আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল
আই পি এলৰ ১৯ সংখ্যক ছিজনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ । আই পি এলৰ ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্বৰ দৌৰ এতিয়া অন্ত পৰিল । আমেৰিকাৰ ব্যৱসায়ী কাল সোমানীয়ে এতিয়া এই ফ্ৰেঞ্চাইজি লাভ কৰিছে ।
খবৰ অনুসৰি, কাল সোমানীয়ে ১০০ শতাংশ অংশীদাৰিত্বকে ধৰি এই আই পি এল ফ্ৰেঞ্চাইজিটো প্ৰায় ১.৬৩ বিলিয়ন ডলাৰ (প্ৰায় ১৫ হাজাৰ কোটি টকা)ৰ বৃহৎ মূল্যত অধিগ্ৰহণ কৰিছে । এই চুক্তিৰ জৰিয়তে ৰাজস্থান ৰয়েলছ বিশ্বৰ আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হিচাপে পৰিগণিত হৈছে ।
খবৰ অনুসৰি কাল সোমানী হৈছে ইন্ট্ৰাএজ, একাডেমিয়ান আৰু ট্ৰুয়ো.এআইৰ প্ৰতিষ্ঠাপক । এই কনচৰ্টিয়ামটো ৱালমাৰ্ট পৰিয়ালৰ সৈতে জড়িত আমেৰিকান ব্যৱসায়ী ৰব ৱাল্টনেও সমৰ্থন কৰে । তদুপৰি ইয়াত ডেট্ৰাইট লায়ন্স দলৰ মালিক হেম্প পৰিয়ালটোও অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি এই নতুন মালিকীস্বত্বৰ প্ৰভাৱ আই পি এল ২০২৬ৰ পিছত কাৰ্যকৰী হ’ব ।
এই নতুন চুক্তিৰ পূৰ্বে ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ী মনোজ বাদালেৰ ৰাজস্থান ৰয়েলছৰ ৬৫% অংশীদাৰিত্ব আছিল । অৱশ্যে কাল সোমানীয়ে এতিয়া ১০০% অংশীদাৰিত্বৰ মালিক হ’ব । অৱশ্যে এই চুক্তি ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অনুমোদনৰ আওতাত আছে আৰু অতি সোনকালে এই চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে অহা চাৰি-পাঁচ দিনৰ ভিতৰত এই চুক্তি ঘোষণা হোৱাৰ সম্ভাৱনা আছে । ইফালে আই পি এলৰ আন এটা ডাঙৰ দল আৰ চি বি (ডিফেণ্ডিং চেম্পিয়ন)ও বিক্ৰীৰ বাবে সাজু হৈছে বুলি কোৱা হৈছে ।
আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা-
আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল । এই মেগা প্ৰতিযোগিতাৰ প্ৰথমটো ছিজনতে ফ্ৰেঞ্চাইজিটোৱে প্ৰথম খিতাপ দখল কৰিছিল । অৱশ্যে ইয়াৰ পিছতো দলটোৱে অবিৰত সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছে । ২০২২ চনত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিছিল গুজৰাট টাইটানছে ।
লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলত অসমৰ উমা চেত্ৰী









