প্ৰতিযোগিতাখন তীব্ৰতৰ হৈ অহাৰ লগে লগে খেলুৱৈসকলৰ মাজত অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভৰ যুঁজো তীব্ৰ হৈ পৰিছে
আইপিএল ২০২৬ এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯সংখ্যক সংস্কৰণত ইতিমধ্যে ৬৬খন মেচ খেলা হৈ গৈছে আৰু লীগ পৰ্যায়ৰ মাত্ৰ ৪খন মেচহে বাকী আছে । প্লে-অফৰ দৌৰত তিনিটা দলে নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটান্স আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে অফিচিয়েলভাৱে কোৱালিফাই কৰিছে । আনহাতে, চতুৰ্থটো স্থান লাভৰ বাবে এতিয়াও ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ আশা জীৱিত আছে ।
প্ৰতিযোগিতাখন তীব্ৰতৰ হৈ অহাৰ লগে লগে খেলুৱৈসকলৰ মাজত অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভৰ যুঁজো তীব্ৰ হৈ পৰিছে । নিয়ম অনুসৰি, সমগ্ৰ আইপিএল ছিজনত আটাইতকৈ বেছি ৰান কৰা বেটছমেনজনক অৰেঞ্জ কেপ আৰু আটাইতকৈ বেছি উইকেট দখল কৰা বলাৰজনক পাৰ্পল কেপ প্ৰদান কৰা হয় । লীগ সমাপ্ত হোৱাৰ পিছত এই কেপধাৰীসকলে ট্ৰফীৰ লগতে পুৰস্কাৰৰ ধনো লাভ কৰে ।
চলতি ছিজনৰ এক ডাঙৰ খবৰ এই যে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলী বৰ্তমান সৰ্বাধিক ৰান সংগ্ৰহকাৰী শীৰ্ষ ৫জন বেটছমেনৰ তালিকাৰ পৰা বাহিৰ হৈছে । কোহলীয়ে ১৩খন ইনিংছত ১টা শতক আৰু ৪টা অৰ্ধশতকৰ সহায়ত ৫৪২ ৰান সংগ্ৰহ কৰি বৰ্তমান তালিকাত ষষ্ঠ স্থানত আছে । তেওঁ অৰেঞ্জ কেপধাৰী খেলুৱৈজনতকৈ ৯৬ ৰান পিছ পৰি আছে । আজি অৱশ্যে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে হ’বলগীয়া গুৰুত্বপূৰ্ণ খেলখনত কোহলীৰ হাতত পুনৰ ওপৰলৈ উঠাৰ সুযোগ থাকিব ।
বৰ্তমান অৰেঞ্জ কেপ আছে গুজৰাট টাইটান্সৰ অপেনাৰ ছাই সুদৰ্শনৰ হাতত । তেওঁ ১৪খন ইনিংছত ১টা শতক আৰু ৭টা অৰ্ধশতকৰ সৈতে সৰ্বাধিক ৬৩৮ ৰান সংগ্ৰহ কৰি শীৰ্ষত আছে । অলপতে বৃহস্পতিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত তেওঁ ৫৩টা বলত ৮৪ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলিছিল । এই তালিকাত ৬১৬ ৰানেৰে দ্বিতীয় স্থানত আছে গুজৰাটৰে শুভমন গিল । ইয়াৰ পিছতে ক্ৰমে ৰাজস্থান ৰয়েলছৰ বৈভৱ সূৰ্যবংশী (৫৭৯ ৰান), লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মিচেল মাৰ্শ (৫৬৩ ৰান) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিক ক্লাছেন (৫৫৫ ৰান) আছে ।
আনহাতে, পাৰ্পল কেপৰ দৌৰত বলাৰসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ চেন্নাইৰ বিৰুদ্ধে ৩টা উইকেট দখল কৰি ৰাবাডাই সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰিছে । আৰ চি বিৰ ভুৱনেশ্বৰ কুমাৰ আৰু গুজৰাট টাইটান্সৰ ৰাবাডা দুয়োৰে নামত বৰ্তমান ২৪টাকৈ উইকেট আছে । কিন্তু ভুৱনেশ্বৰ কুমাৰৰ ইকোনমি ৰেট ৰাবাডাতকৈ ভাল হোৱাৰ বাবে পাৰ্পল কেপটো বৰ্তমান ভুৱনেশ্বৰৰ দখলতেই আছে । এই তালিকাত ২১টা উইকেটেৰে তৃতীয় স্থানত আছে চেন্নাইৰ অংশুল কম্বোজ । ইয়াৰ পিছতে গুজৰাটৰ ৰাছিদ খানে ১৯টা উইকেট আৰু ৰাজস্থান ৰয়েলছৰ জোফ্ৰা আৰ্চাৰে ১৮টা উইকেট লৈ পাৰ্পল কেপৰ দৌৰত নিজকে বচাই ৰাখিছে ।
লগতে পঢ়ক : আই পি এল ২০২৬ : অন্তিম ৫খন খেল আৰু প্লে-অফৰ উত্তেজনাময় অংক









