আজিৰে পৰা আই পি এলৰ মহাৰণ, বিৰাটৰ ‘বিৰাট’ ৰূপ চাবলৈ উত্ৰাৱল অনুৰাগী

আজিৰে পৰা আই পি এলৰ মহাৰণ, বিৰাটৰ ‘বিৰাট’ ৰূপ চাবলৈ উত্ৰাৱল অনুৰাগী

আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ এছ আৰ এইচৰ মাজত অনুষ্ঠিত হ’ব আজিৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক সংস্কৰণ । আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ

আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ এছ আৰ এইচৰ মাজত অনুষ্ঠিত হ’ব

আজিৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক সংস্কৰণ । আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’ব । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন, য’ত অনুৰাগীয়ে ছয় আৰু চাৰিৰ বৰষুণ বৰষুণ চাবলৈ উদগ্ৰীৱ হৈ আছে ।

এই মেচত সকলোৰে দৃষ্টি থাকিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কিংবদন্তি বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ওপৰত, যিয়ে বহুদিনৰ মূৰত খেলপথাৰত নামিব । যুৱ উইকেটকীপাৰ-বেটছমেন ঈশান কিষানৰ বাবেও এই মেচখন অগ্নিপৰীক্ষা বিচাবে বিবেচিত হৈছে । কিয়নো নিয়মীয়া অধিনায়ক পেট কামিন্সৰ আঘাতৰ বাবে ঈশানে প্ৰাৰম্ভিক মেচসমূহত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কৰ দায়িত্ব পালন কৰিব ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপজ্জনক অ’পেনিং যুটি ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব সকলোৰে । ট্ৰেভিছ হেড, অভিষেক শৰ্মা আৰু ঈশান কিষানৰ দলটোৱে বিগত দুটা ছিজনত প্ৰতিটো দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে । এই তিনিওজন পাৱাৰপ্লে’ত বিস্ফোৰক বেটিং কৰাত পাকৈত, দ্ৰুত আৰম্ভণিৰ সৈতে মেচৰ পৰিস্থিতি ঘূৰাই দিয়া আৰু ডাঙৰ স্ক’ৰ সহজ লক্ষ্যত পৰিণত কৰাত সিদ্ধহস্ত ।

ইফালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা মেচ ৰোমাঞ্চকৰ হৈ আহিছে । আই পি এলত এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ২৬খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১১খন মেচত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্ভাৱ্য মূল-১২ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাডিক্কল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিয় শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, সূয়াশ শৰ্মা, জেকব ডাফী, ৰছিক চালাম দাৰ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্ভাৱ্য মূল-১২ :

অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ (অধিনায়ক/উইকেটকীপাৰ), হেনৰিখ ক্লাচেন, নীতিশ কুমাৰ ৰেড্ডী, লিয়াম লিভিংষ্টন, অনিকেট বাৰ্মা, হৰ্শাল পেটেল, জয়দেৱ উনাদকাট, ব্ৰাইডন কাৰ্ছ, শিৱম মাভি, জীশন আনছাৰী ।

লগতে পঢ়ক : চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীলৈ বেয়া খবৰ; খেলিব নোৱাৰিব এম এছ ধোনীয়ে