‘ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি’… মুখ্যমন্ত্ৰীৰ মন্তব্য

‘ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি’… মুখ্যমন্ত্ৰীৰ মন্তব্য

‘শ্যামকানু মহন্তৰ ৰঙালী, নৰ্থ-ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি । শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানে অসমীয়া সংস্কৃতিক প্ৰতিনধিত্ব নকৰে’ । এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে সাংবাদিকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শ্যামকানু মহন্তৰ অনুষ্ঠানসমূহ অসমীয়া সংস্কৃতিৰ লগত জড়িতই নহয় । তেওঁ কয়, “মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে যোৱা নাছিলো । এবাৰ জজ ফিল্ডত তেওঁৰ এটা অনুষ্ঠানত গৈছিলো । কিন্তু তাত সোমাওতেই মঞ্চৰ পৰা গাহৰি গাহৰি কৈ থকা কিছুমান শব্দ শুনিলোঁ । তেতিয়া মই ভাবিলো ইয়াৰ বিহুৰ লগত কি সম্পৰ্ক, সেয়েহে মই গেটৰ পৰাই উভতি আহিলো । গতিকে মই মোৰ সমষ্ট ৰাজনৈতিক কেৰিয়াৰত মাত্ৰ এবাৰ তেওঁ দিল্লীত পতা এটা অনুষ্ঠানত গৈছিলো প্ৰায় ৮ বছৰ পূৰ্বে । ইয়াৰ বাহিৰে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে মই নগৈছিলো, ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানসমূহ মই উতসাহিত কৰা নাছিলো ।“

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, জুবিন গাৰ্গৰ সৈতে যিখিন ঘটনা হল, তাৰ পিছতে ৰাজ্য চৰকাৰে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে বিত্তীয় সহযোগিতা আগনবঢ়োৱাৰ সিদ্ধান্ত লৈছে । লগতে এনে অনুষ্ঠানত ৰাজ্য চৰকাৰ জড়িতও হৈ নাথাকে, লগতে শ্যামকানু মহন্তক অসমত কোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈয়ো দিয়া নহয় বুলি মুখ্যমন্ত্ৰী মন্তব্য কৰে । ইফালে শ্যামকানু মহন্তৰ যিকোনো অনুষ্ঠানক যাতে স্পনছৰ নকৰে, কোনো সহযোগিতা নকৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰকো জনোৱা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । কাৰণ শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানে অসমীয়া সংস্কৃতিক প্ৰতিনধিত্ব নকৰে ।

আনহাতে শ্যামকানু মহন্তৰ সৈতে ব্যক্তিগতভাৱে কোনো কথাও পতা নাছিল বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ মোবাইলত শ্যামকানুৰ অজস্ৰ মেছেজ আছিল আৰু সেইসমূহৰ কোনো উত্তৰ দিয়া নাছিল বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, “শ্যামকানুৰ ওপৰত মোৰ যিটো দৃষ্টিভংগী সেইটো তেওঁ জানে । মই কেইবাদিনে শ্যামকানুক কৈছো যে তেওঁ যিটো কৰে সেয়া উচিত নহয় । অসমখনক লৈ শ্যাকানৱে যি অপ-সংস্কৃতি প্ৰচাৰ কৰিছিল তাক মই কেতিয়াও সমৰ্থন কৰা নাছিলো । সেয়েহে শ্যামকানুৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল । শ্যামকানু মহন্তৰ ৰঙালীয়েই হওক বা নৰ্থ-ইষ্ট ফেষ্টিভেলেই হওক ই কেতিয়াও অসমক প্ৰতিনিধিত্ব নকৰে আৰু তেও সম্পূৰ্ণ বিজতৰীয়া সংসক্ৃতি এটাক আগুৱাই লৈ গৈছিল ।“

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

-সিদ্ধাৰ্থ আৰু শ্যামকানু গুৱাহাটীত নাই

-শ্যামকানু মহন্ত অসমত আহিলেই কৰা হ’ব সোধ-পোছ

-আইনী প্ৰক্ৰিয়াৰ মাজেৰে সকলো আগবাঢ়িব

-সমগ্ৰ ঘটনা SIT-এ তদন্ত কৰিব

-SIT ব্যৰ্থ হ’লে সমগ্ৰ তদন্ত অৰ্পণ কৰা হ’ব CBIক

-ভিছাৰা আৰু মৰণোত্তৰ পৰীক্ষা ৰিপ’ৰ্ট অহালৈ ৰ’ব লাগিব সকলো

-তৎক্ষণাত ন্যায় বিচাৰিলে আমি ব্যৰ্থ হ’ম

-আদালতে আৱেগ নুবুজে

-আদালত আৱেগ নচলে, চলিব তথ্য প্ৰমাণ

-আদালতক সন্তুোষ্ট কৰিব পৰাকৈ SIT-এ  কৰিব লাগিব কাম

-সকলোৱে চৰকাৰক সহায়-সহযোগিতা কৰক

-সকলো অভিযুক্তক এজন এজনকৈ মাতি কৰা হ’ব তদন্ত

-অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব

-সন্দীপন গাৰ্গ, অমৃতপ্ৰভা, নিশিতা গোস্বামী সকলো আহিব তদন্তৰ আওতাত

-য়টত থকা সকলো লোক আহিব তদন্তৰ আওতাত

-উৰা বাতৰিত গুৰুত্ব দিলে সঁচা তথ্য কেতিয়াও নোলাব

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে’… মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই

জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ’ল… ক্ষোভ প্ৰকাশ কৰিলে অভিনেতা যতীন বৰাই

জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ’ল… ক্ষোভ প্ৰকাশ কৰিলে অভিনেতা যতীন বৰাই

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায়ৰ দাবী জনালে অভিনেতা যতীন বৰাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত অভিনেতাজনে কয় য়ে, এই ঘটনাৰ ন্যায় লাগে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক ন্যায় দিব বুলি আশা প্ৰকাশ কৰে অভিনেতা যতীন বৰাই ।

আনহাতে নৰ্থ ইষ্ট ফেষ্টিভেল অসমত নিষিদ্ধ কৰা পদক্ষেপক আদৰণি জনালে যতীন বৰাই । লগতে শ্যামকানু মহন্ত কিয় জনতাৰ মুখামুখি হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ । অভিনেতাজনে কয় যে, নিজৰ ব্যৱসায় কৰিবলৈ অসমৰ পৰা এটুকুৰা হীৰা লৈ গৈছিল শ্যামকানু মহন্তই । এই ক্ষেত্ৰত অসমৰ জনতাক ন্যায় দিবই লাগিব বুলি দাবী উত্থাপন কৰে তেওঁ ।

অভিনেতাগৰাকীয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হল বুলি বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয়,” জুবিনক আচলতে ব্যৱহাৰ কৰা হ’ল । এই কথাটোত মোৰ দুখ লাগিছে ।“ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে তেওঁৰ শেহতীয়াকৈ মুক্তি পাব লগা চিনেমা ৰৈ ৰৈ বিনালেৰ দুটাকৈ গান অভিনেতাগৰাকীক দেখাইছিল বুলি উল্লেখ কৰে তেওঁ । যতীন বৰাই কয়, “ইমান সুন্দৰ গান মই ভাবো শেষৰ চিকুৱেন্সটোত মই ভাবো হলত জুবিনক দেখি ৰাইজৰ কি পৰিৱেশ হ’ব সেই কথাই ভাবিছো ।“

ইফালে ২১ ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা ওভতি আহি চিনেমাখনৰ ডাবিঙৰ কাম কৰিব বুলি অভিনেতাগৰাকীক জুবিন গাৰ্গে জনাইছিল বুলি কয় তেওঁ । লগতে এয়া জুবিন গাৰ্গৰ যোৱাৰ সময় নাছিল বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে তেওঁৰ অভিনয় জীৱনত শিল্পীগৰাকীৰ অৱদানৰ কথা সোঁৱৰে ।

যতীন বৰাই কয়, “জুবিনৰ হামিং, গানে মোৰ অভিনয় এটা পৰ্যায়লৈ লৈ গৈছিল । এতিয়া মই খুউব অকলশৰীয়া অনুভৱ কৰিছোঁ । জুবিনক হেৰুৱাই মই আধৰুৱা হৈ ৰ’লো ।“

অভিনেতাগৰাকীয়ে কয় যে, অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে । শেহতীয়াকৈ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই যতীন বৰাই । লগতে তেওঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালে যাতে অকলশৰীয়া অনুভৱ নকৰে, পূৰ্বৰ দৰেই যাতে তেওঁলোকক সকলোৱে মৰম দিয়ে তাৰ বাবে ৰাইজক আহ্বান জনাই ।  

লগতে পঢ়ক : সকলোবোৰ তদন্তৰ আওতাত আহিব… জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

সকলোবোৰ তদন্তৰ আওতাত আহিব… জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী তথা জুবিনৰ কলেজীয়া দিনৰ বন্ধু পৱিত্ৰ মাৰ্ঘেৰিটা । তেওঁ টুকুৰা টুকুৰকৈ কিয় ভিডিঅ’বোৰ ওলাইছে এয়া ৰহস্যৰ আৱৰ্তত বুলি মন্তব্য কৰে । লগতে টুকুৰা টুকুৰকৈ কিয় ছিংগাপুৰৰ ভিজুৱেলবোৰ দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ?

কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ভিডিঅবোৰ কিয় টুকুৰা টুকুৰকৈ ওলাইছে সেয়া ৰহস্যৰ বিষয় । এই সকলোবোৰ তদন্তৰ আওতালৈ আহিব । ছিৰিয়েলৰ নিচিনাকে টুকুৰা টুকুৰকৈ দি কি বুজাব বিচাৰিছে, কোনে দিছে বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ ।

পৱিত্ৰ মাৰ্ঘেৰিয়াই পুনৰ কয় যে, ‘জুবিনৰ বন্ধু হিচাবে আস্থা আছে যি হয় সকলো স্পষ্ট হ’ব । সকলোৱে যেনেদৰে এই বিষয়ত তদন্ত বিচাৰিছে তেনেদৰে সাধাৰণ নাগৰিক হিচাবে ময়ো তদন্ত বিচাৰিছো আৰু এই সকলো ৰহস্য ফাদিল হওক ।‘

আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খোৱা শ্যামকাণু মহন্তক ৰাজ্য চৰকাৰে ব্লেক লিষ্টেড কৰাৰ সিদ্ধান্তক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন ৰাজ্য চৰকাৰৰ…

‘জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে’… মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই

অভিনেতা ৰবি শৰ্মাৰ ক্ষোভ

জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰাৰ লগতে সকলোৱে এতিয়া এই ঘটনাৰ পানী নসৰকা তদন্ত ঘোষণা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সৰৱ হৈ পৰাৰ লগতে ক্ষোভ ব্যক্ত কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনেকৈ ছিংগাপুৰত নৰ্থ ইষ্ট ভেষ্টিভেল চলি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে অভিনেতাজনে ।

ৰবি শৰ্মাই কয়,”এটা কথা সহ্য কৰিব পৰা নাই হয়তো কেতিয়াও নোৱাৰিম । জুবিন গাৰ্গৰ দৰে এটা সত্তা, হিমাৰ আমঠু এজন নাইকিয়া হৈ যোৱাৰ পাছতো, যিজন মানুহৰ নাম লৈ, উত্তৰ-পূৱৰ নামত ছিংগাপুৰত এটা ফেষ্টিভেল চলাব খুজিছে সেই মানুহজন নাইকীয়া হৈ যোৱাপ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ । এই ঘটনাটোক মই তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত ক্ষমা নকৰোঁ । আমাৰ জাতিটোৰ আৱেগ, জাতিটোৰ পৰিচয় নাইকীয়া হৈ যোৱাৰ পাছত সেই মানুহজন নাইকীয়া হৈ যোৱাৰ পাছত কোনোবাই তেওঁৰ বেহা চলাই থাকে সেইটো কিন্তু জাতিদ্ৰোহ আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই ।“

ইফালে জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কপিৰাইট অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে বুলি মন্তব্য কৰে ৰবি শৰ্মাই । জুবিন গাৰ্গৰ সষ্টিৰাজিৰ কপিৰাইট আৰু তেওঁৰ সকলো সম্পত্তি শিল্পীজনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব বুলি মন্তব্য কৰে অভিনেতাজনে ।

লগতে পঢ়ক : ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন ৰাজ্য চৰকাৰৰ…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এছ আই টি গঠন ৰাজ্য চৰকাৰৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে কন্দুৱাইছে সকলোকে । আপোন শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে সকলো । সমান্তৰালভাৱে শিল্পীগৰাকীৰ মত্যুৰ সঠিক তদন্ত আৰু ন্যায় দিবলৈ ৰাজ্যজুৰি সজোৰে দাবী উত্থাপন হৈছে । অসম চৰকাৰেও শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাক অত্যন্ত গুৰুত্বসহকাৰে লৈ এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ।

আজি জুবিন গাৰ্গৰ মৃত্যুক লৈ জনতা ভৱনত অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ বৈঠকত । ৰাজ্যৰ মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান, এ ডি জি পি, চি আই ডিৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

বৈঠকৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰিব বুলি সামাজিক মাধ্যমত জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই । লগতে ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় লেবৰটৰীলৈ প্ৰেৰণ কৰা হ’ব বুলিও জনায় তেওঁ । আনহাতে এই গোচৰৰ তদন্তৰ বাবে এছ আই টিৰ সম্পূৰ্ণ স্বাধীনতা থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনাইছে, ‘আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। আজি অসমৰ মাননীয় মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ৷ আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব। এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।‘

লগতে পঢ়ক : ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

ৰৈ ৰৈ বিনালেৰ কথা কি কৈছিল জুবিন গাৰ্গে… গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য

‘জুবিনৰ খুউব হেঁপাহৰ কাম এটা আছিল । অনবৰতে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল…’ । শেহতীয়াকৈ মুক্তি পাবলগা আদৰৰ শিল্পী জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ নামৰ চলচ্চিত্ৰখনৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিব কৰিলে গৰিমা শইকীয়া গাৰ্গে ।

জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে কয় যে, এই চিনেমাখন জুবিনৰ খুউব হেঁপাহৰ কাম আছিল । অনবৰতে জুবিনে ৰৈ ৰৈ বিনালেৰ কথাই কৈ আছিল । কিন্তু জুবিন গাৰ্গৰ ডাবিং কৰা নহ’ল আৰু সেই কথাই দুখ দিয়া বুলি উল্লেখ কৰে গৰিমা শইকীয়া গাৰ্গে । তেওঁ কয় যে, চিনেমাখনৰ সকলো শিল্পীৰে ডাবিং হৈ গ’ল কিন্তু জুবিনৰ ডাবিং থাকি গ’ল । ছিংগাপুৰৰ পৰা আহি জুবিনে ডাবিং কৰাৰ কথা কৈছিল কৈছিল বুলি কয় গৰিমা শইকীয়া গাৰ্গে ।

চিনেমাখনৰ কাৰণে যি পৰা যায় সকলো কৰা হ’ব বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ তাৰিখো জুবিন গাৰ্গে নিৰ্ধাৰণ কৰিছিল বুলি জনায় । অক্টোবৰৰ ৩১ তাৰিখে এই চিনেমাখন মুক্তি দিয়াৰ কথা জুবিনে কৈছিল বুলি কয় তেওঁ । সেয়েহে ৩১ অক্টোবৰতে এই চলচ্চিত্ৰখন মুক্তি দিয়া হ’ব বুলি জনাই গৰিমা শইকীয়া গাৰ্গে ।

গৰিমা গাৰ্গে কয়, ‘চিনেমাখনৰ লাইন আপ এটা তেওঁ চাবলে পালে । তেওঁ সুখী কামটোত । নিজৰ এষ্টাব্লিছমেন্ট শ্বটতো নিজৰ মতে ৰি-শ্বুট কৰি গৈছে তেওঁ । চিনেমাখন বহুত ভাল হব বুলি কৈছিল তেওঁ । সেয়েহে তেওঁ ভাল পোৱা মতেই হওক কামটো ।“

লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

‘মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়’… মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

অসমীয়াৰ আপোন, মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিছাৰি সামাজিক মাধ্যমৰ লগতে সংগ্ৰ ৰাজ্য এতিয়া উত্তাল । সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিক তদন্ত আৰু এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা সকলো ব্যক্তিক উচিত শাস্তি প্ৰদানৰ দাবী কৰিছে ৰাজ্যবাসীয়ে । জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ এদিন পিছতে এতি এই দাবী সজোৰে উত্থাপন হৈছে । জুবিন অনুৰাগী, বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যবাসীয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ প্ৰতি এই ঘটনাৰ উচতি তদন্তৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে ।

ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মন্ত্ৰী হাজৰীকাই কয় যে, ৰাইজে যি কৈছে সেয়া মুখ্যমন্ত্ৰীয়ে কৰিব । সকলোৱে দেখিছে জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে প্ৰত্যেকটো বস্তু বা বিষয়ৰ নিজাকৈ উদ্যোগ লৈছিল । গতিকে আজি পুৱা মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত দিছে যে, ছিংগাপুৰৰ যিটো ফেষ্টিভেলত জুবিন দা গৈছিল সেই ফেষ্টিভেল অনুষ্ঠিত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । গতিকে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আৰু উচিত সিদ্ধান্ত লব বুলি আশাবাদী বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই । লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে নিজেও কথা পাতি থকা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এই বিষয়ত উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো অন্ত্যন্ত গুৰুত্বসহকাৰে লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । সেই কেইটা দিনত জুবিন গাৰ্গক অন্তিম বিদায় দিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্বাচনকে ধৰি সকলো কথাই বাদ দিছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে । উক্ত কেইদিন মুখ্যমন্ত্ৰীয়ে কেৱল জুবিন গাৰ্গৰ অন্তিম বিদায়কে ধৰি এই বিষয়সমূহৰ ওপৰতহে মনোযোগ দিছিল বুলি কয় মন্ত্ৰী হাজৰীকাই ।

জুবিন গাৰ্গ অসমৰ সম্পদ বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে, এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অন্ত্যন্ত গুৰুত্বসহকাৰে লৈছে । জুবিন গাৰ্গ প্ৰত্যেকগৰাকী অসমীয়াৰ নিকটাত্মীয় । গতিকে জুবিন দাক কোনোবাই যদি বিপদত পেলাইছিল তেন্তে তেনে ব্যক্তিক সাৰি যাবলৈ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যেই নিদিয়ে ।

লগতে পঢ়ক : মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি : গৰিমা শইকীয়া গাৰ্গ

মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি : গৰিমা শইকীয়া গাৰ্গ

গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকবিহ্বল ৰাজ্যবাসী । মঙলবাৰে পঞ্চভূতত বিলীন হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহ । সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যদাৰে হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জুবিন গাৰ্গৰ ।

ইফালে স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ । জুবিনৰ সৈতে ছাঁটোৰ দৰে থকা, প্ৰত্যেকটো মূহুৰ্ততে জুবিনৰ সাহস তথা লগৰীয়া হৈ অহা গৰিমা শইকীয়া গাৰ্গ স্বামীক হেৰুৱাই ভাগি পৰিছে । কিন্তু ইয়াৰ মাজতো তেওঁ সাহস হেৰুওৱা নাই । প্ৰয়াত শিল্পীগৰাকীক দিয়া মৰম, শ্ৰদ্ধাৰ বাবে তেওঁ অনুৰাগীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে ।

আজি সংবাদ মাধ্যমৰ সন্মুখত স্বামীক স্মৰণ কৰি তেওঁ কয়, ‘মই নিজেই জনা নাছিলো মোৰ কাষত এজন ভগৱান আছিল বুলি । ভঘৱানৰ আত্মা আছিল জুবিন । আমি হয়তো সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিোঁ তেওঁক । নহলে সিমানখিনি মৰম আদৰ মানুহে দিব নোৱাৰে । জুবিনক মানুহে যিদৰে মৰম-আদৰ কৰিছিল, সেই মৰম-আদৰ আমি ভাবিব নোৱৰা ধৰণে পাইছোঁ । সেইবাবে মই সমগ্ৰ বিশ্ববাসীৰ ওচৰত কৃতজ্ঞ । এজন শিল্পী হিচাবে, জুবিনে যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই, ধৰ্ম নাই… তেনেদৰে সকলোৱেই দিছে তেওঁক । জুবিনৰ কাষত যিদৰে মানুহ আছিল এতিয়া মোৰ কাষতো আছে, জুবিনৰ বাবেই এতিয়া মোৰ কাষতো মানুহ আছে ।‘

ইফালে জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে । বৰ্তমান জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়ে তেওঁ । উল্লেখ্য যে, মঙলবাৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া স্থলীতে অসুস্থ হৈ পৰিছিল পিতৃ কপিল ঠাকুৰ । ইয়াৰ পিছতে লগে লগে তেওঁক চিকিতসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক : সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…