অমৃত কণ্ঠ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ

অমৃত কণ্ঠ তথা অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়ালে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে । ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰা আৰু ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে দক্ষিণ-পূব এছিয়াৰ দেশখনত ভাৰত-ছিংগাপুৰ এছিয়া কাপ ফুটবল কোৱালিফায়াৰত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে এখন আসন খালী কৰি ৰাখে ।

৯ অক্টোবৰত খেলখনৰ বাবে ছিংগাপুৰত থকা ক্লাবৰ সদস্যসকলে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় । এই মেচ ১-১ গ’লত ড্ৰ’ৰে অন্ত পৰে ।

“চিৰদিন আমাৰ হৃদয়ত থাকিব । এখন আসন খালী হৈ গ’ল । হাজাৰ হৃদয় ওপচি পৰিল ! ছিংগাপুৰৰ ষ্টেণ্ডত এখন চকী খালী হৈ থাকিল — জুবিন দাৰ বাবে !” উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়াৰ এক পোষ্টত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইদৰে কয় ।

পোষ্টত আৰু কোৱা হৈছে, “যিজন ব্যক্তিয়ে আমাৰ সপোনবোৰক লৈ গাইছিল, আমাৰ আবেগত জীয়াই আছিল, আৰু জীৱনৰ দৰেই ফুটবল ভাল পাইছিল; ব্ৰিগেডে কিংবদন্তিগৰাকীক শেষ নিশ্বাস ত্যাগ কৰা ঠাইতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ ।” উল্লেখ্য যে, আসনখনত জুবিন গাৰ্গে ফুটবল খেলি থকা ফটো সম্বলিত আৰু “ফুটবল ইজ লাইফ” বুলি লিখা এটা জাৰ্চী ৰখা হৈছিল ।

জনপ্ৰিয়ভাৱে হাইলেণ্ডাৰ ব্ৰিগেড নামেৰে জনাজাত ক্লাবটোৱে কেনেকৈ প্ৰিয় শিল্পী জুবিন গাৰ্গে ফুটবল তেওঁৰ প্ৰথম প্ৰেম বুলি কৈছিল সেই কথা স্মৰণ কৰিছিল । তেওঁলোকে আৰু কয়, “আৰু আজিও তেওঁৰ আত্মা জীয়াই আছে—প্ৰতিটো চিঞৰত, আমাৰ ড্ৰামৰ প্ৰতিটো স্পন্দনত, আমাৰ প্ৰতিটো উল্লাসত !”

পোষ্টটোত আৰু কোৱা হৈছে যে অসমৰ বোকাময় পথাৰৰ পৰা মস্কোৰ গ্ৰেণ্ড এৰিনালৈকে “তেওঁ য’তেই গৈছিল, এই সুন্দৰ খেলখনৰ বাবে আমাৰ আত্মাক লগত লৈ গৈছিল ।”

ফুটবলৰ এজন উৎসুক অনুৰাগী গাৰ্গে ফিফা বিশ্বকাপ চাবলৈ ৰাছিয়ালৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল । লগতে যুৱক-যুৱতীসকলক ঘৰলৈ উভতি আহি এই খেলবিধক অধিক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।

পোষ্টটোত আৰু কোৱা হৈছে-“ফুটবল তেওঁৰ আটাইতকৈ ভাল পোৱা খেল । জুবিন দা, তুমি ক’তো যোৱা নাই । তুমি এতিয়া মাত্ৰ আকাশৰ পৰা খেলি আছা । চিৰদিনৰ বাবে আমাৰ সংগীত । চিৰদিনৰ বাবে আমাৰ গৰ্জন । চিৰদিনৰ বাবে আমাৰ জুবিন দা !”

লগতে পঢ়ক : দ্বিতীয় টেষ্টত দৰ্শনীয় শতকেৰে ইতিহাস সৃষ্টি শুভমন গীলৰ; ভংগ কৰিলে এই পাঁচটা ডাঙৰ অভিলেখ

SITৰ জেৰাত মুখ খুলিছে শেখৰ-সিদ্ধাৰ্থই; জুবিন গাৰ্গক লৈ পৰিকল্পিতভাৱে কৰিছিল চক্ৰান্ত

SITৰ জেৰাত মুখ খুলিছে শেখৰ-সিদ্ধাৰ্থই

SITৰ জেৰাত মুখ খুলিছে দগাবাজ শেখৰ আৰু সিদ্ধাৰ্থই। SIT ক জনোৱা মতে দুই কালপ্ৰীটে জুবিন গাৰ্গক লৈ পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত।

ঘনিষ্ঠ কোনোৱে উমান পালেই তেওঁলোকক জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰাই দিছিল শেখৰ-সিদ্ধাৰ্থই।   জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

ইমানে নহয় খাৰঘূলিৰ ঘৰ নির্মাণতো সিদ্ধাৰ্থই কৰিছিল ব্যাপক খেলিমেলি।  জুবিন গাৰ্গক সম্পূৰ্ণভাৱে টকা ঘটাৰ মেচিনৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থই।

সিদ্ধাৰ্থ শৰ্মাৰ এই চক্ৰান্তত সহযোগ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। বিগত ২ বছৰৰ পৰা ক্ৰমান্বয়ে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য বৃদ্ধি হৈছিল।

গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ। সেই মনোমালিন্যৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই। SITৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দুই অভিযুক্তৰ।  

লগতে পঢ়ক: নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ; কান্দি কান্দি অসমবাসীলৈ কৰিলে আহ্বান

নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ; কান্দি কান্দি অসমবাসীলৈ কৰিলে আহ্বান

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ

শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হ’ল পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সমাধিক্ষেত্ৰত সেৱা লৈ কান্দি কান্দি ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।

সমাধিক্ষেত্ৰত উপস্থিত অনুৰাগীৰ সৈতে কান্দি কান্দি  সমস্বৰে ‘মায়াৱিনী ৰাতিৰ বুকুত’ গালে গৰিমা শইকীয়া গাৰ্গে।সমাধিক্ষেত্ৰত আঠুকাঢ়ি হাতযোৰ কৰি সমগ্ৰ অসমবাসীলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে।

তেওঁ সকলোকে প্ৰতিদিনে সামাজিক মাধ্যমত এবাৰ হ’লেও #JusticeForZubeen লিখি ন্যায়ৰ বাবে দাবী জনাবলৈ অনুৰোধ জনায়।

তেওঁ কয় যে, জুবিনৰ লগত কি হৈছিল সেই কথা আমি জানিব লাগিব। ২২ দিন হৈ গ’ল আজিলৈকে আমি জুবিনৰ লগত কি হ’ল সেই কথা জানিব পৰা নাই।

সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে সামাজিক মাধ্যমত লিখিব। বহু ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো। কিন্তু আমি ন্যায় পাবই লাগিব।    

 ইফালে সোণাপুৰত কান্দোনত ভাঙি পৰা গৰিমা গাৰ্গক অনুৰাগী তথা আৰক্ষী বিষয়াই দিলে সান্ত্বনা।সাবতি ধৰি এগৰাকী আৰক্ষী বিষয়াই গৰিমা শইকীয়া গাৰ্গক ভাগি নপৰিবলৈ আহ্বান কৰে।  

লগতে পঢ়ক: আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

দিল্লীৰ পৰা আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। দিল্লীৰ CFSLৰ পৰা ৰিপ’ৰ্ট লাভ কৰিলে CID-এ।আহি অসম আৰক্ষীৰ হাতত পৰিব হিয়াৰ আমঠু জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট।

আজি স্পষ্ট হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ। সঁচাকৈয়ে জুবিন গাৰ্গক বিহ দিয়া হৈছিল নেকি সেই কথা জানিব পৰা যাব।

SITএ ৰিপৰ্ট চাই ক্ষিপ্ৰ কৰিব তদন্ত প্ৰক্ৰিয়া। ৰিপৰ্টত কি আছে সেই কথা গৰিমা শইকীয়া গাৰ্গক কৰা হ’ব অৱগত।  

লগতে পঢ়ক: জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ…

অৱশেষত গ্ৰেপ্তাৰ হ’ল জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছতে CIDৰ কাৰ্যালয়ৰ পৰা আদালতলৈ দুয়োকে লৈ যোৱা হৈছে। উল্লেখ্য যে,এই দুই PSOৰ একাউন্টেৰ জুবিন গাৰ্গৰ নামত লেন দেন হৈছিল লাখ লাখ টকা।

নন্দেশ্বৰৰ একাউন্টেৰ লেনদেন হৈছিল ৭০ লাখ আনহাতে পৰেশৰ একাউন্টত আছিল জুবিন গাৰ্গৰ ৪০ লাখ। GPAYৰ জড়িয়তে বুজন পৰিমাণৰ ধনৰ হৈছিল লেনদেন।

৪ দিনীয়া জেৰাৰ অন্তত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় ২ PSOক।জুবিন কাণ্ডৰে জড়িত সৰ্বমুঠ ৭জনক গ্ৰেপ্তাৰ কৰা হৈছে।   

লগতে পঢ়ক: ‘শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাজহুৱাকৈ ফাঁচী দিয়ক’; ব্যৱসায়ী বন্ধু কিশোৰ বৰুৱাৰ বিস্ফোৰণ

‘শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাজহুৱাকৈ ফাঁচী দিয়ক’; ব্যৱসায়ী বন্ধু কিশোৰ বৰুৱাৰ বিস্ফোৰণ

ব্যৱসায়ী বন্ধু কিশোৰ বৰুৱাৰ বিস্ফোৰণ

CID কাৰ্যালয়ৰ পৰা ওলাই আহি জুবিন গাৰ্গৰ ব্যৱসায়ী বন্ধু কিশোৰ বৰুৱাই বিস্ফোৰণ মন্তব্য দিছে। তেওঁ কয় যে, সৰুপেটা থানাত এখন এজাহাৰ দিয়াৰ বাবে তাত থাকিব লগা হৈছিল। আজি আদালতত statement record কৰিলে।মোৰ ভাষাই ২০০ শতাংশ তদন্তত সহায় কৰিব।

ইফালে সিদ্ধাৰ্থ শৰ্মাৰ কথা সুধাৰ লগে লগে জাঙুৰ খাই উঠিল বন্ধু কিশোৰ বৰুৱা। তেওঁ কয় যে, মোক পিশাচৰ কথা নুসুধিব।জুবিন মোৰ বাবে ভগৱান আছিল।সেই ভগৱানক সিহঁতে মাৰিলে। সিহঁতক কেতিয়াও ক্ষমা কৰা নহ’ব।

জুবিন নাথাকিলে মই আজি ব্যৱসায়ী নহয়, বাছৰ হেন্দিমেন বা কণ্ডাক্তৰ হৈ থাকিলো হয়।মই বিচাৰোঁ তেওঁলোকৰ ৰাজহুৱা শাস্তি হ’ব লাগে।

তেওঁলোকক ৰাজহুৱাকৈ ফাঁচী দিয়ক, নহ’লে আমি শিল মাৰিম।তেওঁলোকক জজ ফিল্ড বা আন স্থানত ফাঁচী দিয়ক।সকলোৱে সেই দৃশ্য চালেহে মনত শান্তি পাব।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ কেতিয়া দাখিল কৰা হ’ব অভিযোগনামা ?

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱাৰ আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত

-৬০ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ

-মদনপুৰ টোলগেটত সংঘটিত এই দুৰ্ঘটনা

-হঠাত দাও দাওকৈ জ্বলি উঠিল আল্ট্ৰা বাছখন

-মংগলদৈ দাহিৰপৰা আহিছিল যাত্ৰীবাহী বাছখন

-কথমপি প্ৰাণৰক্ষা ৬০ গৰাকী যাত্ৰীৰ

-ৰখাই থোৱা অৱস্থাতে হঠাত দাও দাওকৈ জ্বলি উঠে বাছখন

লগতে পঢ়ক : কাইলৈ ঘোষণা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ কেতিয়া দাখিল কৰা হ’ব অভিযোগনামা ?

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা

‘জুবিন গাৰ্গৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ ।‘ এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । অমৃত কণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবী চৌদিশে উত্থাপন হৈছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত ক্ষীপ্ৰগতিত অব্যাহত ৰাখিছে এছ আই টিয়ে । এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গকে ধৰি কেইবাজনো লোকক । এই ঘটনাৰ অভিযোগনামা তথা শ্বাৰ্জশ্বীট কেতিয়া দাখিল কৰা হ’ব তাকে লৈয়ো চৰ্চা চলিছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা সন্দৰ্ভত বুধবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কেতিয়া দাখিল হ’ব অভিযোগনামা ?

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“জুবিন গাৰ্গৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ । তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিওঁ । এটাৰ পিছত এটা আমি গ্ৰেপ্তাৰ কৰিছোঁ । অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময় অভিযোগনামা দিবলৈয়ো সক্ষম হ’ব । তদন্ত আকাংক্ষিত হিচাবে আগবাঢ়িছে ।“

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়-“ছিংগাপুৰৰ লোকসকল নহাৰ বাবে কিছু সমস্যা হৈছে । কিন্তু তেওঁলোককো কেনেকৈ আনিব পৰা যায় তাৰ ব্যৱস্থা কৰি থকা হৈছে । জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোক অসম চৰকাৰ অত্যন্ত গুৰুত্বসহকাৰে লৈছে । নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আদালতৰ সন্মুখলৈ অভিযুক্তসকলক লৈ যাম । সাধাৰণতে আমাক তিনি মাহ সময় দিয়া হয় । তিনি মাহতকৈ বেছি সময় আমি নিবিছাৰিম । নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি অভিযোগনামা দিয়াৰ চেষ্টা কৰিম ।“ লগতে তেওঁ জুবিন গাৰ্গক নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব পাৰিব বুলিও মন্তব্য কৰে ।

ছিংগাপুৰ আৰক্ষীয়ে সহায় কৰিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“অসম আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে । কোনো দেশৰ কোনো আৰক্ষী কতো যাব নোৱাৰে । কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবলৈ কোনো দেশে ভিছা নিদিয়ে । ছিংগাপুৰ আৰক্ষীয়ে আামাক সহায় কৰিব বুলি আমি নিশ্চিত । অক্টোবৰ ছিংগাপুৰৰ এম্বেছাডৰক দিল্লীত সাক্ষাৎ কৰিম । ইতিমধ্যে তেওঁৱলোকে ফৰেনছিক ৰিপৰ্ট প্ৰেৰণ কৰিছে । অভিযোগনামা দাখিলৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা নহ’ব । আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম ।“

মুখ্যমন্ত্ৰীয়ে লগতে কয়,”যেতিয়া ধৈৰ্যৰ বান্ধ সুলকি যায় তেতিয়া কোনোৱে ন্যায় নাপায় । যেতিয়া আমি পৰ্যায় ক্ৰমে কোনো ভুল নকৰাকৈ আগবাঢ়ি যাম তেতিয়া আমি ন্যায় পাম । কিন্তু আমি যদি আৱেগ আৰু ন্যায় দুয়োটাকে একলগ কৰোঁ তেন্তে আদালতৰ পৰা সকলোৱে ৰেহাই পাই যাব । আৱেগ আৱেগৰ স্থানত থাকিব । আৰক্ষীয়ে কৌশলেৰে কাম কৰিব লাগিব । আদালতত গোচৰ হাৰিলে সকলোৱে আৰক্ষীক সমালোচনা কৰিব  । উকীলসকলেও তেতিয়া দৌৰা-দৌৰি কৰাৰ বাবে কেছত হাৰিল বুলি সকলোকে ক’ব । গতিকে তদন্ত ভালকৈ হ’ব আৰু তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ’ব ।“

লগতে পঢ়ক : বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক

অসম আৰক্ষীৰ বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । বুধবাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে সম্পৰ্ক থকাৰ বাবে সন্দীপনক গ্ৰেপ্তাৰ কৰাছিল চি আই ডিয়ে । অসম আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল আৰু শিল্পীগৰাকীৰ সৈতে য়টত উপস্থিত আছিল । নিলম্বিত সন্দীপন গাৰ্গ বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত আছিল ।

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । এই গোচৰত এতিয়ালৈকে সন্দীপনকে ধৰি ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

জানিব পৰা মতে ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত সন্দীপন জুবিন গাৰ্গৰ সৈতে একেখন য়টতে আছিল । চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল এছ আই টিয়ে । উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে সন্দীপন গাৰ্গ, কন্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, সংগীত শিল্পী শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তকে ধৰি ৫জন লোকক ।

লগতে পঢ়ক : বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ