‘আমেৰিকাৰ দলটো অতি শক্তিশালী ’; টি-২০ ক লৈ ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ বক্তব্য

‘আমেৰিকাৰ দলটো অতি শক্তিশালী’; টি-২০ বিশ্বকাপক লৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

টি-২০ বিশ্বাকাপ ২০২৬ ক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা বাৰ্তা ভাইৰেল হৈ পৰিছে। য’ত Team USA ক অতি শক্তিশালী বুলি অভিহিত কৰিছে। টি-২০ বিশ্বকাপ ২০২৬ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিছে। এই বৃহৎ ক্ৰিকেট প্ৰতিযোগিতাখনে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড

টি-২০ বিশ্বাকাপ ২০২৬ ক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা বাৰ্তা ভাইৰেল হৈ পৰিছে। য’ত Team USA ক অতি শক্তিশালী বুলি অভিহিত কৰিছে।

টি-২০ বিশ্বকাপ ২০২৬ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিছে। এই বৃহৎ ক্ৰিকেট প্ৰতিযোগিতাখনে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই প্ৰতিযোগিতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ট্ৰাম্পে আমেৰিকাৰ ক্ৰিকেট দলটোক টি-২০ বিশ্বকাপৰ বাবে শুভকামনা জনাই এটা বাৰ্তা শ্বেয়াৰ কৰে,যিটো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে যে,তেওঁ মাত্ৰ গম পালে যে ভাৰতত ক্ৰিকেট বিশ্বকাপ আৰম্ভ হৈছে!তেওঁ Team USA ৰ শুভেচ্ছা জনাইছে।

আমাৰ দলটো অতি শক্তিশালী।আমেৰিকাৰ জনসাধাৰণৰ সমৰ্থন আপোনাৰ লগত আছে!ট্ৰাম্পৰ এই বক্তব্যৰ পিছত আমেৰিকাত ক্ৰিকেটৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধিক লৈও আলোচনা তীব্ৰতৰ হৈ পৰিছে।

ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনত অনুষ্ঠিত হৈ থকা এই টি-২০ বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিছে।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ অন্তিমখন খেল অহা ৮ মাৰ্চত অনুষ্ঠিত হ’ব।আমেৰিকাক গ্ৰুপ এত স্থান দিয়া হৈছে, য’ত ভাৰত, পাকিস্তান, নামিবিয়া আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।

লগতে পঢ়ক: আইচিচিৰ এটা এক্সন আৰু পাকিস্তানত উপস্থিত বিচিবিৰ সভাপতি; অন্ত পৰিব নকভিৰ বিশ্বকাপ নাটক

শেহতীয়া প্ৰৱন্ধসমূহ