আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে
শুকুৰবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । কলকাতাৰ এইটো আছিল চলিত ছিজনত একেৰাহে চতুৰ্থটো জয় ।
ফিন এলেনৰ বেটিং তাণ্ডৱ-
১৪৩ ৰাণৰ বিজয় লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা কলকাতাৰ হৈ তাণ্ডৱ চলায় নিউজীলেণ্ডৰ তাৰকা ফিন এলেনে । ‘ইমপেক্ট চাব’ হিচাপে খেলপথাৰত নমা এলেনে মাত্ৰ ৪৭ টা বলত ১০০ ৰাণৰ এক অবিস্মৰণীয় অপৰাজিত শতকীয় ইনিংছ খেলে । তেওঁৰ এই ইনিংছটোত আছিল ১০ টা বিশাল ছিক্সাৰ আৰু ৫ টা চাৰি । এলেনৰ এই বিস্ফোৰক বেটিংৰ সহায়ত কলকাতাই মাত্ৰ ১৪.২ অভাৰতে ২ উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে । কেমেৰন গ্ৰীনে দুটা ছিক্সাৰেৰে ৩৩ ৰাণ কৰি এলেনক যোগ্য সংগত দিয়ে ।
দিল্লীৰ বেটিং বিপৰ্যয়-
ইয়াৰ পূৰ্বে, টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অ’পেনাৰ পাথুম নিশাংকাই ২৯ টা বলত ৫০ ৰাণ আৰু আশুতোষ শৰ্মাই ৩৯ ৰাণৰ অৱদান আগবঢ়ায় যদিও আন বেটাৰসকলে বিশেষ সহায় কৰিব নোৱাৰিলে । এটা সময়ত ১ উইকেটত ৭৪ ৰাণ কৰি মজবুত স্থিতিত থকা দিল্লীয়ে হঠাৎ মাজভাগত উইকেট হেৰুৱাই বিপাঙত পৰে । কলকাতাৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে দুটাকৈ উইকেট দখল কৰে ।
পইণ্ট তালিকাৰ স্থিতি-
এই জয়ৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ ১০ খন মেচত ৯ পইণ্ট হৈছে । আনহাতে, পৰাজিত দিল্লী কেপিটেলছৰ ১১ খন মেচত ৮ পইণ্টত স্থিৰ আছে । চলিত ছিজনত দুয়োটা দলেই এতিয়ালৈকে তেনে কোনো বিশেষ চমক দেখুৱাব পৰা নাই ।
হেড-টু-হেড পৰিসংখ্যা-
আই পি এলৰ ইতিহাসত দিল্লী আৰু কলকাতাৰ মাজত হোৱা ৩৫ খন মুখামুখি যুঁজত ২০ খনত কলকাতা জয়ী হোৱাৰ বিপৰীতে ১৫ খনত দিল্লীয়ে জয়লাভ কৰিছে । যোৱা ছিজনতো কলকাতাই দিল্লীক ১৪ ৰাণত পৰাস্ত কৰিছিল ।
লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ









