টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ নামত আন এক বৃহৎ অভিলেখ সংযোজন কৰিছে।
সোমবাৰে আই পি এলৰ ১৯ সংখ্যক ছিজনত বিৰাট কোহলীয়ে এক নতুন ইতিহাস ৰচনা কৰিছে।তেওঁ আই পি এলত ৯ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। বিৰাট কোহলীয়ে ২৭ এপ্ৰিলত দিল্লী জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছৰ বিৰুদ্ধে পাৱাৰপ্লেৰ শেষৰটো বলত এক ৰান লৈ কোহলীয়ে এই ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়।
এই মেচত প্ৰৱেশ কৰাৰ পূৰ্বে,এই মাইলৰ খুঁটিত উপনীত হ’বলৈ কোহলীক মাত্ৰ ১১ ৰানৰ প্ৰয়োজন আছিল।অৱশ্যে সৰ্বনিম্ন মুঠ ৭৬ ৰানৰ লক্ষ্য খেদি কোহলীয়ে মেচখনত ২৩ ৰানৰ ইনিংছ খেলিছিল। আৰু নিজৰ দলটোক ৯ উইকেটত জয়ৰ সোৱাদ দিয়ে।
আমোদজনক কথাটো হ’ল দ্বিতীয় স্থান দখল কৰা ৰোহিত শৰ্মাই ১৮২৯ ৰানত পিছ পৰি আছে।উল্লেখ্য যে, আই পি এলৰ ২৭৫খন খেলত কোহলীয়ে গড়ে ৪০.০৫ আৰু ষ্ট্ৰাইক ৰেট ১৩৩.৮০ ৰে ৯০১২ ৰান সংগ্ৰহ কৰিছে।য’ত ৮ টা শতক আৰু ৬৬টা অৰ্ধশতক অন্তৰ্ভুক্ত।
লগতে পঢ়ক: ‘এখন ফটোৰ বাবে ১০০ টকা দিব লাগিব’; অনুৰাগীক দাবী বৈভৱ সূৰ্য্যবংশীৰ, ভিডিঅ’ ভাইৰেল









