নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

-নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন

-চিৰনিদ্ৰাৰ শীতল কোলাত নিথৰ হৈ পৰি আছে প্ৰাণৰ শিল্পীগৰাকী

-ইতিমধ্যে শেষবাৰৰ বাবে পুত্ৰ মুখ চাবলৈ বাহিৰলৈ উলাই আহিছে পিতৃ কপিল ঠাকুৰ

-শুভ্ৰ শীতল বগা চাদৰেৰে মেৰিয়াই দিয়া হৈছে নশ্বৰ দেহ

-এই দৃশ্য দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিছে জনতাই

-ৰাজপথত চিঞৰি চিঞৰি গাইছে জুবিনদা উঠা

-কিন্তু উভতি নহাৰ বাটেৰে শিকলি ছিঙি গ’লগৈ জুবিন গাৰ্গ

-দেৱতাৰ শাৰীলৈ উন্নিত হোৱা শিল্পীগৰাকীক চাবলৈ লক্ষ লক্ষ জনতাৰ

-২ঘণ্টাৰ বাবে ৰখা হ’ব কাহিলীপাৰাত

-ভেদিব নোৱাৰা বানৰ দৰে জনতাৰ সোঁত বৈছে কাহিলীপাৰাত

-কোনেও কাকো সান্তনা দিব নোৱাৰা পৰিৱেশ

-২ঘণ্টাৰ পিছতে সৰুসজাইলৈ লৈ যোৱা হ’ব নশ্বৰ দেহ

-সৰুসজাইত প্ৰতিগৰাকীয়ে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

-প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত আজি বতৰ গোমা হৈ পৰিছে

-আৱেগ বিহ্বল হৈ পৰিছে অসমবাসী

লগতে পঢ়ক : সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !

সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !

সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা

-সোণাপুৰৰ হাতীমূৰাতেই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য !

-শেষকৃত্য অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনৰ যুদ্ধকালীন প্ৰস্তুতি

-নিৰ্ধাৰণ কৰা স্থানত উপস্থিত হৈছে জিলা আয়ুক্ত

-এই পৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই জিলা প্ৰশাসনে

-৫টাকৈ স্থানৰ প্ৰস্তাৱ প্ৰিয় শিল্পীগৰাকীৰ পৰিয়ালক আগবঢ়াইছে চৰকাৰে

-পৰিয়ালৰ সন্মতিতে কেবিনেট বৈঠকে চূ়ড়ান্ত কৰিব স্থান

-খন্তেক পিছতেই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হ’ব আপোন শিল্পীগৰাকীৰ নশ্বৰ  দেহ

-জুবিনক এবাৰ চাবলৈ কাহিলীপাৰাত লাখ লাখ লোকৰ ভিৰ

-মায়াবিনী গাই লাখ লাখ লোকে জনাইছে শ্ৰদ্ধাঞ্জলি

-কাহিলীপাৰাৰ পিছতেই সৰুসজালৈ লৈ যোৱা হব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ

লগতে পঢ়ক : গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

গুৱাহাটী পালেহি মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…

-বৰঝাৰ বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ

-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হ’ল জুবিনৰ নশ্বৰ দেহ

-হাতত গামোচা লৈ নিথৰ জুবিনক আদৰিবলৈ বিমান বন্দৰত প্ৰৱেশ গৰিমা শইকীয়া গাৰ্গ

-জুবিনৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে জনতা

-জনসমুদ্ৰত পৰিণত বৰঝাৰ বিমান বন্দৰ

-বৰঝাৰ বিমানৰ বন্দৰৰ পৰা সৰুসজাইলৈকে জনতাৰ ভিৰ

-পথৰ দুয়োকাষে লাখ লাখ লোক

-বিমানবন্দৰৰ পৰা নিয়া হব কাহিলীপাৰাস্থিত বাসগৃহলৈ

লগতে পঢ়ক : আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…

আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…

দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ

-আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ

-বিমানযোগে লৈ অনা হৈছে মৰমৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ

-চাৰ্টাৰ্ড প্লেনত আনিব পৰা নগ’ল অসমীয়াৰ আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ

-জুবিনক অনা কফিনৰ আকাৰ ডাঙৰ হোৱাৰ বাবেই সৃষ্টি হ’ল সমস্যাৰ

-কেইবাখনো চাৰ্টাৰ্ড প্লেনত অনাৰ বাবে কৰা হৈছিল চেষ্টা

-কিন্তু ইয়াৰ পিছতো লাভ কৰা নহ’ল সফলতা

-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হৈছে জুবিনৰ নশ্বৰ দেহ

-৪.৩০ বজাত দিল্লী বিমান বন্দৰৰ পৰা যাত্ৰা কৰিছে বিমানখনে

-৬.৪৫ বজাত পাবহি গুৱাহাটী বিমান বন্দৰত

-সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

-বিমান বন্দৰত উপস্থিত সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ

-জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিমান বন্দৰত লক্ষ লক্ষ লোক

-ওৰে নিশা সমগ্ৰ মহানগৰীত লাখ লাখ লোকৰ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক : দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ…

দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ

দিল্লী বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গক লৈ অনা বিমান

-মুখ্যমন্ত্ৰীয়ে চমজি ল’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ

-সকলো যাৱতীয় কাম কাজ সম্পন্ন কৰাৰ পিছতে উৰা মাৰিব গুৱাহাটীলৈ

-চাৰ্টাড বিমানযোগে লৈ অহা হ’ব গুৱাহাটীলৈ

-গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ

-মুখ্যমন্ত্ৰীৰ সক্ৰিয় নেতৃত্বত কাহিলীপাৰাস্থিত বাসগৃহলৈ অনা হ’ব প্ৰিয় শিল্পীগৰাকীক

-পুৱাই আৰম্ভ হ’ব জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

জুবিন অনুৰাগীক কান্দি কান্দি বিশেষ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে…

জুবিন অনুৰাগীক কান্দি কান্দি বিশেষ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে

জুবিন গাৰ্গ বিহীন প্ৰথমটো দিন পাৰ কৰিলে অসমবাসীয়ে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই বাকৰুদ্ধ সকলো । চকুলোৰে বাট নেদেখা অসমীয়াই শ্ৰদ্ধাঞ্জলি জনাইছে আপোন শিল্পীগৰাকীক ।

কাহিলীপাৰাস্থিত শিল্পীগৰাকীৰ বাসগৃহত এতিয়া ভিৰ কৰিছে অগণন গুণমুগ্ধ তথা অনুৰাগীয়ে । শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চাবলৈ, শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছে অসংখ্য অনুৰাগীয়ে । ইয়াৰ মাজতে সামাজিক মাধ্যমযোগে অনুৰাগীক উদ্দেশ্যি বিশেষ আহ্বান জনালে শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে ।

গৰিমা শইকীয়া গাৰ্গে কৈছে-“সকলোকে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ । আপোনালোকক অনুৰোধ জনাইছোঁ । জুবিন আহিব এতিয়া । জুবিন জীয়াই থকা কালত আপোনালোকে বহুত মৰম আৰু আশীৰ্বাদ দিলে । আপোনালোককো তেওঁ সমানেই ভাল পাই । তেওঁ আহিব এতিয়া, গতিকে শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক । জুবিনৰ যি শেষ যাত্ৰা সেয়া কোনো বিঘিনি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে হওক । কোনোবাই যদি ভাবিছে কিবা খেলিমেলি হৈছে বা সংঘাত সৃষ্টি হৈছে সেয়া নহওক । সকলো শান্তিপূৰ্ণভাৱে হওক, আৰক্ষী, প্ৰসাশন সকলোৱে বহুতো সহায় কৰিছে । সকলোৱে আমি জুবিনক শেষবাৰৰ বাবে চাম ।“

আনহাতে ‘নিজৰ ভাইৰ নিছিনা’ বুলি কৈ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰি তেওঁ কয়-“সিদ্ধাৰ্থ আমাৰ ভাইৰ নিছিনা । ২০২০ৰ কোভিডৰ সময়ছোৱাত ৰোগাক্ৰান্ত জুবিন গাৰ্গক নিজৰ জীৱনকো বিপন্ন কৰি মুম্বাওইৰ পৰা সুস্থ কৰি ঘূৰাই আনিছিল । তাৰ বিষয়ে কিবা কলেও জুবিনে সিদ্ধাৰ্থৰ গাত টোপ এটাও পৰিবলৈ নিদিয়ে । এতিয়া জুবিনৰ শেষ যাত্ৰাত সিদ্ধাৰ্থক লগত থাকিবলৈ দিয়ক । তাৰ বিপক্ষে যদি কিবা ভাবিছে তেন্তে সকলোৱে সেইবিলাক মনৰ পৰা ওলিয়াই দিয়ক । সকলো একেলগে থাকক, আমাৰ পৰিয়ালটো একেলগে থাকক । জুবিনৰ বহু আধৰুৱা কাম আছে, যদি সিদ্ধাৰ্থ কাষত নাথাকে তেন্তে একো কৰিব নোৱাৰিম । সিদ্ধাৰ্থৰ বিৰুদ্ধে যি এজাহাৰ দিছে সকলো উঠাই লওক, মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ ।“

উল্লেখ্য যে, অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনক বুলি অভিযোগ তুলি শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকাণু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে একাংশ জুবিন অনুৰাগীয়ে । ইয়াৰ পিছতে এইদৰে হাতজোৰ কৰি সামাজিক মাধ্যমত আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব… মহানগৰ আৰক্ষী আয়ুক্ত আহ্বান

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব

-নিশা ৯বজাৰ পিছত জুবিনৰ ঘৰলৈ নাহিব

-জুবিনৰ অনুৰাগীক আহ্বান মহানগৰ আৰক্ষীৰ

-পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ ৰাখি এই আহ্বান আৰক্ষীৰ

-জুবিনৰ ঘৰত কোনেও অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’বলৈ নিদিয়াৰ আহ্বান আৰক্ষীৰ

-জুবিনৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে বুলি মন্তব্য আৰক্ষী আয়ুক্তৰ

-অসাধু চক্ৰক নাকী লগাবলৈ আৰক্ষীয়ে মুকলি কৰিলে HELPLINE NUMBER

-১১২ নম্বৰত ডায়েল কৰি জনাওক আৰক্ষীক

-উদ্ভণ্ডালি কৰা লোকক চিনাক্ত কৰাটো জুবিন অনুৰাগীৰো দ্বায়িত্ব বুলি মন্তব্য পাৰ্থ সাৰথি মহন্তৰ

-ৰাইজলৈ আহ্বান আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ

লগতে পঢ়ক : জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ উভতাই আনিবলৈ দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰীগৰাকী । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি ল’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ।

সামাজিক মাধ্যমত এই কথা জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-

“মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়াৰ অংশ মাথোঁ, তথাপি ই জানো ইমান সুলভ হ’ব পাৰে ! নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো ! নোৱাৰি ৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল’ব পৰা নাই, গোটেই অসমে পৰা নাই ৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ…”

 মুখ্যমন্ত্ৰীয়ে আৰু লিখিছে- “মৰমৰ শিল্পীজনাক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ ৷ গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত ‘মায়াবিনী’ৰ এই বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ, বাৰে বাৰে চাইছিলোঁ, তেওঁ লগতে কোৱা জুবিনৰ সেই কথাকেইটাই মূক কৰি তুলিছিল ৷ আজি চৌদিশে ‘মায়াবিনী’ বাজিছে, হিয়া উজাৰি গাইছে সকলোৱে, গুণমুগ্ধ-অনুৰাগীয়ে নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছে ৷ এনে প্ৰাপ্তিও বিৰলতকৈ বিৰল ৷ আমাৰ হৃদয়ৰ অন্তহীন স্পন্দন জুবিন !”

ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ ছিংগাপুৰৰ পৰা ভাৰতলৈ উৰা মাৰিলে বিশেষ বিমান । নিশা ১১ বজাত দিল্লী পাবহি সকলোৰে মৰমৰ শিল্পীগৰাকী । ইয়াৰ পিছতে প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ উভতাই অনা হ’ব ।

লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা

অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ । ৰাজ্যবাসীৰ আপোন শিল্পী, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

মুখ্য সচিব ৰবি কোটাই এক্সত এটা পোষ্টত এই ঘোষণা কৰে । তেওঁ কয় যে, অসম চৰকাৰে প্ৰখ্যাত গায়ক, চলচ্চিত্ৰ নিৰ্মাতা, সাংসক্ৃতিক জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । লগতে তেওঁ কয় য়ে, ২০ তাৰিখৰ পৰা ২২ ছেপ্টেম্বৰলৈকে ঘোষণা কৰা হৈছে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে । এই সময়ছোৱাত কোনো আনুষ্ঠানিক মনোৰঞ্জন, নৈশ আহাৰ  বা আনুষ্ঠানিক কাৰ্যসূচী নহ’ব ৷

ৰবি কোটাই কয় যে ‘সেৱা সপ্তাহ’ কাৰ্যসূচীসমূহকো তেওঁৰ সন্মানাৰ্থে পিছুৱাই দিয়া হ’ব । তেওঁ কয় যে, “অৱশ্যে, স্বাস্থ্য শিবিৰ, টিবি ৰোগীৰ বাবে নিক্ষয় মিত্ৰ সমৰ্থন আৰু গছ ৰোপণ আদি সেৱামুখী কাৰ্য্যকলাপ অব্যাহত থাকিব। ”

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….