চৌদিশে শোকৰ মিছিল… প্ৰিয় শিল্পীৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল গুৱাহাটী মহানগৰী

প্ৰিয় শিল্পীৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল গুৱাহাটী মহানগৰী

চৌদিশে এতিয়া কেৱল এতিয়া শোকৰ ঢৌ । প্ৰিয় শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ ৰাজ্যবাসী । অসমীয়াৰ কলিজাৰ টুকুৰা জুবিন গাৰ্গক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে ৰাজ্যবাসী । আজি জুবিন বিহীন প্ৰথমটো দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে । সমগ্ৰ ৰাজ্যতে হিয়াৰ আমঠু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে অনুৰাগী তথা ৰাইজে ।

গুৱাহাটী মহানগৰীটো দেখা গৈছে শোকাকুল পৰিৱেশ । মহানগৰীৰ আলিয়ে-গলিয়ে প্ৰিয় শিল্পীগৰাকীক সোঁৱৰি শোকত ভাগি পৰা দেখা গৈছে অনুৰাগীক । তেওঁৰ গীত গাই, ৰেলী কৰি, ফটোত পুষ্পাঞ্জলি অৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে বুকুৰ আপোন শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীয়ে । ইয়াৰ মাজতে সমগ্ৰ মহানগৰীৰ সকলো দোকান-পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হয় ।

প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ মহানগৰীতে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ সকলো । কেৱল ব্যক্তিগত যান-বাহনৰ বাহিৰে সকলো ধৰণৰ চিটি বাছ সেৱা আদিও বন্ধ হৈ পৰা পৰিলক্ষিত হয় । ঔষধৰ দোকান সমূহৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, মল আদি বন্ধ পৰে মহানগৰীত ।

কেৱল গুৱাহাটী মহানগৰীয়েই নহয় ৰাজ্যৰ দ্বিতীয়খন মহানগৰী ডিব্ৰুগড়কে ধৰি ৰাজ্য সকলো বিলাক চহৰ-নগৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে । সকলোতে আপোন শিল্পী জুবিন গাৰ্গক সোঁৱৰি উচুপি উঠিছে প্ৰতিগৰাকী অনুৰাগী । আনহাতে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈয়ো অগণন অনুৰাগীৰ সোঁত পৰিলক্ষিত হৈছে ।  

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….

ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে।তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে যে ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

ভাৰতীয় সময় অনুসৰি দিনৰ ১১.৩০ বজাত জুবিন গাৰ্গৰ হ’ব মৰণোত্তৰ পৰীক্ষা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা বিয়লি ২ বজালৈ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে ছিংগাপুৰ চৰাকাৰে অসমক গতাব জুবিন গাৰ্গক। ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ অনা হ’ব জুবিনৰ পাৰ্থিব শৰীৰ।

লগতে পঢ়ক: জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…; বিষন্ন সমগ্ৰ ৰাজ্য

জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…; বিষন্ন সমগ্ৰ ৰাজ্য

জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। নিশা উজাগৰে থাকিল সমগ্ৰ ৰাজ্যবাসী।ওৰে নিশা শুব নোৱাৰিলে ৰাজ্যবাসীয়ে। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাগি পৰিছে।

অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা স্তব্ধ হ’ল ছিংগাপুৰত।উৰে নিশা জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত তেওঁৰ অগণন অনুৰাগী বহি থাকিল। প্ৰতিজনে চিঞৰিলে ‘জুবিন দা অমৰ হওক’।

নিশা চৌদিশে বাজি থাকিল জুবিনৰ গান।পত্নী গৰিমা শইকীয়া গাৰ্গৰ কপাল উকা কৰি অজান দেশলৈ গুচি গ’ল জুবিন।

আজি বিয়লি ছিংগাপুৰৰ পৰা লৈ অনাৰ বাবে চেষ্টা কৰা হ’ব জুবিনৰ নশ্বৰ দেহ ।প্ৰথমে ছিংগাপুৰৰ পৰা দিল্লীলৈ আৰু তাৰ পিছত  দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ’ব ৰাইজৰ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা মতে সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব নশ্বৰ দেহ। প্ৰিয় শিল্পীৰ বিয়োগত শোকস্তব্ধ সমগ্ৰ ৰাজ্য।

জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰি গ’ল তঞ্জানিয়াৰ শিল্পীৰ কিলি পলৰ মন। সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিলে শোক।  

লগতে পঢ়ক: কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

ছিংগাপুৰত অনুস্থিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তাৰ মাজতে জানিব পৰা মতে শনিবাৰে ছিংগাপুৰৰ পৰা অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

এয়াৰ এম্বুলেন্সেৰে কাইলৈ লৈ অনা হ’ব জুবিনৰ নশ্বৰ দেহ। সন্ধিয়া ৮ বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

লগতে পঢ়ক: ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট…

ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট…

ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট

ছিংগাপুৰৰ পৰা আহিল ৰাজ্যজোকাৰি যোৱা খবৰটো।অসমৰ আকাশৰ ভোটাতৰাটো আজি খহি পৰিল।বৃহস্পতিবাৰ নিশা নৰ্থ ইষ্ট ফেষ্টিভেলত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰি জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰে।

ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অজান দেশলৈ গুচি গ’ল। অসমৰ হিয়াৰ মুকুতা গৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী।  

১৯৭২ চনত ১৮ নৱেম্বৰৰ দিনা মেঘালয়ৰ তুৰাত জন্ম গ্ৰহণ কৰিছিল জুবিন গাৰ্গে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়।

তাৰ পিছত প্ৰায় ৪০টাত কৈ অধিক ভাষাত আৰু প্ৰায় ৩৮ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰি সমগ্ৰ অসমবাসীৰ হৃদয়ৰ নয়নৰ মণি হৈ পৰিছিল জুবিন গাৰ্গ।

জুবিনৰ সংগীতৰ সেই যাত্ৰা আজি স্তব্ধ হৈ পৰিল ছিংগাপুৰত। যি সময়ত একাংশৰ অসমীয়া গানৰ প্ৰতি অনিহা আহিছিল সেই সময়তে জুবিন গাৰ্গে অস্ত যাবলৈ ধৰা অসমীয়া উদ্যেগটোৰ সূৰ্য উদয় কৰিছিল।

২০১৯ চনত এখন সংগীতানুষ্ঠানত জুবিন গাৰ্গে কৈছিল “ মোৰ মৃত্যুৰ দিনা সকলোৱে মায়াবিনী ৰাতিৰ বুকুত….’ আৰু মোক জ্বলোৱাৰ সলনি ব্ৰহ্মপুত্ৰত উটোৱাই দিব”।

আৰু সঁচাকৈয়ে আজি হেৰাই গ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গ নাই, চৌদিশে কেৱল শূণ্যতা…জুবিনৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে গুণমুগ্ধ।

লগতে পঢ়ক: পাখি মেলি উৰি গ’ল; জুবিন গাৰ্গ আৰু নাই

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন; স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গ’ল জুবিন গাৰ্গ

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন

ছিংগাপুৰত দুৰ্ঘটনাত পতিত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। স্কুবা ডাইভিঙৰ সময়ত এখন নাঁৱৰ পৰা সাগৰত পৰি গ’ল জুবিন গাৰ্গ।তাৰ পিছতেই অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক।

নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ সৃষ্টি হৈছে গভীৰ উদ্বিগ্নতাৰ। বৰ্তমান ICU ত চিকিৎসাধীন হৈ আছে হাৰ্টথ্ৰব গৰাকী।

লগতে পঢ়ক: ‘ছলমান খান গুণ্ডা…পৰিয়ালৰ মানুহো স্বাভাৱিক নহয়’; ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য

‘মই কাকো অনুৰোধ নকৰোঁ, আদেশ দিছো, ক্ষমা খুজিব লাগিব…’; দিগন্ত ভাৰতীক কৰা দুৰ্ব্যৱহাৰক লৈ জুবিন গাৰ্গৰ মন্তব্য

চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনত জনপ্ৰিয় কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰা ঘটনাৰ পিছতেই সৰব হৈ পৰিছে শিল্পী সমাজ।

সকলো শিল্পীয়েই চানমাৰি পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিয়ে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক ক্ষমা খোজাৰ বাবে দাবী কৰিছে। তাৰ মাজতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে চানমাৰি পূব গুৱাহাটী বিহু সমিতিক দিছে এটা আদেশ।

বৃহস্পতিবাৰে নিশা নলবাৰীৰ হেলচাত সংগীতানুষ্ঠানত জুবিন গাৰ্গে কয় যে,‘‘কালি এটা ঘটনা হ’ল, দিগন্ত ভাৰতীক চানমাৰি বিহু কমিটীৰ কেইজনমানে অপমান কৰিছে, গতিকে মই বেছিকৈ নকওঁ, বেছিকৈ ক’লেটো মই গালি দিওঁ”।

“সেইটো হ’ব নাপায় আৰ্টিষ্টৰ লগত। তেওঁ অনুষ্ঠান চাবলৈ গৈছিল, তেওঁক মাতি নিছিল। মাতি নি অপমান কৰিছে। গতিকে তেওঁলোকে ক্ষমা খুজিব লাগিব। মই কাকো অনুৰোধ নকৰো, মই আদেশ দিছো ক্ষমা খুজিব লাগিব’’।

উল্লেখ্য যে দিগন্ত ভাৰতীৰ বহু গীতত কণ্ঠদান কৰিছে  জুবিন গাৰ্গে।  

”ৰাজীৱ শদিয়াক ইমান চিনি নাপাওঁ,জাতিৰ কাৰণে  ময়োটো গান গাইছো”; জুবিন গাৰ্গৰ বিস্ফোৰক মন্তব্য

গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ সন্দৰ্ভত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে মন্তব্য প্ৰদান কৰিছে। উৰুকাৰ নিশা মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তেই মৃত্যুক আকোৱালি লৈছিল গণশিল্পী ৰাজীৱ শদিয়াই।

গণশিল্পী গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল ৰাজ্যবাসী। তাৰ মাজতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে এক মন্তব্য কৰিছে। জুবিন গাৰ্গে কৈছে যে “এইটো বৰ দুখ লগা।

তাক মই ইমান চিনি নাপাওঁ। আমি তেওঁক যথেষ্ট সহায় কৰিছো। জাতিৰ কাৰমে ময়োটো কিমান গান গাইছো, তেতিয়া হ’লে…”

দৰাচলতে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত সামাজিক মাধ্যমত বহু লোকে জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰি আছিল।

কিন্তু জুবিনৰ কোনো প্ৰতিক্ৰিয়া নেদেখি বিতৰ্কৰ সৃষ্টি কৰিছিল । তাৰ পিছতেই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে।