জিম্বাবুৱেক পৰাস্ত কৰিও সংকটমুক্ত নহ’ল নাই টিম ইণ্ডিয়া, কি কয় পইন্ট টেবুলৰ স্থিতিয়ে

জিম্বাবুৱেক পৰাস্ত কৰিও সংকটমুক্ত নহ’ল টিম ইণ্ডিয়া, কি কয় পইন্ট টেবুলৰ স্থিতিয়ে

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত টিম ইণ্ডিয়াই জিম্বাবুৱেক ৭২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ মেচত জিম্বাবুৱেক পৰাস্ত কৰি ভাৰতীয় দলটোৱে ছেমিফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত টিম ইণ্ডিয়াই জিম্বাবুৱেক ৭২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ।

আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ মেচত জিম্বাবুৱেক পৰাস্ত কৰি ভাৰতীয় দলটোৱে ছেমিফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত টিম ইণ্ডিয়াই জিম্বাবুৱেক ৭২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে ছুপাৰ-৮ ৰাউণ্ডত নিজৰ জয়ৰ লিপিবদ্ধ কৰে । কিন্তু এই জয়ৰ পিছতো পইণ্ট টেবুলত টিম ইণ্ডিয়াই বিশেষ সুবিধা লাভ কৰা নাই আৰু এতিয়াও গ্ৰুপ-১ৰ তৃতীয় স্থানত আছে দলটো ।

গ্ৰুপ-১ৰ পইণ্ট টেবুলৰ স্থিতি-

ছুপাৰ-৮ ৰাউণ্ডত জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই গ্ৰুপ-১ৰ পৰা ছেমি ফাইনেলত স্থান নিশ্চিত কৰে । প্ৰটিয়াছৰ দুখন মেচত জয়ৰ সৈতে ৪ পইণ্ট আৰু নেট ৰান ৰেট +২.৮৯০, যিটো আন দলতকৈ যথেষ্ট ভাল । আনহাতে ৱেষ্ট ইণ্ডিজে দুখন মেচৰ ভিতৰত এখনত জয়লাভ কৰি দুই পইণ্টেৰে দ্বিতীয় স্থানত আছে । টিম ইণ্ডিয়াই এখনত জয় আৰু এখনত পৰাজয়ৰ সৈতে দুই পইণ্ট লাভ কৰিছে যদিও তৃতীয় স্থানত আছে ।

ৱেষ্ট ইণ্ডিজৰ নেট ৰাণ ৰেট +১.৭৯১, আনহাতে ভাৰতীয় দলৰ -০.১০০, যাৰ বাবে কেৰিবিয়ান দলটো দ্বিতীয় স্থানত আছে । এই গ্ৰুপৰ চতুৰ্থ দল জিম্বাবুৱে, যিয়ে নিজৰ দুয়োখন মেচতে পৰাস্ত হোৱাৰ পিছত অন্তিম স্থানত আছে আৰু দ্বিতীয়খন মেচত টিম ইণ্ডিয়াৰ হাতত পৰাস্ত হৈ ছেমিফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে ।

ছেমিফাইনেলৰ বাবে গ্ৰুপ-২ত কঠিন প্ৰতিযোগিতা-

ইংলেণ্ডে দুখন খেলত জয়লাভ কৰি গ্ৰুপ-২ৰ পৰা ছেমিফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজীলেণ্ডে দুখন খেলৰ পৰা ৩ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে । ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে আজি অন্তিমখন খেল খেলিব লাগিব, যিখন কিৱিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব । এই মেচত জয়ী হ’লে নিউজীলেণ্ডেও ছেমিফাইনেলৰ স্থান নিশ্চিত কৰিব, কিন্তু নিউজীলেণ্ডৰ পৰাজয়ে পাকিস্তানৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা বৃদ্ধি কৰিব, কিয়নো পাকিস্তানে দুখন মেচৰ পৰা এটা পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে । এনে পৰিস্থিতিত পাকিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে অন্তিম খেলখনত জয়ী হৈ তিনি পইণ্ট লাভ কৰাৰ সুযোগ লাভ কৰিব, তাৰ পিছত নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ’ব । ইফালে, গ্ৰুপ-২ৰ চতুৰ্থ দল শ্ৰীলংকাই একেৰাহে দুবাৰকৈ পৰাজয়ৰ অন্তত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে ।

লগতে পঢ়ক : ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

শেহতীয়া প্ৰৱন্ধসমূহ