গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক

গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক অসম আৰক্ষীৰ বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । বুধবাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে সম্পৰ্ক থকাৰ বাবে সন্দীপনক গ্ৰেপ্তাৰ কৰাছিল চি আই ডিয়ে । অসম আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে

চাকৰিৰ পৰা নিলম্বন কৰা হ’ল সন্দীপন গাৰ্গক

অসম আৰক্ষীৰ বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । বুধবাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে সম্পৰ্ক থকাৰ বাবে সন্দীপনক গ্ৰেপ্তাৰ কৰাছিল চি আই ডিয়ে । অসম আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল আৰু শিল্পীগৰাকীৰ সৈতে য়টত উপস্থিত আছিল । নিলম্বিত সন্দীপন গাৰ্গ বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত আছিল ।

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । এই গোচৰত এতিয়ালৈকে সন্দীপনকে ধৰি ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

জানিব পৰা মতে ছিংগাপুৰত সংঘটিত ঘটনাৰ সময়ত সন্দীপন জুবিন গাৰ্গৰ সৈতে একেখন য়টতে আছিল । চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল এছ আই টিয়ে । উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে সন্দীপন গাৰ্গ, কন্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, সংগীত শিল্পী শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তকে ধৰি ৫জন লোকক ।

লগতে পঢ়ক : বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

শেহতীয়া প্ৰৱন্ধসমূহ