সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…

সঞ্জীৱ নাৰায়ণৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি…

মহানগৰীৰ উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ সংবাদমেলৰ মাজতে কাৰ্যালয়টোৰ সন্মুখত সৃষ্টি হয় এই পৰিস্থিতিৰ । যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনাকে ধৰি কেইবাটাও দল-সংগঠনে সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সৃষ্টি কৰে এই পৰিস্থিতিৰ ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সঞ্জীৱ নাৰায়ণে নিজৰ চাফাই গাবলৈ আজিৰ এই সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাবত আহ্বান কৰিছিল যদিও আৰক্ষীয়ে ইয়াত নিষেধাজ্ঞা আৰোপ কৰে । ইয়াৰ পিছতে সঞ্জীৱ নাৰায়ণে এই সংবাদমেল নিজৰ কাৰ্যালয় প্ৰাগ নিউজত অনুষ্ঠিত কৰাৰ কথা জনাই ।

ইফালে সংবাদমেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই সেই স্থানত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড এক্সন ফৰ্চকে ধৰি আৰক্ষীৰ দল মোতায়েন কৰা হৈছে । ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

যোৰহাটত উপস্থিত CIDৰ দল; জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হ’ল তদন্ত

যোৰহাটত উপস্থিত CIDৰ দল

অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ পিছতে তেওঁৰ ন্যায় বিচাৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। ৰাজ্যৰ থানাই থানাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

জুবিন গাৰ্গৰ শেষকৃত্য হৈ যোৱাৰ পিছত হিয়াৰ আমঠু শিল্পী গৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰতিবাদ। তাৰ মাজতে যোৰহাটত উপস্থিত হৈছে CID ৰ এটা দল।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰম্ভ হ’ল তদন্ত।যোৰহাট উপস্থিত হৈ চি আই ডি ৰ দলটোৱে এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰিছিল তেওঁলোকে। কোনো কাৰণতে এই অভিযুক্তক এৰি নিদিবলৈ দাবী সমগ্ৰ অসমবাসীৰ।

লগতে পঢ়ক: আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি? অসম চৰকাৰে মুকলি কৰিব পৰ্টেল

আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি? অসম চৰকাৰে মুকলি কৰিব পৰ্টেল

আপুনিও জুবিনৰ চিতাভস্ম বিচাৰে নেকি?

আজি সোণাপুৰত সম্পন্ন হ’ল মহানায়কৰ শেষকৃত্য অনুষ্ঠান। পঞ্চভুতত বিলীন হ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অস্থি ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালক অৰ্পণ কৰা হৈছে।

মহানায়কৰ এই চিতাভস্মক লৈ এতিয়া অসম চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। প্ৰাণৰ শিল্পী গৰাকীৰ চিতাভস্মৰ বাবে অসম চৰকাৰে মুকলি কৰিব পৰ্টেল।সেই পৰ্টেলত আবেদন কৰিলেই লাভ কৰিব চিতাভস্ম।

এই চিতাভস্ম যোৰহাটলৈও লৈ যোৱা হ’ব। যোৰহাটৰ প্ৰস্তাৱিত সমাধিস্থলত ৰখা হ’ব এই চিতাভস্ম। শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে লাভ কৰিব চিতাভস্ম।

লগতে পঢ়ক: ‘মায়াবিনী ৰাতিৰ বুকুত….’; স্বামীৰ প্ৰিয় গীত গাই গৰিমা শইকীয়া গাৰ্গে দিলে শেষ বিদায়

পঞ্চভূতত বিলিন হ’ল জনতাৰ প্ৰাণৰ শিল্পী; মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়

মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়

সকলোৰে বুকু শুদা কৰি কোনোদিন উভতি নহাৰ বাটেৰে গুচি গ’ল জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুচীৰ জুবিনক্ষেত্ৰত লাখ লাখ অনুৰাগীয়ে কান্দি কান্দি মায়াবিনী গীতটো গাই শেষ বিদায় দিলে জুবিনক।

আকাশে বতাহে আজি কেৱল জুবিনৰেই গান। বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰি মেলানি মাগিলে জুবিন গাৰ্গে।

সোণাপুৰৰ কমাৰকুছীত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল জুবিনৰ অন্তেষ্টিক্ৰিয়া। চন্দন কাঠৰ শয্যাত শুই পঞ্চভূতত বিলিন হ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

কোটি কোটি জনতাৰ হৃদয়ত সাঁচ বহুৱাই চিৰদিনৰ বাবে মায়াবিনীৰ দেশলৈ গুচি গ’ল যুগনায়ক গৰাকী। স্তব্ধ হৈ পৰিল সমগ্ৰ অসম।  জুবিন গাৰ্গে সমগ্ৰ অসমবাসীক শিকাই গ’ল মানৱতা কি। পঞ্চভূতত বিলিন হৈও অমৰ হৈ ৰ’ল প্ৰাণৰ শিল্পী জুবিন।

লগতে পঢ়ত: সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

-সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন

জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন দেখি কান্দোনত ভাগি পৰিছে গুণমুগ্ধ

-সোণাপুৰৰ কমাৰকুছিত উঠিছে কান্দোনৰ ৰোল

-চৌদিশে মুখৰিত জুবিনৰ চিৰ যুগমীয়া সৃষ্টি

-জুবিনৰ শেষকৃত্য কৰিব পুৰোহিত পংকজ শৰ্মা আৰু তুষাৰ ভাগৱতীয়ে

-জুবিনৰ মুখাগ্নি কৰিব অৰুণ গাৰ্গ আৰু পালমী বৰঠাকুৰে

-সংগ দিব ৰাহুল গৌতম শৰ্মাই

-শোকাকুল পৰিৱেশৰ মাজেৰে বিদায় অসমীয়াৰ প্ৰাণৰ জুবিনক

-ৰঙা চন্দন কাঠেৰে সজাই তোলা হৈছে জুবিনৰ সমাধি

-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-শেষকৃত্যৰ পিছতে পুনৰ খুলি দিয়া হ’ ব সকলো

লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা… শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব নশ্বৰ দেহ

সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা

-সম্পন্ন হ’ল মৰোণোত্তৰ পৰীক্ষা

-মৰ্গৰ পৰা উলিয়াই অনা হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ

-জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে সৰুসজাইলৈ

-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ

-শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব জুবিনৰ নশ্বৰ দেহ

-বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ

-আজি বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান

-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়

-ইফালে সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু

-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ

-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ

লগতে পঢ়ক : কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…

কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…

কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

-সূৰ্যোদয়ৰ লগে লগে আৰম্ভ হ’ ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

GMCH আৰু AIIMS ৰ চিকিৎসকৰ তত্বাৱধানত সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা

-দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

-মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হ’ব সৰুসজাইলৈ

-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ

-কিছু সময় পিছতেই সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা

-সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা হৈছে ভিডিঅ’গ্ৰাফী

-ডেৰ ঘন্টা সময় প্ৰয়োজন হ’ব এই সমগ্ৰ মৰণোত্তৰ পৰীক্ষাত

-ইয়াৰ পিছতে লৈ যোৱা হ’ব সৰুসজাইলৈ

-সৰুসজাই পৰা পোনে পোনে লৈ যোৱা হ’ব সোণাপুৰৰ কমাৰকুছিলৈ

-আজি ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ

-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়

-সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু

-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ

-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ

লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ

নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

নকল জুবিন অনুৰাগীক সকীয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । জুবিন অনুৰাগীৰ নাম লৈ বাটে-পথে উদ্ভণ্ডালি কৰা লোকক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ । একাংশ জুবিন অনুৰাগীয়ে বিভিন্ন স্থানত সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে দোকান-পোহাৰ খোলাত বাধা প্ৰদান কৰি উদ্ভণ্ডালি কৰি পৰিলক্ষিত হৈছে । আজি বিয়লি সম্বোধন কৰা সংবাদমেলত সেইসকল লোকক সকীয়নি প্ৰদান ৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

নকল জুবিন অনুৰাগীক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাইলৈ দুই বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান-পোহাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিলে চৰকাৰ অত্যন্ত কঠোৰ হ’ব । জুবিনক বিদায় দিয়াৰ পিছত কোনো লোকে যদি দোকান-পোহাৰ বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেনে ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৱ । আজি নিশাও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি কৰে তেনে ব্যক্তিক ৰাতিয়েই গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

কোনো লোকক আইন হাতত তুলি লবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ দিনৰ দুই বজাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলা ৰাখিবলৈ আহ্বান জনাই । সকলো ব্যৱসায়িক তেওঁলোকৰ লগত অসম চৰকাৰ আছে বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণ অসন্মান জনাই যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ’গ্ৰাফী কৰা হৈছে । লাহে লাহে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কামো আৰক্ষীয়ে আৰম্ভ কৰিব । কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উচ্ছৃংশল লোকৰ প্ৰতিনিধি নাছিল ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম

জুবিন গাৰ্গক লৈ অশালীন মন্তব্য কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা… সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকত বুৰ গৈছে ৰাজ্যবাসী । ইয়াৰ মাজতে অসমীয়াৰ হিয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুক লৈ নানান বিতৰ্ক চলি আছে সামাজিক মাধ্যমত । একাংশই জুবিন গাৰ্গ লৈ অশালীন মন্তব্য কৰিছে । সদ্য প্ৰয়াত শিল্পীগৰাকীৰ পত্নীকো লৈ একাংশই সামাজিক মাধ্যমত বিৰূপ  মন্তব্য কৰা পৰিলক্ষিত হৈছে । সেই সকলক উদ্দেশ্যি আজি সংবাদমেল যোগে সকীয়নি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা । প্ৰতিটো সময়ত চৰকাৰে সামাজিক মাধ্যমত নজৰ ৰাখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

ইফালে জুবিল গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গকো লক্ষ্য কৰি একাংশ অসংবেদশীল লোকে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে । এই কাৰ্যক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈয়ে অশোভনীয় । জুবিন জীয়াই থকাৰ সময়ত এই কথা দেখা পোৱা হ’লে কষ্ট পালেহেঁতেন । কিন্তু এয়া আমাৰ সংস্কৃতি হ’ব নোৱাৰে । জুবিনক আমি মৰমেৰে, বিনম্ৰতাৰে বিদায় দিব লাগে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম