তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে এনডিএ! ধূলিস্যাৎ বিৰোধীৰ দুৰ্গ

তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে। অসমত ধূলিস্যাৎ হোৱাৰ দিছে বিৰোধীৰ দুৰ্গ।

অসমত বিজেপি নেতৃত্বাধীন নেচনেল ডেমক্ৰেটিক এলায়েন্স এক নিৰ্ণায়ক আৰু বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈ পৰিছে । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ১২৬ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি বিজেপিয়ে ৯৯খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ২৫খন আসনত আগবাঢ়ি আছে । ইয়াৰ লগে লগে ভোট গণনা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, বিজেপিয়ে ৯৯খন আসনত, ভাৰতীয় জাতীয় কংগ্ৰেছে ২৫খন আসনত আৰু ইয়াৰ পিছতে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) আৰু অসম গণ পৰিষদে ১০খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে । আনহাতে, AIUDF ২খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে UPPL আৰু ৰাইজৰ দল ১খনকৈ আসনত আগবাঢ়ি আছে । ইয়াৰ লগে লগে বিজেপিয়ে এক স্পষ্ট প্ৰাৰম্ভিক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।

জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩৯,২১৪ টা ভোট লাভ কৰিছে । ১৮ ৰাউণ্ডৰ গণনাৰ ভিতৰত ষষ্ঠ ৰাউণ্ডলৈকে তেওঁ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ (১৫,২৮৩ ভোট) তুলনাত ২৩,৯৩১ টা ভোটত গ্ৰগতি লাভ কৰিছে । ইফালে দিছপুৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে এক শক্তিশালী অগ্ৰগতি অক্ষুণ্ণ ৰাখিছে; তেওঁ নটা ৰউণ্ডৰ গণনাৰ অন্তত ৫৭,২৫০ টা ভোট লাভ কৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ (২১,৯৬৫ ভোট) বিৰুদ্ধে ৩৫,২৮৫ টা ভোটত অগ্ৰগতি লাভ কৰিছে ।

আনহাতে, নিৰ্বাচন আয়োগৰ দহটা ৰাউণ্ডৰ গণনাৰ ধাৰা অনুসৰি যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ পিছ পৰি আছে । বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৪৮,১৩৮ টা ভোট লাভ কৰি আগবাঢ়ি থকাৰ বিপৰীতে গৌৰৱ গগৈয়ে ৩২,২০৬ টা ভোট লাভ কৰিছে । প্ৰাৰম্ভিক ধাৰাসমূহে এই সমষ্টিটোত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে ।

ইফালে বহু চৰ্চিত খোৱাং সমষ্টিত এক তীব্ৰ নিৰ্বাচনী যুঁজ পৰিলক্ষিত হৈছে । এই সমষ্টিটোত ১৫ ৰাউণ্ডৰ ভিতৰত ৮ টা ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ৩৮,৮৪০ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ২৯,৫১৮ টা ভোট লাভ কৰিছে । তেওঁ বিজেপিৰ প্ৰাৰ্থীগৰাকীতকৈ ৯,৩২২ টা ভোটত পিছ পৰি আছে । ইফালে শিৱসাগৰ সমষ্টিটো তুমুল প্ৰতিদ্বন্দ্বিতা দেখা গৈছে । এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী কুশল দুৱৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি ৰাইজৰ দলৰ সভাপতি অখিল গগৈতকৈ ৯৩৩ টা ভোটত পিছ পৰি আছে ।

লগতে পঢ়ক: তামিলনাডুত ইতিহাস সৃষ্টিৰ দিশে থালাপথী বিজয়ৰ TVK

‘গণতন্ত্ৰৰ পাঠ মোক নালাগে’: পৱন খেৰাৰ গোচৰক লৈ সিংভীক প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভীক তীব্ৰ সমালোচনা কৰি কয় যে গণতন্ত্ৰ, ৰাজহুৱা আলোচনা বা ভদ্ৰতাৰ পাঠ মোক নালাগে

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভীক তীব্ৰ সমালোচনা কৰি কয় যে,- “গণতন্ত্ৰ, ৰাজহুৱা আলোচনা বা ভদ্ৰতাৰ পাঠ মোক নালাগে ।” দলীয় মুখপাত্ৰ পৱন খেৰাৰ গোচৰক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।

X-ত এক কঠোৰ বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সিংভীক পোনপটীয়া বিতৰ্ক পৰিহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু লগতে অভিযোগ কৰে যে কোনো ধৰণৰ ৰাজনৈতিক জড়িত নথকা এগৰাকী মহিলাক লক্ষ্য কৰি লৈ “জাল নথিপত্ৰ” ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় টেলিভিছনত তেওঁৰ চৰিত্ৰ হনন কৰা হৈছে । তেওঁ বিশ্বাস প্ৰকাশ কৰে যে আদালতে এই বিষয়টো গুৰুত্বসহকাৰে ল’ব আৰু দোষীক শাস্তি প্ৰদান কৰিব ।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি সিংভীয়ে মুখ্যমন্ত্ৰীগৰাকীক এই গোচৰটোৰ ক্ষেত্ৰত নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ড০ শৰ্মাৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে । সিংভীয়ে কৈছিল যে এই বিষয়টোৰ সৈতে জড়িত কেইবাটাও ৰাজহুৱা মন্তব্য “অত্যন্ত অনুচিত” আছিল আৰু ই গণতান্ত্ৰিক মৰ্যাদা লাঘৱ কৰিছিল ।

সিংভীয়ে লগতে আঙুলিয়াই দিয়ে যে খেৰাৰ বিৰুদ্ধে থকা বেছিভাগ অভিযোগেই জামিনযোগ্য আছিল আৰু তেওঁ গণতান্ত্ৰিক ভিন্নমতক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে বাক-স্বাধীনতা খৰ্ব কৰিলে মৌলিক অধিকাৰ ক্ষুণ্ণ হয় ।

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা কথিত মন্তব্যৰ সৈতে জড়িত এক গোচৰত উচ্চতম ন্যায়ালয়ে খেৰাক আগতীয়া জামিন প্ৰদান কৰাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে । ন্যায়াধীশ জে কে মহেশ্বৰী আৰু এ এছ চান্দুৰকাৰৰ বিচাৰপীঠে আগতে ৰায়দান সংৰক্ষিত কৰি ৰখাৰ পাছত চৰ্তসাপেক্ষে এই সকাহ প্ৰদান কৰে ।

লগতে পঢ়ক : মানুহ আৰু হলৌ বান্দৰৰ অপূৰ্ব সহাৱস্থান; সামাজিক মাধ্যমত ভাইৰেল মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’

মানুহ আৰু হলৌ বান্দৰৰ অপূৰ্ব সহাৱস্থান; সামাজিক মাধ্যমত ভাইৰেল মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা ভিডিঅ’টোত দেখা গৈছে যে তাৰাজান গাঁৱৰ দীপ্তি বৰাই উক্ত অঞ্চললৈ নিয়মীয়াকৈ অহা হলৌ বান্দৰক কল খুৱাইছে।

এই প্ৰাণীসমূহৰ বিষয়ে ক’বলৈ গৈ দীপ্তি বৰাই জনায় যে তেওঁ এই হলৌ বান্দৰবোৰক নিজৰ সন্তানৰ দৰেই মৰম আৰু যত্ন কৰে। এই ভিডিঅ’টোৱে স্থানীয় গাওঁবাসী আৰু প্ৰাইমেটসমূহৰ মাজত থকা গভীৰ স্নেহ আৰু সহাৱস্থানৰ ছবিখন প্ৰতিফলিত কৰিছে।

বাৰে কুৰিৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি সেউজ পৰিৱেশ ৰক্ষা কৰি আৰু এই প্ৰাণীসমূহৰ বাবে ফলমূলৰ গছ ৰোপণ কৰি হলৌ বান্দৰ সংৰক্ষণ তথা ইহঁতৰ প্ৰাকৃতিক আৱাসস্থল সুৰক্ষিত কৰাৰ বাবে পৰিচিত।

লগতে পঢ়ক : তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট

৪ মে’ত সমগ্ৰ বংগত সন্ত্ৰাসৰ ৰাজত্ব শেষ হ’ব: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী

সমগ্ৰ বংগত গুণ্ডা আৰু সন্ত্ৰাসৰ ৰাজত্ব চলিছে, ৪ মে’ত ইয়াৰ অন্ত পৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনত “গুণ্ডাৰাজ আৰু সন্ত্ৰাসৰ ৰাজত্ব” চলি থকা বুলি অভিযোগ উত্থাপন কৰে আৰু ৪ মে’ৰ পিছত পৰিস্থিতি সলনি হ’ব বুলি দাবী কৰে ।

তামুলিকত এখন জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “সমগ্ৰ বংগত গুণ্ডা আৰু সন্ত্ৰাসৰ ৰাজত্ব চলিছে । ৪ মে’ত ইয়াৰ অন্ত পৰিব । আমি গুণ্ডা আৰু অপৰাধীসকলক থানালৈ আহি আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছে । ৪ মে’ৰ পিছত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব ।”

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক মহিলাক অসন্মান কৰাৰো অভিযোগ উত্থাপন কৰে । তেওঁ কয়, “মহিলা সংৰক্ষণ বিধেয়কখন পৰাস্ত কৰি মমতা দিদিয়ে সকলো মাতৃ আৰু ভগ্নীক অপমান কৰিছে ।”

উল্লেখ্য য়ে, পশ্চিমবংগত ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব । পশ্চিমবংগত মুঠ ২৯৪খন বিধানসভা আসন আছে, য’ত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৪৮খন আসনৰ প্ৰয়োজন । এই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পশ্চিম বংগত জোৰদাৰ প্ৰচাৰত ব্যস্ত আছে ।

লগতে পঢ়ক : “চৰবাসীক প্ৰদান কৰা হ’ব ভূমি”: ড০ হিমন্ত বিশ্ব শৰ্মা

বিজেপি ক্ষমতালৈ আহিলে পশ্চিম বংগত নিঃশেষ হ’ব তৃণমূলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ একেবাৰে শেষ হৈ যাব

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ পাঁচ দিন বাকী । ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে বিজেপিয়ে । বৰ্তমান ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ “স্থায়ীভাৱে” শেষ হৈ যাব ।

কোচবিহাৰত এক নিৰ্বাচনী জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনীতি শেষ হ’ব । ড০ শৰ্মাই কয়, “মমতা বেনাৰ্জীয়ে মোদীক কিয় ভয় কৰে কাৰণ তেওঁ জানে যে যদি কেতিয়াবা বংগত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ ৰাজনীতি শেষ হৈ যাব । যিদৰে আমি গুজৰাট, উত্তৰ প্ৰদেশ আৰু বিহাৰত কংগ্ৰেছক স্থায়ীভাৱে তলা লগাই দিলোঁ, তেনেদৰে ইয়াতো বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে টিএমচি স্থায়ীভাৱে শেষ হৈ যাব ।”

তেওঁ লগতে কয়, “তেওঁলোকৰ দাবী শুনি মই আচৰিত হওঁ । কেতিয়াবা টিভি চাই মই হাঁহো । হুমায়ুন কবীৰে কৈছিল যে তেওঁ বাবৰী মছজিদ নিৰ্মাণ কৰিব । বাস্তৱত তেওঁলোকে একো কৰিব নোৱাৰে । বিজেপি চৰকাৰ আহিলে এই সকলোবোৰ একেলগে সমাধান হ’ব ।”

উল্লেখ্য যে, পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব, য’ত ১৫২টা সমষ্টি সামৰি লোৱা হৈছে । প্ৰথম পৰ্যায়ত কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি, দাৰ্জিলিং, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্শিদাবাদ, পুৰুলীয়া, বাকুড়া, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ, পশ্চিম বৰ্ধমান আৰু বীৰভূম তথা নদিয়াৰ একাংশ সমষ্টি অন্তৰ্ভুক্ত হৈছে । এই অঞ্চলসমূহে সীমান্তৱৰ্তী জিলা, জনজাতীয় অঞ্চল, চাহ বাগান এলেকা আৰু উদ্যোগিক অঞ্চলসমূহক সামৰি লৈছে ।

২৯ এপ্ৰিলত বাকী থকা ১৪২টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ২৯৪খন আসনৰ ফলাফল ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

অসম আৰু বংগত সলনি হোৱা জনগাঁথনিক লৈ মুখ্যমন্ত্ৰীৰ শংকা, জনালে বিশেষ আহ্বান

নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নতুন লোকপিয়লৰ পিছত উত্তৰ-পূব আৰু পশ্চিম বংগত ভৱিষ্যতে মুছলমানৰ জনগাঁথনি বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰে । ইয়াৰ লগতে তেওঁ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ত্ৰিপুৰা, অসম, পশ্চিম বংগ আৰু মেঘালয়ৰ মাজত এক ঐক্যবদ্ধ মৰ্চাৰ দোহাই দি আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিম বংগত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে আহ্বান জনায় ।

মালদাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে, “এই লোকপিয়লৰ পিছত বংগৰ জনগাঁথনি পুনৰ সলনি হ’ব । বংগত মুছলমান জনসংখ্যা ৩২ শতাংশ আৰু অসমত ৩৬ শতাংশলৈ বৃদ্ধি পাব ।” ড০ শৰ্মাই লগতে দাবী কৰে যে ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ মাজত যুটীয়া টাস্ক ফ’ৰ্চ অবিহনে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে নিৰন্তৰভাৱে প্ৰৱেশ কৰি থাকিব ।

প্ৰতিটো লোকপিয়লতে মুছলমান জনসংখ্যা ৪-৫ শতাংশকৈ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বংগৰ ৰাইজক আহ্বান জনায় যে “দেশ ৰক্ষা আপোনালোকৰ হাতত” আৰু আগন্তুক নিৰ্বাচনত বিজেপিৰ পক্ষত থিয় দিবলৈ কয় । পশ্চিম বংগৰ জনসাধাৰণক কৌশলগতভাৱে এনডিএ শাসিত ৰাজ্যসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ’বলৈ আহ্বান জনাই তেওঁ কয়, “যদি বংগ, অসম, ত্ৰিপুৰা আৰু মেঘালয়ে একেলগে কাম নকৰে, তেন্তে দেশ ভাগি পৰিব, ই বাংলাদেশী মুছলমানৰ কেন্দ্ৰবিন্দু হৈ পৰিব ।”

পশ্চিম বংগত ২৩ আৰু ২৯ এপ্ৰিলত হ’বলগীয়া দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে ।

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত আৰু গুৱাহাটীত হাজিৰ হ’ব লাগে । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে খেৰাৰ ট্ৰেনজিট অগ্ৰিম জামিন বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে ড০ শৰ্মাই এই মন্তব্য কৰে ।

বৰ্তমান পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই ভাবো পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত । তেওঁ গুৱাহাটীলৈ আহি তাতেই আত্মসমৰ্পণ কৰিব লাগে ।”

দিনৰ ভাগত উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ ট্ৰেনজিট অগ্ৰিম জামিন মঙলবাৰলৈকে বৃদ্ধি কৰিবলৈ কৰা আবেদন খাৰিজ কৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক অসমৰ যিকোনো চৰ্তাধীন আদালতৰ কাষ চাপিব পৰাকৈ এই জামিন প্ৰদান কৰিছিল । পৱন খেৰাৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ গোচৰ ৰুজু হৈছে ।

অসম আৰক্ষীয়ে তেলেংগানা উচ্চ ন্যায়ালয়ে ১০ এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে প্ৰদান কৰা ট্ৰেনজিট অগ্ৰিম জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । জামিনৰ নিৰ্দেশ অনুসৰি, পৱন খেৰাই অসমৰ উপযুক্ত আদালতৰ ওচৰত হাজিৰ হৈ আইন অনুসৰি সকাহ বিচাৰিব লাগিব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পাছপৰ্ট আৰু সম্পত্তিক লৈ কৰা মিছা অভিযোগৰ ভিত্তিত দাখিল কৰা এক গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে খেৰাক এসপ্তাহৰ বাবে অগ্ৰিম জামিন দিছিল । খেৰাই অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ হাতত ইউএই আৰু ইজিপ্তৰ পাছপৰ্ট আছে আৰু ডুবাইত তেওঁৰ অঘোষিত বিলাসী সম্পত্তিৰ লগতে আমেৰিকাৰ ৱায়মিঙত এটা কোম্পানী আছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পৰিয়ালে এই দাবীসমূহ স্পষ্টভাৱে অস্বীকাৰ কৰিছে আৰু এই নথিপত্ৰসমূহক পাকিস্তানী ছ’চিয়েল মিডিয়া গ্ৰুপে প্ৰচাৰ কৰা “এআই দ্বাৰা নিৰ্মিত জালিয়াতি” বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য

আইনে আইনৰ মতে কাম কৰি যাব: পৱন খেৰাৰ ট্ৰানজিত জামিনত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য

পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কংগ্ৰেছ নেতা পৱন খেৰাক পাছপৰ্ট বিতৰ্কক লৈ ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এজাহাৰৰ ভিত্তিত প্ৰদান কৰা এসপ্তাহৰ ট্ৰেনজিট জামিন উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক আদৰণি জনায় ।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে থকা একাধিক পাছপৰ্টৰ অভিযোগৰ তদন্ত বিচাৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰা দাবীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতিগৰাকীক নিজৰ পাছপৰ্ট ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “মোৰ মতে, তেলেংগানা আদালতে তেওঁক ট্ৰেনজিট জামিন দিব নোৱাৰে কাৰণ তেওঁ তেলেংগানাৰ বাসিন্দা নহয় । আইন নিজৰ গতিৰে চলিব… মই যদি তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰোঁ, তেন্তে ৰাহুল গান্ধীয়ে একে কথাই ক’বনে ? কথা কোৱাৰ আগতে ৰাহুল গান্ধীয়ে মনত ৰখা উচিত যে তেওঁ ভগৱান নহয় । তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ পাছপৰ্ট প্ৰদৰ্শন কৰক আৰু ময়ো মোৰ পত্নীৰ পাছপৰ্ট দাঙি ধৰিম ।”

উল্লেখ্য য়ে, অসম চৰকাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা এসপ্তাহৰ অন্তৱৰ্তীকালীন ট্ৰেনজিট জামিনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে উক্ত আদেশ স্থগিত ৰাখে আৰু খেৰাক জাননী জাৰি কৰে । ন্যায়াধীশ জে কে মহেশ্বৰী আৰু অতুল এছ চান্দুৰকাৰৰ বেঞ্চে অসম চৰকাৰৰ আৱেদনৰ ওপৰত ভিত্তি কৰি খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে । অৱশ্যে বিচাৰপীঠে উল্লেখ কৰে যে যদিহে খেৰাই অসমত আগতীয়া জামিনৰ বাবে আৱেদন কৰিব বিচাৰে, তেন্তে আজিৰ এই আদেশে তাত বাধা নিদিয়ে ।

লগতে পঢ়ক : যিকোনো মূহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেৰা, সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়

ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে

আজি মানুহ বিহু । ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ । ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ ব’হাগক নতুন বছৰৰ এক সজীৱ আৰম্ভণি আৰু “অসমৰ প্ৰাণস্পন্দন” বুলি অভিহিত কৰে ।

এক্সৰ এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জনালোঁ । আজিৰ এই দিনটোৱে ব’হাগক বুজায়, যিটো এটা নতুন বছৰৰ সজীৱ আৰম্ভণি আৰু অসমৰ জনজীৱনৰ প্ৰাণস্পন্দন ।”

পোষ্টটোত লগতে তেওঁ লিখিছে, “এই আনন্দময় তথা অতি চেনেহৰ দিনটোত মই অসমবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ । এই নতুন বছৰটোৱে প্ৰতিটো ঘৰলৈ সুখ, সমৃদ্ধি আৰু নতুন আশা কঢ়িয়াই আনক । ব’হাগৰ প্ৰথম পুৱাৰ পৰম্পৰা অনুসৰি, মই আপোনালোক সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিনম্ৰতাৰে কামনা কৰিছোঁ ।”

ফেচবুক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-“ পহিলা ব’হাগ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ । আজি অসমৰ জনজীৱনৰ প্ৰাণস্পন্দন ব’হাগ বিহু তথা অসমীয়াৰ নৱবৰ্ষ ৷ আজিৰ এই বিশেষৰো বিশেষ দিনটিত মোৰ প্ৰাণৰ অসমবাসীলৈ আন্তৰিক ওলগ, মৰম-চেনেহ যাচিলোঁ ৷ আজিৰ এই শুভ দিনটিত সকলোৰে জীৱন পোহৰময় হোৱাৰ কামনা কৰিলোঁ ৷ স্বাভাৱিকতে ব’হাগৰ প্ৰথম পুৱাটিত আপোনালোক সকলোৰে আশিস বিচাৰিলোঁ ৷”

উল্লেখ্য যে, অসমত এদিন পূৰ্বে পৰম্পৰাগত ‘গৰু বিহু’ৰ সৈতে ৰাজ্যৰ সৰ্ববৃহৎ উৎসৱ ৰঙালী বিহুৰ সপ্তাহজোৰা উদযাপন আৰম্ভ হয় । ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয় ।

লগতে পঢ়ক : ৰাজ্যবাসীলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ