মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ

-মহানগৰীত প্ৰথমটো HMPV আক্ৰান্তৰ খবৰ

-এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে HMP ভাইৰাছ

-মহানগৰীৰ এপল’ হস্পিতালত ভৰ্তি হৈ আছিল মহিলাগৰাকী

-মহিলাগৰাকীক বিশেষজ্ঞ চিকিতসকে চলাই আছে চিকিতসা

-মহিলাগৰাকীৰ স্বামীৰ শৰীৰতো একেধৰণৰ লক্ষণে দেখা দিছে

-তেওঁৰ নমুনা পৰীক্ষনৰ বাবে কৰা হৈছে প্ৰেৰণ

-সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান

মন্ত্ৰীৰ ঘনিষ্ঠৰ পৰা লৈছিল ধন; ৫০০ টকাৰ উৎকোচ লৈ আটক গৃহৰক্ষী জোৱান

৫০০ টকাৰ উৎকোচ লৈ এইবাৰ আৰক্ষীৰ জালত পৰিল যানবাহনৰ হোমগাৰ্ড। মন্ত্ৰীৰ ঘনিষ্ঠৰ পৰা ধন লৈ আৰক্ষীৰ জালত পৰিল গৃহৰক্ষী জোৱানগৰাকী। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে আটক কৰে হোমগাৰ্ড লীলাধৰ দাসক।

জানিব পৰা মতে ট্ৰেফিক আইন উলংঘাকাৰীৰ পৰা ৫০০ টকাৰ উৎকোচ লৈছিল গৃহৰক্ষী জোৱানজনে়। সেই কথা মন্ত্ৰীগৰাকীৰ জ্ঞাত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰে লীলাধৰক।

গৃহৰক্ষী জোৱানজনৰ বিৰুদ্ধে পূৰ্বেও ধন লোৱাৰ অভিযোগ আছে বুলি জানিব পৰা গৈছে।  

যুৱতীক ৰাজপথতে হত্যাৰ চেষ্টা কৰা আজুল হকলৈ আৰক্ষীৰ গুলিচালনা ; বাওঁ ভৰিত লাগিছে গুলি

মহানগীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। নিশা একাউণ্টৰ আজুল হকক। আৰক্ষীৰ বেহু ফালি পলাব বিছাৰোতেই আজুল হ’কলৈ গুলি হাতীগাওঁ আৰক্ষীৰ। বাওঁ ভৰিত গুলি লাগিছে আজুল হকৰ।

সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে আজুল হ’ক। শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গোল্ডেন পথত ৰাজপথতে সোণালী দাস নামৰ যুৱতী গৰাকীক আজুল হ’কে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা কৰিছিল।

খোজকাঢ়ি গৈ থকা অৱস্থাতে সোণালী দাসক আক্ৰমণ কৰিছিল আজুল হ’কে। পিছত সংকটজনক অৱস্থাত যুৱতী গৰাকীক GMCHত ভৰ্তি কৰোৱা হৈছিল।ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল আক্ৰমণকাৰী আজুল হকে।

কিন্তু ৰাইজে খেদি খেদি কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল আজুলক। আৰু আৰক্ষীৰ ওচৰৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলিচালনা কৰি আজুলক। সম্প্ৰতি গুলীবিদ্ধ আজুল হক GMCHত চিকিৎসাধীন অৱস্থাত আছে।

হিন্দু যুৱতী সোণালী দাসৰ সৈতে আজুল হকে কৰিলে ভয়ংকৰ কাণ্ড

গুৱাহাটী মহানগৰীত পুনৰ ৰাজ্য কঁপাই যোৱা ঘটনা।হিন্দু যুৱতী সোণালী দাসৰ সৈতে আজুল হকে কৰিলে ভয়ংকৰ কাণ্ড।খোজকাঢ়ি গৈ থকা অৱস্থাতে সোণালী দাসক আক্ৰমণ।এগৰাকী মহিলাৰ সৈতে খোজকাঢ়ি গৈ আছিল সোণালী দাস।ঘটনাৰ পিছতে ৰাইজে খেদি খেদি কৰায়ত্ত কৰে আজুল হকক। ঘটনা প্ৰত্যক্ষ কৰা এজন যুৱকৰ সৈতে ৰাইজে খেদি খেদি কৰায়ত্ত কৰে। মৌচুমী কাণ্ডৰ পিছত মহানগৰীত পুনৰ আন এক ভয়ংকৰ কাণ্ড।ভেটাপাৰাৰ গ’ল্ডেন পথত সংঘটিত হৈছে এই ঘটনা।

কিছুদিন পূৰ্বে মৌচুমী গগৈ কাণ্ডৰ চৰ্চা মাৰ নৌযাওতেই পুনৰ মহানগৰীত সংঘটিত হোৱা এনে ঘটনাই চৰ্চা লাভ কৰিছে ৰাজ্যজুৰি। কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী তাক প্ৰশ্ন উত্থা পন কৰিছে সচেতন মহলে।

বিচ্ছিন্ন হ’ব বৰাক উপত্যকাৰ সৈতে সংযোগ,যিকোনো মূহুৰ্ততে ভাঙি পৰিব পাৰে কাটিগড়াৰ গেমন দলং

এখন দলঙক লৈ এতিয়া চিন্তিত হৈ পৰিছে শ্ৰীভূমি জিলাৰ লোকসকল। কিয়নো যিকোনো মুহূৰ্তত ভাঙিব পাৰে বৰাক উপত্যকাৰ কাটিগড়াৰ গেমন দলং খন। হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

যাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে জনতা। যিকোন মুহূৰ্তত ভাঙি পৰিব পাৰে বৰাক উপত্যকাৰ কাটিগড়া-বদৰপুৰ সংযোগী গেমন দলং।

দৰাচলতে  ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগড়া আৰু বদৰপুৰ সংযোগী গেমন দলং খন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে।ইয়াক লৈ সংশ্লিষ্ট বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা।

কিন্তু সেই নিষেধাজ্ঞাক আওকাণ কৰি ৰাতিৰ আন্ধাৰত কাছাৰত ধনৰ বিনিময়ত কাটিগড়া  আৰক্ষীক মেনেজ কৰি ২০ টনৰ অধিক বোজা ভৰ্তি ট্ৰাক পাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

যাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এই দলঙখন খহি পৰিলে গুৱাহাটীৰ সৈতে বৰাক উপত্যকাৰ শ্ৰীভূমি, হাইলাকান্দিকে ধৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ,মিজোৰাম, মনিপুৰৰ লগত যোগাযোগ‌‌ ব্যৱস্থা সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। সেয়ে মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনায় ৰাইজে।।

চাঞ্চল্যকৰ; হানি-খুচি হত্যা কৰি পেলাই থৈ গ’ল বিজেপি নেতাক

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। বিজেপিৰ পাণ্ডু মণ্ডল সভাপতি কমল দে’ক হত্যা দুৰ্বৃত্তই। জানিব পৰা মতে নিশা স্কুটীৰে ঘৰলৈ গৈ থকাৰ সময়তেই কোনো দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি পেলাই থৈ যায় কমল দে’ক।

পুৱা পাণ্ডুৰ শংকৰ নগৰৰ বিবিচি কলনীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমান স্বাগত হাস্পতালত ৰখা হৈছে কমল দে’ৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনো কি কাৰণত বিজেপি নেতা গৰাকীক হত্যা কৰিলে সেই কথা জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।

ZPC অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত CM ভিজিলেন্সৰ অভিযান:আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগ

ZPC অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহত পুৱাই অভিযান চলাই CM ভিজিলেন্সৰ এটা দলে।আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে অভিযান cm vigilance ৰ।

শিৱসাগৰ, ধেমাজীৰ পিছত গুৱাহাটীৰ পাঞ্জাৱৰীৰ বাসগৃহত অভিযান আন এটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ তিনি বাসগৃহত অভিযান দলটোৰ।

২০০৯ চনত প্ৰথমে শিৱসাগৰত যোগদান কৰিছিল অশ্বিনী কুমাৰ দলে।তাৰ পিছত কিছুদিনৰ বাবে বদলি হৈছিল অশ্বিনী কুমাৰ দলে।কিন্তু পুনৰ ceo হিচাপে শিৱসাগৰত শোপনি পুতিছিল অশ্বিনী কুমাৰ দলে।

তেতিয়াৰ পৰাই যেন শিৱসাগৰৰ পৰা চকী নেৰা হৈছিল অশ্বিনী কুমাৰ দলে।দিচাং ফেষ্টিভেলৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে ।

উন্নয়ন মূলক কামৰ নামত বহু ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ অভিযোগ আছিল অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে।জানিব পৰা মতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চুমিত্ৰা পাতিৰৰ ভাতৃ অশ্বিনী কুমাৰ দলে।

শিৱসাগৰ চৰকাৰী বাসভৱন,ধেমাজিৰ পিতৃগৃহ আৰু পাঞ্জাৱৰীত নিজা বাসগৃহতত একেলগে অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ।

৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানী, ৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা

-মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ
-৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা
-খাৰঘূলীত জলবৰ্ডৰ পানীৰ পাই ফুটি হাহাকাৰ অৱস্থা
-ভয়ংক জল বিস্ফোৰণত ধ্বংসস্তুপত পৰিণত কেইবাটাও বাসগৃহ
-চূৰ্ণ-বিচূৰ্ন কেইবাখনো বাহন, ক্ষতিগ্ৰস্ত কেইবাখনো দোকান
-কথমপি প্ৰাণ ৰক্ষা পৰিছে অঞ্চলটোৰ বহু লোকৰ
-খাৰঘূলীৰ পথত এতিয়া একাঁঠু পৰ্যন্ত পানী
-জলমগ্ন পথত জনজীৱন ব্যহত জনতাৰ
-উদ্ধাৰ অভিযান অব্যাহত

পাৰ্থ সাৰথি মহন্ত গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত…

-অসম আৰক্ষীৰ মহাপৰিদৰ্শক পৰ্যায়ত ব্যাপক সাল-সলনি

-পাৰ্থ সাৰথি মহন্তক গুৱাহাটী মহানগৰৰ নতুন আৰক্ষী আয়ুক্ত নিযুক্ত

-পূৰ্বৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক SBৰ IGP হিচাপে বদলি

-লাচিত বৰফুকন পুলিচ একাডেমীৰো অতিৰিক্ত দায়িত্বত থাকিব দিগন্ত বৰা

-লাচিত বৰুৱাক অসম আৰক্ষী গৃহ নিগম লিমিটেডৰ MD হিচাপে বদলি

-প্ৰশান্ত কুমাৰ ভূঞাক আৰক্ষী প্ৰশাসনৰ IGP হিচাপে বদলি

-বিবেকৰাজ সিঙক T&APৰ IGP হিচাপে বদলি

-BTADৰ IGPৰ অতিৰিক্ত দায়িত্বতো থাকিব বিবেকৰাজ সিং

-অখিলেশ কুমাৰ সিঙক অসম আৰক্ষীৰ LAW AND ORDERৰ IGP হিচাপে বদলি