আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং

কেতিয়া মুক্তি পাব ৰৈ ৰৈ বিনালে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক এৰি যোৱা আজি ১৮ টা দিন অতিক্ৰম কৰিলে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই এতিয়া উচুপি উঠিছে ৰাজ্যবাসী । কিন্তু কায়িকভাৱে আঁতৰি গ’লেও জনতাৰ হৃদয়ে হৃদয়ে এতিয়াও জীয়াই আছে অমৰ শিল্পী জুবিন গাৰ্গ ।

গান, চিনেমা, কবিতা আদি অলেখ যুগমীয়া সৃষ্টি উপহাৰ দিয়া অমৃত কণ্ঠ জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল শেহতীয়াকৈ মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালে । ছিংগাপুৰৰ পৰা উভতি আহি ছবিখনৰ বাকী থকা কামসমূহ সমাপ্ত কৰি চলিত বৰ্ষৰ ৩১ অক্টোবৰত ৰৈ ৰৈ বিনালে মুক্তি দিয়াৰ কথা চিন্তা কৰিছিল শিল্পীগৰাকীয়ে ।

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবিখন তেওঁ বিচৰা তাৰিখতেই মুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ছবিখনৰ পৰিচালকৰ লগতে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন গাৰ্গে বিচৰা ধৰণেই ৩১ অক্টোবৰতে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ছবিখনে । সেয়েহে মঙলবাৰে ছবিখনৰ অন্তিমটো চিত্ৰগ্ৰহণ সমাপ্ত কৰা হয় । জুবিন গাৰ্গৰ অৱৰ্তমানত গুৱাহাটীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ত সম্পন্ন হয় ছবিখনৰ অন্তিটো শ্বুটিং । এই চিত্ৰগ্ৰহণৰ সময়ত উপস্থিত থাকে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ।

গৰিমাই ছবিখনৰ সন্দৰ্ভত কয়-“ৰৈ ৰৈ বিনালে জুবিনৰ সপোনৰ প্ৰকল্প । এই চিনেমাখন কৰিবলৈ তেওঁ বহু বছৰ ধৰি ৰৈ আছিল । এই ছবিখন সম্পূৰ্ণৰূপে জুবিনৰ লগত মিল থকা এখন মিউজিকেল ছবি । এই ছবিখনৰ পৰা তেওঁৰ বহু আশা আছিল, ছবিখনৰ সকলো কাম অন্ত-কৰণেৰে কৰিছিল তেওঁ । তেওঁৰ পৰিকল্পনা আছিল ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ । সেয়েহে আমি এই দিনটোতে ছবিখন ৰাইজৰ মাজলৈ ওলিয়াই দিবলৈ চেষ্টা কৰিম ।“

ইফালে মঙলবাৰে মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত । ইতিমধ্যে ইউটিউবটো উপলব্ধ হৈছে ‘মোৰ মন ‘ শীৰ্ষক গীতটো ।

লগতে পঢ়ক : তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ এছ আই টিৰ সন্মুখত হাজিৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে । প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ এগৰাকী মঙলবাৰে গুৱাহাটীত এছ আই টিৰ সন্মুখত হাজিৰ হয় । ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াগৰাকী মঙলবাৰে দুপৰীয়া চি আই ডিৰ কাৰ্যায়ালয়ত উপস্থিত হয় ।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা ৰূপকমল কলিতাৰ লগতে আন আঠগৰাকী ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াক এছ আই টিয়ে চমন জাৰি কৰিছিল । অক্টোবৰৰ ৬ তাৰিখৰ ভিতৰত এছ আই টিৰ আগত হাজিৰ হোৱাৰ বাবে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছিল । কিন্তু ৰূপকমল কলিতা নামৰ ব্যক্তিজনৰ বাহিৰে আন সাতগৰাকী এতিয়াও এছ আই টিৰ আগত হাজিৰ হোৱা নাই । নিৰ্ধাৰিত সময়সীমা অতিক্ৰম কৰাৰ পাছতো এই সাতজন লোক এছ আই টিৰ আগত উপস্থিত নোহোৱা ঘটনাই এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে । উল্লেখ্য যে, এই আঠগৰাকী প্ৰৱাসী অসমীয়া ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেখন য়টত আছিল, যত ৰহস্যজনক মৃত্যু হৈছিল জুবিন গাৰ্গৰ ।

লগতে পঢ়ক : ‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

জুবিন গাৰ্গৰ দুই PSOক নিলম্বন…

জুবিন গাৰ্গৰ দুই PSOক নিলম্বন

জুবিন গাৰ্গৰ দুই PSOক নিলম্বন

-PSO নন্দেশ্বৰ বৰা আৰু হেড কনিষ্টবল পৰেশ বৈশ্যক নিলম্বন

-একাউন্টত বৃহত পৰিমাণৰ ধন থকাৰ বাবে নিলম্বন দুয়োগৰাকী PSOক

-দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ লেনদেন থকাৰ তথ্য

লগতে পঢ়ক : ‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

‘মোক উত্তৰ লাগে…’; সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা শোক সাগৰত ডুব গৈছে সমগ্ৰ ৰাজ্য । হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা তেখেতক সোঁৱৰি আৱেগিক হৈ পৰিছে অনুৰাগী তথা ৰাজ্যবাসী । লগতে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত তথা ন্যায়ৰ দাবী সৰ্বত্ৰে উত্থাপন হৈছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত সোমবাৰে এক বিশেষ পোষ্ট কৰিছে । আপোন মানুহজনক হেৰওৱাৰ ১৮ দিনৰ পিছত প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে । ‘মোক উত্তৰ লাগে‘ বুলি উল্লেখ কৰি ফেচবুক পোষ্টটোত ন্যায়ৰ দাবী কৰিছে গৰিমাই ।

স্বামী জুবিন গাৰ্গৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে-“The last one for this life… But we will be together again,,very soon Goldie ! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন ! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..

#JusticeForZubeenGarg”

ভগ্নী পাল্মীৰ আৱেগিক পোষ্ট-

ইফালে জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰেও সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এক বিশেষ পোষ্ট । ভাতৃৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ফেচবুকত এক আৱগিক পোষ্ট শ্বেয়াৰ কৰি ন্যায়ৰ দাবী কৰে ভগ্নী ড০ পাল্মী বৰঠাকুৰে ।

ফেচবুকত তেওঁ লিখিছে-“আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….

এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!

ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!

#justiceforzubeengarg

#JusticeForZubeenGarg”

লগতে পঢ়ক : ‘জুবিন গাৰ্গৰ জীৱিত কালত অখিল গগৈক অনুৰাগী হিচাপে দেখা নাছিলো’; মুখ্যমন্ত্ৰী

অৱশেষত চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

-অৱশেষত চি আই ডিৰ ৰোষত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত

-লকআপত থকা স্বামীক লগ কৰিবলৈ আহি চি আই ডিৰ ৰোষত অনিতা

-অনিতা ডেকা মহন্তক জেৰা চলাইছে SIT-এ

-প্ৰথমবাৰৰ বাবে এছ আই টিৰ জেৰাৰ সন্মুখীন অনিতা ডেকা মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত স্বামীৰ সৈতে ছিংগাপুৰত আছিল অনিতা

-অনিতা ডেকা মহন্তক জেৰা নকৰাকলৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ

-১ অক্টোবৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্যামকানুক

-স্বামীক সাক্ষাৎ কৰি ওলাই অহাৰ পথত এছ আই টিৰ দলে তলব কৰিলে অনিতাক

-শ্যামকানুৰ অর্থনৈতিক অপৰাধৰ গোচৰত নাম সন্নিৱিষ্ট অনিতা ডেকাৰ

লগতে পঢ়ক : মেডিকেল শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

‘সিদ্ধাৰ্থই যিমান পাৰে জুবিনক কৰি আছিল বিক্ৰী’; পাৰ্থ প্ৰতীম গোস্বামীৰ বিস্ফোৰণ মন্তব্য

‘সিদ্ধাৰ্থই যিমান পাৰে জুবিনক কৰি আছিল বিক্ৰী’

জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত ইজনৰ পিছত সিজনক তলব কৰিছে CID এ। দেওবাৰে CID ৰ কাৰ্যালয়ত উপস্থিত হয় জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থ প্ৰতীম গোস্বামী।

পাৰ্থ প্ৰতীম গোস্বামীয়ে কয় যে, জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰে ওচৰলৈ আহিব দিয়া নাছিল। প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকীয়া হোৱাত দুখ কৰিছিল জুবিনে।

বিগত ৩ বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো সিদ্ধাৰ্থই হে লাভ কৰিছে।সিদ্ধাৰ্থই যিমান পাৰে জুবিনক বিক্ৰী কৰি আছিল। ফিটা কাটোতে কিমান টকা পায় সেই কথা জুবিন গাৰ্গে নাজানিছিল।

সিদ্ধাৰ্থই মাছৰ তেলেৰে মাছ ভাজিছিল। জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ আৰু শেখেৰে। যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল এইসকলে।

তেওঁ লগতে কয় যে শেখৰে কাৰোবাৰ স্ক্ৰিপ্টমতে কাম কৰি আছে ।ছিংগাপুৰত সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো কথা।তেওঁলোকে এতিয়াও বহুত ভিডিঅ’ লুকুৱাই ৰাখিছে।সকলো ভালদৰে তদন্ত হ’ব লাগে।   

লগতে পঢ়ক: ‘কাইলৈৰ ভিতৰত অসমত হাজিৰ হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী

‘বিহপান কৰাইছিল জুবিন গাৰ্গক’; শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য

শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।CID জেৰাত জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে।

সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক ভাষ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে।তেওঁৰ ভাষ্য অনুসৰি জুবিনক বিহপান কৰাইছিল।

সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি জুবিনৰ সুৰাত দিছিল বিহ।জুবিন গাৰ্গৰ নৌকা বিহাৰৰ ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈও সিদ্ধাৰ্থ শৰ্মাই সকলোকে ধমক দিছিল।

শেখৰে দিয়া ভাষ্য অনুসৰি জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাতো সিদ্ধাৰ্থই গুৰুত্ব দিয়া নাছিল। ফেন ওলোৱা কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থই।

গেষ্টিকৰ বাবেহে ফেন ওলোৱা বুলি বিষয়টো পাতল কৰিছিল সিদ্ধাৰ্থই।আনকি লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ উৎসাহী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

লগতে পঢ়ক: ‘ৰুগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল’; শ্যামকানু মহন্তৰ লেখ আৱেদনত বিস্ফোৰক তথ্য

চাঞ্চল্যকৰ; জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনোৱাৰ বাবেই যুৱকক হত্যা  

জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনোৱাৰ বাবেই যুৱকক হত্যা  

গুৱাহাটী মহানগৰীৰ বামুনিমৈদামৰ ৰে’লৱে কলনীত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।বামুনিমৈদামৰ ৰে’লৱে কলনীৰ কালীবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজা মণ্ডপত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো।

জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনোৱাই কাল হ’ল অবিনাশ ৰজকৰ(২৬)।জানিব পৰা মতে দুৰ্গা পূজা মণ্ডপত নাচি থকা অবিনাশ ৰজকে জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী জনাইছিল।

ইয়াতে অগ্নি শৰ্মা হৈ সুজিত সৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত ২০-২৫ জনীয়া এটা যুৱকৰ নেতৃত্বত অবিনাশ ৰজকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুত্বৰ ভাবে আহত কৰে।

আহত অবিনাশ ৰজকক গীতানগৰৰ এখন হাস্পতালত সংকট জনক অৱস্থাত ভৰ্তি কৰোৱা হয়।কিন্তু কিছু সময়ৰ পিছতেই চিকিৎসাধীন অৱস্থাত অবিনাশ ৰজকৰ মৃত্যু হয়।এই লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

ঘটনা সন্দৰ্ভত পৰিয়ালে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা; আৰক্ষী বিষয়াৰ মৃত্যু

শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ….

শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।৬ দিন ধৰি CIDৰ জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ সময়ত জুবিন গাৰ্গৰ সৈতে য়টখনত আছিল দুয়ো।

আজিও CID এ দুয়োকে মাৰাথান জেৰা চলাইছিল। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বৰ্তমানলৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে জুবিন গাৰ্গৰ ভাতৃ সন্দিপন গাৰ্গক CID মাৰাথন জেৰা চলাই থকা হৈছে।  

জানিব পৰা মতে অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বহুটো চাঞ্চল্যকৰ তথ্য লাভ কৰিছে CID এ।

লগতে পঢ়ক:  জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন