অষ্ট্ৰেলিয়াত কেৰিয়াৰৰ অন্তিম শৃংখলা খেলিব নেকি ৰোহিত-কোহলীয়ে ?

অষ্ট্ৰেলিয়াত অন্ত পৰিব নেকি ৰোহিত-কোহলীৰ কেৰিয়াৰ ?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উৰাধ্যক্ষ ৰাজীৱ শুক্লাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে । ১৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ৰোহিত আৰু কোহলী দুয়োজনেই ভাৰতীয় দলত স্থান লাভ কৰিছে । অষ্ট্ৰেলিয়া ভ্ৰমণ দুয়োজন বেটছমেনৰ বাবে অন্তিম শৃংখলা হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যদিও শুক্লাই এই খবৰসমূহ খাৰিজ কৰিছে ।

শেহতীয়াকৈ ৰোহিতক এদিনীয়া অধিনায়কৰ দায়িত্বৰ পৰা আতঁৰোৱা হৈছিল আৰু তাৰ ঠাইত শুভমন গীলক এই দিয়া হৈছিল । অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে দিল্লীত উপস্থিত হৈছে ৰোহিত আৰু কোহলী আৰু ইয়াতেই দলত যোগ কৰিব দুয়োজন তাৰকা ক্ৰিকেটাৰে । বিচিচিআইৰ উপাধ্যক্ষ শুক্লাই এক সংবাদ সংস্থাক কয় যে, “ৰোহিত আৰু কোহলী এদিনীয়া দলত থকাটো আমাৰ বাবে লাভজনক কাৰণ দুয়োজনেই মহান বেটছমেন । ৰোহিত আৰু কোহলী দলত থকাৰ বাবে মই ভাবো আমি অষ্ট্ৰেলিয়াক পৰাস্ত কৰাত সফল হ’ম ।”

শুক্লাই কয় যে, “এই ভ্ৰমণ তেওঁলোকৰ শেষ ভ্ৰমণ নহয় । আমি কেতিয়াও এই বিষয়ত সোমাব নালাগে । কেতিয়া অৱসৰ ল’ব সেয়া খেলুৱৈসকলৰ ওপৰত নিৰ্ভৰশীল । এইখন তেওঁলোকৰ শেষ শৃংখলা হ’ব বুলি কোৱাটো সম্পূৰ্ণ ভুল ।”

উল্লেখ্য যে, ৰোহিত আৰু কোহলীয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল এদিনীয়া ফৰ্মেটতহে খেলিব । অৱশ্যে পৰৱৰ্তী এদিনীয়া বিশ্বকাপলৈ এতিয়াও দুবছৰ বাকী থকাৰ বাবে এই দুয়োজন ভাৰতৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ লগত খাপ খাই পৰে নে নাই সেয়া হ’ব লক্ষ্যণীয় । সেই সময়লৈকে ৰোহিতৰ বয়স হ’ব ৪০ আৰু কোহলীৰ বয়স হ’ব ৩৮ । ফেব্ৰুৱাৰী মাহত ৰোহিত আৰু কোহলীয়ে ভাৰতক চেম্পিয়নছ ট্ৰফীত প্ৰতিনিধিত্ব কৰিছিল । ফাইনেলত ৰোহিতে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰাৰ বিপৰীতে কোহলী য়ে সমগ্ৰ প্ৰতিযোগিতাখনৰ শীৰ্ষ পাঁচজন বেটছমেনৰ ভিতৰত স্থান লাভ কৰি ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ; জানক ডব্লিউ টি চি ৰেংকিঙৰ শেহতীয়া অৱস্থান

৪ আই চি চি ট্ৰফী, ২৭ হাজাৰ ৰান… আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭ বছৰ সম্পূৰ্ণ কিং কোহলীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৭ বছৰ সম্পূৰ্ণ কিং কোহলীৰ

১৮ আগষ্টৰ দিনটো টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ বাবে অতি বিশেষ । ১৭ বছৰ পূৰ্বে ২০০৮ চনৰ আজিৰ দিনটোতে বিৰাট কোহলীয়ে ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল । ডাম্বুল্লাত শ্ৰীলংকাৰ বিৰুদ্ধে কোহলীয়ে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, যিখন এদিনীয়া মেচ আছিল । সেই মেচত কোহলীয়ে ২২টা বল খেলি ১২ ৰান সংগ্ৰহ কৰিছিল । সেই মেচখন ভাৰতীয় দলৰ বাবে স্মৰণীয় নাছিল কিয়নো দলটো ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে অভিষেকৰ ঘটোৱাৰ পিছৰ পৰা পিছলৈ কেতিয়াও ঘূৰি চোৱা নাই আৰু ১৭ বছৰীয়া কেৰিয়াৰত বহু ৰান সংগ্ৰহ কৰিছে তেওঁ । কোহলীয়ে ভাৰতীয় দলৰ হৈ এতিয়ালৈকে ৫৫০খন খেল খেলিছে, য’ত তেওঁ ৫২.২৭ গড়ে ২৭৫৯৯ ৰান সংগ্ৰহ কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীয়ে ৮২টা শতক আৰু ১৪৩টা অৰ্ধশতক অৰ্জন কৰিছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৩০৬টা ছয় আৰু ২৭২১টা চাৰি আহিছে ।

বিৰাট কোহলীয়ে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰায় প্ৰতিটো ডাঙৰ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । ২০১১ চনত এদিনীয়া বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল কোহলী । তাৰ পিছত ২০১৩ আৰু ২০২৫ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াই খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰো অংশ আছিল কিং কোহলী । কোহলীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দীৰ্ঘদিন ধৰি আই চি চি টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানত থাকি টেষ্ট মেচ নিজৰ লগত ৰাখিছিল । উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) আৰম্ভ হোৱাৰ পূৰ্বে এই বঁটা ১ নম্বৰৰ দলটোক দিয়া হৈছিল ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত লাভ কৰা বঁটা-

বিৰাট কোহলীয়ে ২০১৬ চনৰ টি-২০ বিশ্বকাপত ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ খিতাপ দখল কৰিছিল । তাৰ পিছত ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপতো ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ৰ খিতাপ লাভ কৰিছিল । বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ৪৩ বাৰকৈ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰি তেওঁৰ ধাৰাবাহিকতা প্ৰকাশ কৰিছে । একে সময়তে কোহলীয়ে টি-২০ত ১৬ বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে পৰিগণিত হৈছে । ৩৬ বছৰীয়া কোহলীয়ে টেষ্টত ১০ বাৰ ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত বিৰাট কোহলীয়ে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা বিদায় লৈছিল । তাৰ পিছত চলিত বৰ্ষৰ ১২ মে’ত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত ভাৰতৰ হৈ এতিয়া কেৱল এদিনীয়া ক্ৰিকেটতহে উপলব্ধ কোহলী ।

বিৰাট কোহলীক কেৱল ক্ৰিকেটৰ ৰজা বুলি কোৱাই নহয়, নিজৰ ফিটনেছ আৰু জয়ৰ ক্ষুধাৰে কোহলী নতুন প্ৰজন্মৰ ক্ৰিকেটাৰৰ বাবে আদৰ্শতকৈ কম নহয় । ১৭ বছৰ ধৰি তেওঁৰ যাদু অক্ষত অৱস্থাত আছে আৰু ক্ৰিকেট প্ৰেমীসকলে আশা কৰিছে যে অনাগত সময়তো কোহলীয়ে নিজৰ বেটেৰে বহু অভিলেখ গঢ়িব ।

লগতে পঢ়ক : দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ’ল ঈশান কিষাণ; এইজন খেলুৱৈয়ে লাভ কৰিলে অধিনায়কত্ব

বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি; ভাবুক হৈ অনুষ্কাই কৰিলে শ্বেয়াৰ

বিৰাট কোহলীৰ বাবে বামিকাই লিখিলে চিঠি

আজি পিতৃ দিৱস আৰু সমগ্ৰ ছচিয়েল মিডিয়া পিতৃ দিৱসৰ পোষ্টেৰে ভৰি পৰিছে।বলীউডৰ চেলিব্ৰিটিসকলেও এই বিশেষ দিনটোত নিজৰ নায়ক অৰ্থাৎ পিতৃৰ বাবে মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তেওঁলোকৰ প্ৰতি মৰম প্ৰকাশ কৰিলে।

তাৰকা সকলে নিজৰ নিজৰ পিতৃৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ স্মৃতি মনত পেলাইছে। অনুষ্কা শৰ্মাইও তেওঁৰ পিতৃ কৰ্ণেল অজয় ​​কুমাৰ শৰ্মা আৰু স্বামী বিৰাট কোহলীৰ নামত এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰিছে।

বিৰাট কোহলী বামিকা আৰু অকায়ৰ পিতৃ। অনুষ্কাই বামিকাৰ বাৰ্থডে পাৰ্টিৰ সময়ত দেউতাকৰ এখন সুখী ফটো শ্বেয়াৰ কৰিছে।আনহাতে আন এখন ফটোত বিৰাটৰ নামত লিখা ৪ বছৰীয়া বামিকাৰ এটা টোকা শ্বেয়াৰ কৰা হৈছে।

অনুষ্কা শৰ্মাৰ পিতৃ দিৱসৰ পোষ্ট

অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰামত দুখন ছবি পোষ্ট কৰিছে। প্ৰথমখন ফটোত তেওঁৰ পিতৃ কৰ্ণেল অজয় ​​কুমাৰ শৰ্মা, বামিকাৰ জন্মদিনৰ পাৰ্টিত তেওঁক আনন্দৰে পোজ দিয়া দেখা গৈছে।

পৰৱৰ্তী ছবিখনত এখন পিতৃ দিৱসৰ শুভেচ্ছা কাৰ্ড, যিখনত বিৰাটৰ বাবে হাতেৰে লিখা এটা হৃদয়স্পৰ্শী টোকা আছে। তাৰ ওপৰত তেওঁলোকৰ জীয়ৰী বামিকাৰ নাম লিখা আছে।

পোষ্টো শ্বেয়াৰ কৰি অনুষ্কাই লিখিছে যে,“মই ভালপোৱা প্ৰথমজন মানুহ আৰু আমাৰ ছোৱালীজনীয়ে কৰা প্ৰথমজন মানুহ…সকলো ধুনীয়া পিতৃলৈ পিতৃ দিৱসৰ শুভেচ্ছা থাকিল।”

বামিকাই পিতৃ বিৰাটৰ বাবে লিখিলে চিঠি

অনুষ্কাই শ্বেয়াৰ কৰা চিঠিখনত ওপৰত বেলেগ এটা হাতৰ আখৰ আৰু তলত বেঁকা আখৰেৰে বামিকাৰ নাম লিখা আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে অনুষ্কাই বামিকাৰ অনুৰোধত বামিকাৰ পিতৃ বিৰাটৰ বাবে এই চিঠিখন লিখিছে।

কাৰ্ডখনত লিখা আছিল,“ তেওঁ দেখাত মোৰ ভাইটিৰ দৰে, তেওঁ বহুত ভাল, তেওঁ মোক মৰম কৰে, ময়ো তেওঁক বহুত ভালপাওঁ ইমান ,বামিকা”।

অনুষ্কা শৰ্মাই এই পোষ্ট সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। বহু অনুৰাগীয়ে এই পোষ্টটোত মৰম দিছে।

লগতে পঢ়ক: DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

বেংগালুৰুৰ পদপিষ্টৰ ঘটনা… আৱেগিক পোষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ বিৰাট কোহলীৰ

বেংগালুৰুৰ পদপিষ্টৰ ঘটনা

৪ জুন, বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ঐতিহাসিক বিজয় উদযাপন শোকলৈ পৰিণত হয় । এই কৰুণ ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয় । এই ঘটনা সন্দৰ্ভত আৰ চি বিৰ প্ৰবীণ খেলুৱৈ তথা ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছে । কোহলীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত আৰ চি বি ফ্ৰেঞ্চাইজিৰ আনুষ্ঠানিক বিবৃতি পোষ্ট কৰি শোক প্ৰকাশ কৰে ।

বেংগালুৰুৰ পদপিষ্টৰ ঘটনা-

কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আৰ চি বি ফ্ৰেঞ্চাইজিৰ আনুষ্ঠানিক বিবৃতি পোষ্ট কৰি কেপচনত লিখিছে, ‘মোৰ ক’বলৈ শব্দ নাই । মই সম্পূৰ্ণ ভাঙি পৰিছো ।’ বিৰাট কোহলীৰ এই চুটি কিন্তু গভীৰ বাৰ্তাই তেওঁৰ হৃদয়ৰ যন্ত্ৰণা আৰু এই কৰুণ ঘটনাৰ প্ৰতি তেওঁৰ সংবেদনশীলতাক প্ৰতিফলিত কৰিছে । এনেদৰে আৰ চি বিৰ ঐতিহাসিক বিজয় উদযাপন কৰিবলৈ অহা অনুৰাগীয়ে প্ৰাণ হেৰুওৱাত খেলুৱৈ আৰু দল পৰিচালনা সকলো স্তম্ভিত হৈ পৰিছে । কোহলীৰ এই পোষ্টটোত এজন অনুৰাগীয়ে লিখিছে, ‘আমি প্ৰকৃত অনুৰাগী হেৰুৱালোঁ ।’

আৰ চি বি ফ্ৰেঞ্চাইজিয়েও প্ৰকাশ কৰিলে শোক-

আৰ চি বিয়েও এই ঘটনাৰ পিছত আনুষ্ঠানিক বিবৃতি জাৰি কৰি শোক প্ৰকাশ কৰে । দলটোৱে কয় যে, ‘সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে পোহৰলৈ অহা দুৰ্ভাগ্যজনক ঘটনাৰ বাবে আমি গভীৰভাৱে দুখী আৰু তেওঁলোকে সকলো নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলিছিল ।’ পৰিস্থিতিৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁলোকে নিজৰ সময়সূচী সংশোধন কৰি প্ৰশাসনৰ পৰামৰ্শ মানি চলা বুলিও স্পষ্ট কৰি দিয়ে ।

এই ঘটনা আৰু অধিক মৰ্মান্তিক কাৰণ ১৮ বছৰৰ দীৰ্ঘ অপেক্ষাৰ অন্তত আৰ চি বিয়ে প্ৰথমটো আই পি এল খিতাপ দখল কৰিছিল আৰু এই ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰিবলৈ বৃহৎ সংখ্যক অনুৰাগীৰ সমাগম হৈছিল । কিন্তু ব্যাপক ভিৰৰ মাজত পদপিষ্টৰ ঘটনা সংঘটিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শচীন তেণ্ডুলকাৰ, হৰভজন সিঙকে ধৰি অন্যান্য ক্ৰীড়া তাৰকাসকলেও এই কৰুণ ঘটনাত শোক প্ৰকাশ কৰিছে । কৰ্ণাটক চৰকাৰে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক : RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা; পদপৃষ্ট হৈ ১০জনৰ মৃত্যু

মহানায়কৰ প্ৰস্থান… টেষ্ট ক্ৰিকেটক বিদায় জনালে কিং কোহলীয়ে

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটত কোহলীৰ ভৱিষ্যতক লৈ বছৰ বছৰ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলায় তেওঁ । এতিয়া তেওঁ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব । তেওঁৰ অৱসৰৰ লগে লগে ভাৰতীয় প্ৰবীণ খেলুৱৈৰ টেষ্ট ফৰ্মেটৰ পৰা বাহিৰ হোৱাটো অব্যাহত আছে । ৰবিচন্দ্ৰন অশ্বিন (ডিচেম্বৰ মাহত) আৰু ৰোহিত শৰ্মা (যোৱা সপ্তাহ)ও এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

৩৬ বছৰীয়া বিৰাট কোহলীক অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত টেষ্ট ক্ৰিকেট খেলা দেখা গৈছিল । য’ত ভাৰতে ৫ খনীয়া মেচৰ শৃংখলাত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ছিৰিজৰ প্ৰথমখন মেচ অৰ্থাৎ পাৰ্থ টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল ঠিকেই, কিন্তু তাৰ পিছত তেওঁক ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল ।

অহা মাহত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৫ খনীয়া টেষ্ট মেচৰ শৃংখলাৰ বাবে কেইদিনমানৰ পিছতে ভাৰতীয় দল ঘোষণাৰ সময়তে কোহলীয়ে অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰাজহৱা কৰিছে । উল্লেখ্য যে কোহলীয়ে যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছিল ।

২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিৰাট কোহলীৰ টেষ্টত অভিষেক ঘটিছিল । ইয়াৰ পিছতে কোহলীয়ে প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰে । ২০২৫ চনৰ জানুৱাৰী মাহত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ শেষ টেষ্ট আছিল । এই শেষ টেষ্টত কোহলীয়ে প্ৰথম ইনিংছত ১৭ ৰান আৰু দ্বিতীয় ইনিংছত ৬ ৰান সংগ্ৰহ কৰিছিল ।

কিং কোহলীয়ে ১২৩খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত তেওঁ ৪৬.৮৫ গড়ে ৯২৩০ ৰান সংগ্ৰহ কৰে । টেষ্টত কোহলীয়ে ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে ।

বিৰাট কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে । তেওঁ কয়, ‘টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল । সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটটোৱে মোক কি যাত্ৰাত লৈ যাব সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলো । ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল । বগা পিন্ধি খেলাটো অতি ব্যক্তিগত অভিজ্ঞতা । নিস্তব্ধ কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্তবোৰ যিবোৰ আপোনাৰ লগত চিৰদিনৰ বাবে থাকে, সেইবোৰৰ বাহিৰে আন কোনেও দেখা নাপায় ।’

কোহলীয়ে আৰু কয়, ‘যেতিয়া মই এই ফৰ্মেটৰ পৰা আঁতৰি আহিছো, তেতিয়া ই সহজ নহয়- কিন্তু সেয়া সঠিক অনুভৱ হয় । মই ইয়াক মোৰ সকলোখিনি দিছো আৰু ই মোক আশা কৰাতকৈও অধিক দিছে । খেলখনৰ বাবে, খেলপথাৰত থকা মানুহখিনিৰ বাবে আৰু এই যাত্ৰাত মোক সহায় কৰা সকলোৰে বাবে কৃতজ্ঞতাৰে ভৰা হৃদয় লৈ ওলাই যাওঁ । মই সদায় হাঁহি হাঁহি মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম ।’

কোহলীয়ে ৭টা দ্বি-শতক অৰ্জন কৰিছে-

সোঁহতীয়া বেটছমেনগৰাকীয়ে ৭টা ডাবল চেঞ্চুৰীৰে ফৰ্মেটত নিজকে কিংবদন্তি হিচাপে প্ৰতিষ্ঠা কৰিছে, যিটো ভাৰতীয় যিকোনো খেলুৱৈৰ সৰ্বাধিক । তেওঁ মহান খেলুৱৈ সুনীল গাভাস্কৰ (৪), শচীন টেণ্ডুলকাৰ (৬), বীৰেন্দ্ৰ ছেহৱাগ (৬) আৰু ৰাহুল দ্ৰাবিড় (৫)তকৈ বহু আগবাঢ়ি আছে ।

যি সময়ত টি-২০ লীগ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাত পৰিণত হৈছে, সেই সময়ত কোহলীৰ যাদুৱে অনুৰাগীক টেষ্ট ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই কথা ছাৰ ভিভ ৰিচাৰ্ডছেও স্বীকাৰ কৰিছিল যাৰ লগত তেওঁক প্ৰায়ে তুলনা কৰা হৈছিল ।

অধিনায়কত্বৰ অভিলেখ-

টেষ্ট ইতিহাসত ভাৰতৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে বিৰাট । বিৰাটে ভাৰতৰ ৬৮খন টেষ্ট মেচত অধিনায়কত্ব কৰিছিল, য’ত দলটোৱে ৪০খনত জয়লাভ কৰিছিল । কোহলীয়ে অধিনায়কৰ দায়িত্ব লোৱাৰ সময়ত ভাৰতীয় দলটো সপ্তম স্থানত আছিল । কিন্তু নিজৰ লগতে সতীৰ্থ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে বিশ্বৰ ১ নম্বৰ স্থানত উপনীত হয় ।

বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ-

-১২৩ খন টেষ্ট, ২১০ ইনিংছ, ৯২৩০ ৰান, ৪৬.৮৫ গড়, ৩০ শতক, ৩১ টা অৰ্ধশতক

-৩০২খন এদিনীয়া, ২৯০ ইনিংছ, ১৪১৮১ ৰান, ৫৭.৮৮ গড়, ৫১ শতক, ৭৪টা অৰ্ধশতক, ৫১

-১২৫ টি-২০, ১১৭ টা ইনিংছ, ৪১৮৮ ৰান, ৪৮.৬৯ গড়, ১ শতক, ৩৮টা অৰ্ধশতক

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ ইংগিত বিৰাট কোহলীৰ; ইংলেণ্ড ভ্ৰমণত নেখেলাৰ কথাও প্ৰকাশ

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এইবাৰ বেটছমেন বিৰাট কোহলীয়েও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে ।

এনে পৰিস্থিতিত ইংলেণ্ড ভ্ৰমণত তেওঁৰ দলৰ অংশ হোৱাৰ সম্ভাৱনা বহু কম।ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক জনাইছে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰে।অৱশ্যে শীৰ্ষ বিষয়াসকলে তেওঁক এই সিদ্ধান্তৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

এতিয়া লক্ষ্যণীয় হ’ব বাছনি সমিতিয়ে কেতিয়া ইংলেণ্ড ভ্ৰমণৰ বাবে দল ঘোষণা কৰিব, কোহলীৰ ভৱিষ্যত সন্দৰ্ভত কি সিদ্ধান্ত লোৱা হয়?

বিৰাটৰ পূৰ্বে বুধবাৰে (৭ মে’) টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল হিটমেন ৰোহিত শৰ্মাই।৭ মে’ত তেওঁ ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰী শ্বেয়াৰ কৰি ৰেডবল ক্ৰিকেটৰ পৰা বিদায় লয়।

জানিব পৰা মতে বিৰাট কোহলীয়ে ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত লৈছে। বি চি চি আই য়ে অনুৰোধ কৰিছে যদিও এই অনুৰোধৰ প্ৰতি তেওঁ কোনো সঁহাৰি দিয়া নাই।

‘মই ইচ্ছাকৃতভাৱে কৰা নাছিলো,মনে সজা কথাবোৰ নক’ব…’; অভনীত কৌৰৰ ফটো লাইক কৰাক লৈ বিৰাট কোহলীৰ স্পষ্টিকৰণ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এখন ফটোত লাইক কৰি এতিয়া সেই সন্দৰ্ভত স্পষ্টীকৰণ দিব লগা হৈছে। আচলতে তেওঁ অভনীত কৌৰৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা এখন ফটোত লাইক কৰিছিল। ইয়াৰ পিছত তেওঁক বহুতে ট্ৰ’ল কৰিছে।

ইয়াৰ পিছত বিৰাট কোহলীয়ে নিজৰ ইনষ্টা হেণ্ডেলৰ জৰিয়তে স্পষ্ট কৰি লিখিলে যে এইটো ভুলতে হৈছে গতিকে কথাবোৰ ৰচনা নকৰিব।

বিৰাট কোহলীয়ে নিজৰ ইনষ্টা ষ্ট’ৰীত লিখিছে,”মই স্পষ্ট কৰিব বিচাৰিছো যে মই মোৰ ফিড ক্লিয়াৰ কৰি থাকোঁতে ভুলবশতঃ এটা ইন্টাৰেকচন পঞ্জীয়ন হৈছিল”।

“এনে লাগে যেন এলগৰিদমৰ বাবেই এনেকুৱা হৈছে।ইয়াৰ আঁৰত মোৰ কোনো উদ্দেশ্য নাছিল।মই অনুৰোধ জনাইছো কোনো অপ্ৰয়োজনীয় কথা নুলিয়াৱ । মোক বুজি পোৱাৰ বাবে ধন্যবাদ।”

বিৰাট কোহলীৰ ছ’চিয়েল মিডিয়াত ২৭১ নিযুত অনুৰাগী আছে।ক্ৰিকেটাৰ গৰাকীয়ে যেতিয়া টেলিভিচনৰ অভিনেত্ৰী অভনীতৰ ফেন পেজৰ পৰা শ্বেয়াৰ কৰা ফটোখন লাইক কৰিলে, তেতিয়া ই নেটিজেনসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিল।যাৰ বাবে এতিয়া স্পষ্টিকৰণ দিছে ক্ৰিকেটাৰ গৰাকীয়ে।

খেলৰ মাজতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ সংঘাট! ভিডিঅ’ ভাইৰেল

দেওবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক দেখিবলৈ পোৱা গৈছিল।

যাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।দেওবাৰে আই পি এল ২০২৫ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) বনাম দিল্লী কেপিটেলছ (ডি চি)ৰ খেলৰ সময়ত খেলপথাৰতে বিৰাট কোহলী আৰু কে.এল. তৰ্ক হোৱা দেখা পোৱা গৈছিল।

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে ১৬২ ৰান সংগ্ৰহ কৰে।দিল্লীৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৰান সংগ্ৰহ কৰে, তেওঁ ৩৯টা বলত ৪১ ৰান সংগ্ৰহ কৰে।

দুয়োৰে মাজত কিয় তৰ্ক হৈছিল সেয়া প্ৰথমতে বিষয়টো স্পষ্ট হোৱা নাছিল।কিন্তু ভাৰতীয় সতীৰ্থ দুগৰাকীৰ মাজত কিয় এই তৰ্ক হ’ল সেই কথা বুজাই দিলে ভাৰতৰ প্ৰাক্তন স্পিনাৰ পিযুষ চাওলাই।

পীয়ুষ চাওলাৰ মতে, বিৰাট কোহলী এইটো কথাত অসন্তুষ্টহৈছিল যে দিল্লী কেপিটেলছে ফিল্ডিং থিক কৰিবলৈ বহু সময় লগাইছিল আৰু এই বিষয়ে তেওঁ কে এল ৰাহুলক অভিযোগ কৰিছিল।

একে সময়তে বিৰাট কোহলীৰ কথাত কে এল ৰাহুলৰো খং উঠিল।দুয়োৰে মাজত উত্তেজনা স্পষ্টকৈ দেখা গৈছে।কিন্তু এই ঘটনাত পিছত কোনো বিতৰ্ক নোহোৱাকৈ দুয়ো খেলিবলৈ আৰম্ভ কৰিলে।

দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰাৰ পাছত পইণ্ট তালিকাৰ প্ৰথম স্থানলৈ আহিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।১০খন মেচত এয়া ৭ম জয়, দলটোৱে এতিয়া ১৪ পইণ্ট লাভ কৰিছে।

কিং কোহলীৰ আৰ চি বিৰ সন্মুখত আজি কেপ্তেইন ‘বাপু‘ৰ দিল্লী… জানক কোন কিমান শক্তিশালী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ ১০ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ দল মুখামুখি হ’ব । দিল্লী কেপিটেলছে তিনিখন খেলৰ ভিতৰত তিনিওখন খেলত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে চাৰিখন খেলৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰিছে । এনে পৰিস্থিতিত এই মেচত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব । এই খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

কলকাতা, চেন্নাই, মুম্বাইৰ দৰে দলক পৰাস্ত কৰিছে আৰ চি বিয়ে । ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটোৱে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হৈছে । কিন্তু ঘৰুৱা দলটো আত্মবিশ্বাসেৰে ভৰি পৰিব কাৰণ বৰ্তমান তাৰকা বেটছমেন বিৰাট কোহলীৰ ফৰ্ম অতি উত্তম ।

কোহলী বনাম ষ্টাৰ্ক আৰু কুলদীপ-

৩৬ বছৰীয়া বিৰাট কোহলীয়ে মিচেল ষ্টাৰ্ক আৰু বাওঁহাতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । টি-২০ত ষ্টাৰ্কৰ তুলনাত সামান্য আছে কোহলী কাৰণ তেওঁ ৩১টা বলত ৭২ ৰান সংগ্ৰহ কৰিছে যদিও অষ্ট্ৰেলিয়ান পেচাৰগৰাকীয়ে এই ছিজনত ভয়ংকৰ ফৰ্মত আছে । তিনিখন মেচত গড়ে ১১ ৰানত ৯টা উইকেট দখল কৰিছে ষ্টাৰ্কে ।ইয়াত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ডাঙৰ ভূমিকা পালন কৰিব কাৰণ তেওঁ স্পীনৰ বিৰুদ্ধে খেলিব পৰা এজন উৎকৃষ্ট খেলুৱৈ ।

এই পৰ্যন্ত আই পি এলত আৰ চি বি আৰু দিল্লী কেপিটেলছৰ মাজত ৩১খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে আৰ চি বিয়ে ২০খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১১খন মেচত জয়লাভ কৰিছে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পদ্দিকল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা ।

দিল্লী কেপিটেলছৰ সম্ভাৱ্য মূল একাদশ :

জেক ফ্ৰেজাৰ-মেকগাৰ্ক, কে এল ৰাহুল, অভিষেক পোৰেল, ট্ৰিষ্টান ষ্টাবছ, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিজৰাম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।