জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

-শ্যামকানু, সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যাকাণ্ডৰ BNS সংযোজন

-BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ

-CID-এ গোচৰটোত নতুনকৈ সংযোজন কৰিলে 103 BNSটো

-দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ

-শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ ৭টা ধাৰাত গোচৰ ৰুজু

-316(5), 36(3), 337, 338, 339, 340, 341(1), 342(1) ধাৰা আৰোপ

-শ্যামকানু মহন্তই নিজৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথি-পত্ৰ

-অভিযানত উদ্ধাৰ হৈছিল ছীল-মোহৰৰ লগতে বহু নথি-পত্ৰ

-লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছি ভুৱা ছীল-মোহৰ

-CIDৰ SSP আচিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ

-শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ SITৰ

-মাৰাথান জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যু-ৰহস্য বিস্ফোৰক তথ্য

লগতে পঢ়ক : বেলতলা বিহু সন্মিলনীৰ ডাঙৰ সিদ্ধান্ত; এইবাৰ ব’হাগত নাপাতে বিহু

আত্মসমৰ্পণৰ বাবে সাজু শ্যামকানু মহন্ত; সামাজিক মাধ্যমত দিলে পোষ্ট

আত্মসমৰ্পণৰ বাবে সাজু শ্যামকানু মহন্ত

আত্মসমৰ্পণৰ বাবে সাজু চি আই ডিয়ে বিচাৰি ফুৰা শ্যামকানু মহন্ত । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তই কিছু সময় পূৰ্বে সামাজিক মাধ্যমত দিছে এক বিশেষ পোষ্ট । জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা অজ্ঞাত স্থানত আত্মগোপন কৰি থকা শ্যামকানুৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে অসমবাসী । আনহাতে তদন্তৰ বাবেও অভিযুক্ত শ্যামকানুৰ সন্ধানত আছে অসম আৰক্ষী তথা চি আই ডি । ইয়াৰ মাজতে ফেচবুকযোগে শ্যামকানু মহন্তই ‘আহি আছো’ বুলি এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ।

‘শ্ৰদ্ধাৰ ৰাইজ’ বুলি সম্বোধন কৰি ফেচবুকত শ্যামকানুৱে লিখিছে “শ্ৰদ্ধাৰ ৰাইজ । মই আহি আছো সোনকাল, ইতিমধ্যে পুলিচক জনাইছোঁ । চৰকাৰ, প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম । মোৰ লুকুৱাবলৈ একো নাই । এছ আই টিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম । অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্নকৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি ভালদৰে ওলাই পৰক তাকে কামনা কৰিম  ।“ ইফালে এই ফেচবুক পোষ্টত শ্যামকানুৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিভিন্নজনে ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা ঘটনাত নাম সাঙোৰ খোৱা শ্যামকানুৱে আত্মগোপন কৰি আছে । ইতিমধ্যে শ্যানকানু মহন্তৰ বাসগৃহত অভিযান চলাইছে এছ আই টিয়ে । ইফালে ৬ অক্টোবৰৰ ভিতৰত এছ আই টিৰ আগত হাজিৰ হবলৈয়ো নিৰ্দেশ দিয়া হৈছে শ্যামকানু মহন্তক ।

লগতে পঢ়ক : ‘ছিংগাপুৰত য়টত থকা সকলোৱে দোষী’; আদ্যশ্ৰাদ্ধৰ দিনা গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰক মন্তব্য

‘ছিংগাপুৰত য়টত থকা সকলোৱে দোষী’; আদ্যশ্ৰাদ্ধৰ দিনা গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰক মন্তব্য

গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰক মন্তব্য

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই প্ৰথমবাৰলৈ মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত থকা সকলৰ ওপৰত দেওবাৰে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে। আজি সংবাদমাধ্যমৰ আগত কান্দি কান্দি স্বামী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিলে গৰিমাই।

তেওঁ কয় যে,য়টত থকা প্ৰত্যেকজনেই জুবিনৰ ঘটনাৰ বাবে দায়ী। সিদ্ধাৰ্থ, শেখৰে জুবিনক সাগৰত নামিবলৈ বাধা দিব লাগিছিল।তেওঁলোকে ভাগৰুৱা জুবিনক পানীত নামিবলৈ কিয় দিয়া হৈছিল ?

শ্যামকানুৱে জুবিনৰ দৰে এটা সত্ত্বাক কেনেকৈ ৰাখিব বিচাৰিছিল মই জনা নাছিলো। কোনো চিকিৎসা, নিৰাপত্তাৰক্ষী নোহোৱাকৈ শ্যামকানুৱে বিশেষ ব্যৱস্থা কৰা নাছিল।

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল মই জানিব বিচাৰো। সেয়ে ঘটনাৰ সময়ত উপস্থিত থকা সকলোৰে ওপৰত এজাহাৰ দিয়া হৈছে।

কান্দি কান্দি তেওঁ কয় যে, সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ভিডিঅ’ত জুবিন গাৰ্গক অৱহেলাৰ কৰা দেখিবলৈ পোৱা গৈছে।

জুবিন সম্পূৰ্ণৰূপে ভাগৰুৱা হৈ পৰিছিল,তেনেস্থলত লাইফ জেকেট নোহাৱাকৈ সাঁতুৰিব দিয়াটো মই মানি নলও।ভাগৰুৱা জুবিনে সেইখিনি সময়ত কি বিচাৰিছিল মই অনুভৱ কৰিব পাৰিছো।

প্ৰকৃত ঘটনা জানিবলৈ মই বহু চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো। সকলো ভিডিঅ’ ফটো মই পিছতহে লাভ কৰিছো।

দেশৰ আইন ব্যৱস্থাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।জুবিনে ন্যায় পাবই।জুবিনৰ বিষয়টো সকলোৱে বিশেষভাৱে ল’ব বুলিও গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে।

লগতে পঢ়ক: আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ; কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ

আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ; কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ

আজি জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ। কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে আদ্যশ্ৰাদ্ধ। শ্ৰাদ্ধৰ নীতি-নিয়ম কৰি থকাৰ মাজত কান্দোনত ভাগি পৰিল পত্নী গৰিমা।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুদ্ধ সকলেও পালন কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ বাসগৃহত উদ্যোগপতি গৌতম আদানী; পৰিয়ালক সমবেদনা জ্ঞাপন

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক…

‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ’ অনুষ্ঠান “মন কী বাত“ৰ ১২৬ সংখ্যক খণ্ড দেওবাৰে সম্প্ৰচাৰ হয় । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে । তেওঁ অসমীয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে জুবিন গাৰ্গক অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন বুলি অভিহিত কৰাৰ লগতে আহিবলগীয়া প্ৰজন্মক জুবিনৰ গানে মন্ত্ৰমুগ্ধ কৰি ৰাখিব বুলি কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান হৈ আছে । জুবিন গাৰ্গে সমগ্ৰ দেশতে এক বিশেষ পৰিচয় লাভ কৰিছিল । জুবি গাৰ্গ আমাৰ মাজত সদায়ে জীয়াই থাকিব । আহিব লগীয়া প্ৰজন্মক জুবিন গাৰ্গৰ গানে মন্ত্ৰমুগ্ধ কৰি ৰাখিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই কয়, “জুবিন গাৰ্গ অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন আছিল । জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব ।“

আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি শ্ৰীলংকাত দুটাকৈ ভাষাত অনুবাদ হোৱাৰ কথাও মন কী বাতত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে । এই অনুষ্ঠান সদায়ে সম্মৰণীয় হৈ থাকিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই তোলপাৰ লগাই আছে সমগ্ৰ ৰাজ্য । অসমীয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুত তেখেতৰ পৰিয়ালৰ লগতে শোকত ভাগি পৰিছে অনুৰাগী তথা অসমবাসী । ক্ষোভিত অনুৰাগী তথা অসমবাসীয়ে এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰিছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে । ইয়াৰ মাজতে শনিবাৰে নিশা এই ঘটনাৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ।

জুবিন গাৰ্গৰ মৃত্যু ৯ দিনৰ পিছত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে গৰিমা শইকীয়া গাৰ্গ । ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে জুবিন পত্নীয়ে । ই-মেইলযোগে গৰিমা শইকীয়া গাৰ্গে চি আই ডিৰ এছ আই টিত দাখিল কৰিছে এই এজাহাৰ । এজাহাৰত স্বাক্ষৰ কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে ।

লগতে পঢ়ক : ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব : শ্যামকানু-সিদ্ধাৰ্থক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কৈছিল’; সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰক মন্তব্য

‘জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কৈছিল’

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কন্যা সৃজনী ভাস্ব মহন্তই ফেচবুকত এটা বিস্ফোৰক পোষ্ট দিছে।পোষ্টটোত শ্যামকানু মহন্তক ফেষ্টিভেল মহন্ত বুলি আখ্যা দিছে।

শ্যামকানু মহন্তৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি ভতিজী সৃজনী ভাস্ব মহন্তই লিখিছে শ্যামকানু মহন্তই ‘জুবিন গাৰ্গক পন্য সামগ্ৰী’ বুলি ভাবিছিল।

তেওঁ লিখিছে যে, বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক’লে, “জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয়যে ইমান মদ খায়!”

“ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰতক্ষদৰ্শী আছিলো – “বাদ দিয়া, মোৰ কি আহে-যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা commodity (পণ্য সামগ্ৰী)।”

“সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ “ৰাজহাড়”, জুবিন তেওঁৰ “আত্মা”। ঘৃণা উপজে। জুবিনদাৰ জীৱনকলৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওঁক। কঠোৰতম তদন্ত আৰু শাস্তি হওঁক”।   

লগতে পঢ়ক: ‘মই নিৰ্দোষী, মোক ন্যায় লাগে…’; মুখ খুলিছে শ্যামকানু মহন্তই

সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি; বাসগৃহত প্ৰৱেশৰ চেষ্টা জুবিন অনুৰাগীৰ

সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দঁতালপাৰাৰ মানপাৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।সিদ্ধাৰ্থ শৰ্মাক বিচাৰি ওলাই আহিল অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী।অৰ্কিড হিলভিউৰ তৃতীয় মহলাত থাকে সিদ্ধাৰ্থ শৰ্মা।

SIT ৰ এটা দলে এপাৰ্টমেন্টোত অভিযান চলাবলৈ যোৱাৰ সময়তে অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

মানপাৰাৰ ফ্লেটৰ তৃতীয় মহলাত সিদ্ধাৰ্থ লুকাই থকাৰ সন্দেহ কৰা হৈছিল। ফ্লেটৰ গেট খুলি সিদ্ধাৰ্থক শাস্তি দিয়াৰ হুংকাৰ অসংখ্য অনুৰাগীৰ। অৱশ্যে আৰক্ষীৰ উপস্থিতিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়।  

লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী;  বাসগৃহত CID ৰ অভিযান

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী;  বাসগৃহত CID ৰ অভিযান

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী

অৱশেষত গ্ৰেপ্তাৰ হ’ল ছিংগাপুৰত জুবিনৰ লগত থকা শেখৰজ্যোতি গোস্বামী।CID ৰ এটা দলে শেখৰজ্যোতি গোস্বামীক বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে তেওঁৰ ধীৰেনপাৰা স্থিত বাসগৃহটোত SIT এ অভিযান চলাইছিল। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ’ল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক।    

লগতে পঢ়ক: ‘ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি’… মুখ্যমন্ত্ৰীৰ মন্তব্য