জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনোৱাৰ বাবেই যুৱকক হত্যা
গুৱাহাটী মহানগৰীৰ বামুনিমৈদামৰ ৰে’লৱে কলনীত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।বামুনিমৈদামৰ ৰে’লৱে কলনীৰ কালীবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজা মণ্ডপত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো।
জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনোৱাই কাল হ’ল অবিনাশ ৰজকৰ(২৬)।জানিব পৰা মতে দুৰ্গা পূজা মণ্ডপত নাচি থকা অবিনাশ ৰজকে জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনাইছিল।
ইয়াতে অগ্নি শৰ্মা হৈ সুজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫ জনীয়া এটা যুৱকৰ নেতৃত্বত অবিনাশ ৰজকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুত্বৰ ভাবে আহত কৰে।
আহত অবিনাশ ৰজকক গীতানগৰৰ এখন হাস্পতালত সংকট জনক অৱস্থাত ভৰ্তি কৰোৱা হয়।কিন্তু কিছু সময়ৰ পিছতেই চিকিৎসাধীন অৱস্থাত অবিনাশ ৰজকৰ মৃত্যু হয়।এই লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
ঘটনা সন্দৰ্ভত পৰিয়ালে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা; আৰক্ষী বিষয়াৰ মৃত্যু









