জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ এছ আই টিৰ সন্মুখত হাজিৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে । প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ এগৰাকী মঙলবাৰে গুৱাহাটীত এছ আই টিৰ সন্মুখত হাজিৰ হয় । ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াগৰাকী মঙলবাৰে দুপৰীয়া চি আই ডিৰ কাৰ্যায়ালয়ত উপস্থিত হয় ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ৰূপকমল কলিতাৰ লগতে আন আঠগৰাকী ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াক এছ আই টিয়ে চমন জাৰি কৰিছিল । অক্টোবৰৰ ৬ তাৰিখৰ ভিতৰত এছ আই টিৰ আগত হাজিৰ হোৱাৰ বাবে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছিল । কিন্তু ৰূপকমল কলিতা নামৰ ব্যক্তিজনৰ বাহিৰে আন সাতগৰাকী এতিয়াও এছ আই টিৰ আগত হাজিৰ হোৱা নাই । নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পাছতো এই সাতজন লোক এছ আই টিৰ আগত উপস্থিত নোহোৱা ঘটনাই এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে । উল্লেখ্য যে, এই আঠগৰাকী প্ৰৱাসী অসমীয়া ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেখন য়টত আছিল, যত ৰহস্যজনক মৃত্যু হৈছিল জুবিন গাৰ্গৰ ।

লগতে পঢ়ক : ‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট