নতুন জাৰ্চিত পুৰণি দলৰ সৈতে সংঘৰ্ষ, আজি আই পি এলত সঞ্জু-জাডেজাৰ মুখামুখি

ৰবীন্দ্ৰ জাডেজাইও নিজৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিৰুদ্ধে খেলিব, যিয়ে মেচখন এক ৰোমাঞ্চকৰ পৰ্যায়লৈ লৈ যাব বুলি আশা কৰা হৈছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তৃতীয়খন খেল সোমবাৰে চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব । গুৱহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । এটা দশকৰো অধিক সময় ধৰি ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত সঞ্জু চেমছনৰ বাবে এই মেচখন অতি আৱেগিক হ’ব । তেওঁৰ পূৰ্বৰ দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব । ইফালে ৰবীন্দ্ৰ জাডেজাইও নিজৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিৰুদ্ধে খেলিব, যিয়ে মেচখন এক ৰোমাঞ্চকৰ পৰ্যায়লৈ লৈ যাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য য়ে, এটা দশকৰো অধিক সময় ৰাজস্থান ৰয়েলছৰ মুখ আছিল চেমছন । তেওঁ দলটোৰ মূল বেটছমেন, অধিনায়ক আৰু আগশাৰীৰ ৰাণ সংগ্ৰহকাৰী হিচাপে ২০২২ চনৰ ফাইনেলত দলটোক নেতৃত্ব দিছিল ।

এম এছ ধোনী যেনেকৈ চেন্নাই ছুপাৰ কিংছৰ মুখ আছিল, চেমছন আছিল ৰাজস্থান ৰয়েলছৰ মুখ । কিন্তু জাডেজা ৰাজস্থানলৈ উভতি অহাৰ লগে লগে কেৰালাৰ বেটছমেনগৰাকীক এতিয়া হালধীয়া জাৰ্চি পিন্ধা দেখা যাব ।

উল্লেখ্য যে, চেমছন বৰ্তমান শক্তিশালী ফৰ্মত আছে । শেহতীয়াকৈ ভাৰতৰ টি-২০ বিশ্বকাপ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে জয়ী হোৱা মেচত একেৰাহে তিনিটা অৰ্ধশতক অৰ্জন কৰি দেশৰ নতুন তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে তেওঁ ।

সঞ্জু চেমছন আৰু অধিনায়ক ৰুতুৰাজ গাইকোৱাদে ইনিংছ মুকলি কৰিব আৰু দলৰ নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব, কিয়নো আঘাতৰ বাবে এম এছ ধোনী কমেও দুসপ্তাহৰ বাবে আই পি এলৰ পৰা আঁতৰি থাকিব । দলটোৰ সৈতে ধোনী গুৱাহাটীলৈ অহা নাই আৰু তেওঁৰ অনুপস্থিতিত চেমছন আৰু গাইকোৱাদৰ অতিৰিক্ত দায়িত্ব থাকিব ।

বৈভৱ সূৰ্য্যবংশীৰ ওপৰত থাকিব চকু-

ৰাজস্থান ৰয়েলছৰ বাবে চেমছনৰ বিদায়ে এটা যুগৰ অন্ত আৰু নতুন যুগৰ আৰম্ভণিৰ সূচনা কৰিছে । এতিয়া দলটোৰ অধিনায়ক ৰিয়ান পৰাগ । অধিনায়ক হিচাবে আজি ঘৰুৱা খেলপথাৰত অভিষেক ঘটাব ৰিয়ানে । ৰবীন্দ্ৰ জাডেজাৰ প্ৰত্যাৱৰ্তনে ৰাজস্থানক অভিজ্ঞতা আৰু ভাৰসাম্য প্ৰদান কৰিব যদিও তেওঁৰ ফিনিছিং ক্ষমতা হ্ৰাস পোৱাটো চিন্তাৰ বিষয় হ’ব পাৰে ।

দলটোৰ বেটিং এতিয়া বহুলাংশে নিৰ্ভৰ কৰিব বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়ছোৱালৰ ওপৰত । অৱশ্যে ৰাজস্থানৰ বলিং চিন্তাৰ বিষয় হৈ আছে । ২০২৫ চনৰ হতাশাজনক ছিজনৰ পিছত পৰিৱৰ্তন হৈছে যদিও জোফ্ৰা আৰ্চাৰৰ নেতৃত্বত চলি থকা ফাষ্ট বলিং আক্ৰমণৰ ধাৰাবাহিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

ৰাজস্থানৰ সম্ভাৱ্য মূল একাদশ : যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, দছুন চানাকা, জোফ্ৰা আৰ্চাৰ, সন্দীপ শৰ্মা, ৰবি বিষ্ণোই, আদম মিলনে ।

ইমপেক্ট প্লেয়াৰ: অমন ৰাও পেৰালা

চেন্নাই ছুপাৰ কিংছৰ সম্ভাৱ্য মূল একাদশ : সঞ্জু চেমছন (উইকেটকীপাৰ), ৰুতুৰাজ গাইকোৱাড (অধিনায়ক), আয়ুছ মাহাত্ৰে, দেৱাল্ড ব্ৰুইছ, শিৱম ডুবে, প্ৰশান্ত বীৰ, জেমী অভাৰটন, অংশুল কামোজ, ৰাহুল চহৰ, নূৰ আহমেদ, খলিল আহমেদ

ইমপেক্ট প্লেয়াৰ: কাৰ্তিক শৰ্মা

লগতে পঢ়ক : বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

আজিৰে পৰা আই পি এলৰ মহাৰণ, বিৰাটৰ ‘বিৰাট’ ৰূপ চাবলৈ উত্ৰাৱল অনুৰাগী

আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন আৰ চি বি আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ এছ আৰ এইচৰ মাজত অনুষ্ঠিত হ’ব

আজিৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক সংস্কৰণ । আই পি এলৰ এই ছিজনৰ উদ্বোধনী মেচখন ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’ব । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন, য’ত অনুৰাগীয়ে ছয় আৰু চাৰিৰ বৰষুণ বৰষুণ চাবলৈ উদগ্ৰীৱ হৈ আছে ।

এই মেচত সকলোৰে দৃষ্টি থাকিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কিংবদন্তি বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ওপৰত, যিয়ে বহুদিনৰ মূৰত খেলপথাৰত নামিব । যুৱ উইকেটকীপাৰ-বেটছমেন ঈশান কিষানৰ বাবেও এই মেচখন অগ্নিপৰীক্ষা বিচাবে বিবেচিত হৈছে । কিয়নো নিয়মীয়া অধিনায়ক পেট কামিন্সৰ আঘাতৰ বাবে ঈশানে প্ৰাৰম্ভিক মেচসমূহত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কৰ দায়িত্ব পালন কৰিব ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপজ্জনক অ’পেনিং যুটি ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব সকলোৰে । ট্ৰেভিছ হেড, অভিষেক শৰ্মা আৰু ঈশান কিষানৰ দলটোৱে বিগত দুটা ছিজনত প্ৰতিটো দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে । এই তিনিওজন পাৱাৰপ্লে’ত বিস্ফোৰক বেটিং কৰাত পাকৈত, দ্ৰুত আৰম্ভণিৰ সৈতে মেচৰ পৰিস্থিতি ঘূৰাই দিয়া আৰু ডাঙৰ স্ক’ৰ সহজ লক্ষ্যত পৰিণত কৰাত সিদ্ধহস্ত ।

ইফালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা মেচ ৰোমাঞ্চকৰ হৈ আহিছে । আই পি এলত এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ২৬খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১১খন মেচত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্ভাৱ্য মূল-১২ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাডিক্কল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিয় শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, সূয়াশ শৰ্মা, জেকব ডাফী, ৰছিক চালাম দাৰ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্ভাৱ্য মূল-১২ :

অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ (অধিনায়ক/উইকেটকীপাৰ), হেনৰিখ ক্লাচেন, নীতিশ কুমাৰ ৰেড্ডী, লিয়াম লিভিংষ্টন, অনিকেট বাৰ্মা, হৰ্শাল পেটেল, জয়দেৱ উনাদকাট, ব্ৰাইডন কাৰ্ছ, শিৱম মাভি, জীশন আনছাৰী ।

লগতে পঢ়ক : চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীলৈ বেয়া খবৰ; খেলিব নোৱাৰিব এম এছ ধোনীয়ে

১৫ হাজাৰ কোটিত বিক্ৰী হ’ল ৰাজস্থান ৰয়েলছ

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল

আই পি এলৰ ১৯ সংখ্যক ছিজনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ । আই পি এলৰ ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্বৰ দৌৰ এতিয়া অন্ত পৰিল । আমেৰিকাৰ ব্যৱসায়ী কাল সোমানীয়ে এতিয়া এই ফ্ৰেঞ্চাইজি লাভ কৰিছে ।

খবৰ অনুসৰি, কাল সোমানীয়ে ১০০ শতাংশ অংশীদাৰিত্বকে ধৰি এই আই পি এল ফ্ৰেঞ্চাইজিটো প্ৰায় ১.৬৩ বিলিয়ন ডলাৰ (প্ৰায় ১৫ হাজাৰ কোটি টকা)ৰ বৃহৎ মূল্যত অধিগ্ৰহণ কৰিছে । এই চুক্তিৰ জৰিয়তে ৰাজস্থান ৰয়েলছ বিশ্বৰ আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হিচাপে পৰিগণিত হৈছে ।

খবৰ অনুসৰি কাল সোমানী হৈছে ইন্ট্ৰাএজ, একাডেমিয়ান আৰু ট্ৰুয়ো.এআইৰ প্ৰতিষ্ঠাপক । এই কনচৰ্টিয়ামটো ৱালমাৰ্ট পৰিয়ালৰ সৈতে জড়িত আমেৰিকান ব্যৱসায়ী ৰব ৱাল্টনেও সমৰ্থন কৰে । তদুপৰি ইয়াত ডেট্ৰাইট লায়ন্স দলৰ মালিক হেম্প পৰিয়ালটোও অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি এই নতুন মালিকীস্বত্বৰ প্ৰভাৱ আই পি এল ২০২৬ৰ পিছত কাৰ্যকৰী হ’ব ।

এই নতুন চুক্তিৰ পূৰ্বে ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ী মনোজ বাদালেৰ ৰাজস্থান ৰয়েলছৰ ৬৫% অংশীদাৰিত্ব আছিল । অৱশ্যে কাল সোমানীয়ে এতিয়া ১০০% অংশীদাৰিত্বৰ মালিক হ’ব । অৱশ্যে এই চুক্তি ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অনুমোদনৰ আওতাত আছে আৰু অতি সোনকালে এই চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে অহা চাৰি-পাঁচ দিনৰ ভিতৰত এই চুক্তি ঘোষণা হোৱাৰ সম্ভাৱনা আছে । ইফালে আই পি এলৰ আন এটা ডাঙৰ দল আৰ চি বি (ডিফেণ্ডিং চেম্পিয়ন)ও বিক্ৰীৰ বাবে সাজু হৈছে বুলি কোৱা হৈছে ।

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা-

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল । এই মেগা প্ৰতিযোগিতাৰ প্ৰথমটো ছিজনতে ফ্ৰেঞ্চাইজিটোৱে প্ৰথম খিতাপ দখল কৰিছিল । অৱশ্যে ইয়াৰ পিছতো দলটোৱে অবিৰত সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছে । ২০২২ চনত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিছিল গুজৰাট টাইটানছে ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলত অসমৰ উমা চেত্ৰী