ৰাজস্থানক ৭৭ ৰাণত ধূলিসাৎ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট টাইটানছ

গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে

আইপিএল ২০২৬-ৰ শনিবাৰে অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই বিজয়ৰ লগে লগে গুজৰাটে পইণ্ট তালিকাত এক দীঘলীয়া জাঁপ মাৰি পঞ্চম স্থানৰ পৰা পোনপটীয়াকৈ দ্বিতীয় স্থান দখল কৰিছে ।

গীল আৰু চাই সুদৰ্শনৰ বেটিং তাণ্ডৱ-

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২২৯ ৰাণৰ এক বিশাল লক্ষ্য থিয় কৰায় । অপেনাৰ শুভমন গীল আৰু চাই সুদৰ্শনে আৰম্ভণিৰে পৰাই ৰাজস্থানৰ বলাৰসকলৰ ওপৰত আক্ৰমণ চলায় । চাই সুদৰ্শনে মাত্ৰ ৩০ বলত অৰ্ধশতক অৰ্জন কৰি ৫৫ ৰাণত আউট হয় । আনহাতে, অধিনায়ক গীলে ৮৪ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । শেষৰ ফালে ৱাশ্বিংটন সুন্দৰে ৩৭ ৰাণৰ বৰঙণি যোগায় । দুয়োৰে মাজত হোৱা ১১৮ ৰাণৰ অংশীদাৰিত্বই গুজৰাটৰ বিশাল স্ক’ৰৰ ভেটি গঢ়ি তোলে ।

বিফল ৰাজস্থানৰ বেটিং লাইন আপ-

২৩০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ৰাজস্থানৰ আৰম্ভণি আশাব্যঞ্জক আছিল । বৈভৱে ১৬ বলত ৩৬ ৰাণ কৰি আশা জগাইছিল যদিও তেওঁ আউট হোৱাৰ পিছতেই দলটোৰ বেটিং বিপর্যয় আৰম্ভ হয় । তাৰকা বেটাৰ যশস্বী জয়ছোৱালে মাত্ৰ ৩ ৰাণ কৰি হতাশ কৰে । ধ্ৰুৱ জুৰেলে ২৪ ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই ৩৮ ৰাণ কৰি যুঁজ দিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল । শেষত ৰাজস্থানৰ ইনিংছ ১৫২ ৰাণতে খহি পৰে ।

ৰছিদ খানৰ চমকপ্ৰদ বলিং-

গুজৰাটৰ জয়ৰ মূল নায়ক হিচাপে ধৰা দিলে তাৰকা স্পীনাৰ ৰছিদ খান । তেওঁ ধাৰাবাহিক উইকেট দখল কৰি ৰাজস্থানৰ বেটিং কঁকাল ভাঙি দিয়ে আৰু অকলেই ৪টা উইকেট দখল কৰে । তেওঁক যোগ্য সংগত দি জেছন হোল্ডাৰে ৩টা আৰু কাগিছো ৰাবাদাই ২টা উইকেট লাভ কৰে ।

পইণ্ট তালিকাৰ সমীকৰণ এই জয়ৰ পাছত পইণ্ট তালিকাত ডাঙৰ সালসলনি ঘটিছে । গুজৰাট এতিয়া দ্বিতীয় স্থানত থকাৰ বিপৰীতে পঞ্জাৱ কিংছ তৃতীয় আৰু আৰ চি বি চতুৰ্থ স্থানলৈ অৱনমিত হৈছে । আনহাতে, পৰাজয়ৰ গ্লানিৰে ৰাজস্থান ৰয়েলছ চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ পিছুৱাই গৈছে ।

লগতে পঢ়ক : আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ

আই পি এল ২০২৬ : ফিন এলেনৰ বিধ্বংসী শতক, দিল্লীক ৮ উইকেটত ধূলিস্যাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ

আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে

শুকুৰবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । কলকাতাৰ এইটো আছিল চলিত ছিজনত একেৰাহে চতুৰ্থটো জয় ।

ফিন এলেনৰ বেটিং তাণ্ডৱ-

১৪৩ ৰাণৰ বিজয় লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা কলকাতাৰ হৈ তাণ্ডৱ চলায় নিউজীলেণ্ডৰ তাৰকা ফিন এলেনে । ‘ইমপেক্ট চাব’ হিচাপে খেলপথাৰত নমা এলেনে মাত্ৰ ৪৭ টা বলত ১০০ ৰাণৰ এক অবিস্মৰণীয় অপৰাজিত শতকীয় ইনিংছ খেলে । তেওঁৰ এই ইনিংছটোত আছিল ১০ টা বিশাল ছিক্সাৰ আৰু ৫ টা চাৰি । এলেনৰ এই বিস্ফোৰক বেটিংৰ সহায়ত কলকাতাই মাত্ৰ ১৪.২ অভাৰতে ২ উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে । কেমেৰন গ্ৰীনে দুটা ছিক্সাৰেৰে ৩৩ ৰাণ কৰি এলেনক যোগ্য সংগত দিয়ে ।

দিল্লীৰ বেটিং বিপৰ্যয়-

ইয়াৰ পূৰ্বে, টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অ’পেনাৰ পাথুম নিশাংকাই ২৯ টা বলত ৫০ ৰাণ আৰু আশুতোষ শৰ্মাই ৩৯ ৰাণৰ অৱদান আগবঢ়ায় যদিও আন বেটাৰসকলে বিশেষ সহায় কৰিব নোৱাৰিলে । এটা সময়ত ১ উইকেটত ৭৪ ৰাণ কৰি মজবুত স্থিতিত থকা দিল্লীয়ে হঠাৎ মাজভাগত উইকেট হেৰুৱাই বিপাঙত পৰে । কলকাতাৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে দুটাকৈ উইকেট দখল কৰে ।

পইণ্ট তালিকাৰ স্থিতি-

এই জয়ৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ ১০ খন মেচত ৯ পইণ্ট হৈছে । আনহাতে, পৰাজিত দিল্লী কেপিটেলছৰ ১১ খন মেচত ৮ পইণ্টত স্থিৰ আছে । চলিত ছিজনত দুয়োটা দলেই এতিয়ালৈকে তেনে কোনো বিশেষ চমক দেখুৱাব পৰা নাই ।

হেড-টু-হেড পৰিসংখ্যা-

আই পি এলৰ ইতিহাসত দিল্লী আৰু কলকাতাৰ মাজত হোৱা ৩৫ খন মুখামুখি যুঁজত ২০ খনত কলকাতা জয়ী হোৱাৰ বিপৰীতে ১৫ খনত দিল্লীয়ে জয়লাভ কৰিছে । যোৱা ছিজনতো কলকাতাই দিল্লীক ১৪ ৰাণত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে এতিয়া কঠোৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড । টুৰ্ণামেণ্টখনৰ চলিত ছিজনত খেলুৱৈ, দলৰ বিষয়া আৰু বাহিৰৰ অননুমোদিত ব্যক্তিৰ মাজত বৃদ্ধি পোৱা “বিসংগতি আৰু অনিয়ম”ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াই সকলো ফ্ৰেঞ্চাইজিলৈ এক অতি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰিছে ।

শইকীয়াই জনোৱা মতে, বি চি চি আইয়ে কেইবাটাও গুৰুতৰ নিৰাপত্তা আৰু দুৰ্নীতি বিৰোধী নীতি উলংঘনৰ ঘটনা ধৰা পেলাইছে । তেওঁ কয় যে বহু অনা-অনুমোদিত ব্যক্তি দলৰ সদস্যৰ সৈতে ঘুৰি ফুৰা, আনকি খেলুৱৈ আৰু বিষয়াৰ কোঠাত সোমোৱা আদি কাৰ্য লক্ষ্য কৰা হৈছে, যিটো আই পি এলৰ সুৰক্ষা নীতিৰ সম্পূৰ্ণ পৰিপন্থী । লগতে ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকলে নিষিদ্ধ এলেকাত খেলুৱৈৰ সৈতে মত বিনিময় কৰাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে ।

সাংবাদিকৰ আগত বৃহস্পতিবাৰে বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, “আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ । আজি সন্ধিয়াই এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা হ’ব । ইয়াৰ পিছতো যদি কোনোৱে নিয়ম উলংঘন কৰে, তেন্তে বি চি চি আই আৰু আই পি এল গভৰ্ণিং বডীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।”

উল্লেখ্য যে, অলপতে কেইবাটাও বিতৰ্কিত ঘটনাই ক্ৰিকেট মহলত জোকাৰণি সৃষ্টি কৰিছে । পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলৰ সময়ত ড্ৰেছিং ৰুমত ই-চিগাৰেট সেৱন কৰি থকা অৱস্থাত ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক ৰিয়ান পৰাগ ধৰা পৰিছিল । ইয়াৰ বাবে ৰিয়ানক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা আৰু এটা ডিমেৰিট পইণ্ট প্ৰদান কৰা হয় ।

একেদৰে, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডাগআউটৰ ওচৰত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে ৰাজস্থান ৰয়েলছৰ মেনেজাৰ ৰবিন্দৰ সিং ভিন্দৰকো ১ লাখ টকাৰ জৰিমনা বিহা হৈছে । এনেবোৰ ঘটনাই আই পি এলৰ নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাক প্ৰকট কৰি তোলাৰ বাবেই এতিয়া বি চি চি আই কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

ICC টেষ্ট ৰেংকিং: ইংলেণ্ডক অতিক্ৰমি তৃতীয় স্থানত ভাৰত, শীৰ্ষত অক্ষুণ্ণ অষ্ট্ৰেলিয়া

ভাৰতে এঢাপ আগুৱাই ইংলেণ্ডক পিছ পেলাই তৃতীয় স্থানত উপনীত হৈছে


বৰ্তমান ভাৰতৰ লগতে বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ মাজত আই পি এল ২০২৬ৰ চৰ্চাই আধিপত্য বিস্তাৰ কৰিছে আৰু ই সকলোতে একমাত্র আলোচনাৰ বিষয় হৈ পৰিছে । ফলস্বৰূপে টেষ্ট আৰু এদিনীয়া ক্ৰিকেট এই মুহূৰ্তত ক’তো দৃষ্টিগোচৰ হোৱা নাই । ইয়াৰ মাজতে টিম ইণ্ডিয়াই আইচিচিৰ ৰেংকিঙত লাভৱান হ’বলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বৰ্তমানৰ নিস্তব্ধতাৰ মাজতে আইচিচিয়ে প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং য’ত বাৰ্ষিক আপডেট প্ৰকাশ পাইছে । এই তালিকাত টিম ইণ্ডিয়াই এটা স্থান আগুৱাই টেষ্ট ৰেংকিঙত তৃতীয় স্থান দখল কৰিছে ।

শুকুৰবাৰে আই চি চিৰ ফালৰ পৰা সকলো দলৰ ৰেংকিঙত শেহতীয়া আপডেট জাৰি কৰা হয় । বাৰ্ষিক আপডেট অনুসৰি যোৱা এবছৰত খেলা খেলসমূহক ১০০ শতাংশ গুৰুত্ব দিয়া হয়, আনহাতে তাৰ আগৰ ২ বছৰৰ খেলসমূহৰ গুৰুত্ব ৫০ শতাংশলৈ হ্ৰাস পায় । একেদৰে তাৰ আগৰ বছৰৰ ফলাফলৰ গুৰুত্ব সম্পূৰ্ণৰূপে শেষ হৈ যায় । ইয়াৰ ফলতেই ৰেংকিঙত পৰিবৰ্তন দেখা যায় ।

শেহতীয়া ৰেংকিঙটো একেটাই হৈছে য’ত ২০২৩ চনৰ আগৰ ফলাফলৰ গুৰুত্ব এতিয়া শেষ হৈ গৈছে । ইয়াৰ সুবিধা টীম ইণ্ডিয়াই লাভ কৰিছে, যিয়ে ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা কোনো টেষ্ট মেচ খেলা নাই । আই চি চিয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে যে ভাৰতে এঢাপ আগুৱাই ইংলেণ্ডক পিছ পেলাই তৃতীয় স্থানত উপনীত হৈছে । ভাৰতৰ বৰ্তমান পইণ্ট ১০৪, আনহাতে ইংলেণ্ডৰ পইণ্ট হৈছে ১০২ । অৱশ্যে টীম ইণ্ডিয়া এতিয়াও প্ৰথম স্থানৰ পৰা বহুত দূৰত আছে, য’ত অষ্ট্ৰেলিয়াই আধিপত্য বজাই ৰাখিছে ।

পেট কামিন্সৰ নেতৃত্বাধীন অষ্ট্ৰেলিয়াই ৩ পইণ্ট লাভ কৰি প্ৰথম স্থানত নিজৰ অগ্ৰগতি মজবুত কৰিছে । অষ্ট্ৰেলিয়াৰ বৰ্তমান পইণ্ট ১৩১ হৈছে । আনহাতে, বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকায়ো ৩ পইণ্ট লাভ কৰি ১১৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে । অৰ্থাৎ শীৰ্ষ তিনিটা দলৰ মাজত বৰ্তমান বহুত ব্যৱধান আছে । আই পি এল শেষ হোৱাৰ পিছত বহু কেইখন টেষ্ট ছিৰিজ আৰম্ভ হ’ব, য’ত এই ৰেংকিঙৰ পৰিবৰ্তন হ’ব পাৰে ।

লগতে পঢ়ক : ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন

এদিনীয়া বিশ্বকাপ ২০২৭লৈ অব্যাহত থাকিব আগাৰকাৰ যুগ, বিচিচিআইয়ে দিব উপহাৰ

অজিত আগৰকাৰ মুখ্য নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰিছে- ২০২৪ চনৰ টি-২০ বিশ্বকাপ, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপ

ভাৰতীয় পুৰুষ দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পৰা লাভ কৰিব এক উল্লেখযোগ্য উপহাৰ । জানিব পৰা মতে আগৰকাৰৰ চুক্তিৰ ম্যাদ বৃদ্ধি হ’ব পাৰে । আগৰকাৰ নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰাৰ ফলত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক এই পুৰস্কাৰ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।

আগৰকাৰৰ বৰ্তমানৰ চুক্তিৰ ম্যাদ ২০২৬ চনৰ জুন মাহত শেষ হ’ব । ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আগৰকাৰৰ চুক্তি এবছৰৰ বাবে বৃদ্ধি কৰা হ’ব । ২০২৭ চনৰ জুনলৈকে তেওঁৰ এই চুক্তিৰ ম্যাদ বৃদ্ধি কৰা হ’ব পাৰে বুলি প্ৰকাশ পাইছে । অৱশ্যে বৰ্তমানো বিচিচিআইয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ।

উল্লেখ্য য়ে, আগৰকাৰ মুখ্য নিৰ্বাচক হোৱাৰ পিছত টিম ইণ্ডিয়াই আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰিছে- ২০২৪ চনৰ টি-২০ বিশ্বকাপ, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপ । ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলো খেলিছিল মেন ইন ব্লু দলে ।

বিচিচিআইৰ এজন বিষয়াৰ উদ্ধৃতিৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, “আগৰকাৰৰ কাৰ্যকালত দলৰ পৰিৱৰ্তন মসৃণ আছিল আৰু তেওঁ সাহসী সিদ্ধান্ত লোৱাত কোনো সংকোচ দেখুওৱা নাছিল । ব’ৰ্ডে অনুভৱ কৰিছিল যে তেওঁ নিজৰ স্থানত আগবাঢ়িব লাগে । বিচিচিআইৰ বিষয়াসকলে আইপিএলৰ মেচৰ সময়ত তেওঁৰ সৈতে মত বিনিময় কৰিব আৰু তেওঁক বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব ।”

আগৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ কথা ক’বলৈ গ’লে তেওঁ ২৬খন টেষ্ট, ১৯১খন এদিনীয়া আৰু ৪খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । ৪৬খন টেষ্ট ইনিংছত তেওঁ ৫৮টা উইকেট দখল কৰিছে, মেচ বেষ্ট ৮/১৬০ । ১৮৮টা এদিনীয়া ইনিংছত আগৰকাৰে ২৮৮টা উইকেট দখল কৰিছে, সৰ্বশ্ৰেষ্ঠ ৬/৪২ । টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত আগৰকাৰে ৩টা উইকেট দখল কৰিছে । বেটিং কৰাৰ সময়ত আগৰকাৰে টেষ্টত ৫৭১ ৰান, এদিনীয়াত ১২৬৯ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৫ ৰান সংগ্ৰহ কৰিছে । টেষ্টত ১ টা শতক আৰু এদিনীয়াত ৩টা অৰ্ধশতক অৰ্জন কৰিছে তেওঁ ।

লগতে পঢ়ক : ৰোমাঞ্চকৰ মেচত ছানৰাইজাৰ্ছৰ হাতত ১০ ৰানত পৰাস্ত চেন্নাই চুপাৰ কিংছ

ৰোমাঞ্চকৰ মেচত ছানৰাইজাৰ্ছৰ হাতত ১০ ৰানত পৰাস্ত চেন্নাই চুপাৰ কিংছ

শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে

চলিত আই পি এলত শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে । ৰোমাঞ্চকৰ মেচখনত হায়দৰাবাদে ১০ ৰানত জয়লাভ কৰে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । টছত জয়লাভ কৰি চি এছ কেয়ে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । অভিষেক আৰু ক্লাচেনৰ অৰ্ধ শতকৰ জৰিয়তে হায়দৰাবাদে চেন্নাইৰ সন্মুখত ১৯৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই দলে ।

চি এছ কেৰ ইনিংছ-

১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি চি এছ কেয়ে দুৰ্বল আৰম্ভণি কৰে । তাৰকা বেটছমেন সঞ্জু চেমছন মাত্ৰ ৭ ৰানত আউট হয় । ইয়াৰ পিছত গাইকোৱাড পুনৰ বিফল হয় । তেওঁ মাত্ৰ মাত্ৰ ১৯ ৰান সংগ্ৰহ কৰে । অৱশ্যে আয়ুষে ১৩টা বলত ৩০ ৰান সংগ্ৰহ কৰাৰ লগতে মেথিউ শ্বৰ্টেও ভাল ইনিংছ খেলে ।

কিন্তু ডেৱাল্ড ব্ৰেভিছে নিজৰ একাউণ্ট খোলাত ব্যৰ্থ হয় । ছৰফৰাজ খানেও ২৫ ৰানহে কৰিবলৈ সক্ষম হয় । শিৱম ডুবে ১৬টা বলত ২১ ৰানেৰে ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও ছিৰাজে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত চি এছ কেয়ে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় ।

হায়দৰাবাদৰ ইনিংছ-

প্ৰথমে বেটিং কৰৰা হায়দৰাবাদে বিস্ফোৰক আৰম্ভণি কৰে । অভিষেক শৰ্মাই ১৫টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । তেওঁ ২২টা বলত ৫৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । হেডে ২৩ ৰান কৰে । কিন্তু ঈশান কিষাণ কোনো ৰান নকৰাকৈয়ে পেভিলিয়নলৈ উভতে । অৱশ্যে তাৰ পাছত হাইনৰিখ ক্লাচেনে ৩৯টা বলত ৫৯ ৰান সংগ্ৰহ কৰি দলৰ স্থিতি মজবুট কৰে । ইয়াৰ ফলত হায়দৰাবাদে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৯৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ৰোমাঞ্চকৰ মেচত দিল্লীৰ হাতত ধৰাশায়ী বেংগালুৰু, ৰাহুল-ষ্টাবছৰ অৰ্ধ শতক

টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

বৈভৱ সূৰ্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে যিকোনো খেলুৱৈক ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত কৰিব পাৰে বুলি প্ৰায়ে চৰ্চা হয় । প্ৰতি বছৰে এগৰাকী নতুন তাৰকা উদয় হোৱাৰ বিপৰীতে বৈভৱ সূৰ্য্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।

ইয়াৰ পিছতে এতিয়া খবৰ প্ৰকাশ পাইছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অতি শীঘ্ৰে বৈভৱ সূৰ্য্যবংশীক আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাবলৈ সাজু হৈছে । মাত্ৰ ১২খন খেলৰ চুটি আই পি এল কেৰিয়াৰত বৈভৱে এটা শতক আৰু তিনিটা অৰ্ধ শতকসহ ৪৫২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সামগ্ৰিক ষ্ট্ৰাইক ৰেট ২২৮.২৮ । যদি বৈভৱে ভাৰতীয় দলত যোগদানৰ সুযোগ পায় তেন্তে ডাঙৰ প্ৰশ্ন হ’ব তেওঁ কোনগৰাকী ক্ৰিকেটাৰৰ সলনি দলত স্থান লাভ কৰিব ।

প্ৰকাশিত খবৰ অনুসৰি বিচিচিআইয়ে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বৈভৱ সূৰ্য্যবংশীক বাছনি কৰিব পাৰে । আই পি এল ২০২৬ সমাপ্ত হোৱাৰ কেইসপ্তাহমানৰ পাছত টিম ইণ্ডিয়াই আয়াৰলেণ্ড ভ্ৰমণ কৰিব । ২৬ আৰু ২৮ জুনত অনুষ্ঠিত হ’বলগীয়া দুখন টি-২০ মেচ খেলিব দলটোৱে । যদি বৈভৱক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয় তেন্তে তেওঁ ভাৰতৰ হৈ অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে । বৰ্তমান তেওঁৰ বয়স ১৫ বছৰ, আনহাতে শচীন টেণ্ডুলকাৰে ১৬ বছৰ বয়সত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাইছিল ।

কাৰ ঠাই ল’ব বৈভৱ সূৰ্য্যবংশীয়ে ?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱে ? ২০২৬ চনৰ টি-২০ বিশ্বকাপ খিতাপৰ পিছত টিম ইণ্ডিয়াৰ কথা ক’বলৈ গ’লে অভিষেক শৰ্মা, সঞ্জু চেমছন আৰু ঈশান কিষানে শীৰ্ষ ক্ৰমত ভাল প্ৰদৰ্শন আগবঢ়ায় । তিনিওজনৰ ফৰ্ম ভাল আৰু ২০২৮ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হ’ব পাৰে । অভিষেক, সঞ্জু আৰু ঈশানে টি-২০ দলত নিজৰ স্থান নিশ্চিত কৰা যেন বোধ হয় ।

অৱশ্যে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে যুৱ দল নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে । এই পৰিস্থিতিত জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হ’ব পাৰে । যদি এনে হয় তেন্তে বৈভৱ নিৰ্বাচিত হ’লে নিশ্চয় টিম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰাৰ সুযোগ পাব পাৰে । টি-২০ বিশ্বকাপ ২০২৮ৰ পৰিকল্পনাত যদি বৈভৱক অন্তৰ্ভুক্ত কৰা হয়, তেন্তে তেওঁক কি বেটিং পজিচন দিয়া হ’ব সেয়া নিশ্চিতভাৱে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিব ।

লগতে পঢ়ক : আই পি এল ২০২৬ত কলকাতাৰ বিপৰ্যয় অব্যাহত, ৩২ ৰানত চেন্নাইৰ জয়

আই পি এল ২০২৬ৰ প্ৰথম দিনাই অলেখ অভিলেখ

আই পি এলত ৰান চেজ কৰি ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী

আই পি এল ২০২৬ৰ প্ৰথম দিনাই উঠিল অভিলেখৰ জোৱাৰ । ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি হায়দৰাবাদে ঈশান কিষাণ (৮০) আৰু অনিকেত বাৰ্মা (৪৩)ৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুতৰত আৰ চি বিয়ে ২৬টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে । বিৰাট কোহলী (৬৯ অপৰাজিত) আৰু দেৱদত্ত পাডিক্কাল (৬১)ৰ আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে চলিত ছিজনৰ প্ৰথম দিনাই অভিলেখ গঢ়ি উঠে । বিৰাট কোহলীৰ বিশ্ব অভিলেখৰ পৰা আৰম্ভ কৰি আৰ চি বিৰ ঐতিহাসিক ৰান চেজলৈকে বহু অভিলেখ গঢ়ি উঠে এই মেচত ।

কোহলীৰ বিশ্ব অভিলেখ-

এই মেচত বিৰাট কোহলীয়ে ৫টা চাৰি আৰু ৫টা ছয়ৰে ৬৯ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে । ইয়াৰ লগে লগে তেওঁ আই পি এলত ৰান চেজৰ সময়ত ৪০০০ ৰানৰ সীমাত উপনীত হয় । ইয়াৰ ফলত আই পি এলত ৰান চেজ কৰি ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী । এই তালিকাত বিৰাট কোহলীৰ পিছতে আছে ডেভিদ ৱাৰ্নাৰ, যিয়ে ৰান চেজৰ সময়ত ৩২৮৫ ৰান সংগ্ৰহ কৰিছে । এই তালিকাত ৰোহিত শৰ্মা, শিখৰ ধাৱান আৰু ৰবিন উথাপ্পাৰ নামো আছে ।

অভিলেখ গঢ়িলে আৰ চি বিয়ে-

এই মেচখনত দুয়োটা দলে মিলি ৪০৪ ৰান সংগ্ৰহ কৰি আই পি এলৰ উদ্বোধনী মেচত সৰ্বাধিক মুঠ ৰান সংগ্ৰহৰ অভিলেখ গঢ়ে । তদুপৰি আই পি এলৰ ছিজনৰ আৰম্ভণিৰ দিনটোত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ২০০ৰো অধিক মুঠ ৰান চেজ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । আই পি এলত সৰ্বাধিক ২০০তকৈ অধিক ৰান চেজৰ অভিলেখ গঢ়ে আৰ চি বিয়ে । মাত্ৰ ১৫.৪ অভাৰত হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি আৰ চি বিয়ে জয়লাভ কৰে । ইয়াৰ পূৰ্বে এই অভিলেখ ৰাজস্থান ৰয়েলছৰ হাতত আছিল, যিয়ে ২০২৫ চনত গুজৰাট টাইটানছৰ বিৰুদ্ধে ১৫.৫ অভাৰত ২০০তকৈ অধিক ৰান চেজ কৰিছিল ।

ৰোহিত শৰ্মাৰ অভিলেখ ভংগ বিৰাটৰ-

লক্ষ্য অনুসৰণ কৰি আই পি এলৰ ইতিহাসত একক খেলপথাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰোহিত শৰ্মাৰ অভিলেখো ভংগ কৰে বিৰাটে । ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিতে লক্ষ্য অনুসৰণ কৰাৰ সময়ত এখন খেলপথাৰতে ১০০০ৰো অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ । চিন্নস্বামী ষ্টেডিয়ামত ৰান অনুসৰণ কৰাৰ সময়ত কোহলীয়ে ৫০ বা তাতকৈ অধিক স্ক’ৰ কৰা এইটোৱেই আছিল বেংগালুৰুৰ এজন খেলুৱৈৰ সৰ্বাধিক স্ক’ৰ ।

মালিককো অতিক্ৰম কোহলীৰ-

এই মেচত ২৯ ৰান সংগ্ৰহ কৰাৰ পিছতে কোহলীয়ে প্ৰাক্তন পাকিস্তানী বেটছমেন শ্বোয়াইব মালিকক অতিক্ৰম কৰি সৰ্বকালৰ অগ্ৰণী টি-২০ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । টি-২০ ফৰ্মেটত মালিকৰ ১৩,৫৭১ ৰান । কোহলীয়ে এতিয়া তেওঁক চেৰ পেলাইছে । সৰ্বকালৰ টি-২০ ৰানৰ ক্ষেত্ৰত বিৰাটে পঞ্চম স্থানলৈ উন্নীত হৈছে । টি-২০ত সৰ্বাধিক ৰানৰ বিশ্ব অভিলেখ গঢ়িছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে । ২০০৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত গেইলে ৪৬৩ খন টি-২০ মেচ খেলি ১৪,৫৬২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ পিছতে আছে কিৰন পোলাৰ্ড, ইংলেণ্ডৰ এলেক্স হেলছ, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰ, ইংলেণ্ডৰ জোছ বাটলাৰ ।

লগতে পঢ়ক : বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

কিয় বাতিল হ’ল আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান ?

আৰম্ভণি সংস্কৰণৰ পৰাই আই পি এলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে যদিও ২০১৯ চনত বাতিল কৰা হৈছিল

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ ১৯ সংখ্যক সংস্কৰণ ২৮ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হ’ব । শনিবাৰে সন্ধিয়া ৭:৩০ বজাৰ পৰা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব এই মেগা প্ৰতিযোগিতাৰ উদ্বোধনী মেচ । ইফালে আৰম্ভণি সংস্কৰণৰ পৰাই আই পি এলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে যদিও ২০১৯ চনত বাতিল কৰা হৈছিল । পুনৰ আৰম্ভ হৈছিল যদিও এইবাৰ, ২০২৬ চনৰ সংস্কৰণত পুনৰ বাতিল কৰা হৈছে । অৱশ্যে এইবাৰৰ কাৰণটো বেলেগ ।

২০১৯ চনত আই পি এলৰ মুকলি অনুষ্ঠান বাতিল হোৱাৰ আঁৰৰ কাৰণ আছিল বেলেগ । সেই বছৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ৪০ জন জোৱান শ্বহীদ হৈছিল । ফলস্বৰূপে বি চি চি আইয়ে উদ্বোধনী অুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লয় যি ক’ভিড-১৯ মহামাৰীৰ বাবে পিছতো অব্যাহত থাকে । অৱশ্যে যোৱা বছৰ কলকাতাত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত এক বৃহৎ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল । শ্বাহৰুখ খান, শ্ৰেয়া ঘোষাল, দিশা পাটানি আৰু কৰণ আউজলাই অনুষ্ঠান পৰিৱেশন কৰিছিল ।

আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান বাতিল!

একাংশ সংবাদ মাধ্যমে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ উদ্ধৃতি দি কয় যে এইবাৰ কোনো উদ্বেধনী অনুষ্ঠান নাথাকে । বিচিচিআই আৰু আইপিএলৰ গভৰ্নিং কাউন্সিলে এক বৃহৎ সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ লগতে কয় যে এইবাৰ আইপিএলৰ উদ্বোধনী অনুষ্ঠান নাথাকিব ।

কিয় বাতিল হ’ল আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান ?

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজনৰ উদ্বোধনী মেচখন । আৰচিবি আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব এই মেচ । শেহতীয়াকৈ এই ষ্টেডিয়ামত নিষেধাজ্ঞাৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাছিল । যোৱা বছৰ আই পি এল সমাপ্ত হোৱাৰ পিছত তাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল, যাৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছিল ।

বিগত বছৰত প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছিল আৰ চি বিয়ে । আৰ চি বিয়ে পিছদিনা নিজৰ ঘৰুৱা খেলপথাৰত (এম চিন্নাস্বামী ষ্টেডিয়াম) এই বিজয় উদযাপন কৰাৰ সিদ্ধান্ত লয়, য’ত সমগ্ৰ দলটোৱে অংশগ্ৰহণ কৰে । এই খৰখেদা সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিচালনা সমিতিয়ে কোনো বিশেষ প্ৰস্তুতি চলোৱা নাছিল আৰু ষ্টেডিয়ামৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী গোট খাইছিল । টিকটো বিনামূলীয়া আছিল, যাৰ ফলত ভিৰ আৰু বৃদ্ধি পাইছিল আৰু সকলোৱে ভিতৰলৈ সোমাব বিচাৰিছিল । ষ্টেডিয়ামৰ বাহিৰত হোৱা হুলস্থুলত মৃত্যু হয় এঘাৰজন অনুৰাগীৰ ।

যোৱা ৪ জুনত সংঘটিত হোৱা এই ঘটনাৰ বাবে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰা হয় । মৃতকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত লোৱা হৈছে । বিচিচিআইয়ে প্ৰকাশ কৰিছে আই পি এল ২০২৬ৰ সম্পূৰ্ণ সূচী । ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব লীগ পৰ্যায় আৰু ২৪ মাৰ্চলৈকে চলিব । মুঠ ৭০খন খেল ১২টা স্থানত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬