অনিশ্চয়তাৰ আৱৰ্তত ভাৰত-পাক মেচ : আগন্তুক ২৪ ঘন্টাৰ ভিতৰত পিচিবিয়ে ল’ব লাগিব অন্তিম সিদ্ধান্ত

অনিশ্চয়তাৰ আৱৰ্তত ভাৰত-পাক মেচ : আগন্তুক ২৪ ঘন্টাৰ ভিতৰত পিচিবিয়ে ল’ব লাগিব অন্তিম সিদ্ধান্ত

১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ মেচখনৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ । ভাৰত-পাকিস্তানৰ খেলখন প্ৰতিযোগিতাখনৰ সৰ্ববৃহৎ ৰাজহ আহৰণকাৰী হিচাপে বিবেচিত হৈছে । ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ সদায় কেৱল ক্ৰিকেট উত্তেজনা নহয়; ইয়াৰ লগত আৱেগ, ৰাজনীতি আৰু বাজীও জড়িত হৈ থাকে । ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত

১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ মেচখনৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ । ভাৰত-পাকিস্তানৰ খেলখন প্ৰতিযোগিতাখনৰ সৰ্ববৃহৎ ৰাজহ আহৰণকাৰী হিচাপে বিবেচিত হৈছে ।

ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ সদায় কেৱল ক্ৰিকেট উত্তেজনা নহয়; ইয়াৰ লগত আৱেগ, ৰাজনীতি আৰু বাজীও জড়িত হৈ থাকে । ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ মেচখনৰ পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ । বাংলাদেশৰ সমৰ্থনত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই মেচখন অনিশ্চয়তাৰে আৱৰি ধৰিছে ।

লাহোৰত পাঁচ ঘণ্টীয়া এখন বৈঠক-

দেওবাৰে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত আইচিচি, পিচিবি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত এই বিষয়ত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠক পাঁচ ঘণ্টাৰো অধিক সময় ধৰি চলে । পিচিবিৰ অধ্যক্ষ মহছিন নাকৱী, আইচিচিৰ উপাধ্যক্ষ ইমৰাণ খোৱাজা আৰু বিচিবিৰ অধ্যক্ষ আমিনুল ইছলাম এই বৈঠকত উপস্থিত থাকে । আই চি চিৰ স্পষ্ট উদ্দেশ্য আছিল এই বিবাদ নিষ্পত্তি কৰা আৰু ভাৰত-পাকিস্তানৰ মেচ নিৰ্ধাৰিত সময়ত হোৱাটো নিশ্চিত কৰা ।

একেটা মঞ্চত একত্ৰিত কেইবাখনো ব’ৰ্ড-

বিচিবিৰ মুৰব্বীগৰাকী লাহোৰত উপস্থিত হোৱাৰ লগে লগে আইচিচিয়ে সকলো পক্ষকে জড়িত কৰি সমাধান বিচাৰে । জানিব পৰা মতে  আলোচনাৰ সময়ত পাকিস্তান আৰু বাংলাদেশৰ মাজত কেইবাটাও বিষয়ত একে ধৰণৰ মতামত আছিল, যাৰ ফলত বিষয়টো আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে ।

ৰাজহৰ ওপৰত চকু-

আই চি চিৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে আৰ্থিক । ভাৰত-পাকিস্তানৰ খেলখন প্ৰতিযোগিতাখনৰ সৰ্ববৃহৎ ৰাজহ আহৰণকাৰী হিচাপে বিবেচিত হৈছে । সম্প্ৰচাৰৰ অধিকাৰ, পৃষ্ঠপোষকতা আৰু বিজ্ঞাপনৰ ৰাজহৰ এটা উল্লেখযোগ্য অংশ এই মেচৰ সৈতে জড়িত । যদিহে মেচখন নহয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিব পাৰে সকলো সদস্য ব’ৰ্ডৰ ৰাজহত ।

প্ৰকাশিত খবৰ অনুসৰি দীঘলীয়া আলোচনাৰ অন্তত পিচিবিয়ে অহা ২৪ ঘণ্টাৰ ভিতৰত চূড়ান্ত স্থিতি স্পষ্ট কৰাৰ ইংগিত দিছে । অনুমান কৰা হৈছে যে ব’ৰ্ডে সিদ্ধান্ত লোৱাৰ পূৰ্বে পাকিস্তান চৰকাৰৰ সৈতেও আলোচনা কৰিব । মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে আলোচনা কৰিহে ২ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেল বৰ্জন ঘোষণা কৰা হৈছিল । এতিয়া এই বৈঠকে নিজৰ স্থিতি কোমল কৰিব নে নিজৰ জেদ বজাই ৰাখিব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : ‘আমেৰিকাৰ দলটো অতি শক্তিশালী’; টি-২০ বিশ্বকাপক লৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া