছে । বাৰ্মিংহামৰ ঐতিহাসিক এজবাষ্টন খেলপথাৰত দুয়োটা দলৰ মাজত এই হাই-ভল্টেজ মেচখন অনুষ্ঠিত হৈছে । মেচখনত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু পাকিস্তানক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় ।

টছৰ সময়ত হাত নিমিলালে দুই অধিনায়কে

এই মেচখনত আটাইতকৈ চৰ্চিত বিষয়টো আছিল ‘ন’ হেণ্ডশ্বেক পলিচি’ অৰ্থাৎ কৰমৰ্দন নকৰাৰ নীতি । টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা চানাৰ সৈতে হাত নিমিলালে । উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলৰ মাজত কৰমৰ্দনক লৈ চৰ্চা হোৱাটো এয়াই প্ৰথমবাৰ নহয় । ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫-ৰ সময়তো কলম্বোত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত একেধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ।

পুৰুষ এছিয়া কাপ ২০২৫-ৰ পৰা আৰম্ভ হৈছিল এই বিতৰ্ক

আচলতে, এই বিতৰ্কৰ সূত্ৰপাত হৈছিল পুৰুষ এছিয়া কাপ ২০২৫-ৰ সময়ত । সেই টুৰ্নামেণ্টখনত ভাৰত আৰু পাকিস্তান তিনিবাৰকৈ মুখামুখি হৈছিল আৰু প্ৰতিবাৰেই ভাৰতীয় খেলুৱৈসকলে মেচৰ পূৰ্বে আৰু পাছত কৰমৰ্দন কৰাৰ পৰা বিৰত আছিল । বিষয়টোৱে অধিক তীব্ৰ ৰূপ লয় তেতিয়া, যেতিয়া ভাৰতীয় দলে এছিয়া কাপ জয় কৰাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহচিন নকৱীৰ হাতৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈকো স্পষ্টভাৱে অস্বীকাৰ কৰে ।

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ”- হৰমনপ্ৰীত কৌৰ

মেচখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত সাংবাদিকসকলে হৰমনপ্ৰীত কৌৰক এই কৰমৰ্দন বিতৰ্কৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল । ইয়াৰ উত্তৰত ভাৰতীয় অধিনায়িকাগৰাকীয়ে অতি স্পষ্ট আৰু কঠোৰ শব্দৰে কয় :

“আমি ইয়ালৈ ক্ৰিকেট খেলিবলৈ আহিছোঁ । আপুনি এই প্ৰশ্নটো কিয় সুধিছে ?”

হৰমনপ্ৰীতৰ এই নিৰ্ভীক উত্তৰক ছচিয়েল মিডিয়াত অনুৰাগীসকলে যথেষ্ট প্ৰশংসা কৰিছে । বহুতে ইয়াক দলটোৰ কেৱল খেলৰ প্ৰতি থকা একাগ্ৰতা আৰু মনোযোগৰ এক ইতিবাচক সংকেত হিচাপে গণ্য কৰিছে ।

কেৱল আইচিচি আৰু এছিছি টুৰ্নামেণ্টতে সীমাবদ্ধ খেল

ভাৰত চৰকাৰে ইতিপূৰ্বেই স্থিতি স্পষ্ট কৰি দিছে যে পাকিস্তানৰ সৈতে ক্ৰিকেট সম্পৰ্ক কেৱল আইচিচি টুৰ্নামেণ্ট আৰু নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ মাজতে সীমাবদ্ধ থাকিব । দুয়োখন দেশৰ মাজত শেষৰখন দ্বিপাক্ষিক শৃংখলা ২০১২-১৩ চনত খেলা হৈছিল । ইয়াৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তান কেৱল আইচিচি বা এচিয়ান ক্ৰিকেট কাউন্সিলৰ টুৰ্নামেণ্টতহে মুখামুখি হৈ আহিছে ।

লগতে পঢ়ক : বৰ্ষা বিঘ্নিত প্ৰথম এদিনীয়াত আফগানিস্তানক ৭ উইকেটত ধূলিস্যাৎ ভাৰতৰ

বৰ্ষা বিঘ্নিত প্ৰথম এদিনীয়াত আফগানিস্তানক ৭ উইকেটত ধূলিস্যাৎ ভাৰতৰ

শনিবাৰে ধৰমশালাত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰে । বৰ্ষা বিঘ্নিত মেচখন ২৫-২৫ অভাৰলৈ হ্ৰাস কৰা হৈছিল । মেচখনত অধিনায়ক শুভমন গীলে ৮৪ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

বৰ্ষা বিঘ্নিত এক ৰোমাঞ্চকৰ মেচত আফগানিস্তানক সহজেই পৰাস্ত কৰি তিনিখনীয়া এদিনীয়া শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলে । শনিবাৰে ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । অধিনায়ক শুভমন গীলৰ অপৰাজিত ৮৪ ৰানৰ অধিনায়কোছিত ইনিংছৰ বলতেই ভাৰতে ১৩টা বল বাকী থকা অৱস্থাতে জয়ৰ লক্ষ্যত উপনীত হয় । উল্লেখ্য যে বৰষুণৰ বাবে মেচখন ২৫-২৫ অভাৰলৈ হ্ৰাস কৰা হৈছিল ।

অথলে গ’ল ৰহমানুল্লাহ গুৰবাজৰ শতক-

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি আফগানিস্তানে নিৰ্ধাৰিত ২৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্ৰহ কৰে । অৱশ্যে আফগান দলটোৰ আৰম্ভণি অতি হতাশাজনক আছিল । পাৱাৰপ্লে’তে মাত্ৰ ২৬ ৰানৰ ভিতৰত দলটোৱে ৩টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় । ভাৰতৰ হৈ অভিষেককাৰী ফাষ্ট বলাৰ গুৰনুৰ ব্ৰাৰে ইব্ৰাহিম জাদৰানক (১ ৰান) আউট কৰি প্ৰথম সফলতা আনি দিয়ে । ইয়াৰ পিছত অৰ্শদীপ সিঙে সেদিকুল্লাহ অটল (০) আৰু ৰহমত শ্বাহক (৩) ক্ৰমান্বয়ে পেভিলিয়নৰ পথ দেখুৱায় ।

প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত আফগান ইনিংছক উদ্ধাৰ কৰে অপেনিং বেটছমেন ৰহমানুল্লাহ গুৰবাজে । গুৰবাজে মাত্ৰ ২৫টা বলতে অৰ্ধশতক আৰু ৪৮টা বলতে বিস্ফোৰক শতক অৰ্জন কৰে । তেওঁ ৫১টা বলত ৮টা চাৰি আৰু ৮টা ছক্কাৰ সহায়ত ১০২ ৰানৰ এক অনবদ্য ইনিংছ খেলে । চতুৰ্থ উইকেটত তেওঁক যোগ্য সংগ দিয়ে অধিনায়ক হশমতুল্লাহ শ্বাহিদীয়ে (২৭ ৰান)। দুয়োৰে মাজত ১১৬ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব হয় । গুৰবাজক নীতিশ কুমাৰ ৰেড্ডীয়ে আউট কৰাৰ পিছতে আফগানিস্তানৰ ইনিংছ তচনচ হৈ পৰে ।

ভাৰতৰ হৈ অভিষেককাৰী স্পীনাৰ হৰ্ষ ডুবেই বল হাতত লৈ চমকপ্ৰদ প্ৰদৰ্শন কৰে । তেওঁ শ্বাহিদী, আজমতুল্লাহ ওমৰজাই (২৬) আৰু আল্লাহ গজনফৰক (০) আউট কৰি ৩টা উইকেট দখল কৰে । শেষৰ অভাৰত গুৰনুৰ ব্ৰাৰে ৰাছিদ খান (৯) আৰু জিয়াউৰ ৰহমানক আউট কৰি আফগান ইনিংছ ১৯৪ ৰানতে সামৰে । ভাৰতৰ হৈ হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে ৩টাকৈ উইকেট লাভ কৰে ।

শুভমন গীলৰ নেতৃত্বত ভাৰতৰ সহজ বিজয়

জয়ৰ বাবে ১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতীয় দলৰ আৰম্ভণি সুন্দৰ আছিল । নিয়মিত অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলে প্ৰথম উইকেটৰ বাবে ৪৬ ৰান যোগ কৰে । ৰোহিত শৰ্মা (১৬ ৰান) দুৰ্ভাগ্যজনকভাৱে ৰান আউট হোৱাৰ পিছত ঈশান কিষণে শুভমন গীলৰ সৈতে মিলি দ্বিতীয় উইকেটৰ বাবে ৭০ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে । ঈশান কিষণে ৩৪ ৰান কৰি ৰাছিদ খানৰ চিকাৰ হয় । টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰে (১২ ৰান) বিশেষ একো কৰিব নোৱাৰিলে ।

গীল-ৰাহুলৰ মেচ উইনিং যুটি-

এক সময়ত ১২৮ ৰানত ৩টা উইকেট হেৰুৱাই ভাৰত সামান্য চাপত পৰিছিল যদিও ইয়াৰ পিছত শুভমন গীল আৰু কেএল ৰাহুলে আফগান বলাৰক কোনো সুযোগ নিদিলে । গীলে ৬৬টা বলত ১১টা চাৰি আৰু ২টি ছয়ৰে অপৰাজিত ৮৪ ৰান কৰে । আনহাতে কেএল ৰাহুলে মাত্ৰ ১৯টা বলত ৪টা চাৰি আৰু ৩টি ছয়ৰে ৩৯* ৰানৰ এক দ্ৰুত ইনিংছ খেলি ভাৰতক বিজয়ৰ দুৱাৰদলিত উপনীত কৰায় ।

এদিনীয়া ক্ৰিকেটত ভাৰতৰ আধিপত্য অব্যাহত

এই জয়ৰ সৈতে এদিনীয়া ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলৰ আধিপত্য পুনৰ প্ৰমাণিত হ’ল । দুয়োটা দলৰ মাজত এতিয়ালৈকে অনুষ্ঠিত হোৱা ৫খন এদিনীয়া মেচৰ ভিতৰত ভাৰতে ৪খনতে জয়লাভ কৰিছে আৰু এখন মেচ টাই হৈছে । বৰ্তমানৰ শৃংখলাত হাৰ্দিক পাণ্ডিয়া আৰু বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ পিছতো যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয় ।

দুয়োটা দলৰ মাজত শৃংখলাৰ দ্বিতীয়খন মেচ অহা ১৭ জুনত লক্ষ্ণৌত অনুষ্ঠিত হ’ব ।

খেলখনত ভাৰতৰ মূল একাদশ-

ৰোহিত শৰ্মা, শুভমন গীল (অধিনায়ক), ঈশান কিষণ (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ, কেএল ৰাহুল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, হৰ্ষ ডুবে, গুৰনুৰ ব্ৰাৰ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

লগতে পঢ়ক : আফ্ৰিকা মহাদেশত ক্ৰিকেট জ্বৰঃ কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব ২০২৭ৰ এদিনীয়া বিশ্বকাপ ?

ঋতুৰাজৰ বিস্ফোৰক শতক, ৰোমাঞ্চকৰ মেচত শ্ৰীলংকাক ধূলিস্যাৎ কৰিলে ভাৰতে

ঋতুৰাজ গাইকোৱাডে অধিনায়ক তিলক বাৰ্মাৰ সৈতে মিলি ভাৰতীয় ইনিংছক এক মজবুত ভেটি প্ৰদান কৰে

শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিকোণীয় এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত মঙলবাৰে ভাৰত A দলে এক নাটকীয় জয় সাব্যস্ত কৰে । ডাম্বুলাৰ ৰণগিৰি ইণ্টাৰনেচনেল ষ্টেডিয়ামত খেলা এই অতি উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলে আয়োজক শ্ৰীলংকা A ক ৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত শুভ আৰম্ভণি কৰে ।

মেচখনত টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰত A দলে নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে । দলৰ আৰম্ভণি অৱশ্যে আশানুৰূপ নাছিল । আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰা উদীয়মান বিস্ফোৰক বেটাৰ বৈভৱ সূৰ্যৱংশী মাত্ৰ ১৪ ৰান কৰি বিদায় লয় । ইয়াৰ পিছতে প্ৰভচিমৰন সিঙো মাত্ৰ ২ ৰানতে আউট হোৱাত ভাৰতৰ স্ক’ৰ ১৬ ৰানত ২ উইকেট হৈ পৰে । এই সংকটপূৰ্ণ অৱস্থাত প্ৰিয়াংশ আৰ্যই ৩২ ৰানৰ বৰঙণি যোগাই ঋতুৰাজ গাইকোৱাডৰ সৈতে ৫৩ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে, যদিও আৰ্য দুৰ্ভাগ্যজনকভাৱে ৰান-আউট হয় ।

ইয়াৰ পিছত ঋতুৰাজ গাইকোৱাডে অধিনায়ক তিলক বাৰ্মাৰ সৈতে মিলি ভাৰতীয় ইনিংছক এক মজবুত ভেটি প্ৰদান কৰে । দুয়োৰে মাজত চতুৰ্থ উইকেটৰ বাবে ১৫০ ৰানৰ এক বৃহৎ পাৰ্টনাৰশ্বিপ গঢ়ি উঠে । গাইকোৱাডে ১১২ টা বলত ৬ টা চাৰি আৰু ৩ টা ছিক্সাৰেৰে নিজৰ আকৰ্ষণীয় শতক অৰ্জন কৰে । অৱশ্যে শতক সম্পূৰ্ণ কৰাৰ ঠিক পিছতেই ১০১ ৰানত তেওঁ ৱানুজা সাহানৰ বলত আভিষ্কা ফাৰ্নাণ্ডোক কেচ দি আউট হয় ।

আনহাতে অধিনায়ক তিলক বাৰ্মাই এক মন্থৰ কিন্তু দায়িত্বশীল অৰ্ধশতকীয় ইনিংছ খেলি ৮৫ টা বলত ৬০ ৰান কৰি মহম্মদ চিৰাজৰ বলত ব’ল্ড হয় । অন্তিম অভাৰকেইটাত সূৰ্যাংশ চেডগেই ১৪ বলত অপৰাজিত ২৬ ৰান আৰু আয়ুষ বাদোনীয়ে ১৮ বলত ২৪ ৰানৰ দ্ৰুত ইনিংছ খেলি দলৰ স্ক’ৰ ২৭৭ লৈ লৈ যায়। অনুকূল ৰয় ১ ৰান কৰি অপৰাজিত হৈ ৰয় । শ্ৰীলংকা A ৰ হৈ মহম্মদ চিৰাজে সৰ্বাধিক ২ টা উইকেট লাভ কৰে ।

২৭৮ ৰানৰ লক্ষ্য খেদিবলৈ নামি শ্ৰীলংকা A দলে এক শক্তিশালী আৰম্ভণি কৰে । অপেনাৰ নিৰোচন ডিকৱেলাই ৪৭ ৰান আৰু আভিষ্কা ফাৰ্নাণ্ডোৱে ৪৫ ৰান কৰাৰ বিপৰীতে চদীৰা সমৰাৱিক্ৰমাই ৪৬ ৰান যোগ কৰে । মধ্যক্ৰমত শ্ৰীলংকাৰ অধিনায়ক সাহান আৰাচিগেই দলৰ দায়িত্ব লয় আৰু ৭২ টা বলত ৭৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি দলক জয়ৰ নিচেই ওচৰলৈ লৈ যায় । তেওঁৰ এই ইনিংছটোত ৬ টা চাৰি আৰু ২ টা ছিক্সাৰ আছিল ।

খেলখনৰ আটাইতকৈ নিৰ্ণায়ক মুহূৰ্তটো আহে ৪৮ নম্বৰ অভাৰত, যেতিয়া ভাৰতৰ অংশুল কাম্বোজে থিতাপি লৈ থকা শ্ৰীলংকান অধিনায়ক সাহান আৰাচিগেৰ উইকেট দখল কৰে । সেই সময়ত শ্ৰীলংকাক জয়ৰ বাবে মাত্ৰ ১০ টা বলত ৯ ৰানৰ প্ৰয়োজন আছিল আৰু হাতত ৩ টা উইকেট বাকী আছিল । কিন্তু অধিনায়ক আউট হোৱাৰ লগে লগেই আয়োজক দলটো চৰম চাপত পৰে ।

ইয়াৰ পিছৰ অভাৰত ৱানুজা সাহান ২৩ ৰান কৰি ৰান-আউট হয় আৰু মহম্মদ চিৰাষ্ট শূন্য ৰানতে বিদায় লয় । ফলত শ্ৰীলংকা A ৰ সমগ্ৰ দলটো ৪৮.৫ অভাৰত ২৬৯ ৰানতে অল-আউট হয় । ভাৰতৰ হৈ অৰ্শদ খান, অনুকূল ৰয়, আয়ুষ বাদোনী আৰু বিপ্ৰাজ নিগমে সুন্দৰ বলিং কৰি ২ টাকৈ উইকেট লাভ কৰে আৰু ৭ টা বল বাকী থকা অৱস্থাতে ভাৰতক এক স্মৰণীয় জয় উপহাৰ দিয়ে ।

এই মেচখনৰ বাবে ভাৰত A দলৰ খেলুৱৈসকল আছিল- বৈভৱ সূৰ্যৱংশী, প্ৰভচিমৰন সিং (উইকেট কীপাৰ), প্ৰিয়াংশ আৰ্য, ঋতুৰাজ গাইকোৱাড়, তিলক বাৰ্মা (অধিনায়ক), আয়ুষ বাদোনী, অনুকূল ৰয়, সূৰ্যাংশ চেডগে, অংশুল কাম্বোজ, অৰ্শদ খান আৰু বিপ্ৰাজ নিগম ।

লগতে পঢ়ক : আফগানিস্তানৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ : ৰোহিত-হাৰ্দিকক বিচিচিআইৰ সেউজ সংকেত

ইতিহাস ৰচিলে বৈভৱ সূৰ্যবংশীয়েঃ শচীন টেণ্ডুলকাৰৰ ৩৬ বছৰীয়া অভিলেখ ভংগ

বিহাৰত জন্মগ্ৰহণ কৰা বৈভৱ সূৰ্যবংশীৰ বাবে চলিত ২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজনটো অত্যন্ত ঐতিহাসিক আছিল

ভাৰতীয় ক্ৰিকেটত এক নতুন ইতিহাস ৰচনা কৰি ১৫ বছৰীয়া উদীয়মান ক্ৰিকেট তাৰকা বৈভৱ সূৰ্যবংশীক আগন্তুক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ লগতে ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগে লগে তেওঁ কিংবদন্তী ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ ৩৬ বছৰ পুৰণি এক ঐতিহাসিক অভিলেখ ভংগ কৰে । ইয়াৰ পূৰ্বে ১৯৮৯ চনত শচীন টেণ্ডুলকাৰে ১৬ বছৰ বয়সত পাকিস্তানৰ বিৰুদ্ধে খেলি সবাতোকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে অভিষেক ঘটাইছিল, যিটো অভিলেখ ইমান দিনে অক্ষুণ্ণ আছিল ।

বিহাৰত জন্মগ্ৰহণ কৰা বৈভৱ সূৰ্যবংশীৰ বাবে চলিত ২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজনটো অত্যন্ত ঐতিহাসিক আছিল । ৰাজস্থান ৰয়েলছৰ হৈ খেলা এই যুৱ বাঁওহতীয়া বেটছমেনগৰাকীয়ে কেৱল উন্নত প্ৰদৰ্শনেই কৰা নাছিল, বৰঞ্চ দেশৰ আগশাৰীৰ শক্তিশালী বলিং আক্ৰমণক ধূলিসাৎ কৰি সমগ্ৰ টুৰ্ণামেণ্টত নিজৰ একক আধিপত্য বিস্তাৰ কৰিছিল । আই পি এলৰ শেষৰ বঁটা বিতৰণী অনুষ্ঠানত তেওঁ এক অভূতপূৰ্ব সফলতা অৰ্জন কৰে । তেওঁ এককভাৱে ছিজনৰ ম’ষ্ট ভেলুৱেবল প্লেয়াৰ, ইমাৰ্জিং প্লেয়াৰ অব্ দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ, সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ অৰেঞ্জ কেপ আৰু ছুপাৰ ছিক্সেছ অব্ দ্য ছিজন আদি আটাইকেইটা মুখ্য বঁটা নিজৰ নামত কৰিবলৈ সক্ষম হয় ।

এই টুৰ্ণামেণ্টত সূৰ্যবংশীয়ে ২৩৭.৩০ ৰ এক আচৰিত আৰু ব্যতিক্ৰমী ষ্ট্ৰাইক ৰেটত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰে । সমগ্ৰ ছিজনটোত তেওঁ অভিলেখসংখ্যক ৭২ টা ছিক্সাৰ কোবাই টি-২০ ক্ৰিকেটৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰে । তেওঁৰ এই ধাৰাবাহিক আৰু বিস্ফোৰক প্ৰদৰ্শনে কেইবাটাও পুৰণি আই পি এল অভিলেখ ভংগ কৰাৰ লগতে তেওঁক বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ প্ৰতিভাৱান খেলুৱৈ হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে ।

ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত হোৱা সূৰ্যৱংশীক অতি শীঘ্ৰেই পথাৰত দেখা পোৱা যাব । ঘোষিত সূচী অনুসৰি, ভাৰতীয় দলে অহা ২৬ আৰু ২৮ জুনত বেলফাষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব । ইয়াৰ পিছত ১ জুলাইৰ পৰা ১১ জুলাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচৰ এক শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল ।

আনহাতে, অহা ২৪ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাও টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । এই সোণৰ পদকৰ যুঁজত ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, জাপান, নেপাল, মালয়েছিয়া, হংকং আৰু ওমানসহ মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখন ২৪ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ প্ৰাৰম্ভিক কোৱালিফাইয়িং পৰ্যায়েৰে আৰম্ভ হ’ব । ইয়াৰ পিছত ২৮ আৰু ২৯ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ’ব । ১ অক্টোবৰত ছেমি ফাইনেল মেচ অনুষ্ঠিত হোৱাৰ পিছত, চূড়ান্ত দিন অৰ্থাৎ ৩ অক্টোবৰত ব্ৰঞ্জৰ পদকৰ প্লে-অফ আৰু স্বৰ্ণ পদকৰ বাবে মেগা ফাইনেল মেচখন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী

মহিলা টি-২০ বিশ্বকাপত ধনৰ বৰষুণ! ৰানাৰ্চ-আপ দলেও লাভ কৰিব আইপিএল চেম্পিয়নতকৈ অধিক ধন!

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ৰ প্ৰাইজ মানী কিমান বেছি, তাৰ অনুমান আপুনি এই কথাৰ পৰাই লগাব পাৰে যে ফাইনেলত পৰাস্ত হৈ ৰানাৰ্চ-আপ হোৱা দলেও এইবাৰ ডব্লিউ পি এল বা আই পি এলৰ চেম্পিয়ন দলতকৈ বহুখিনি অধিক ধন লাভ কৰিব

মহিলা টি-২০ বিশ্বকাপৰ দশম সংস্কৰণৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে । অহা ১২ জুনৰ পৰা ৫ জুলাইলৈকে ইংলেণ্ড আৰু ৱেলছৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এই মেগা টুৰ্নামেণ্টত এইবাৰ মুঠ ১২টা দলে খিতাপৰ বাবে যুঁজ দিব । সমগ্ৰ টুৰ্নামেণ্টত ৩৩খন মেচ অনুষ্ঠিত হ’ব আৰু দলসমূহক ৬-৬ টাকৈ দুটা গ্ৰুপত বিভক্ত কৰা হৈছে । চিৰবৈৰী ভাৰত আৰু পাকিস্তানক গ্ৰুপ-১ ত স্থান দিয়া হৈছে ।

এইবাৰৰ বিশ্বকাপৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ইয়াৰ পুৰস্কাৰৰ ধন অৰ্থাৎ প্ৰাইজ মানী, যাৰ পৰিমাণ শুনিলে আপোনাৰ চকু কপালত উঠিব । আইচিচিয়ে মহিলা ক্ৰিকেটক এক নতুন মাত্ৰা প্ৰদান কৰি এইবাৰ অভিলেখ সৃষ্টিকাৰী পুৰস্কাৰ ঘোষণা কৰিছে ।

আই পি এল চেম্পিয়নতকৈও অধিক ধন লাভ কৰিব ৰানাৰ্চ-আপ দলে!

মহিলা টি-২০ বিশ্বকাপ ২০২৬-ৰ প্ৰাইজ মানী কিমান বেছি, তাৰ অনুমান আপুনি এই কথাৰ পৰাই লগাব পাৰে যে ফাইনেলত পৰাস্ত হৈ ৰানাৰ্চ-আপ (দ্বিতীয় স্থান প্ৰাপ্ত) হোৱা দলেও এইবাৰ ডব্লিউ পি এল বা আই পি এলৰ চেম্পিয়ন দলতকৈ বহুখিনি অধিক ধন লাভ কৰিব । শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) দলে লাভ কৰা পুৰস্কাৰৰ ধনতকৈয়ো এই ৰাশি বহুত বেছি ।

মুঠ পুৰস্কাৰৰ ৰাশি ১০ শতাংশ বৃদ্ধি-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) আগন্তুক মহিলা টি-২০ বিশ্বকাপৰ বাবে ৮,৭৬৪,৬১৫ ইউএছ ডলাৰৰ (প্ৰায় ৮২ কোটি টকা) এক বৃহৎ পুৰস্কাৰৰ ৰাশি ঘোষণা কৰিছে । এইয়া যোৱা ২০২৪ চনৰ সংস্কৰণৰ তুলনাত ১০ শতাংশ অধিক ।

কাৰ ভাগত পৰিব কিমান ধন ?

বিশ্ববিজেতা (চেম্পিয়ন): চলিত বৰ্ষৰ খিতাপ অৰ্জন কৰা দলটোৱে ২,৩৪০,০০০ মাৰ্কিন ডলাৰ (প্ৰায় ২১.৮ কোটি টকা) লাভ কৰিব ।

ৰানাৰ্চ-আপ: ফাইনেলত পৰাস্ত হোৱা দলটোৰ ওপৰতো ধনৰ বৰষুণ হ’ব । তেওঁলোকে লাভ কৰিব ১,১৭০,০০০ মাৰ্কিন ডলাৰ (প্ৰায় ১০ কোটি টকা) ।

ছেমি-ফাইনেলিষ্ট : ছেমি-ফাইনেল পৰ্যন্ত উপনীত হৈ বিদায় লোৱা প্ৰতিটো দলে লাভ কৰিব ৬৭৫,০০০ মাৰ্কিন ডলাৰ (প্ৰায় ৬.২৯ কোটি টকা)।

অংশগ্ৰহণকাৰী দল : টুৰ্নামেণ্টত অংশ লোৱা প্ৰতিটো দলেই অন্ততঃ ২,৪৭,৫০০ ডলাৰ (প্ৰায় ২.০৬ কোটি টকা) লাভ কৰাটো নিশ্চিত ।

প্ৰতিখন মেচৰ জয়ৰ বোনাচ : ইয়াৰ উপৰিও গ্ৰুপ পৰ্যায়ৰ মেচত লাভ কৰা প্ৰতিটো জয়ৰ বাবদ দলসমূহে ৩১,১৫৪ ইউএছ ডলাৰ (প্ৰায় ২৯ লাখ টকা) কৈ অতিৰিক্ত বোনাচ লাভ কৰিব ।

ক্ৰিকেট অনুৰাগীসকলৰ বাবে আন এক সুখবৰ যে, এইবাৰ প্ৰথমবাৰৰ বাবে টুৰ্নামেণ্টত ১০টাৰ পৰিৱর্তে ১২খন দলে অংশগ্ৰহণ কৰিব । অহা ১২ জুনত বৰ্মিংহামৰ এদজবেষ্টনত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচত আয়োজক ইংলেণ্ডে শ্ৰীলংকাৰ মুখামুখি হ’ব । আনহাতে, ভাৰতীয় মহিলা দলে ১৪ জুনত পাকিস্তানৰ বিৰুদ্ধে নিজৰ অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক : আফগানিস্তান শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়ালৈ ডাঙৰ আঘাত, বাহিৰ হ’ল বিৰাট কোহলী

আফগানিস্তান শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়ালৈ ডাঙৰ আঘাত, বাহিৰ হ’ল বিৰাট কোহলী

চলিত মাহত আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়াই এক ডাঙৰ আঘাত পাইছে

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক অতি বেয়া খবৰ । চলিত মাহত আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়াই এক ডাঙৰ আঘাত পাইছে । ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলী হেমষ্ট্ৰিং আঘাতৰ বাবে এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ পৰা বাহিৰ হৈছে । ৩৭ বছৰীয়া কোহলীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ত বেটেৰে অনবদ্য প্ৰদৰ্শন কৰিছিল । সমগ্ৰ বিষয়টোৰ খবৰ থকা বিচিচিআইৰ সূত্ৰই সংবাদ সংস্থা পিটিআই (PTI)-ৰ ওচৰত এই কথা নিশ্চিত কৰিছে ।

ভাৰত আৰু আফগানিস্তানৰ মাজৰ এই গুৰুত্বপূৰ্ণ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল অহা ১৩ জুনত ধৰমশালাত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া ২০ জুনত চেন্নাইত খেলা হ’ব ।

IPL ফাইনেলত লাগিছিল আঘাত-

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু-ক ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰোৱা বিৰাট কোহলী ফাইনেল খেলখনৰ সময়ত কিছু অস্বস্তিত থকা দেখা গৈছিল । আই পি এল ২০২৬ ৰ ফাইনেলত কোহলীয়ে পুনৰ এবাৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ৪২ টা বলত অপৰাজিত ৭৫ ৰান সংগ্ৰহ কৰে আৰু গুজৰাট টাইটানছ-ৰ বিৰুদ্ধে আৰ চি বি-ক পাঁচ উইকেটত জয়ী কৰাই দলক চেম্পিয়ন কৰে ।

খেলৰ শেষৰ অভাৰকেইটাত কোহলীয়ে ৰান ল’বলৈ দৌৰাৰ সময়ত যথেষ্ট অসুবিধা পাই থকা দেখা গৈছিল, কিন্তু তেওঁ খেলপথাৰ এৰি যোৱা নাছিল আৰু দলক জিকাইহে উলটিছিল । ফাইনেলৰ পিছত কৰা চিকিৎসা পৰীক্ষাত ধৰা পৰে যে কোহলী গুৰুতৰ হেমষ্ট্ৰিং আঘাতৰ সমস্যাত ভুগিছে । আঘাতৰ গভীৰতা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক চিকিৎসা প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই যদিও ইয়াৰ বাবেই তেওঁ আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটো খেলিব নোৱাৰিব ।

দুৰ্দান্ত ফৰ্মত আছিল কোহলী-

এই আঘাত এনে এটা সময়ত আহিছে যেতিয়া বিৰাট কোহলী নিজৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ফৰ্মত আছিল । আই পি এল ২০২৬ ত তেওঁ ১৬ খন খেলত মুঠ ৬৭৫ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ বেটিং গড় আছিল ৫৬.২৫ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৬৫.৮৫ । সমগ্ৰ ছিজনটোত তেওঁ নিজৰ মেচ উইনিং বেটিঙেৰে আৰ চি বি-ৰ সাফল্যত মুখ্য ভূমিকা পালন কৰিছিল ।

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), কে এল ৰাহুল (উইকেটকীপা), ইশান কিষাণ (উইকেটকীপা), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে ।

ভাৰত বনাম আফগানিস্তান মেচৰ সম্পূৰ্ণ সূচী

৬ জুনৰ পৰা নিউ চণ্ডীগড়ত ৰাতিপুৱা ৯.৩০ বজাত একমাত্ৰ টেষ্ট খেলখন অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ১৩ জুনত ধৰমশালাত দুপৰীয়া ১.৩০ বজাত প্ৰথমখন এদিনীয়া খেল অনুষ্ঠিত হ’ব । ১৭ জুনত লক্ষ্ণৌত দুপৰীয়া ১.৩০ বজাত দ্বিতীয়খন এদিনীয়া আৰু ২০ জুনত চেন্নাইত দুপৰীয়া ১.৩০ বজাত তৃতীয়খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : টি-২০ৰ অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে! দৌৰত আছে ৫ তাৰকা খেলুৱৈ