কাইলৈ মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

বৃহস্পতিবাৰে মুক্তি লাভ কৰিব বহু প্ৰতিক্ষীত তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ । ২৩ অক্টোবৰ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত মুক্তি পাব বহু প্ৰততিক্ষীত এই ছবিখনৰ ট্ৰেইলাৰ । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই ।

উল্লেখ্য যে, অসমীয়াৰ হৃদস্পদন তথা আপোন শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল ‘ৰৈ ৰৈ বিনালে‘ । এইখনেই হিয়াৰ আমঠু শিল্পীগৰাকীৰ অন্তিমখন চলচ্চিত্ৰ । এই ছবিখন মুক্তি পোৱালৈ আগ্ৰহেৰে ৰৈ আছে অসমবাসী । উল্লেখ্য যে, ৩১ অক্টোবৰৰ দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ ।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শিল্পীগৰাকীৰ দেহাৱসান ঘটাৰ পাছত ডাবিং, চিত্ৰগ্ৰহণকে ধৰি আধৰুৱা হৈ ৰৈছিল ছবিখনৰ কিছু কাম । কিন্তু শেহতীয়াকৈ এই সকলোবোৰ কাম সম্পূৰ্ণ কৰি ছবিখন ৩১ অক্টোবৰত মুক্তিৰ বাবে সাজু কৰি তোলা হৈছে । কিয়নো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পূৰ্বে জানিবলৈ দিয়া অনুসৰি শিল্পীগৰাকীয়ে তেখেতৰ সপোনৰ এই ছবিখন ৩১ অক্টোবৰতে মুক্তি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল । সেয়েহে প্ৰাণৰ শিল্পীগৰাকীয়ে ব্যক্ত কৰি যোৱা ইচ্ছা অনুসৰিয়েই এতিয়া ৩১ অক্টোবৰত দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে‘ ছবিখনে । কাইলৈ এই ছবিখনৰ ট্ৰেইলাৰ মুকলি হ’ব ।

লগতে পঢ়ক : ‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’: গৰিমা শইকীয়া গাৰ্গ

‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’: গৰিমা শইকীয়া গাৰ্গ

‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব’: গৰিমা শইকীয়া গাৰ্গ

-শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰ নিৰ্মাণক লৈ বৈঠক

-‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’

-‘লৰালৰি নকৰো, জুবিনক জীয়াই ৰাখিব লাগিব’

-‘ক্ষেত্ৰলৈ মানুহ আহিলে জুবিনক বিচাৰি পাব লাগিব’

-‘জুবিনক জীয়াই ৰখাৰ স্বাৰ্থতে হ’ব এই ক্ষেত্ৰ’

-‘তাত জুবিনৰ সকলো সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব’

-এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

-ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে গঠন কৰি দিছিল ১১জনীয়া সমিতি

-এই কমিটীত আছে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, শ্যামন্তক গৌতম,

-বীৰেন সিংহ, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া,

-পুলক বেনাৰ্জী, দুলাল মানকি, তৰালী শৰ্মা

-লগতে আছে শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ

-এই কমিটীখনৰ পৰিকল্পনা অনুসৰিয়েই লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব স্থায়ী সমাধি

লগতে পঢ়ক : জুবিন গাৰ্গবিহীন বিহীন এটা মাহ; সোণাপুৰত গুণমুগ্ধৰ ভিৰ

জুবিন গাৰ্গবিহীন বিহীন এটা মাহ; সোণাপুৰত গুণমুগ্ধৰ ভিৰ

জুবিন গাৰ্গবিহীন বিহীন এটা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি এমাহ সম্পূৰ্ণ হ’ল । ছেপ্টেম্বৰ মাহৰ আজিৰ দিনটোতেই অসমবাসীক কন্দুৱাই ছিংগাপুৰত চিৰ বিদায় মাগিছিল হিয়াৰ আমঠু শিল্পীগৰাকীয়ে ।

প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা এতিয়া স্বাভাৱিক হৈ উঠিব পৰা নাই ৰাজ্যবাসী তথা তেখেতৰ অনুৰাগী । জুবিন গাৰ্গক হেৰুৱাই শোকত ভাগি পৰা ৰাজ্যবাসীয়ে এতিয়াও মানি লব পৰা নাই শিল্পীগৰাকী নোহোৱা হোৱাৰ কথা । প্ৰত্যেকটো মুহূৰ্ততে শিল্পীগৰাকীক সোঁৱৰি এতিয়াও উচুপি উঠে প্ৰতিগৰাকী অনুৰাগী ।

ইফালে সোণাপুৰৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰলৈয়ো অজস্ৰ গুণমুদ্ধৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । আজি শিল্পীগৰাকী নোহোৱা হোৱাৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে পুঁৱতি নিশাৰ পৰাই সমাধিস্থলীলৈ সোঁত বৈছে অগণন গুণমুগ্ধৰ । সমাধি ক্ষেত্ৰৰ চৌদিশে লোকে লোকাৰণ্য পৰিৱেশ দেখা গৈছে । উজনিৰ পৰা নামনলৈ সকলো ঠাইৰে অগণন গুণমুগ্ধ আহি সমাধিস্থলীত প্ৰিয় শিল্পীগৰাকীলৈ নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

আনহাতে আজি সমাধিস্থলীত গীতা পাঠৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে । সন্ধিয়া এশ বাঁহীবাদকে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পৰিৱ্শন কৰিব বাঁহী । ইফালে নিশা দহ বজাত অংকীয়া ভাওনা পৰিৱেশন হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া; মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুঅঞ্জলি

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি

জুবিন গাৰ্গৰ সমাধিৰ কাষত হঠাৎ গঢ়ি উঠিছে অবৈধ দোকান

-শীঘ্ৰে এই দোকান-পোহাৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ

-৬ দিনৰ ভিতৰত দোকানসমূহ উঠাই নিয়াৰ বাবে নিৰ্দেশ জাৰি

-অচিনাকি লোকে নিশাটোৰ ভিতৰতে দিছে দোকান-পোহাৰ

-দোকান-পোহাৰসমূহত অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ

-ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে জাননী

-দোকানসমূহত গুটখাকে ধৰি আন আন অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ

-শীঘ্ৰে দোকানসমূহ উঠাই নিনিলে চলিব উচ্ছেদ

লগতে পঢ়ক : ‘হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ’;মুখ্যমন্ত্ৰী

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া; মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুঅঞ্জলি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া

জুবিনবিহীন আজি ৩০টা দিন। সেই অভিশপ্ত দিনটোতেই সমগ্ৰ অসমবাসীক কন্দোৱাই অজান দেশলৈ গুচি গ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

শুক্ৰবাৰেৰ মাজনিশা  জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামি বৰঠাকুৰ। প্ৰিয়জনৰ শয়নস্থলীত ধূপ-চাকি জ্বলাই সেৱা জনালে গৰিমা শইকীয়া গাৰ্গে।

মাজনিশা সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জনাই কান্দোনত ভাগি পৰিল তেওঁ।সহস্ৰ অনুৰাগীৰ ‘মায়াবিনী’গীতেৰে মুখৰ হ’ল জুবিন ক্ষেত্ৰ।

সোণাপুৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে কয় যে, মোৰ যেতিয়াই জুবিনক কিবা কবলগীয়া থাকিব, তেতিয়াই মই সমাধিলৈ আহিম। জুবিনে মোৰ মনৰ কথা শুনিব ,মোক আশীৰ্বাদ দিব।

মই তেওঁক সকলো কথা ক’ম।জুবিনৰ লগত শুক্ৰবাৰে ঘটনাটো হৈছিল গতিকে প্ৰতিটো শুক্ৰবাৰে ইয়ালৈ আহিম। জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব।

আমাৰ সকলোৰে ওপৰত বিশ্বাস ৰাখি জুবিনে সকলো কাম কৰি গৈছে। অসমীয়া ৰাইজৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল।

সেয়ে তেওঁৰ বাকিখিনি সকলো দায়িত্ব জুবিন গাৰ্গে আমাৰ ওপৰতে অৰ্পণ কৰি থৈ গৈছে।আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব।

তেওঁ লগতে কয় যে, যিদৰে সমাধিক্ষেত্ৰ পূণ্যভূমিলৈ পৰিণত হ’ল সেইদৰে অসমখন পূণ্যভূমিলৈ পৰিণত কৰিব লাগিব।

জুবিনৰ সপোনৰ বৰঅসমখন আমি সকলোৱে ধৰি ৰাখিব লাগিব।এখন বৰঅসম জুবিনক উপহাৰ দিয়াটো আমাৰ সকলোৰে দায়িত্ব।আৰু সেয়াই হ’ব জুবিনৰ সপোনৰ অসমখন।জুবিনৰ আদৰ্শক আমি সদায় জীয়াই ৰাখিম।

লগতে পঢ়ক: ১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক; আৰম্ভ জে’ল যাত্ৰা

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি…

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথমটো বিবৃতি

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ প্ৰথম প্ৰতিক্ৰিয়া দিছে। এক বিবৃতিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰাথমিক তদন্তত কোনো ষড়যন্ত্ৰৰ সন্দেহ কৰা নাই ছিংগাপুৰ আৰক্ষীয়ে।

অৱশ্যে তদন্ত সম্পূৰ্ণ হ’বলৈ আৰু ৩ মাহ সময়ৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।৩ মাহৰ অন্তত আদালতৰ সন্মুখত দাঙি ধৰা প্ৰতিবেদন।এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়িক বিষয়াই ল’ব পৰৱৰ্তী তদন্তৰ সিদ্ধান্ত।

তদন্ত অন্ত হোৱাৰ পিছতহে সকলো কথা ৰাজহুৱা কৰা হ’ব ।ইতিমধ্যে ১ অক্টোবৰত ভাৰতৰ হাই কমিছনক ছিংগাপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰিছে।

ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবে সকলোকে ধৈৰ্য ধৰাৰ আহ্বান ছিংগাপুৰ আৰক্ষীৰ। তাৰ লগতে সমগ্ৰ ঘটনাক লৈ ভুৱা প্ৰচাৰ নচলবালৈ আহ্বান জনাইছে।

লগতে পঢ়ক: ‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক; আৰম্ভ জে’ল যাত্ৰা

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ শেখৰ-অমৃতপ্ৰভাক

১৪ দিনৰ ন্যায়ীক জিম্মালৈ প্ৰেৰণ কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ইতিমধ্যে CJM আদালতত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ লৈ যোৱা হৈছে।

কিন্তু দুয়োকে কোন জিলাৰ কাৰাগাৰত ৰখা হ’ব সেই কথা জানিব পৰা হোৱা নাই।এই দুই অভিযুক্ত কোন কাৰাগাৰলৈ নিয়া হ’ব তাক লৈ চৰ্চা চলিছে।

কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজৰে জেললৈ লৈ যোৱা হৈছে দুয়োকে।আজিৰে পৰা জে’লৰ ভাত খাব লাগিব শেখৰ-অমৃতপ্ৰভাই।

লগতে পঢ়ক: সেউজ সংকেতঃ ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

সেউজ সংকেতঃ ২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

-২০ অক্টোবৰত ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল

-SITৰ সৈতে ছিংগাপুৰ আৰক্ষীৰ হ’ব বিশেষ বৈঠক

-২১ অক্টোবৰত SITৰ সৈতে অনুষ্ঠিত হ’ব ছিংগাপুৰ আৰক্ষীৰ বৈঠক

 -SITৰ মুৰব্বী মু্ন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ যাব আৰক্ষীৰ দলটো

-জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত ছিংগাপুৰলৈ যাব SIT

-ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিছত ছিংগাপুৰ চৰকাৰে SITক ছিংগাপুৰ যোৱাৰ বাবে দিয়ে অনুমতি

-বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ছিংগাপুৰ উচ্চায়ুক্তৰ সৈতে হৈছিল মুখ্যমন্ত্ৰীৰ বৈঠক

-উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছত SITক ছিংগাপুৰলৈ যোৱাৰ অনুমতি

-এক্স  হেণ্ডেলযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

‘কেৱল মোৰ স্বামীক হেৰুওৱা নাই…’ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট

গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট

১৫ অক্টোবৰ, বুধবাৰে বাক্সাৰ নিকাছীত সংঘটিত হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাঁচ অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ । এই পাঁচ অভিযুক্তক কাৰাগাৰলৈ নিয়াৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । উত্তেজিত লোকে আৰক্ষীৰ লোকলৈ শিগুটি নিক্ষেপ কৰাৰ লগতে কেইবাখনো গধুৰ আৰু পাতলীয়া বাহনত অগ্নিসংযোগো কৰে । ঘটনাত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকী সাংবাদিক আৰু প্ৰতিবাদকাৰী । এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

এই ঘটনাৰ পিছতে ফেচবুকযোগে বিশেষ পোষ্ট কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । সামাজিক মাধ্যমত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয়-“মই কেৱল মোৰ স্বামীক হেৰুওৱা নাই ..

প্ৰতিঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ/ভাতৃ/বন্ধু/অভিভাৱক হেৰুৱাইছে । বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে । সকলোৰে মন-মগজু,বিবেক,,, দুখ, কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে। এনে সময়ত সকলোৱে সকলোৰে মনঃস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা । কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল , পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত‌্যন্ত জৰুৰী ।‌ শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক ,, আৰু কোনো হানি- বিঘিনিৰ খবৰ নালাগে প্ৰভু ।“

লগতে পঢ়ক : ‘বাক্সা জিলাত হোৱা ঘটনা অতি দুখজনক’; মুখ্যমন্ত্ৰী