‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট

১৫ অক্টোবৰ, বুধবাৰে বাক্সাৰ নিকাছীত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাঁচ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । এই পাঁচ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত লোকে আৰক্ষীৰ লোকলৈ শিগুটি নিক্ষেপ কৰাৰ লগতে কেইবাখনো গধুৰ আৰু পাতলীয়া বাহনত অগ্নিসংযোগো কৰে । ঘটনাত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী সাংবাদিক আৰু প্ৰতিবাদকাৰী । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

এই ঘটনাৰ পিছতে ফেচবুকযোগে বিশেষ পোষ্ট কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । সামাজিক মাধ্যমত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয়-“মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই ..

প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ/ভাতৃ/বন্ধু/অভিভাৱক হেৰুৱাইছে । বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে । সকলোৰে মন-মগজু,বিবেক,,, দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। এনে সময়ত সকলোৱে সকলোৰে মনঃস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা । কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল , পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত‌্যন্ত জৰুৰী ।‌ শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক ,, আৰু কোনো হানি- বিঘিনিৰ খবৰ নালাগে প্ৰভু ।“

লগতে পঢ়ক : ‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

-ৰাজধানী দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

-কেইবাখনো বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী

-কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয় শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী

-ছিংগাপুৰৰ উচ্চায়ুক্তকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

-কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানকো কৰিব সাক্ষাৎ

-বিয়লি ৪.৩০ বজাত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে অসম ভৱনত হ’ব বৈঠক

-সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

-জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰসংগত কৰিব আলোচনা

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৫ অভিযুক্তক

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৫ অভিযুক্তক

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত

-ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক

-ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হৈছে সন্দীপন গাৰ্গ, দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক

-শ্যামকানু, সিদ্ধাৰ্থ,সন্দীপনসহ দুই দেহৰক্ষীক জে’ললৈ প্ৰেৰণ

-আজি অন্ত পৰিছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ১৪ দিনৰ আৰক্ষীৰ জিম্মা

-হেণ্ডকাফ লগাই আজি আদালতত হাজিৰ কৰোৱা হয় শ্যামকানু-সিদ্ধাৰ্থক

-১৪ দিনৰ পিছত আটাইকেইজন অভিযুক্তক পুনৰ হাজিৰ কৰা হ’ব আদালতত

-৫ অভিযুক্তৰ এজনেও আদালতত কৰিব নোৱাৰিলে জামিন আবেদন

-আদালতত ৫ অভিযুক্তৰ নাছিল কোনো অধিবক্তা

বাক্সা জিলা কাৰাগাৰত ৰখা হ’ব এই ৫ অভিযুক্তক

লগতে পঢ়ক : ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন : কি ক’লে এছ আই টিৰ মুৰব্বীয়ে ?

১৪ দিনৰ জিম্মা উকলিলঃ হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ’ল শ্যামকানু-সিদ্ধাৰ্থক

হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ’ল শ্যামকানু-সিদ্ধাৰ্থক

-অন্ত পৰিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তৰ চি আই ডি জিম্মাৰ

-বুধবাৰে মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল এই অভিযুক্তক

-আদালতত হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

-জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যকো হাজিৰ কৰোৱা হ’ল আদালতত

-১৪ দিনৰ চি আই ডিৰ জিম্মাত আছিল শ্যামকানু-সিদ্ধাৰ্থ

-SITএ আজি পুনৰ জিম্মাত নিবিচাৰে এই কেইজনক

-ন্যায়ালয়ে পোনে পোনে কাৰাগাৰলৈ প্ৰেৰণ কাৰাৰ সম্ভাৱনা

-১৭ অক্টোবৰত উকলিব শেখৰ আৰু অমৃতপ্ৰভাৰ জিম্মাৰ ম্যাদ

লগতে পঢ়ক : ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন : কি ক’লে এছ আই টিৰ মুৰব্বীয়ে ?

ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন : কি ক’লে এছ আই টিৰ মুৰব্বীয়ে ?

ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

-সামাজিক মাধ্যমত ভাইৰেল জুবিন গাৰ্গৰ ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

-সামাজিক মাধ্যমত ওলোৱা পোষ্টমৰ্টেম ৰিপোৰ্ট ভুৱা

-ভুৱা প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা

-SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ডাঙৰ মন্তব্য

-সামাজিক মাধ্যমত এখন ভুৱা পোষ্টমৰ্টেম ৰিপোৰ্ট প্ৰচাৰ হৈ আছে

-SITৰ হাতত থকা পোষ্টমৰ্টেম ৰিপোৰ্টৰ সৈতে সেইখনৰ মিল নাই

-প্ৰচাৰ হৈ থকা পোষ্টমৰ্টেম ৰিপোৰ্টত নাই চিকিৎসকৰ চহী

-ভুৱা পোষ্টমৰ্টেম ৰিপোৰ্ট প্ৰচাৰ কৰা সকল সাৱধান

লগতে পঢ়ক : জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল

জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল

জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত ওলমিল তলা

জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল

-৮ ঘন্টীয়া দীঘলীয়া অভিযানৰ অন্তত ছীল কৰিলে সম্পত্তি

-জুবিনৰ অজ্ঞাতে গঢ়িছিল সিদ্ধাৰ্থ শৰ্মাই গঢ়িছিল বিশাল সম্পত্তি

-সিদ্ধাৰ্থৰ বটলিং ফেক্টৰীত SIT-এ অভিযান চলাই ছীল কৰি দিয়ে

-জুবিনক লুটিপুতি খাই চলাইছিল পানীৰ ফেক্টৰী

লগতে পঢ়ক : প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী

প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজি ২৫ টা দিন অতিক্ৰম কৰিলে । এতিয়াও এই মৃত্যুক মানি লব পৰা নাই ৰাজ্যবাসীয়ে । ৰাজ্যজুৰি আপোন শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী উত্থাপন হৈছে । আজিও হিয়াৰ আমঠু শিল্পীগৰাকীৰ সমাধিস্থলীত অজস্ৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে । সমাধিস্থলীত কান্দি কান্দি ‘মায়াবিনী গাই’ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত তথা ন্যায়ৰ দাবী কৰিছে অনুৰাগীয়ে ।

ইফালে চি আই ডি আৰু এছ আই টিয়ে এই ঘটনাৰ তদন্ত জোৰদাৰ গতিত অব্যাহত ৰাখিছে । এতিয়ালৈকে ৭গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন বহু লোকক তদন্তৰ বাবে তলব কৰিছে এছ আই টিয়ে । ইয়াৰ মাজতে ১৪ অক্টোবৰ, মঙলবাৰে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত আলোচনাত মিলিত হ’ব অসম আৰক্ষী ।

জানিব পৰা মতে ১৩ গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰে আলোচনাত মিলিত হ’ব অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ প্ৰসংগত এই আলোচনাত মিলিত হ’ব অসম আৰক্ষীৰ দলটো ।

এই আলোচনাত অংশ ল’ব অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, মনোজ কুমাৰ গোস্বামী, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জবল কুমাৰ ভট্টাচাৰ্য, উতপল শৰ্মা, সমীৰণ ফুকন, শ্যামন্তক গৌতম, শিৱাণু বৰা, প্ৰাঞ্জল শইকীয়া, জাৰিৰ হুছেইন, অতনু ভূঞা, ৰাহুল গৌতম শৰ্মা, সঢ়্ীৱ ফুকন, ডাঃ হিতেশ বৰুৱা । জানিব পৰা মতে অসম আৰক্ষীৰ অতিথিশালাত অনুষ্ঠিত হ’ব এই বিশেষ আলোচনা ।

লগতে পঢ়ক : CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া…

CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া…

CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া

CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া।পুৱাই চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে জলংছাত নাৰ্জাৰী, পৰীক্ষিত শৰ্মা আৰু  সিদ্ধাৰ্থ বৰা। শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ব আন প্ৰৱাসী অসমীয়াও।

আজি SIT এ জেৰা চলাব তেওঁলোকক। জেৰাৰত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটনৰ সম্ভাৱনা আছে।উল্লেখ্য জুবিনৰ সৈতে য়ট পাৰ্টীত আছিল এই ৪ প্ৰৱাসী অসমীয়া। জুবিনৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল আটাইকেইগৰাকী প্ৰৱাসী অসমীয়া।

লগেত পঢ়ক: ‘লাইক এ ফিনিক্স…এ নিউ জাজমেন্ট ডে’; ন্যায় বিচাৰি মাজনিশা‌‌ গৰিমা‌‌ শ‌ইকীয়া গাৰ্গৰ আৱেগিক প’ষ্ট

লোকে লোকাৰন্য জুবিনৰ সমাধিক্ষেত্ৰ; প্ৰায় ৪০ হাজাৰ অনুৰাগীৰ ভিৰ

লোকে লোকাৰন্য জুবিনৰ সমাধিক্ষেত্ৰ

ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰি সোণাপুৰত নিশাও ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। এতিয়াযেন ক্ৰমাৎ তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰলৈ আগমন হৈছে হাজাৰ হাজাৰ অনুৰাগীৰ।জুবিনৰ সমাধিক্ষেত্ৰ মায়াৱিনীৰ সুৰেৰে গগনফলা চিঞৰ জুবিন অনুৰাগীৰ।

দেওবাৰে পুৱাৰে পৰা প্ৰায় ৪০ হাজাৰ অনুৰাগীয়ে ভিৰ কৰিলেহি সমাধিক্ষেত্ৰ। সমাধিক্ষেত্ৰৰ সন্মুখত চাকি জ্বলাই প্ৰিয় শিল্পীগৰাকীলৈ জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।

সমাধিক্ষেত্ৰলৈ আহি সকলোৱে বিচাৰিছে ঈশ্বৰ পুত্ৰৰ ন্যায়। শ্ৰুসিক্ত নয়নেৰে সকলোৱে সুঁৱৰিলে হিয়াৰ আমঠু জুবিনক। সকলোৱে মুখে মুখে কেৱল এটাই কথা ন্যায় পাবই লাগিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ।

লগতে পঢ়ক: নিশা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ; কান্দি কান্দি অসমবাসীলৈ কৰিলে আহ্বান