মানুহ আৰু হলৌ বান্দৰৰ অপূৰ্ব সহাৱস্থান; সামাজিক মাধ্যমত ভাইৰেল মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’

মানুহ আৰু হলৌ বান্দৰৰ অপূৰ্ব সহাৱস্থান; সামাজিক মাধ্যমত ভাইৰেল মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ

মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰা এটা হৃদয়স্পৰ্শী ভিডিঅ’ই তিনিচুকীয়াৰ বাৰে কুৰিবাসী আৰু বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ মাজৰ অনন্য সম্পৰ্কটোলৈ পুনৰবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ফেচবুক পেজত আপলোড কৰা ভিডিঅ’টোত দেখা গৈছে যে তাৰাজান গাঁৱৰ দীপ্তি বৰাই উক্ত অঞ্চললৈ নিয়মীয়াকৈ অহা হলৌ বান্দৰক কল খুৱাইছে।

এই প্ৰাণীসমূহৰ বিষয়ে ক’বলৈ গৈ দীপ্তি বৰাই জনায় যে তেওঁ এই হলৌ বান্দৰবোৰক নিজৰ সন্তানৰ দৰেই মৰম আৰু যত্ন কৰে। এই ভিডিঅ’টোৱে স্থানীয় গাওঁবাসী আৰু প্ৰাইমেটসমূহৰ মাজত থকা গভীৰ স্নেহ আৰু সহাৱস্থানৰ ছবিখন প্ৰতিফলিত কৰিছে।

বাৰে কুৰিৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি সেউজ পৰিৱেশ ৰক্ষা কৰি আৰু এই প্ৰাণীসমূহৰ বাবে ফলমূলৰ গছ ৰোপণ কৰি হলৌ বান্দৰ সংৰক্ষণ তথা ইহঁতৰ প্ৰাকৃতিক আৱাসস্থল সুৰক্ষিত কৰাৰ বাবে পৰিচিত।

লগতে পঢ়ক : তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট