জুবিন গাৰ্গবিহীন বিহীন এটা মাহ; সোণাপুৰত গুণমুগ্ধৰ ভিৰ

জুবিন গাৰ্গবিহীন বিহীন এটা মাহ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি এমাহ সম্পূৰ্ণ হ’ল । ছেপ্টেম্বৰ মাহৰ আজিৰ দিনটোতেই অসমবাসীক কন্দুৱাই ছিংগাপুৰত চিৰ বিদায় মাগিছিল হিয়াৰ আমঠু শিল্পীগৰাকীয়ে । প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা এতিয়া স্বাভাৱিক হৈ উঠিব পৰা নাই ৰাজ্যবাসী তথা তেখেতৰ অনুৰাগী

জুবিন গাৰ্গবিহীন বিহীন এটা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি এমাহ সম্পূৰ্ণ হ’ল । ছেপ্টেম্বৰ মাহৰ আজিৰ দিনটোতেই অসমবাসীক কন্দুৱাই ছিংগাপুৰত চিৰ বিদায় মাগিছিল হিয়াৰ আমঠু শিল্পীগৰাকীয়ে ।

প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা এতিয়া স্বাভাৱিক হৈ উঠিব পৰা নাই ৰাজ্যবাসী তথা তেখেতৰ অনুৰাগী । জুবিন গাৰ্গক হেৰুৱাই শোকত ভাগি পৰা ৰাজ্যবাসীয়ে এতিয়াও মানি লব পৰা নাই শিল্পীগৰাকী নোহোৱা হোৱাৰ কথা । প্ৰত্যেকটো মুহূৰ্ততে শিল্পীগৰাকীক সোঁৱৰি এতিয়াও উচুপি উঠে প্ৰতিগৰাকী অনুৰাগী ।

ইফালে সোণাপুৰৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰলৈয়ো অজস্ৰ গুণমুদ্ধৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । আজি শিল্পীগৰাকী নোহোৱা হোৱাৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে পুঁৱতি নিশাৰ পৰাই সমাধিস্থলীলৈ সোঁত বৈছে অগণন গুণমুগ্ধৰ । সমাধি ক্ষেত্ৰৰ চৌদিশে লোকে লোকাৰণ্য পৰিৱেশ দেখা গৈছে । উজনিৰ পৰা নামনলৈ সকলো ঠাইৰে অগণন গুণমুগ্ধ আহি সমাধিস্থলীত প্ৰিয় শিল্পীগৰাকীলৈ নিবেদিছে শ্ৰদ্ধাঞ্জলি ।

আনহাতে আজি সমাধিস্থলীত গীতা পাঠৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে । সন্ধিয়া এশ বাঁহীবাদকে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পৰিৱ্শন কৰিব বাঁহী । ইফালে নিশা দহ বজাত অংকীয়া ভাওনা পৰিৱেশন হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া; মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ অশ্ৰুঅঞ্জলি