ৰোহিত-কোহলীক ডিমোশ্যন, বাহিৰ হ’ল ছামী-কিষণ; বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ

ৰোহিত-কোহলীক ডিমোশ্যন, বাহিৰ হ’ল ছামী-কিষণ; বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ

বিচিচিআইয়ে এইবাৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । ৰোহিত-কোহলীক ডিমোশ্যন কৰা হৈছে । ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, এদিনীয়া আৰু টেষ্টৰ অধিনায়ক শুভমন গীল আৰু ছিনিয়ৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাক ২০২৫-২৬ ছিজনৰ বাবে বিচিচিআইৰ গ্ৰেড এ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে ।

বিচিচিআইয়ে এইবাৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । ৰোহিত-কোহলীক ডিমোশ্যন কৰা হৈছে ।

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, এদিনীয়া আৰু টেষ্টৰ অধিনায়ক শুভমন গীল আৰু ছিনিয়ৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাক ২০২৫-২৬ ছিজনৰ বাবে বিচিচিআইৰ গ্ৰেড এ কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে । তিনিওজনেই এইবাৰ সৰ্বোচ্চ কেটেগৰীৰ খেলুৱৈ ।

বিচিচিআইয়ে এইবাৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে । ব’ৰ্ডে A+ শিতান সম্পূৰ্ণৰূপে বিলুপ্ত কৰি A গ্ৰেড সৰ্বোচ্চ কেটেগৰীত পৰিণত কৰিছে।

ৰোহিত-কোহলীৰ ডিমোশ্যন-

বৰ্তমান কেৱল এদিনীয়া ফৰ্মেটত খেলা প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক গ্ৰেড Bত স্থান দিয়া হৈছে । পূৰ্বতে দুয়োগৰাকী খেলুৱৈয়ে শীৰ্ষ A+ কেটেগৰীৰ অংশ আছিল যদিও টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁলোকক এটা কেটেগৰীলৈ অৱনমিত কৰা হৈছে ।

টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱকো গ্ৰেড Bত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁৰ সৈতে কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ চিৰাজ, ঋষভ পন্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, আৰু শ্ৰেয়াছ আয়েৰে আছে ।

C গ্ৰেডত কোন কোন ?

C গ্ৰেডত অক্ষৰ পেটেল, তিলক বাৰ্মা, ৰিংকু সিং, শিৱম ডুবে, সঞ্জু চেমচন, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্ৰুৱ জুৰেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, ছাই সুদৰ্শন, ৰবি বিষ্ণোই আৰু ৰুতুৰাজ গাইকোৱাডক অন্তৰ্ভুক্ত কৰা হৈছে ।

কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰিল মহম্মদ ছামী আৰু ঈষান কিষণ-

এই তালিকাৰ পৰা বাদ পৰা আটাইতকৈ ডাঙৰ নাম হৈছে বেগী বলাৰ মহম্মদ ছামী । এইবাৰ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰিছে স্পীড ষ্টাৰগৰাকী । ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত তেওঁ ভাৰতৰ হৈ কোনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই ।

ঈশান কিষণৰ নামো কোনো গ্ৰেডত অন্তৰ্ভুক্ত হোৱা নাই । এই সিদ্ধান্ত আচৰিত বুলি বিবেচিত হৈছে কাৰণ ঈশান চলিত টি-২০ বিশ্বকাপ দলৰ অংশ আৰু শেহতীয়াকৈ নিউজীলেণ্ডৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিছিল ।

বিচিচিআইৰ নতুন চুক্তি ব্যৱস্থাত খেলুৱৈসকলক তেওঁলোকৰ বৰ্তমানৰ ফৰ্মেট আৰু সামঞ্জস্যৰ ওপৰত ভিত্তি কৰি গ্ৰেড দিয়া হয়, যিয়ে স্পষ্টভাৱে ইংগিত দিয়ে যে ব’ৰ্ডে এতিয়া তিনিওটা ফৰ্মেটতে অৱদানক অগ্ৰাধিকাৰ দিছে ।

২০২৫-২৬ চনৰ বিচিচিআইৰ চুক্তিৰ মূল পৰিৱৰ্তন-

-টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক গ্ৰেড Bত স্থান দিয়া হৈছে ।

-শুভমন গীলক B গ্ৰেডৰ পৰা শীৰ্ষ বিভাগ, A গ্ৰেডলৈ উন্নীত কৰা হৈছে ।

-যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজাই শীৰ্ষ গ্ৰেডৰ চুক্তি অক্ষুণ্ণ ৰাখিছে ।

-ৱাশ্বিংটন সুন্দৰক C গ্ৰেডৰ পৰা B গ্ৰেডলৈ পদোন্নতি দিয়া হৈছে ।

-গ্ৰেড B চুক্তিলৈ ঘূৰি আহিছে শ্ৰেয়াছ আয়াৰ ।

-বিচিচিআইৰ বাৰ্ষিক চুক্তি তালিকাৰ পৰা বাদ পৰিল মহম্মদ ছামী আৰু ঈষাণ কিষণ ।

A গ্ৰেড :

শুভমন গীল, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা

B গ্ৰেড :

ৰোহিত শৰ্মা, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ৱাশ্বিংটন সুন্দৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ চিৰাজ, ঋষভ পন্ট, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, শ্ৰেয়াছ আয়েৰ ।

C গ্ৰেড :

অক্ষৰ পেটেল, তিলক বাৰ্মা, ৰিংকু সিং, শিৱম ডুবে, সঞ্জু চেমচন, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, ধ্ৰুৱ জুৰেল, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, ছাই সুদৰ্শন, ৰবি বিষ্ণোই, ৰুতুৰাজ গাইকোৱাদ ।

লগতে পঢ়ক : অনিশ্চয়তাৰ আৱৰ্তত ভাৰত-পাক মেচ : আগন্তুক ২৪ ঘন্টাৰ ভিতৰত পিচিবিয়ে ল’ব লাগিব অন্তিম সিদ্ধান্ত