ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?  

ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে

এদিনীয়া ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৭ লাহে লাহে চৰ্চালৈ আহিছে । প্ৰাথমিক তথ্য অনুসৰি ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে এই প্ৰতিযোগিতা । এইবাৰ দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই এ প্ৰতিযোগিতাৰ আয়োজন কৰিব । তাৎপৰ্যপূৰ্ণভাৱে এই সংস্কৰণত ১৪টা দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব । এই বিশ্বকাপ টিম ইণ্ডিয়াৰ বাবে বহু বিশেষ হ’ব ।

উল্লেখ্য যে, আগন্তুক এদিনীয়া বিশ্বকাপৰ পূর্বে ভাৰতীয় দলটোক যিমান পাৰি সিমান মেচৰ অনুশীলন প্রদানৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড আগ্ৰহী ৷ বাতৰি অনুসৰি ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে । ইয়াৰ দ্বাৰা ভাৰতে যথেষ্ট প্ৰস্তুতি চলোৱাৰ সুযোগ লাভ কৰিব । ইফালে এই এদিনীয়াৰ মূল আকৰ্ষণ হ’ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী । বৰ্তমান দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে কেৱল এদিনীয়া ফৰ্মেটতহে খেলে ।

২০২৬ চনত টিম ইণ্ডিয়াৰ সূচী যথেষ্ট ব্যস্ততাপূৰ্ণ হোৱাৰ কথা । আই পি এলৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা খেলিব ভাৰতে । তাৰ পাছতে ইংলেণ্ড ভ্ৰমণ কৰিব দলটোৱে য’ত এদিনীয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আয়াৰলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধেও মেচৰ সংখ্যা বৃদ্ধি পাব পাৰে । ভাৰতৰ সৈতে টেষ্ট শৃংখলাত সীমিত অভাৰৰ মেচ সংযোজন কৰিবলৈও চেষ্টা চলাইছে শ্ৰীলংকাৰ ব’ৰ্ডে । ২০২৭ চনৰ পূৰ্বে ভাৰতে ৫০ অভাৰৰ ক্ৰিকেটত ধাৰাবাহিকভাৱে গুৰুত্ব দিব বুলি স্পষ্ট হৈ পৰিছে ।

ইফালে এটা ডাঙৰ পৰিৱৰ্তন হ’ল শুভমন গীল এতিয়া টিম ইণ্ডিয়াৰ এদিনীয়া দলৰ অধিনায়ক । অৰ্থাৎ ভাৰতীয় দলটোৱে নতুন নেতৃত্ব আৰু অভিজ্ঞ খেলুৱৈৰ সংমিশ্ৰণেৰে ২০২৭ চনৰ বিশ্বকাপত প্ৰৱেশ কৰিব পাৰে ।

কোহলী-ৰোহিত ফেক্টৰ-

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে । দুয়োজনে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত এই ফৰ্মেটৰ পৰাও অৱসৰ লোৱাৰ সম্ভাৱনা আছে । গতিকে যিকোনো মূল্যৰ বিনিময়ত নিজৰ দেশৰ বাবে ট্ৰফী জয় কৰিবলৈ দুয়োজনেই উত্ৰাৱল হৈ আছে ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬

ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ গৰজিব ৰোহিত-কোহলীৰ বেটে, এদিনীয়া শৃংখলাৰ সময়সূচী ঘোষণা

শীঘ্ৰেই ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে খেলপথাৰত দেখিবলৈ পাব ৰোহিত-কোহলীৰ যাদু

চলি থকা টি-২০ বিশ্বকাপৰ মাজতে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিছে আন এক ভাল খবৰ । শীঘ্ৰেই ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে খেলপথাৰত দেখিবলৈ পাব ৰোহিত-কোহলীৰ যাদু । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে আফগানিস্তানৰ ভাৰত ভ্ৰমণৰ সময়সূচী ঘোষণা কৰে । আফগানিস্তান দলটোৱে আয়োজক ভাৰতৰ বিৰুদ্ধে এখন টেষ্ট আৰু তিনিখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব । আফগানিস্তানৰ বিৰুদ্ধে এই এদিনীয়া শৃংখলাত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতীয় দলৰ দুই মহা তৰাকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ।

নিউ চণ্ডীগড় (মুল্লানপুৰ)ত অহা ৬ জুনত আৰম্ভ হ’ব একমাত্ৰ টেষ্ট মেচ । ইয়াৰ পিছত ১৪, ১৭, আৰু ২০ জুনত তিনিখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । প্ৰথমখন এদিনীয়া ধৰমশালাত, দ্বিতীয়খন লক্ষ্ণৌত, তৃতীয়খন চেন্নাইত অনুষ্ঠিত হ’ব । উল্লেখ্য যে এই ভ্ৰমণত কোনো টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত নহয়, কিয়নো চলিত বিশ্বকাপৰ মাত্ৰ কেইমাহমানৰ পিছতে এই শৃংখলা অনুষ্ঠিত হোৱাৰ কথা ।

২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈ লক্ষ্য ৰাখি এই তিনিখন মেচ ভাৰতীয় দলৰ বাবে এক্সপিৰিমেন্ট আৰু ভাৰসাম্য বিচাৰি উলিওৱাৰ এক সুন্দৰ সুযোগ হ’ব । দল পৰিচালনাই বেটিং অৰ্ডাৰ, অল ৰাউণ্ড বিকল্প আৰু বলিং কম্বিনেচন চূড়ান্ত কৰিবলৈ সুযোগ পাব । অভিজ্ঞ বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এই শৃংখলাত খেলাৰ সম্ভাৱনা অতি বেছি । ২০২৭ চনৰ বিশ্বকাপৰ পূৰ্বে ৰোহিত আৰু কোহলীয়ে নিজৰ ছন্দ আৰু ফিটনেছ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব ।

আফগানিস্তানৰ ভাৰত ভ্ৰমণৰ সূচী-

টেষ্ট মেচঃ ৬ জুন, নিউ চণ্ডীগড়, পুৱা ৯:৩০ বজাত

প্ৰথম এদিনীয়াঃ ১৪ জুন, ধৰমশালা, ১:৩০ বজাত

দ্বিতীয় এদিনীয়াঃ ১৭ জুন, লক্ষ্ণৌ, ১:৩০ বজাত

তৃতীয় এদিনীয়াঃ ২০ জুন, চেন্নাই, ১:৩০ বজাত

বৰ্তমান আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত ব্যস্ত হৈ আছে টিম ইণ্ডিয়া । কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত ছুপাৰ-৮ ষ্টেজৰ মেচত ভাৰতে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । সঞ্জু চেমছনে ৫০ বলত ৯৭ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে । ভাৰতে ১৯.২ অভাৰত ১৯৬ ৰানৰ বিজয় লক্ষ্যত উপনীত হয় ।

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক শৃংখলা ভাৰতীয় ক্ৰিকেট দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব । টি-২০ৰ বৰ্তমানৰ উত্তেজনা স্পষ্ট হ’লেও ভৱিষ্যতৰ এদিনীয়া বিশ্বকাপৰ বাবেও কঠিন প্ৰস্তুতি আৰম্ভ হৈছে । বৰ্তমান জয় আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুতিৰ মাজত টিম ইণ্ডিয়াই কেনেদৰে ভাৰসাম্য ৰক্ষা কৰে সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : ‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

‘এই কঠিন সময়ত মোৰ প্ৰাৰ্থনা আপোনালোকৰ লগত’; ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত বিৰাট কোহলীৰ শোক প্ৰকাশ

টি-২০ বিশ্বকাপ ২০২৬ৰ টিম ইণ্ডিয়াৰ দলৰ অংশ ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত শোকৰ পাহাৰ ভাগি পৰিছে। এই খবৰ লাভ কৰাৰ পিছতে বিৰাট কোহলীয়ে শোক প্ৰকাশ কৰিছে।

ভাৰতীয় ক্ৰিকেট দলে বৰ্তমান টি-২০ বিশ্বকাপ ২০২৬ত খেলি আছে।এই মেচখনৰ মাজতেই টিম ইণ্ডিয়াৰ দলৰ অংশ হিচাপে থকা ৰিংকু সিঙৰ বাবে এটা অতি দুখজনক খবৰ আহে।

ৰিংকু সিঙৰ পিতৃ বহুদিন অসুস্থ হৈ আছিল,য’ত তেওঁৰ গ্ৰেটাৰ নয়ডাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।এই দুখৰ খবৰটোৰ পাছতেই বিৰাট কোহলীকে ধৰি ক্ৰিকেট জগতৰ বহু খেলুৱৈয়ে ৰিংকু আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

ৰিংকু সিঙৰ পিতৃৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছত টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে।

তেওঁ লিখিছে যে,ৰিংকুৰ দেউতাকৰ মৃত্যুৰ খবৰ পাই যথেষ্ট মৰ্মাহত হৈছো।এই কঠিন সময়ত আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ মোৰ প্ৰাৰ্থনা আৰু সমবেদনা জ্ঞাপন কৰিছো।ভগৱানে আপোনাক তেওঁৰ চিৰদিনীয়া আশীৰ্বাদত শক্তি প্ৰদান কৰক।ঔম শান্তি।

উল্লেখ্য যে, জিম্বাবুৱেৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ৰিংকু সিঙে পিতৃক চাবলৈ ঘৰলৈ উভতি আহিছিল, অৱশ্যে মেচৰ মাত্ৰ এদিন আগতে পুনৰ দলত যোগদান কৰে।

বিৰাট কোহলীৰ উপৰি টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি খেলুৱৈ যুৱৰাজ সিঙেও ৰিংকু সিঙৰ পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শোক প্ৰকাশ কৰে।

তেওঁ লিখিছে যে, ৰিংকুৰ দেউতাকৰ মৃত্যুৰ খবৰটো শুনি দুখ লাগিল। এনে মুহূৰ্তত কোনো শব্দই যথেষ্ট যেন নালাগে।এই কঠিন সময়ত মই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লগত আছো।আশা কৰো আপুনি চৌপাশৰ ভালপোৱাত শক্তি আৰু সাহস পাব।

যুৱৰাজ সিঙৰ উপৰিও শিখৰ ধাৱন, উমেশ যাদৱ আৰু যুজবেন্দ্ৰ চাহালেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শোক প্ৰকাশ কৰে।

লগতে পঢ়ক: জিম্বাবুৱেক পৰাস্ত কৰিও সংকটমুক্ত নহ’ল নাই টিম ইণ্ডিয়া, কি কয় পইন্ট টেবুলৰ স্থিতিয়ে

ৰোহিত-কোহলীক ডিমোশ্যন, বাহিৰ হ’ল ছামী-কিষণ; বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ

বিচিচিআইয়ে এইবাৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । ৰোহিত-কোহলীক ডিমোশ্যন কৰা হৈছে ।

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, এদিনীয়া আৰু টেষ্টৰ অধিনায়ক শুভমন গীল আৰু ছিনিয়ৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাক ২০২৫-২৬ ছিজনৰ বাবে বিচিচিআইৰ গ্ৰেড এ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে । তিনিওজনেই এইবাৰ সৰ্বোচ্চ কেটেগৰীৰ খেলুৱৈ ।

বিচিচিআইয়ে এইবাৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । ব’ৰ্ডে A+ শিতান সম্পূৰ্ণৰূপে বিলুপ্ত কৰি A গ্ৰেড সৰ্বোচ্চ কেটেগৰীত পৰিণত কৰিছে।

ৰোহিত-কোহলীৰ ডিমোশ্যন-

বৰ্তমান কেৱল এদিনীয়া ফৰ্মেটত খেলা প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক গ্ৰেড Bত স্থান দিয়া হৈছে । পূৰ্বতে দুয়োগৰাকী খেলুৱৈয়ে শীৰ্ষ A+ কেটেগৰীৰ অংশ আছিল যদিও টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁলোকক এটা কেটেগৰীলৈ অৱনমিত কৰা হৈছে ।

টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱকো গ্ৰেড Bত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁৰ সৈতে কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ চিৰাজ, ঋষভ পন্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, আৰু শ্ৰেয়াছ আয়েৰে আছে ।

C গ্ৰেডত কোন কোন ?

C গ্ৰেডত অক্ষৰ পেটেল, তিলক বাৰ্মা, ৰিংকু সিং, শিৱম ডুবে, সঞ্জু চেমচন, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্ৰুৱ জুৰেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, ছাই সুদৰ্শন, ৰবি বিষ্ণোই আৰু ৰুতুৰাজ গাইকোৱাডক অন্তৰ্ভুক্ত কৰা হৈছে ।

কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰিল মহম্মদ ছামী আৰু ঈষান কিষণ-

এই তালিকাৰ পৰা বাদ পৰা আটাইতকৈ ডাঙৰ নাম হৈছে বেগী বলাৰ মহম্মদ ছামী । এইবাৰ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰিছে স্পীড ষ্টাৰগৰাকী । ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত তেওঁ ভাৰতৰ হৈ কোনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই ।

ঈশান কিষণৰ নামো কোনো গ্ৰেডত অন্তৰ্ভুক্ত হোৱা নাই । এই সিদ্ধান্ত আচৰিত বুলি বিবেচিত হৈছে কাৰণ ঈশান চলিত টি-২০ বিশ্বকাপ দলৰ অংশ আৰু শেহতীয়াকৈ নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিছিল ।

বিচিচিআইৰ নতুন চুক্তি ব্যৱস্থাত খেলুৱৈসকলক তেওঁলোকৰ বৰ্তমানৰ ফৰ্মেট আৰু সামঞ্জস্যৰ ওপৰত ভিত্তি কৰি গ্ৰেড দিয়া হয়, যিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে ব’ৰ্ডে এতিয়া তিনিওটা ফৰ্মেটতে অৱদানক অগ্ৰাধিকাৰ দিছে ।

২০২৫-২৬ চনৰ বিচিচিআইৰ চুক্তিৰ মূল পৰিৱৰ্তন-

-টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক গ্ৰেড Bত স্থান দিয়া হৈছে ।

-শুভমন গীলক B গ্ৰেডৰ পৰা শীৰ্ষ বিভাগ, A গ্ৰেডলৈ উন্নীত কৰা হৈছে ।

-যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজাই শীৰ্ষ গ্ৰেডৰ চুক্তি অক্ষুণ্ণ ৰাখিছে ।

-ৱাশ্বিংটন সুন্দৰক C গ্ৰেডৰ পৰা B গ্ৰেডলৈ পদোন্নতি দিয়া হৈছে ।

-গ্ৰেড B চুক্তিলৈ ঘূৰি আহিছে শ্ৰেয়াছ আয়াৰ ।

-বিচিচিআইৰ বাৰ্ষিক চুক্তি তালিকাৰ পৰা বাদ পৰিল মহম্মদ ছামী আৰু ঈষাণ কিষণ ।

A গ্ৰেড :

শুভমন গীল, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা

B গ্ৰেড :

ৰোহিত শৰ্মা, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ চিৰাজ, ঋষভ পন্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, শ্ৰেয়াছ আয়েৰ ।

C গ্ৰেড :

অক্ষৰ পেটেল, তিলক বাৰ্মা, ৰিংকু সিং, শিৱম ডুবে, সঞ্জু চেমচন, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্ৰুৱ জুৰেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, ছাই সুদৰ্শন, ৰবি বিষ্ণোই, ৰুতুৰাজ গাইকোৱাদ ।

লগতে পঢ়ক : অনিশ্চয়তাৰ আৱৰ্তত ভাৰত-পাক মেচ : আগন্তুক ২৪ ঘন্টাৰ ভিতৰত পিচিবিয়ে ল’ব লাগিব অন্তিম সিদ্ধান্ত

আৰচিবিৰ খিতাপ জয়ৰ পিছতেই বিৰাট কোহলীৰ বিশেষ পোষ্ট…

ভাৰতৰ কিংবদন্তি বেটছমেন তথা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তাৰকা বিৰাট কোহলীয়ে মহিলা দলটোক পুনৰবাৰ ট্ৰফী জয় কৰাৰ বাবে অভিনন্দন জনায়।

ফাইনেলত দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে।দ্বিতীয় বাৰৰ বাবে ডব্লিউ পি এলৰ খিতাপ দখল কৰিছে আৰ চি বিয়ে।

চেম্পিয়ন হোৱাৰ পিছৰে পৰা আৰ চি বিয়ে ক্ৰিকেট জগতৰ কিংবদন্তিসকলৰ পৰা অহৰহ অভিনন্দন লাভ কৰিছে। আৰচিবিৰ মহিলা দলৰ এই কৃতিত্বৰ বাবে বিৰাট কোহলীয়েও ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে আৰু দলটোক অভিনন্দন জ্ঞাপন কৰে।বিৰাট কোহলীয়ে আৰ চি বিক এই জয়ৰ যোগ্য বুলি কয়।

আৰ চি বি চেম্পিয়ন হোৱাৰ পিছতে বিৰাট কোহলীয়ে এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত দলটোৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘আমি আকৌ চেম্পিয়ন।

দলটোৰ খেলুৱৈসকলে আৰচিবিৰ পতাকাখন উৰুৱাই ৰাখিছে আৰু এয়াও তেনে এক কৃতিত্ব, যাৰ বাবে আপোনালোক সকলোৱে গৌৰৱ কৰিব পাৰে।

এই  জয়ৰ বাবে স্মৃতি মান্ধনা, সমগ্ৰ দল আৰু দল পৰিচালনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।আপোনালোক সকলোৱে এই জয়ৰ যোগ্য। এই মুহূৰ্তটো উপভোগ কৰক আৰু আমাৰ অনুৰাগীসকলৰ মৰম অনুভৱ কৰক।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ

ইনষ্টাগ্ৰামৰ পৰা নিষ্ক্ৰিয় বিৰাট কোহলীৰ একাউণ্ট; অনুৰাগীৰ মাজত হাহাকাৰ

হঠাতে কিয় নোহোৱা হ’ল ভাৰতীয় প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি বেটছমেন বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট? বৃহস্পতিবাৰে নিশা একাউণ্টো নোহোৱা হোৱাক লৈ আৰম্ভ হৈছে চৰ্চা।

২৯ জানুৱাৰীৰ নিশা হঠাতে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা নোহোৱা হ’ল টিম ইণ্ডিয়াৰ ডেছিং বেটছমেন বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্ট।

২৭ কোটি (২৭ কোটি)তকৈ অধিক অনুসৰণকাৰী  থকা বিৰাট কোহলীৰ ভেৰিফাইড একাউণ্টো যেতিয়া চাৰ্চ কৰা হৈছিল, তেতিয়া ‘Profile isn’t available’ বুলি দেখুৱাইছিল, ইয়াৰ পিছতে সামাজিক মাধ্যমত এক ব্যাপক চৰ্চা আৰম্ভ হৈছে।

বিৰাট কোহলীৰ অনুৰাগীসকল বিমোৰত পৰিছে যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিলে নে স্থগিত ৰখা হ’ল।

কোহলীয়ে ইনষ্টাগ্ৰামত দীৰ্ঘদিন ধৰি কেৱল ক্ৰিকেট আপডেটেই নহয় বিৰাট আৰু অনুষ্কাৰ বহু ব্যক্তিগত মুহূৰ্তও শ্বেয়াৰ কৰিছিল। এনে পৰিস্থিতিত একাউণ্টটো হঠাতে নোহোৱা হোৱাটোৱে অনুৰাগীক স্তম্ভিত কৰিছে।

অৱশ্যে এই সমগ্র বিষয়টোক লৈ বিৰাট কোহলী, তেওঁৰ মেনেজমেণ্ট টিম বা ইনষ্টাগ্ৰামৰ কোনো আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা নাই৷ এনে পৰিস্থিতিত একাউণ্টটো ইচ্ছাকৃতভাৱে নিষ্ক্ৰিয় কৰা হৈছে নে ইয়াত কিবা কাৰিকৰী সমস্যা আছে সেয়া স্পষ্ট নহয়।

লগতে পঢ়ক: ‘অৰিজিৎ  সিঙে সকলো এৰি দিয়া নাই সত্যক বাছি লৈছে’; মহেশ ভাট

অৰিজিত সিঙৰ কণ্ঠত ‘অৱসৰ’ৰ সুৰ : ছচিয়েল মিডিয়াত ভাইৰেল অনুৰাগী বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

অৰিজিত অবিহনে আধৰুৱা সংগীত ? প্লেবেকৰ পৰা অৱসৰৰ ইংগিত গায়কৰ, স্তম্ভিত আটাইতকৈ ডাঙৰ অনুৰাগী বিৰাট কোহলী ।

বলীউডৰ কণ্ঠশিল্পী অৰিজিত সিঙে মঙলবাৰে প্লেবেক ছিংগিংঙৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । তেওঁ অৱসৰৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিয়ে অনুৰাগীসকলক স্তম্ভিত কৰি তোলে । ইতিমধ্যে অৰিজিতৰ অৱসৰৰ ঘোষণাৰ পিছতে লক্ষ লক্ষ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

তেওঁৰ প্ৰতিক্ৰিয়াত কোহলীয়ে নিজকে অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কৰিছে । ভাৰতকে ধৰি বিশ্বজুৰি অৰিজিত সিং জনপ্ৰিয় । গতিকে, অৰিজিতৰ অৱসৰ সন্দৰ্ভত বিৰাট কোহলীয়ে কি ক’লে জানক ।

“মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী”

উল্লেখ্য যে, বিৰাট কোহলীৰ ভাইৰেল হোৱা এই প্ৰতিক্ৰিয়া ২০১৬ চনৰে । নিজকে অৰিজিতৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কিং কোহলীয়ে ইনষ্টাগ্ৰামত লিখিছে, “মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী । তেওঁৰ প্ৰতিভা আৰু আত্মাস্পৰ্শী কণ্ঠই মোক মন্ত্ৰমুগ্ধ কৰি তোলে । সঁচা কথা ক’বলৈ গ’লে মই শব্দৰে এই অনুভূতি প্ৰকাশ কৰিব নোৱাৰিম ।”

পোষ্টত কি লিখিলে অৰিজিত সিঙে ?

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অৰিজিৎ সিঙে লিখিছে, “নমস্কাৰ, সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল । বছৰ বছৰ ধৰি মোক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ । মই ঘোষণা কৰি সুখী যে মই আৰু প্লেবেক ছিংগিং হিচাপে কোনো এচাইনমেণ্ট নলওঁ । মই ইয়াৰ অন্ত পেলাইছো । এয়া এক বহুত সুন্দৰ যাত্ৰা আছিল ।”

লগতে পঢ়ক : মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?

আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

এদিনীয়া ক্ৰিকেটত আন এক আঘাতৰ সন্মুখীন হৈছে বিৰাট কোহলী । এদিনীয়াৰ শীৰ্ষ স্থান হেৰুৱাইছে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে ।

শেহতীয়াকৈ আই চি চিৰ এদিনীয়া বেটিং ৰেংকিঙত অৱনমিত হৈছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী । নিউজীলেণ্ডৰ ডেৰিল মিচেলৰ হাতত তেওঁ এক নম্বৰ স্থান হেৰুৱাইছে । শেহতীয়া মেচসমূহত আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবেই মিচেলে এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে কোহলীৰ ৰেংকিং অৱনমিত হৈছে ।

উল্লেখ্য যে যোৱা সপ্তাহত কোহলীয়ে ৰোহিত শৰ্মাক অতিক্ৰম কৰি এক নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছিল । ২০২১ চনৰ জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে এদিনীয়া বেটছমেনৰ স্থানলৈ ঘূৰি আহিছিল কোহলী । অৱশ্যে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত মিচেলৰ প্ৰদৰ্শনে কোহলীক শীৰ্ষ স্থান দখল কৰিছে ।

মিচেলৰ ৰেংকিং পইণ্ট ৮৪৫, বিৰাট কোহলীয়ে ৭৯৫ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । ইয়াৰ বহু পিছত আছে ইব্ৰাহিম জাদ্ৰান, ৰোহিত শৰ্মা, শুভমন গীল, বাবৰ আজমৰ দৰে তাৰকা বেটছমেন ।

এদিনীয়া ৰেংকিঙত মিচেলে দ্বিতীয়বাৰৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে । ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত মাত্ৰ তিনিদিনহে তেওঁ শীৰ্ষস্থান দখল কৰিছিল, তাৰ পিছত তেওঁৰ ঠাই ৰোহিত শৰ্মাই লৈছিল ।

ডেৰিল মিচেল বৰ্তমান নিজৰ কেৰিয়াৰৰ বিস্ফোৰক ফৰ্মত আছে । শেহতীয়াকৈ অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাত তেওঁ মুঠ ৩৫২ ৰান সংগ্ৰহ কৰে । দ্বিতীয়খন মেচত তেওঁ ১১৭টা বলত অপৰাজিত ১৩১ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে । এই ইনিংছে নিউজীলেণ্ডক শৃংখলাটোত সমতা স্থাপনত কৰাত সহায় কৰে আৰু পিছলৈ ২-১ ব্যৱধানত জয়লাভ কৰে ।

বিৰাট কোহলীৰ শেহতীয়া প্ৰদৰ্শন ?

ইফালে এদিনীয়া শৃংখলাত বিৰাট কোহলীয়েও উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । ৰান সংগ্ৰহৰ ক্ষেত্ৰত শৃংখলাত দ্বিতীয় স্থান দখল কৰি মিচেলৰ পিছতে স্থান দখল কৰে তেওঁ । তিনিখন মেচত ২৪০ ৰান সংগ্ৰহ কৰে তেওঁ । এই শৃংখলাত কোহলীৰ সৰ্বোচ্চ ৰান আছিল ১২৪ । তেওঁৰ গড় ৮০.০০ আৰু ষ্ট্ৰাইক ৰেট ১০৫.২৬ ।

লগতে পঢ়ক : আজি নিৰ্ণয় হ’ব বাংলাদেশৰ ভাগ্য! আইচিচিয়ে দিছিল ২১ জানুৱাৰীৰ সময়সীমা

ৰোহিত-কোহলীৰ কোটি কোটি টকা পাৰিশ্ৰমিক কৰ্তন ! কেন্দ্ৰীয় চুক্তি সলনি কৰাৰ পথত বিচিচিআই

ৰোহিত-কোহলীৰ দৰমহা কৰ্তন কৰা হ’ব পাৰে বুলি শেহতীয়াকৈ চৰ্চা চলিছে । নতুন আৰ্হি কাৰ্যকৰী হ’লে মাত্ৰ তিনিটা শ্ৰেণী – A, B, আৰু C – বাকী থাকিব ।

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা অৱনমিত হ’ব নেকি ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ?  শেহতীয়াকৈ এই দুয়োগৰাকী তাৰকাক A+  কেটেগৰীৰ পৰা আতঁৰোৱাৰ পৰামৰ্শ দিছে অজিত আগৰকাৰে । ইয়াৰ পিছতেই এতিয়া ভাৰতীয় দলৰ এই দুয়োগৰাকী তাৰকাৰ পাৰিশ্ৰমিক কৰ্তন কৰা হ’ব পাৰে বুলি চৰ্চা চলিছে ।

অজিত আগৰকাৰৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ জ্যেষ্ঠ বাছনি সমিতিয়ে কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে । প্ৰকাশিত এক তথ্য অনুসৰি বাছনি সমিতিখনে খেলুৱৈক বছৰি ৭ কোটি টকা দিয়া A+ কেটেগৰী বাদ দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে ।

এই নতুন আৰ্হি কাৰ্যকৰী হ’লে মাত্ৰ তিনিটা শ্ৰেণী – A, B, আৰু C – বাকী থাকিব । অৰ্থাৎ সৰ্বোচ্চ A+ শ্ৰেণীটো সম্পূৰ্ণৰূপে নাইকীয়া কৰা হ’ব । কিন্তু এই সময়ত এয়া মাথোঁ এটা পৰামৰ্শ আৰু বিচিচিআইয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা নাই ।

এই প্ৰস্তাৱৰ ওপৰত বিচিচিআইৰ পৰৱৰ্তী এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা কৰা হ’ব । ব’ৰ্ডৰ শীৰ্ষ বিষয়াসকলে বৰ্তমানৰ কেন্দ্ৰীয় চুক্তিৰ গাঁথনি সলনি কৰিব নে নকৰে সেই বিষয়ে বিবেচনা কৰিব ।

জানিব পৰা মতে এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে ভাৰতৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক A+ কেটেগৰীৰ পৰিৱৰ্তে B  কেটেগৰীত স্থান দিয়া হ’ব পাৰে । এই পৰিৱৰ্তন তেওঁলোকৰ সীমিত-ফৰ্মেটত খেলা আৰু ৱৰ্কলোডৰ সৈতে জড়িত কৰা হৈছে ।

বৰ্তমান কেন্দ্ৰীয় চুক্তিত A+ কেটেগৰীত কেৱল তিনিওটা ফৰ্মেটতে নিয়মিতভাৱে খেলা নিৰ্বাচিত খেলুৱৈহে অন্তৰ্ভুক্ত কৰা হৈছে । অৱশ্যে নতুন ক্ৰিকেট কেলেণ্ডাৰ আৰু খেলুৱৈৰ উপলব্ধতা বিবেচনা কৰি চুক্তি ব্যৱস্থাটো বাছনি সমিতিৰ মতে অধিক ব্যৱহাৰিক কৰি তুলিব লাগে । এতিয়া সকলোৰে দৃষ্টি বিচিচিআই এপেক্স কাউন্সিলৰ বৈঠকত নিবদ্ধ হৈ আছে, য’ত ভাৰতীয় ক্ৰিকেটৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত এই বৃহৎ পৰিৱৰ্তন কাৰ্যকৰী হ’ব নে নহয় সেয়া সিদ্ধান্ত লোৱা হ’ব ।

বৰ্তমানৰ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিবদ্ধ খেলুৱৈৰ পাৰিশ্ৰমিক-

গ্ৰেড A+ – বছৰি ৭ কোটি টকা

গ্ৰেড A – বছৰি ৫ কোটি টকা

গ্ৰেড B – বছৰি ৩ কোটি টকা

গ্ৰেড C – বছৰি ১ কোটি টকা

বিচিচিআই কেন্দ্ৰীয় চুক্তি ২০২৪-২৫- খেলুৱৈৰ তালিকা

গ্ৰেড A+ (৪ খেলুৱৈ): ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা

A গ্ৰেড (৬ খেলুৱৈ): মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গীল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামি, ঋষভ পন্ট

গ্ৰেড B (৫ জন খেলুৱৈ): সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছোৱাল, শ্ৰেয়াছ আয়েৰ

গ্ৰেড C (১৯ জন খেলুৱৈ): ৰিংকু সিং, তিলক বাৰ্মা, ঋতুৰাজ গাইকোৱাদ, শিৱম ডুবে, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাটিদাৰ, চৰফৰাজ খান, আকাশ দীপ, নীতিশ ৰেড্ডী, ধ্ৰুৱ জুৰেল, বৰুণ চক্ৰৱৰ্তী, ঈশান কিষণ, অভিষেক শৰ্মা, হৰ্ষিত ৰাণা

লগতে পঢ়ক : সকলোকে আচৰিত কৰি ছাইনা নেহৱালে ল’লে এই সিদ্ধান্ত… বিস্মিত ক্ৰীড়া জগত