কাইলৈ মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ বৃহস্পতিবাৰে মুক্তি লাভ কৰিব বহু প্ৰতিক্ষীত তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ । ২৩ অক্টোবৰ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত মুক্তি পাব বহু প্ৰততিক্ষীত এই ছবিখনৰ ট্ৰেইলাৰ । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে

‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

বৃহস্পতিবাৰে মুক্তি লাভ কৰিব বহু প্ৰতিক্ষীত তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ । ২৩ অক্টোবৰ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত মুক্তি পাব বহু প্ৰততিক্ষীত এই ছবিখনৰ ট্ৰেইলাৰ । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই ।

উল্লেখ্য যে, অসমীয়াৰ হৃদস্পদন তথা আপোন শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল ‘ৰৈ ৰৈ বিনালে‘ । এইখনেই হিয়াৰ আমঠু শিল্পীগৰাকীৰ অন্তিমখন চলচ্চিত্ৰ । এই ছবিখন মুক্তি পোৱালৈ আগ্ৰহেৰে ৰৈ আছে অসমবাসী । উল্লেখ্য যে, ৩১ অক্টোবৰৰ দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ ।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শিল্পীগৰাকীৰ দেহাৱসান ঘটাৰ পাছত ডাবিং, চিত্ৰগ্ৰহণকে ধৰি আধৰুৱা হৈ ৰৈছিল ছবিখনৰ কিছু কাম । কিন্তু শেহতীয়াকৈ এই সকলোবোৰ কাম সম্পূৰ্ণ কৰি ছবিখন ৩১ অক্টোবৰত মুক্তিৰ বাবে সাজু কৰি তোলা হৈছে । কিয়নো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পূৰ্বে জানিবলৈ দিয়া অনুসৰি শিল্পীগৰাকীয়ে তেখেতৰ সপোনৰ এই ছবিখন ৩১ অক্টোবৰতে মুক্তি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল । সেয়েহে প্ৰাণৰ শিল্পীগৰাকীয়ে ব্যক্ত কৰি যোৱা ইচ্ছা অনুসৰিয়েই এতিয়া ৩১ অক্টোবৰত দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে‘ ছবিখনে । কাইলৈ এই ছবিখনৰ ট্ৰেইলাৰ মুকলি হ’ব ।

লগতে পঢ়ক : ‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’: গৰিমা শইকীয়া গাৰ্গ

শেহতীয়া প্ৰৱন্ধসমূহ