জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম

জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ

জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ

-দুটাকৈ নতুন নাম সংযোজিত হৈছে এজাহাৰত

-সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এজাহাৰত

-জাতীয় নাৰী বাহিনীয়ে দিছিল এজাহাৰ

-CID-এ সঞ্জীৱ নাৰায়ণ আৰু শেখৰ গোস্বামীক কৰিব জেৰা

-সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ… সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ… সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ

-পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ  

-গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হ’ব মৰণোত্তৰ পৰীক্ষা

-ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে এই সিদ্ধান্ত

-এইমছৰ চিকিৎসকৰ নিৰীক্ষণত কৰা হ’ব মৰণোত্তৰ পৰীক্ষা

-পুৱা ৭.৩০ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব GMCHলৈ

-ৰাইজৰ দাবীমতেই চৰকাৰে লৈছে এই সিদ্ধান্ত

-একৰ পৰা ডেৰ ঘন্টা সময় লাগিব এই প্ৰক্ৰিয়াত

-মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত পুনৰ অনা হ’ব সৰুসজাইলৈ

-মৰণোত্তৰ পৰীক্ষাৰ বাবে সলনি হ’ব শেষকৃত্যৰ সময়

-৯.৩০ৰপৰা ১০বজাৰ ভিতৰত লৈ যোৱা হ’ব সোণাপুৰলৈ

-সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে পঢ়ক : কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক… কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক… কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

-পুৱা ৮ বজাৰ ভিতৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব সোণাপুৰলৈ

-পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা

-অন্য কোনো বাহনে কৰিব নোৱাৰিব প্ৰৱেশ

-ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গ

-২ বজা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান-বাহন

-আজি আৰু কাইলৈ বন্ধ থাকিব সকলো সুৰাৰ বিপণী

-মেঘালয় চৰকাৰেও বন্ধ ৰাখিব সুৰাৰ বিপণী

-বন্ধ থাকিব সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয়

-সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক শিল্পীগৰাকীক স্মৰণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

-জুবিন গাৰ্গৰ ১৩ দিনীয়া শ্ৰাদ্ধ সম্পন্ন কৰা হ’ব যোৰহাটত

-উপস্থিত থাকিব পৰিয়ালৰ সকলো লোক

-জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চাৰিওপাশে দিয়া হব বাউণ্ডেৰি

-শীঘ্ৰেই সমাধিক্ষেত্ৰ বনোৱা হ’ব সোণাপুৰত

-সমান্তৰালকৈ যোৰহাটতো সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হব

-১৩ দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ’ব আপোন শিৱ্পীগৰাকীৰ চিতাভষ্ম

-সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো হ’ব সমাধিক্ষেত্ৰ

-চিৰকাললৈ মনত ৰাখিব পৰাকৈ প্ৰিয় জুবিন গাৰ্গক দিয়া হব বিদায়

-সকলো ৰাইজক সহায়-সহযোগিতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

-কোনো লোকে ইচ্ছাকৃতভাৱে বিশৃংখলতাৰ সৃষ্টি কৰিলেই চৰকাৰে ল’ব ব্যৱস্থা

-জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা শেষকৃত্যলৈ সকলো অনুষ্ঠানলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

-জুবিনৰ অনুৰাগীসকলৰ পৰাও লোৱা হব পৰামৰ্শ

-ৰাইজৰ পৰা কথা আহিলেই গ্ৰহণ কৰা হব সিদ্ধান্ত

-গাঁৱৰ ৰাইজে একেলগে শেষ শ্ৰদ্ধা জনাওক

-চৰকাৰৰ LEDস্ক্ৰীণৰ জৰিয়তে কৰা হব জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ লাইভ টেলিকাষ্ট

-DIPRক সামাজিক অনুষ্ঠানত LED স্ক্ৰীণ লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দিয়া হৈছে নিৰ্দেশ

-জুবিনৰ নশ্বৰদেহ লগত কালিয়েই আহিছিল সন্দীপন গাৰ্গ

-চৰকাৰী অনুমতি লৈ  সন্দিপন গাৰ্গ গৈছিল নে ছিংগাপুৰলৈ 

-জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ পিছতে সেই বিষয়েও কৰা হব তদন্ত

-আটাইকেইখন জিলাৰ DCকো সামাজিক স্থানত  LED স্ক্ৰীণ লগোৱাৰ নিৰ্দেশ

-পুৱা ৭.৩০ৰ মানতে শেষকৃত্য কৰাৰ পৰিকল্পনা চৰকাৰৰ

-ৰাইজৰ সমস্যা নোহোৱাকৈ পুৱা সোনকালেই শেষকৃত্য সম্পন্ন কৰাৰ চেষ্টা

লগতে পঢ়ক : আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

‘ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক’; মুখ্যমন্ত্ৰী

‘ৰাষ্ট্ৰীয় সন্মানেৰে শেষ বিদায় দিয়া হ’ব জুবিন গাৰ্গক’

কাইলৈ শেষকৃত্য সম্পন্ন হ’ব সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ।মঙলবাৰে পুৱা ৭.৩০ৰ পৰা ৮ বজাৰ ভিতৰত সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।সোণাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষমা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰিয় শিল্পীৰ অন্তেষ্টিক্ৰিয়া।পুৱা সোণাপুৰলৈ নিয়াৰ সময়ত পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা কৰা হ’ব।তাত অন্য কোনো বাহনে প্ৰৱেশ কৰিব নোৱাৰিব।জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া শেষ নোহোৱা লৈকে ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান-বাহন।

তেওঁ লগতে কয় যে, জুবিন গাৰ্গৰ ১৩ দিনীয়া শ্ৰাদ্ধ যোৰহাটত সম্পন্ন কৰা হ’ব। আদ্যশ্ৰাদ্ধত পৰিয়ালৰ সকলো লোক উপস্থিত থাকিব।

১৩ দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ চিতাভষ্ম। সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো সমাধিক্ষেত্ৰৰ কাম আৰম্ভ হব।সোণাপুৰত নিৰ্মাণ কৰা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ চাৰিপাশে দিয়া হব বাউণ্ডাৰি।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, চিৰকাললৈ মনত ৰাখিব পৰাকৈ জুবিন গাৰ্গক  বিদায় দিয়া হ’ব। যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে জুবিন গাৰ্গক মনত ৰাখিব পাৰে।  

লগতে পঢ়ক: আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

আজিও লোকাৰণ্য সৰুসজাই

আজিও সৰুসজাইত প্ৰাণৰ শিল্পী গৰাকীক চাবলৈ ভিৰ কৰিছে লাখ লাখ জনতাই। জুবিন বিহীন আজি চতুৰ্থ দিনত সৰুসজাইত অনুৰাগীয়ে কৰিছে ভিৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেষবাৰৰ বাবে জুবিনক এবাৰ চাবলৈ বা শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে অগণন গুণমুদ্ধ।কাইলৈ সোণাপুৰত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য।

তাৰ পূৰ্বে জুবিন গাৰ্গক শেষবাৰৰ বাবে হেঁপাহ পলোৱাই চাবলৈ আহিছে অসংখ্য লোক। অশ্ৰুশিক্ত নয়নেৰে জুবিনৰ পাৰ্থিৱ শৰীৰটোত মূৰ দোৱাই শেষ শ্ৰদ্ধা জনাইছে লাখ লাখ অনুৰাগীয়ে।  

লগতে পঢ়ক: পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ; ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ; ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

ৰাজহুৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ পত্ৰ।ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য। এই তথ্য অনুসৰি চিজাৰ এটেকত নহয় পানীত ডুবি হে মৃত্যু হৈছিল জুবিন গাৰ্গৰ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এখন সংবাদমেল যোগে জনাইছে যে,ছিংগাপুৰৰ পৰা অহা এই ডেথ চাৰ্টিফিকেটসমূহ CID ক প্ৰদান কৰা হ’ব। অৱশ্যে প্ৰকৃত সত্য মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টতহে প্ৰকাশ পাব।

তেওঁ লগতে কয় যে, শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে বৰ্তমানলৈকে অসমত ৫৪ খন গোচৰ ৰুজু কৰা হৈছে।

জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে কৰি আছে। অৱশ্যে জুবিনক ষড়যন্ত্ৰ কৰি ছিংগাপুৰলৈ নিয়া হৈছিল নেকি তাৰ তদন্ত অসম আৰক্ষীয়ে কৰিব।

লগতে পঢ়ক: যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা…; মুখ্যমন্ত্ৰী

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা…; মুখ্যমন্ত্ৰী

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা

অৱশেষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থান ঘোষণা কৰা হ’ল।যোৰহাট নহয় সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা।

প্ৰায় ১০ বিঘা মাটিত হ’ব শিল্পীগৰাকীৰ সমাধিস্থলী। দিচাং ৰিজৰ্টৰ সমীপতে হ’ব জুবিনৰ সমাধিস্থল। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত চৰকাৰৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়া মতে জুবিন গাৰ্গৰ গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সৈতে আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৰিয়ালৰ লোকসকলে গুৱাহাটীৰ আশে পাশে জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছিল। সেয়ে ২৩ তাৰিখে সোণাপুৰতে শেষকৃত্য সম্পন্ন হ’ব জুবিন গাৰ্গৰ।

ইয়াৰ পিছত জুবিনৰ ভষ্ম লৈ যোৱা হ’ব যোৰহাটলৈ।যোৰহাটবাসীৰ ইচ্ছাক সন্মান জনাই তাতো নিৰ্মাণ কৰা হ’ব সমাধিস্থল।

২৩ তাৰিখে যিহেতু ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে জুবিনৰ সমাধিস্থল হ’ব সেয়ে মঙলবাৰৰ দিনটোত দিনৰ ২ বজালৈকে বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ।   

লগতে পঢ়ক: ‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে  গৰিমা শইকীয়া গাৰ্গে

‘জুবিনে নিজেই ছিংগাপুৰলৈ টিকট কৰিবলৈ কৈছিল’; অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট

অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট

জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এহাজাৰ দাখিল কৰা হৈছে।সমগ্ৰ অসমবাসীয়ে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে। তাৰ মাজতে সামাজিক মাধ্যমত শ্যামকানু মহন্তই দিছে এটা বিশেষ পোষ্ট।

পোষ্টটোৰ শ্যামকানু মহন্তই লিখিছে যে,শ্ৰদ্ধেয় ৰাইজ, এই মহা শোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু কষ্টৰে এই কথাখিনি ক’বলৈ লৈছো।

জাতিটোৰ সম্পদ জুবিন গাৰ্গৰ অভাৱনীয় মৃত‍্যু সমগ্ৰ ৰাজ‍্যখনৰ বাবে এক ভয়ানক খবৰ। এই মৃত‍্যু অপূৰণীয়।মই জুবিনক জোৰ কৰি ছিংগাপুৰলৈ নিয়া নাছিলো বৰঞ্চ জুবিনে নিজেই মোক বিমানৰ টিকট কাটিবলৈ কৈছিল।

জুবিনে কৈছিল যে, “মোক আগতীয়াকৈ ডাইৰেক্ট ফ্লাইটত টিকেট কৰি দিবি। তালৈ গৈ মই দুদিনমান থাকিম, জিৰণি ল’ম। আমি মেনেজাৰ সিদ্ধাৰ্থৰ লগত কথা পাতি যাৱতীয় আয়োজন কৰিছিলো, ওচৰতে আছিলো”।

তেওঁ লগতে লিখিছে যে, যি সময়ত জুবিন ছিংগাপুৰৰ অসম এছচিয়েছনৰ সৈতে ফুৰিবলৈ গৈছিল সেই সময়ত মই ছিংগাপুৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ নেতৃত্ব আৰু উদ্যমী সকলৰ বৈঠক আছিলো।

যেতিয়া খবৰটো পাইছিলো মই তেতিয়া হাস্পতাললৈ ঢাপলি মেলো। আৰু ভাৰতীয় সময়মতে আবেলি ২.৪৪ বজাত ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া ৫ বাজি ১৪ মিনিটত দুৰ্ভাগ্যজনক খবৰটো ডাক্তৰে ঘোষণা কৰে।

অসমৰ এই অমূল্য সম্পদভাগি আমাৰ মাজত আৰু নাই এই ঘটনাৰ পাছত চৌদিশে অন্ধকাৰ দেখিছিলো। অলপ সম্বিৎ ঘূৰাই পোৱাৰ পাছত অনুষ্ঠান বাতিল কৰা সমন্বিতে যাৱতীয় কামবোৰ কৰিবলগীয়া হৈছিল।

জুবিন আমাৰ বাবে ফ্ৰেণ্ড, ফিলছফাৰ, গাইড।  আমাৰ অনুষ্ঠান কি কেনেদৰে কৰিম তেওঁৰ লগত আলোচনা কৰিহে তাৰিখ নিৰ্ধাৰণ কৰা হয়। আমি জুবিনৰ উপদেশমতে আগুৱাই যাওঁ।এনেকুৱা এজন মানুহৰ মৃত্যু মোৰ বাবে আপোন সত্ত্বাৰ মৃত্যু।

লগতে পঢ়ক: ‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে  গৰিমা শইকীয়া গাৰ্গে

শেষবাৰলৈ নিজৰ ঘৰখনত জুবিন গাৰ্গ; স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা

স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা

আৰু কেতিয়াও কাহিলীপাৰৰ ঘৰখনলৈ নাহে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। শেষবাৰৰ বাবে কাহিলীপাৰাৰ বাসগৃহত চিৰনিদ্ৰাত হাৰ্টথ্ৰৱ গৰাকী।

সদায় হাঁহিমুখে ঘৰলৈ যোৱা ল’ৰাটো আজি কফিনৰ কাঁচৰ বাকচটোৰ ভিতৰত শান্ত হৈ শুই আছে।কাষত আছে মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

সদায় শিশুৰ দৰে মৰম কৰা জুবিনৰ কাষত ৰৈ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈ গৈছে থাকিযোৱা বহু কথা। বাৰে বাৰে মৰমৰ গোল্ডিৰ চেঁচা চেঁচা আঙুলি কেইটা এবাৰ চুই চাবলৈ বিচাৰিছে গৰিমাই।

নিজ বাসগৃহত আজি মাত্ৰ এঘণ্টাহে থাকিব পাৰিব জুবিন। সেই মাত্ৰ ৬০ টা মিনিটত হেঁপাহ নপলোৱাকৈ গৰিমা শইকীয়া গাৰ্গে চাই ৰৈছে জুবিনক।কিন্তু তেওঁ যে এতিয়া আৰু মৰমৰ পত্নী গৰিমাৰ কথা শুনিবলৈ সাৰে থকা নাই।

লগতে পঢ়ক: নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ