'ৰেকৰ্ড নহয়, আই পি এল ট্ৰফীহে লাগে', শতক বঞ্চিত বৈভৱ সূৰ্যবংশীৰ ডাঙৰ মন্তব্য

‘ৰেকৰ্ড নহয়, আই পি এল ট্ৰফীহে লাগে’, শতক বঞ্চিত বৈভৱ সূৰ্যবংশীৰ ডাঙৰ মন্তব্য

ৰাজস্থানৰ এই ঐতিহাসিক জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬-ৰ প্লে-অফত এক দৰ্শনীয় মেচ দেখিবলৈ পোৱা গ’ল । এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদাক ৪৭ ৰানত পৰাস্ত কৰি ধমাকাদাৰ শৈলীত কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছে । ৰাজস্থানৰ এই জয়ে

ৰাজস্থানৰ এই ঐতিহাসিক জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬-ৰ প্লে-অফত এক দৰ্শনীয় মেচ দেখিবলৈ পোৱা গ’ল । এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদাক ৪৭ ৰানত পৰাস্ত কৰি ধমাকাদাৰ শৈলীত কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে ৰাজস্থান ৰয়েলছে । ৰাজস্থানৰ এই জয়ে কেৱল ফাইনেলৰ আশা সজীৱ কৰাই নহয়, বৰঞ্চ গুজৰাট টাইটানছৰ বাবেও এক প্ৰকাৰৰ বিপদৰ ঘণ্টা বজাই দিছে । কিয়নো পৰৱৰ্তী কোৱালিফায়াৰ-২ মেচখনো মুল্লনৰপুৰৰ (নিউ চণ্ডীগড়) এই একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব, য’ত ৰাজস্থানে ইতিমধ্যে পৰিস্থিতি সম্পূৰ্ণৰূপে আয়ত্ত কৰি লৈছে ।

শুকুৰবাৰে (২৯ মে’) হ’বলগীয়া এই গুৰুত্বপূৰ্ণ কোৱালিফায়াৰ-২ মেচত ৰাজস্থান ৰয়েলছ মুখামুখি হ’ব গুজৰাট টাইটানছৰ । এই মেচৰ বিজয়ী দলে অহা ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া মহা-ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ যুঁজত অৱতীৰ্ণ হ’ব । ক্ৰিকেট অনুৰাগীসকলে আশা কৰিছে যে ধাৰাবাহিকভাৱে একপক্ষীয় হৈ থকা প্লে-অফৰ মেচসমূহৰ পিছত এইবাৰ কোৱালিফায়াৰ-২ত এক তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যাব ।

বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক ইনিংছ : লক্ষ্য কেৱল ট্ৰফী

ৰাজস্থানৰ এই ঐতিহাসিক জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী । তেওঁ মাত্ৰ ২৯ টা বলত ১২ টা আকৰ্ষণীয় ছিক্সাৰ আৰু ৫ টা বাউণ্ডাৰীৰ সহায়ত ৯৭ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি মেচৰ গতিপথ সম্পূৰ্ণ সলনি কৰি দিয়ে । মেচৰ অন্তত তেওঁক ‘প্লেয়াৰ অব্ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ লগতে তেওঁ ক্ৰিছ গেইলৰ ১৪ বছৰ পুৰণি এক ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱাৰ ৰেকৰ্ডো (৬৫ টা ছিক্সাৰ) ভংগ কৰে ।

অৱশ্যে মাত্ৰ ৩ ৰানৰ বাবে IPL ইতিহাসৰ আটাইতকৈ দ্ৰুততম শতকৰ পৰা বঞ্চিত হোৱাৰ পিছতো বৈভৱৰ লক্ষ্য ৰেকৰ্ডৰ ওপৰত নহয়, বৰঞ্চ দলক ট্ৰফী জয় কৰোৱাৰ ওপৰতহে আছে । মেচৰ পিছত তেওঁ কয় :

“মই আউট হোৱাৰ পিছতহে এই ৰেকৰ্ডৰ বিষয়ে জানিব পাৰিছিলোঁ । মোৰ সম্পূৰ্ণ মনোযোগ কেৱল দলৰ বাবে সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ওপৰত আছিল । শতক ভৱিষ্যতেও হ’ব, কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল IPL ট্ৰফী জয় কৰা ।”

নিজৰ মানসিক দৃষ্টিভংগীৰ সন্দৰ্ভত যুৱ খেলুৱৈগৰাকীয়ে স্পষ্ট কৰে যে তেওঁ বেছি চিন্তা কৰাত বিশ্বাস নকৰে আৰু কেৱল চলিত মেচ আৰু পৰিস্থিতিৰ ওপৰতহে গুৰুত্ব দিয়ে । মেচৰ পূৰ্বে তেওঁ প্ৰতিপক্ষৰ বলাৰ, উইকেট আৰু বাউণ্ডাৰীৰ ওপৰত কৰা গৱেষণাই তেওঁক ইতিবাচক ক্ৰিকটে খেলিবলৈ সহায় কৰে, যাৰ ফলত চাপটো বলাৰসকলৰ ওপৰলৈ গুচি যায় ।

সুন্দৰ ফৰ্মত ৰাজস্থান: চিন্তাত গুজৰাট

ৰাজস্থান ৰয়েলছৰ বাবে আটাইতকৈ ডাঙৰ সকাহৰ কথাটো হ’ল দলটোৰ প্ৰতিগৰাকী মূল খেলুৱৈ বৰ্তমান সুন্দৰ ফৰ্মত আছে । বেটিং লাইন-আপত বৈভৱ সূৰ্যবংশীৰ উপৰিও ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছোৱালে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে । আনহাতে, বলিং বিভাগত জোফ্ৰা আৰ্চাৰৰ তীব্ৰ গতিয়ে প্ৰতিপক্ষৰ বাবে ধাৰাবাহিকভাৱে ত্ৰাসৰ সৃষ্টি কৰিছে । হায়দৰাবাদৰ বিৰুদ্ধেও আৰ্চাৰে পাৱাৰপ্লে’তে ৩ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেচখন একপ্ৰকাৰ থিতাতে নিস্তেজ কৰি দিছিল ।

লগতে পঢ়ক : ‘নিউ ছিক্স মেচিন’ বৈভৱ সূৰ্যবংশীক প্ৰশংসা ক্ৰিছ গেইলৰ