‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’; মুখ্যমন্ত্ৰী

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’

ৰাজ্যৰ সকলো ছবিগৃহতে সগৌৰৱে চলি আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিখন মোবাইলত ৰেকৰ্ড কৰি ইউটিউবত দিছে।

এই পাইৰেচীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।

পাইৰেচী কৰা সকল বিপদত পৰিব।দোষীক কঠোৰ পৰা শাস্তি প্ৰদান কৰা হ’ব।এইক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত। আৰক্ষী সকলকো কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।  

তেওঁ লগতে অসমৰ ৰাইজকো পাইৰেচী নকৰিবলৈ আহ্বান জনাইছে।যদি কোনোৱে এই কাম কৰা বুলি গম পায় তেনেহলে স্থানীয় থানাত খবৰ দিবলৈও আহ্বান জনাইছে।

লগতে পঢ়ক: ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিগৰাকী বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী

‘তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে’; ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী…

ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী

এক ঐতিহাসীক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী। হিল-দ’ল ভাঙি প্ৰাণৰ শিল্পী গৰাকীৰ অভিনীত অন্তিম খন ছবি চাবলৈ ওলাই আহিল দৰ্শক।জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ এ সৃষ্টি কৰিলে ইতিহাস।

পুৱতি নিশা ৪.২৫ বজাৰ লগে লগে মুক্তি পোৱাৰ লগে লগেই অসমীয়া ছবিজগতত এক নতুন ইতিহাস সৃষ্টি কৰিলে ছবিখনে।

পৰ্দাত শেষবাৰৰ বাবে হিয়াৰ আমঠু জুবিন গাৰ্গক দেখি চিঞৰি চিঞৰি কান্দিলে বহু দৰ্শকে।ছবিগৃহৰ পৰা ওলাই অহা যুৱক-যুৱতী, বুঢ়া, শিশু সকলোৰে চকুত কেৱল চকুপানী দেখিবলৈ পোৱা গ‘ল।

শেষবাৰৰ বাবেজুবিন গাৰ্গক চাই আহি তেওঁৰ অনুৰাগী সকলে কয় যে, জুবিন দাক যিয়ে মাৰিছে সব মৰি যাওক…বহুত বেয়াকৈ মৰি যাওক…শাও দিছো।জুবিন দাই ন্যায় পাবই লাগিব।

সাগৰক আমি ঘিণ কৰো, সাগৰ নালাগে আমাক…জুবিন দাক আকৌ লাগে আমাক…ৰিয়েলত যদি জুবিন দাক আমি ঘূৰাই আনিব পাৰিলো হয়, আমি খুব সুখী হ’লোহেঁতেন।  

লগতে পঢ়ক: মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’; কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক

মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’; কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল দৰ্শক

মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’

অৱশেষত আজি মুক্তিপালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে।মুক্তিৰ লগে লগেই অভিলেখ ৰচিলে ছবিখনে।

ধলপুৱাতে ছবিখন চাবলৈ হিলদল ভাঙি ওলাই আহিছে দৰ্শক।প্ৰতিকূল বতৰকো নেওঁচি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহত হিয়াৰ আমঠু গৰাকীৰ অন্তিমখন ছবি চাবলৈ আহিল দৰ্শক।  

 পুৱা ৪ বাজি ২৫ মিনিটৰ পৰাই আৰম্ভ হ’ল ছবিখনৰ প্ৰথম দৰ্শনী।৯০ বছৰীয়া অসমীয়া ছবিজগতৰ মাইলৰ খুটি হৈ ৰ’ব ছবিখন।ৰাজ্যৰ প্ৰায় প্ৰতিটো ছবিগৃহটো ৭ দিনৰ বাবে হাউচফুল।

‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহি চকুলো টুকি ছবিগৃহত বাহিৰত অনুৰাগীয়ে গালে ‘মায়াবিনী’।চিনেমা হলত বহি কান্দোনত ভাগি পৰিল অনুৰাগী।ছবিগৃহতে সকলোৱে দিলে জয় জুবিনদাৰ ধ্বনি।

তাৰ মাজতে ঢেকীয়াজুলিৰ নক্ষত্ৰ ছবিগৃহত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাবে এখন আসন সংৰক্ষণ কৰি ৰখা হ’ল। বিশেষ আসনত ৰখা জুবিনৰ প্ৰতিচ্ছবিৰ কাষত অনুৰাগীয়ে বহি চালে ‘ৰৈ ৰৈ বিনালে’।  

লগতে পঢ়ক: আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা; ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে

আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা; ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে

ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে

কাইলৈ ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিলাভৰ পূৰ্বেই ইতিমধ্যে অভিলেখ ভংগ কৰিছে ‘ৰৈ ৰৈ বিনালে’ ছবিখনে।

প্ৰতিগৰাকী দৰ্শকে ছবিখনৰ বাবে অধিক অপেক্ষাৰে বাট চাই আছে।অসমৰ লগতে দেশজুৰি মুক্তি পাব ছবিখনে।এসপ্তাহৰ বাবে ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰে টিকট বিক্ৰী প্ৰায় শেষ হৈছে।  

 সমগ্ৰ ৰাজ্যত এতিয়া ৰৈ ৰৈ বিনালেৰ ধুমুহা। পুৱা ৪ বাজি ৪৫ মিনিটৰ পৰা আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী। ধেমাজিৰ RR চিনেমাছত পুৱা ৪ বাজি ৪৫ মিনিটৰ পৰা আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী।

মুক্তিৰ দিনটোতে গুৱাহাটীত প্ৰায় ১৭৯ টা দৰ্শনী ৰাখিছে ছবিগৃহ সমূহে। গুৱাহাটীৰ প্ৰতিটো চিত্ৰগৃহতে ‘ৰৈ ৰৈ বিনালে’ৰ হাউচফুল দৰ্শনী।

মুক্তিৰ পূৰ্বে ছবিখনে অভিলেখৰ পিছত অভিলেখ গঢ়িছে। ছবিগৃহত ৭ দিনলৈ হাউচফুল হ’ল জুবিন গাৰ্গৰ অন্তিমখন ছবি।

লগতে পঢ়ক: ঈশ্বৰ পুত্ৰ ইচ্ছা পুৰণ; লুইতৰ বুকুত বিলীন জুবিন গাৰ্গৰ চিতাভষ্ম

মুক্তিৰ পূৰ্বেই অভিলেখ; BookMyShowত ট্ৰেণ্ডিঙৰ শীৰ্ষত ৰৈ ৰৈ বিনালে

BookMyShowত ট্ৰেণ্ডিঙৰ শীৰ্ষত ৰৈ ৰৈ বিনালে

মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেয়ে। BookMyShowৰ চাৰ্চ লিষ্টত ট্ৰেণ্ডিঙৰ শীৰ্ষত আছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে।২০খন দেশত ছবিখন চাবলৈ ব্যাকুল হৈ পৰিছে দৰ্শক।

ইতিমধ্যে কেইবাদিনলৈ অনলাইনৰ টিকটৰ বুকিং প্ৰায় শেষ হৈছে।পুৱা ৬.৩০ বজাৰ পৰা নিশা ১১ বজাৰলৈ সকলো শ্ব’ হাউচফুল। অসমত প্ৰথমবাৰলৈ কোনো বোলছবিৰ বাবে সৰ্বমুঠ ১৮ টাকৈ শ্ব’ দিয়া হৈছে।

অসমৰ সকলো ছবিগৃহত বাতিল কৰা হৈছে হিন্দী চিনেমাৰ শ্ব’। এডভান্স বুকিং মুকলিৰ কেইটামান মূহুৰ্তৰ পাছতেই টিকটৰ বাবে নাটনি হৈছে। ইতিমধ্যে গুৱাহাটীৰ প্ৰায়সমূহ হলতে SOLD OUT এডভান্স বুকিং।

৩১ অক্টোবৰত মুক্তিপাব বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ পূৰ্বেই দক্ষিণৰ জনপ্ৰিয় ছবি কানটাৰাকো চেৰ পেলালে ৰৈ ৰৈ বিনালেয়ে।ৰাজ্যত এতিয়া কেৱল ‘ৰৈ ৰৈ বিনালে’ৰ ঢৌ।

লগতে পঢ়ক: মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ…

মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ…

মুক্তি পালে ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ

বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া মুক্তি পালে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ । এই ট্ৰেইলাৰে মুকলিৰ হোৱাৰ লগে লগেই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে । মুক্তিৰ লগে লগে সামাজিক মাধ্যমত এই ট্ৰেইলাৰ ব্যাপক শ্বেয়াৰ হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ বহু আশাৰ, সপোনৰ ছবি আছিল ৰৈ ৰৈ বিনালে । এই ছবিখনৰ মুক্তিৰ তাৰিখ ৩১ অক্টোবৰ হিচাবে নিজেই নিৰ্ধাৰণ কৰিছিল প্ৰিয় শিল্পী জুবিন গাৰ্গে । কিন্তু ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ১৯ ছেপ্টেম্বৰত অসমবাসীক কন্দুৱাই সূদূৰ ছিংগাপুৰত অকাল মৃত্যুক সাৱটি লয় হিয়াৰ আমঠু শিল্পীগৰাকীয়ে ।

অৱশ্যে শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ আদি অনুষ্ঠিত হৈ যোৱাৰ পিছতেই ছবিখনৰ বাকী ৰৈ যোৱা দৃশ্যগ্ৰহণকে ধৰি আন কামসমূহ সম্পূৰ্ণ হয় । পৰিচালক ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শিল্পীগৰাকীয়ে নিজে নিৰ্ধাৰণ কৰা তাৰিখটোতেই ছবিখনে মুক্তি লাভ কৰিব বুলি কৈছিল । য়েয়েহে ছবিখনৰ অসম্পূৰ্ণ সকলো কাম সম্পূৰ্ণ কৰি মুক্তিৰ বাবে সাজু কৰি তোলা হয় । ইয়াৰ পিছতে আজি সন্ধিয়া মুক্তি দিয়া হয় বহু প্ৰতিক্ষীত এই ছবিখনৰ ট্ৰেইলাৰ ।

আনহাতে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰে মুক্তি লাভৰ পিছতে সামাজিক মাধ্যমত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে । ট্ৰেইলাৰ চাই আবেগিক হৈ বহু জুবিন অনুৰাগী । লগে লগে ট্ৰেইলাৰত জুবিন গাৰ্গৰ মুখত শুনা ছবিখনৰ বহুকেইটা সংলাপো জনপ্ৰিয় হৈ পৰাৰ লগে লগে সামাজিক মাধ্যমত বিয়পি পৰিছে । উল্লেখ্য যে, ৰৈ ৰৈ বিনালে প্ৰথমখন অসমীয়া মিউজিকেল ছবি লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চলচ্চিত্ৰ ।

ইফালে ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুক্তিৰ পিছতে সামাজিক মাধ্যমত এই ট্ৰেইলাৰ শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এক আৱেগিক পোষ্ট কৰে । আপোন মানুহজনক স্মৰণ কৰি ফেচবুক পোষ্টত গৰিমাই লিখিছে-“ চোৱা গ’ল্ডী.. তোমাৰ বহুত হেঁপাহৰ, বহুত মৰমৰ “ৰৈ ৰৈ বিনালে” সাজু হৈ উঠিছে লাহে লাহে !
তোমাৰ ইচ্ছা, তোমাৰ সপোন সাকাৰ কৰিবলৈ তোমাৰ কথামতেই সকলোৱে চেষ্টা কৰিছে কামবোৰ ভালকৈ কৰিবলৈ । তুমি আশীৰ্বাদ কৰি থাকিবা … বাট দেখুৱাই থাকিবা ।“

উল্লেখ্য যে, ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনী আৰু সংগীত জুবিন গাৰ্গৰ । ছবিখন ৰাজেশ ভূঞাই পৰিচালনা কৰিছে আৰু প্ৰযোজনা জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ আৰু শ্যামন্তক গৌতমৰ । ৩১ অক্টোবৰত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব । শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ছবিখনৰ অনলাইন বুকিং ।  

লগতে পঢ়ক : মন গ’লেই যাব নোৱাৰিব জুবিন গাৰ্গ ক্ষেত্ৰলৈঃ জাৰি হ’ল নিয়মাৱলী

কাইলৈ মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ

বৃহস্পতিবাৰে মুক্তি লাভ কৰিব বহু প্ৰতিক্ষীত তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ৰ ট্ৰেইলাৰ । ২৩ অক্টোবৰ, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত মুক্তি পাব বহু প্ৰততিক্ষীত এই ছবিখনৰ ট্ৰেইলাৰ । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই ।

উল্লেখ্য যে, অসমীয়াৰ হৃদস্পদন তথা আপোন শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল ‘ৰৈ ৰৈ বিনালে‘ । এইখনেই হিয়াৰ আমঠু শিল্পীগৰাকীৰ অন্তিমখন চলচ্চিত্ৰ । এই ছবিখন মুক্তি পোৱালৈ আগ্ৰহেৰে ৰৈ আছে অসমবাসী । উল্লেখ্য যে, ৩১ অক্টোবৰৰ দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে‘ ।

১৯ ছেপ্টেম্বৰত ছিংগাপুৰত শিল্পীগৰাকীৰ দেহাৱসান ঘটাৰ পাছত ডাবিং, চিত্ৰগ্ৰহণকে ধৰি আধৰুৱা হৈ ৰৈছিল ছবিখনৰ কিছু কাম । কিন্তু শেহতীয়াকৈ এই সকলোবোৰ কাম সম্পূৰ্ণ কৰি ছবিখন ৩১ অক্টোবৰত মুক্তিৰ বাবে সাজু কৰি তোলা হৈছে । কিয়নো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পূৰ্বে জানিবলৈ দিয়া অনুসৰি শিল্পীগৰাকীয়ে তেখেতৰ সপোনৰ এই ছবিখন ৩১ অক্টোবৰতে মুক্তি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল । সেয়েহে প্ৰাণৰ শিল্পীগৰাকীয়ে ব্যক্ত কৰি যোৱা ইচ্ছা অনুসৰিয়েই এতিয়া ৩১ অক্টোবৰত দেশজুৰি ছবিগৃহত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে‘ ছবিখনে । কাইলৈ এই ছবিখনৰ ট্ৰেইলাৰ মুকলি হ’ব ।

লগতে পঢ়ক : ‘সমাধি নহয়, জুবিন ক্ষেত্ৰ হ’ব সেই স্থান’: গৰিমা শইকীয়া গাৰ্গ

আজি সম্পন্ন হ’ল ৰৈ ৰৈ বিনালেৰ অন্তিম পৰ্যায়ৰ শ্বুটিং

কেতিয়া মুক্তি পাব ৰৈ ৰৈ বিনালে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমবাসীক এৰি যোৱা আজি ১৮ টা দিন অতিক্ৰম কৰিলে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই এতিয়া উচুপি উঠিছে ৰাজ্যবাসী । কিন্তু কায়িকভাৱে আঁতৰি গ’লেও জনতাৰ হৃদয়ে হৃদয়ে এতিয়াও জীয়াই আছে অমৰ শিল্পী জুবিন গাৰ্গ ।

গান, চিনেমা, কবিতা আদি অলেখ যুগমীয়া সৃষ্টি উপহাৰ দিয়া অমৃত কণ্ঠ জুবিন গাৰ্গৰ সপোনৰ ছবি আছিল শেহতীয়াকৈ মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালে । ছিংগাপুৰৰ পৰা উভতি আহি ছবিখনৰ বাকী থকা কামসমূহ সমাপ্ত কৰি চলিত বৰ্ষৰ ৩১ অক্টোবৰত ৰৈ ৰৈ বিনালে মুক্তি দিয়াৰ কথা চিন্তা কৰিছিল শিল্পীগৰাকীয়ে ।

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবিখন তেওঁ বিচৰা তাৰিখতেই মুক্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ছবিখনৰ পৰিচালকৰ লগতে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন গাৰ্গে বিচৰা ধৰণেই ৩১ অক্টোবৰতে মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ছবিখনে । সেয়েহে মঙলবাৰে ছবিখনৰ অন্তিমটো চিত্ৰগ্ৰহণ সমাপ্ত কৰা হয় । জুবিন গাৰ্গৰ অৱৰ্তমানত গুৱাহাটীৰ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ত সম্পন্ন হয় ছবিখনৰ অন্তিটো শ্বুটিং । এই চিত্ৰগ্ৰহণৰ সময়ত উপস্থিত থাকে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ।

গৰিমাই ছবিখনৰ সন্দৰ্ভত কয়-“ৰৈ ৰৈ বিনালে জুবিনৰ সপোনৰ প্ৰকল্প । এই চিনেমাখন কৰিবলৈ তেওঁ বহু বছৰ ধৰি ৰৈ আছিল । এই ছবিখন সম্পূৰ্ণৰূপে জুবিনৰ লগত মিল থকা এখন মিউজিকেল ছবি । এই ছবিখনৰ পৰা তেওঁৰ বহু আশা আছিল, ছবিখনৰ সকলো কাম অন্ত-কৰণেৰে কৰিছিল তেওঁ । তেওঁৰ পৰিকল্পনা আছিল ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ । সেয়েহে আমি এই দিনটোতে ছবিখন ৰাইজৰ মাজলৈ ওলিয়াই দিবলৈ চেষ্টা কৰিম ।“

ইফালে মঙলবাৰে মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ প্ৰথমটো গীত । ইতিমধ্যে ইউটিউবটো উপলব্ধ হৈছে ‘মোৰ মন ‘ শীৰ্ষক গীতটো ।

লগতে পঢ়ক : তিনিশ কোটি অতিক্ৰম কৰিলে ‘কান্তাৰা চেপ্তাৰ ১’ৰ উপাৰ্জনে…