জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ এছ আই টিৰ সন্মুখত হাজিৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ এছ আই টিৰ সন্মুখত হাজিৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে । প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ এগৰাকী মঙলবাৰে গুৱাহাটীত এছ আই টিৰ সন্মুখত হাজিৰ হয় । ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াগৰাকী মঙলবাৰে দুপৰীয়া চি আই ডিৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে । প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ এগৰাকী মঙলবাৰে গুৱাহাটীত এছ আই টিৰ সন্মুখত হাজিৰ হয় । ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াগৰাকী মঙলবাৰে দুপৰীয়া চি আই ডিৰ কাৰ্যায়ালয়ত উপস্থিত হয় ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ৰূপকমল কলিতাৰ লগতে আন আঠগৰাকী ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াক এছ আই টিয়ে চমন জাৰি কৰিছিল । অক্টোবৰৰ ৬ তাৰিখৰ ভিতৰত এছ আই টিৰ আগত হাজিৰ হোৱাৰ বাবে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছিল । কিন্তু ৰূপকমল কলিতা নামৰ ব্যক্তিজনৰ বাহিৰে আন সাতগৰাকী এতিয়াও এছ আই টিৰ আগত হাজিৰ হোৱা নাই । নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পাছতো এই সাতজন লোক এছ আই টিৰ আগত উপস্থিত নোহোৱা ঘটনাই এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে । উল্লেখ্য যে, এই আঠগৰাকী প্ৰৱাসী অসমীয়া ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেখন য়টত আছিল, যত ৰহস্যজনক মৃত্যু হৈছিল জুবিন গাৰ্গৰ ।

লগতে পঢ়ক : ‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ