বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৬৯ ৰান আৰু দেৱদত্ত পাডিক্কালে ৬১ ৰান সংগ্ৰহ কৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ উদ্বোধনী মেচত আজি মুখামুখি হয় ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা

আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৬৯ ৰান আৰু দেৱদত্ত পাডিক্কালে ৬১ ৰান সংগ্ৰহ কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ উদ্বোধনী মেচত আজি মুখামুখি হয় ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি আৰচিবিক ২০২ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । লক্ষ্য অনুসৰণ কৰি আৰ চি বিয়ে ৭টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । মাত্ৰ ১৫.৪ অভাৰতে এই লক্ষ্যত উপনীত হয় বেংগালুৰু । আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৬৯ ৰান আৰু দেৱদত্ত পাডিক্কালে ৬১ ৰান সংগ্ৰহ কৰে ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে যোৱা ছিজনত প্ৰথমবাৰৰ বাবে পঞ্জাব কিংছ (পিবিকেএছ)ক পৰাস্ত কৰি আইপিএলৰ ট্ৰফী লাভ কৰিছিল । এতিয়া খিতাপ ৰক্ষাৰ উদ্দেশ্যেৰে এই ছিজনত প্ৰৱেশ কৰিছে আৰ চি বিয়ে । ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনত ১০ বছৰীয়া খিতাপ খৰাং অন্ত পেলাবলৈ চেষ্টা কৰিব ।

ৰান চেজত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ আৰম্ভণি দুৰ্বল আছিল । ফিল ছল্ট ৮ ৰানতে পেভিলিয়নমুখী হয় । ফাষ্ট বলাৰ জয়দেৱ উনাদকাটৰ বলত হেইনৰিখ ক্লাচেনে ছল্টৰ কেচ আয়ত্ত কৰে । ইয়াৰ পিছতে ইমপেক্ট ছাব দেৱদত্ত পাডিক্কাল আৰু বিৰাট কোহলীয়ে দ্বিতীয় উইকেটৰ বাবে ১০১ ৰানৰ অংশীদাৰিত্বৰে আৰচিবিৰ ইনিংছ স্থিৰ কৰে । দেৱদত্তই মাত্ৰ ২৬টা বলত ৬১ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই ইনিংছত ৭টা চাৰি আৰু ৪টা ছয় আছিল । ২১টা বলত দেৱদত্তে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । হৰ্ষ ডুবেৰ বলত হাইনৰিখ ক্লাচেনে তেওঁৰ কেচ আয়ত্ত কৰে ।

ইয়াৰ পাছতে অধিনায়ক ৰজত পাটিদাৰ আৰু বিৰাট কোহলীয়ে দ্বিতীয় উইকেটত ৫৩ ৰান সংযোজন কৰে । পাতিদাৰে মাত্ৰ ১২টা বলত ৩১ ৰান সংগ্ৰহ কৰে, য’ত দুটা চাৰি আৰু তিনিটা ছয়কে আছিল । পাটিদাৰক আউট কৰে বেগী বলাৰ ডেভিদ পেইনে । ইয়াৰ পাছতে পাইনে পৰৱৰ্তী বলত জিতেশ শৰ্মাক (০ ৰান) আউট কৰে । ইয়াৰ পিছতে বিৰাট কোহলী আৰু টিম ডাভিদে আৰচিবিক জয়ৰ দিশে আগুৱাই লৈ যায় ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ইনিংছ-

মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰে । প্ৰথমে বেটিং কৰি দলটোৱে ৯ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি বেয়া আছিল, অভিষেক শৰ্মাক মাত্ৰ ১৮ ৰানতে আউট হৈছিল ।

ইয়াৰ পিছতে অধিনায়ক ঈশান কিষান আৰু হেইনৰিখ ক্লাচেনে চতুৰ্থ উইকেটৰ বাবে ৯৭ ৰানৰ অংশীদাৰিত্বৰে দলটোক স্থিৰ কৰে । এই অংশীদাৰিত্বৰ সময়ছোৱাত ঈশানে ২৭টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । তেওঁ ৭টা চাৰি আৰু দুটা ছয় কোবাই । ক্লাচেনক ৰোমাৰিয়া শ্বেফাৰ্ডে ৩১ ৰানত আউট কৰি অংশীদাৰিত্ব ভংগ কৰে । ইয়াৰ পিছতে সলিল অৰোৰাক ৯ ৰানত আউট কৰে সুয়াশ শৰ্মাই ।

ঈশান কিষানে শক্তিশালে বেটিঙেৰে ৩৮টা বলত ৮০ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৫টা ছয় আছিল । হৰ্ষ ডুবে (৩ ৰান) আৰু হৰ্ষল পেটেলে (০ ৰান) ব্যৰ্থ হয় । হায়দৰাবাদক ২০০ ৰান অতিক্ৰম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনিকেত বাৰ্মাই মাত্ৰ ১৮টা বলত ৪৩ ৰান কৰে । আৰচিবিৰ হৈ জেকব ডাফী আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে তিনিটাকৈ উইকেট দখল কৰে ।

এই মেচখনৰ বাবে আৰ চি বিয়ে বেষ্ট বলাৰ অভিনন্দন সিং আৰু জেকব ডাফীক বাছনি কৰে । এইটোৱেই আছিল দুয়োজন খেলুৱৈৰ বাবে তেওঁলোকৰ আই পি এলৰ অভিষেক । ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আগ্ৰাসী বেটছমেন সলিল অৰোৰা আৰু বেগী বলাৰ ডেভিদ পেইনে আই পি এলত অভিষেক ঘটায় ।

লগতে পঢ়ক : আজিৰে পৰা আই পি এলৰ মহাৰণ, বিৰাটৰ ‘বিৰাট’ ৰূপ চাবলৈ উত্ৰাৱল অনুৰাগী