অথলে গ’ল বিৰাট কোহলীৰ সংগ্ৰামী ইনিংছ, গুজৰাটৰ হাতত পৰাস্ত আৰ চি বি
বিৰাট কোহলীয়ে ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দেৱদত্ত পাদিক্কালে ৪০ ৰান সংগ্ৰহ কৰে
আই পি এল ২০২৬ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন মেচত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪ উইকেটত পৰাস্ত কৰে । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভুৱনেশ্বৰ কুমাৰৰ ঐতিহাসিক প্ৰদৰ্শনৰ পিছতো বাংগালুৰু দলটোৱে জয় নিশ্চিত কৰাত ব্যৰ্থ হয় । এই খেলখনত ভুৱনেশ্বৰে তিনিটা উইকেট দখল কৰে । এই কৃতিত্বৰে তেওঁ টি-২০ কেৰিয়াৰত ৩৫০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হৈছে ।
টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰিবলৈ ওলাই আহে বাংগালুৰু দল । বিৰাট কোহলীয়ে ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দেৱদত্ত পাদিক্কালে ৪০ ৰান সংগ্ৰহ কৰে । আৰ চি বিৰ আন বেটছমেন সকলে মেচখনত প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় । দলটোৱে মুঠ ১৫৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
এই মেচখনত ছাই সুদৰ্শনৰ উইকেট দখল কৰাৰ লগে লগে ভুৱনেশ্বৰ কুমাৰে টি-২০ কেৰিয়াৰত ৩৫০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয় । টি-২০ ক্ৰিকেটত যুজবেন্দ্ৰ চাহালৰ পিছত এই কৃতিত্ব অৰ্জন কৰা তেওঁ দ্বিতীয়জন ভাৰতীয় । ৩২৫ সংখ্যক মেচত ভুৱনেশ্বৰ কুমাৰে ৩৫০টা উইকেট সম্পূৰ্ণ কৰে । গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত তেওঁ ছাই সুদৰ্শন, শুভমন গীল আৰু জোছ বাটলাৰৰ উইকেট দখল কৰি টি-২০ৰ মুঠ উইকেটৰ সংখ্যা ৩৫২ কৰে ।
ইয়াৰ জৰিয়তে গুজৰাট টাইটানছে আই পি এল ২০২৬ ছিজনত পঞ্চমটো জয় লাভ কৰি ১০ পইণ্টেৰে পইণ্ট টেবুলৰ পঞ্চম স্থানলৈ আগবাঢ়ি যায় । ইফালে দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে আৰ চি বিয়ে ।
যেতিয়া গুজৰাট দলটোৱে ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ ওলাই আহিছিল, তেতিয়া ছাই সুদৰ্শনৰ উইকেটৰ কম সময়তে পতন ঘটিছিল; কিন্তু কেপ্তেইন শুভমন গীলে মাত্ৰ ১৮টা বলত বিস্ফোৰক ৪৩ ৰান সংগ্ৰহ কৰে । জোছ বাটলাৰে ১৯টা বলত ৩৯ ৰান সংগ্ৰহ কৰে ।
অৱশেষত ইমপেক্ট প্লেয়াৰ হিচাপে অহা ৰাহুল তেৱাতিয়াই ১৭টা বলত অপৰাজিত ২৭ ৰান সংগ্ৰহ কৰি গুজৰাটৰ ছিজনৰ পঞ্চমটো জয় নিশ্চিত কৰে । গুজৰাটৰ বাবে এইটো আছিল বিশেষভাৱে উল্লেখযোগ্য জয়, কিয়নো তেওঁলোকে ২৫টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয় । ইয়াৰ ফলত তেওঁলোকৰ নেট ৰাণ ৰেটো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : ৩৯ বছৰত ভৰি দিলে ৰোহিত শৰ্মাই : ক্ৰিকেট বিশ্বৰ ‘হিটমেন’ৰ সোণালী কেৰিয়াৰৰ পৰিক্ৰমা


