চৰবাসীক ভাল খবৰ দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ’ব ভূমি।
চৰবাসীক ভাল খবৰ দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ’ব ভূমি। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বেদখল ভূমি সমূহ হিন্দু মুছলমান বুলি কোনো কথা নাই। ডেৰ লাখ বিঘা মাটিৰ মাত্ৰ ৫০ লাখ বিঘা হে বেদখল মুক্ত কৰা হৈছে।ইয়াৰ বাবে ২০-২৫ বছৰ লাগি যাব পাৰে।
তেওঁ লগতে কয় যে, চৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি চৰৰে দৰিদ্ৰ লোকক মাটিখিনি দিব বিচাৰিছো।ইয়াত কোনো সাম্প্ৰদায়িক কথা নাই। আমাৰ যিসমূহ মাটি দখল কৰি ৰাখিছে, সেই সমূহ দখল মুক্ত কৰাৰ পিছত দৰিদ্ৰ লোকক ডেৰ কথা দিয়াত আপত্তি নাই।প্ৰথমে উচ্ছেদ হ’ব। তাৰ পিছত ভূমিনীতি অনুসৰি মাটি দিয়াত আপত্তি নাই। কিন্তু এতিয়া যি সকলে ৫০ ৬০ বিঘাকৈ মাটি দখল কৰি আছে, সেইটো কোনো আইন নহয়। দৰিদ্ৰ সকলো মাটি পাব লাগে। কিন্তু ছদ্ম বেশী দৰিদ্ৰ হ’ব নালাগে।









