ধন্যবাদ, কেপ্তেইন; বিৰাট কোহলীক সাক্ষাৎ কৰি জয়দীপ আহলাৱতৰ বিশেষ পোষ্ট

ধন্যবাদ, কেপ্তেইন; বিৰাট কোহলীক সাক্ষাৎ কৰি জয়দীপ আহলাৱতৰ বিশেষ পোষ্ট

কাইলৈ ​​অৰ্থাৎ ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬। ইফালে, আই পি এলৰ পূর্বে বলীউডৰ অভিনেতা জয়দীপ আহলাৱাতে বিৰাট কোহলীৰ সৈতে এক বিশেষ মুহূৰ্ত ভাগ কৰে। দুৰ্দান্ত অভিনয়ৰ বাবে বিখ্যাত বলীউডৰ অভিনেতা জয়দীপ আহলাৱতে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে সাক্ষাৎ কৰে।আই পি এল

কাইলৈ ​​অৰ্থাৎ ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬। ইফালে, আই পি এলৰ পূর্বে বলীউডৰ অভিনেতা জয়দীপ আহলাৱাতে বিৰাট কোহলীৰ সৈতে এক বিশেষ মুহূৰ্ত ভাগ কৰে।

দুৰ্দান্ত অভিনয়ৰ বাবে বিখ্যাত বলীউডৰ অভিনেতা জয়দীপ আহলাৱতে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে সাক্ষাৎ কৰে।আই পি এল ২০২৬ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে অনুষ্ঠিত এই বৈঠকৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।জয়দীপে এই বিশেষ মুহূৰ্তটোক ‘বিৰাট মুহূৰ্ত’ বুলি অভিহিত কৰে।

জয়দীপ আহলাৱতৰ বিৰাট কোহলীক লগ পোৱাৰ ইচ্ছা বহুদিনৰ পৰাই আছিল আৰু অৱশেষত আই পি এল ২০২৬ আৰম্ভ হোৱাৰ ঠিক এদিন পূৰ্বে তেওঁৰ এই ইচ্ছা পূৰণ হ’ল।

নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰি জয়দীপে অতি আমোদজনক কেপচন লিখিলে।তেওঁ লিখিছে যে,‘বিৰাট মুহূৰ্ত’। আই পি এল ২০২৬ আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে।অৱশেষত আপোনাক লগ পাই বৰ ভাল লাগিল।আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ,কেপ্তেইন। জয়দীপৰ এই পোষ্টটোৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ কোহলীৰ খেল আৰু তেওঁৰ ব্যক্তিত্বৰ কিমান ডাঙৰ অনুৰাগী।

লগতে পঢ়ক: ৰাম নৱমীৰ উপলক্ষে ‘বাল্মিকী ৰামায়ণ’ৰ প্ৰথম পোষ্টাৰ মুকলি; মুক্তিৰ তাৰিখো ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ