মহানগৰীত ধাৰাষাৰ বৰষুণ-কৃত্ৰিম বান, জনসাধাৰণলৈ বিশেষ আহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমান ধৰি সমগ্ৰ অসমতে ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক সজাগ হ’বলৈ আৰু সহযোগ কৰিবলৈ আহ্বান জনাইছে ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সন্ধিয়াৰ পৰা গভীৰ নিশালৈ হোৱা “অভূতপূৰ্ব বৰষুণৰ” ফলত চহৰখনৰ বহু ঠাই জলমগ্ন হৈ পৰিছে, যাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে । তেওঁ লগতে কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে আৰু নাগৰিকসকলক সতৰ্ক তথা সহযোগিতামূলক হৈ থাকিবলৈ অনুৰোধ জনাইছে ।

আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা কেইদিনমান ধৰি সমগ্ৰ অসমতে ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে, যাৰ লগতে কেইবাখনো জিলাত বিজুলী-ঢেৰেকণি আৰু ধুমুহা বতাহৰ সম্ভাৱনা আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে যে চলিত এই বৰষুণৰ ফলত কৃত্ৰিম বান, যাতায়তত ব্যাঘাত আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হ’ব পাৰে ।

ইফালে বিগত ২৪ ঘণ্টাত গুৱাহাটীৰ কেইবাটাও অঞ্চলত প্ৰবল বৰষুণ হোৱা পৰিলক্ষিত হৈছে । এই ভয়াৱহ পৰিস্থিতিৰ মাজতে ১৯ এপ্ৰিলৰ নিশা প্ৰবল কৃত্ৰিম বানৰ ফলত এটি পথৰ দাঁতিৰ মুকলি নলাত পৰি পায়েল নাথ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । গুৱাহাটী মহানগৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্ধাৰকাৰী দলে এক তালাচী অভিযান চলায় আৰু পাছত ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

অহা কেইদিনমানলৈ প্ৰতিকূল বতৰ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে কৰ্তৃপক্ষই সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

মঙলবাৰে পুৱা গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়

মঙলবাৰে পুৱাই ভূমিকম্পই কঁপালে ৰাজ্য । প্ৰতিকূল বতৰৰ মাজতে পুৱাই অনুভূত হোৱা কম্পনে আতংকৰ সৃষ্টি কৰে । মঙলবাৰে পুৱা গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । অৱশ্যে এই ভূমিকম্পত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই যদিও কৰ্তৃপক্ষই সতৰ্কতা অৱলম্বন কৰিছে ।

নেচনেল চেণ্টাৰ ফৰ চিচম’লজী-ৰ প্ৰতিবেদন অনুসৰি, পুৱা ০৫:৫৯:৩৩ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ কামজং জিলা । ৬২ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পটো মধ্যমীয়া গভীৰতাৰ এক ভূ-তাত্ত্বিক পৰিঘটনা আছিল । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২ ।

অসমৰ লগতে মেঘালয় আৰু নাগালেণ্ডকো এই ভূমিকম্পই কঁপাই যায় ।

লগতে পঢ়ক : প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

 এমাহ পূৰ্বে বিবাহ পাশত হৈছিল আৱদ্ধ; ৰুদ্ৰাক্ষ মলত মৃত্যু যুৱকৰ

গুৱাহাটীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱকজন সোণাপুৰৰ সিদ্ধান্ত দাস বুলি জানিব পৰা গৈছে।

মহানগৰীৰ ৰুদ্ৰাক্ষ মলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।শ্বপিং মলটোৰ প্ৰথম মহলাৰ চিৰিত নিশা মূ্ৰ্মূর্ষ অৱস্থাত উদ্ধাৰ এজন যুৱক। যুৱকজন সোণাপুৰৰ ২৮ বছৰীয়া সিদ্ধান্ত দাস বুলি জানিব পৰা গৈছে।যুৱকগৰাকীক ততাতৈয়াকৈ GMCHত ভৰ্ত্তি কৰোৱা হৈছিল শনিবাৰে পুৱা মৃত্যুক সাবটি লয়।  

কিন্তু সিদ্ধান্তৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে।পৰিয়ালৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড।নিশা কৰ্তব্যত থকা নিৰাপত্তাৰক্ষীয়ে পিতৃক স্পষ্টকৈ কৈছে যে, নিশা শ্বপিং মলটোৰ ভিতৰৰ পৰা চিঞৰ বাখৰ কৰি ওলাই আহিছিল সিদ্ধান্ত।সেই সময়তে চিৰিত পৰি গুৰুতৰ ভাৱে আহত হৈছিল তেওঁ।ঘটনা নিশা ১১ বজাতেই সংঘটিত হৈছিল যদিও আৰক্ষী আৰু ৰুদ্ৰাক্ষ মল কতৃপক্ষই পৰিয়ালক খবৰ দিয়া নাছিল।

জানিব পৰা মতে, খুবেই অমায়িক আৰু নম্ৰ স্বভাৱৰ আছিল সিদ্ধান্তই এমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযন্তাৰ শিক্ষা সামৰি ঘৰতেই পানীৰ ব্যৱসায় কৰিছিল যুৱকগৰাকীয়ে। ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক: ঐতিহাসিক… বিধানসভা নিৰ্বাচনত অভিলেখসংখ্যক ভোটদানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

গুৱাহাটীৰ ৰাজপথত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব’

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ শক্তি প্ৰদৰ্শন । অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে ।

আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’ত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । গৃহমন্ত্ৰী শ্বাহে আজি দলীয় বিষয়ববীয়াসকলকো সাক্ষাৎ কৰি নিৰ্বাচনী কৌশল পৰ্যালোচনা কৰিব বুলিও জানিব পৰা গৈছে ।

ইফালে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰি অমিত শ্বাহে এইবাৰ বিজেপিয়ে অসমৰ ৯০ খনতকৈও অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । লগতে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পিছত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব বুলিও স্পষ্ট কৰি দিয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ উচ্চ প্ৰশংসা কৰে গৃহমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অসমক শিক্ষা আৰু চিকিৎসাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে । বৰ্তমান ৰাজ্যখনৰ ৰাইজ অতি সুখী কাৰণ তেওঁলোকে প্ৰতিটো ঘৰতে বিশুদ্ধ পানী আৰু ২৪ ঘণ্টীয়া বিদ্যুতৰ সুবিধা লাভ কৰিছে । শ্বাহে লগতে অসমত মহিলাৰ সুৰক্ষা এতিয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈছে বুলিও মন্তব্য কৰে ।

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত মন্ত্ৰী অশোক সিংহলৰ হৈয়ো নিৰ্বাচনী প্ৰচাৰ চলাব । ইয়াৰ পিছতে তেওঁ নলবাৰী জিলাৰ টিহুৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আন এগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমৰ্থনত এখন জনসভাত ভাষণ দিব ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা ২ এপ্ৰিলত বৰাক উপত্যকাত প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ অহাৰ কথা আছে । সেই ভ্ৰমণৰ সময়ত তেওঁ শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু শিলচৰত প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়ৰ হৈ নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : মমতা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ চাৰ্জশ্বীট, অমিত শ্বাহৰ মন্তব্য- এয়া ভয়ৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন

কাইলৈ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাব অমিত শ্বাহে, বিশাল ৰোড শ্ব’ৰে কঁপাব গুৱাহাটী

গৃহমন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২৭ মাৰ্চত অসমত উপস্থিত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২৭ মাৰ্চত অসমত উপস্থিত হ’ব । শ্বাহে সন্ধিয়া গুৱাহাটীত অৱতৰণ কৰিব আৰু বিজেপিৰ চেন্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ সমৰ্থনত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । এই ৰোড শ্ব’টো আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা আৰম্ভ হ’ব আৰু সমষ্টিটোৰ গুৰুত্বপূৰ্ণ এলেকাৰ মাজেৰে পাৰ হৈ যাব । ইয়াৰ উপৰিও দিনটোৰ শেষৰ ফালে তেওঁ দলীয় বিষয়ববীয়াসকলক সাক্ষাৎ কৰাৰ কাৰ্যসূচীও আছে ।

ইফালে দেওবাৰে অমিত শ্বাহে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ ফুটবল খেলপথাৰত মন্ত্ৰী অশোক সিংহলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । ইয়াৰ পিছত তেওঁ নলবাৰী জিলাৰ টিহুলৈ ৰাওনা হ’ব আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ দুদিনীয়া ভ্ৰমণসূচী সামৰিব ।

উল্লেখ্য য়ে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২ এপ্ৰিলত পুনৰ অসমলৈ আহি বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাব, য’ত তেওঁ শ্ৰীভূমি জিলাৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু শিলচৰৰ প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়ৰ হৈ নিৰ্বাচনী জনসভাত ভাষণ দিব ।

লগতে পঢ়ক : ‘ঐতিহাসিক বিজয়’ৰ দিশে অগ্ৰসৰ বিজেপি, ‘সম্পূৰ্ণৰূপে ধ্বংস’ বিৰোধী : মুখ্যমন্ত্ৰী

গুৱাহাটীৰ ৫খন আসনৰ বাবে ২৬গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, বহুকোণীয়া প্ৰতিদ্বন্দিতাৰ প্ৰস্তুতি

জালুকবাৰী, চেন্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল হৈছে

অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে গুৱাহাটীত ৰাজনৈতিক যুঁজ তীব্ৰতৰ হৈ পৰিছে । মহানগৰখনৰ পাঁচটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলৰ মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । শীৰ্ষ নেতা, দলীয় হাই প্ৰফাইল নেতাৰ নাম আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থানে গুৱাহাটীত এক প্ৰবল প্ৰতিদ্বন্দিতামূলক নিৰ্বাচনী পৰিৱেশৰ ইংগিত দিছে ।

জালুকবাৰী, চেন্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল হৈছে । প্ৰতিটো সমষ্টিতে হ’বলগীয়া বহুমুখী প্ৰতিদ্বন্দিতাই ৰাজ্যখনৰ সামগ্ৰিক নিৰ্বাচনী যুঁজত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে । ৩৭ নম্বৰ জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে । আনহাতে, কংগ্ৰেছে বিদিশা নেওগক আৰু বিএপিয়ে দীপিকা দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

​৩৬ নম্বৰ চেন্ট্ৰেল গুৱাহাটী সমষ্টিত ৬টা ৰাজনৈতিক দল আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত যুঁজ হ’ব । বিজেপিৰ বিজয় কুমাৰ গুপ্তাই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰী, আম আদমী পাৰ্টিৰ অনুৰূপা ডেকাৰাজা, বিএপিৰ প্ৰবীণ জ্যোতি কলিতা, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অভিজিৎ মজুমদাৰ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ বিপুল দেৱনাথৰ পৰা প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । ইয়াৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী অচ্যুৎ কলিতাই প্ৰতিযোগিতাখন অধিক তীব্ৰ কৰি তুলিছে ।

​৩৫ নম্বৰ নিউ গুৱাহাটী সমষ্টিত পাঁচকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে । এই সমষ্টিত বিজেপিয়ে দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছে শান্তনু বৰাক প্ৰক্ষেপ কৰিছে । আপ-এ আদিত্য গগৈক আৰু গণ সুৰক্ষা পাৰ্টিয়ে (জিএছপি) চিন্ময়ী ভূঞাক প্ৰাৰ্থিত্ব দিছে । নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কুশল কুমাৰ শৰ্মাই ।

​৩৩ নম্বৰ দিছপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ মাজত পোনপটীয়া ৰাজনৈতিক যুঁজ দেখা গৈছে । আপ-এ বল্লভ পাত্ৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস আৰু আয়ুষ কুমাৰ সিঙেও মনোনয়ন দাখিল কৰি প্ৰতিযোগিতাখন জটিল কৰি তুলিছে ।

​আনহাতে, ৩৪ নম্বৰ ডিমৰীয়া সমষ্টিত অসম গণ পৰিষদৰ  প্ৰাৰ্থী তপন দাস আৰু কংগ্ৰেছ মনোনীত কিশোৰ কুমাৰ বৰুৱাৰ মাজত নিৰ্বাচনী যুঁজ হ’ব । এই দৌৰত চাৰিজন নিৰ্দলীয় প্ৰাৰ্থী— নিতুল দাস, ভাস্কৰজ্যোতি শইকীয়া, প্ৰতিভা দাস আৰু কাবেৰী দাসে অংশগ্ৰহণ কৰি নিৰ্বাচনী যুঁজখনক অধিক জটিল কৰি তুলিছে ।

​উল্লেখ্য য়ে, মনোনয়ন পৰ্ব সমাপ্ত হোৱাৰ পিছত এতিয়া ২৪ মাৰ্চত পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২৬ মাৰ্চ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন । নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অসমত ৯ এপ্ৰিলত এটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব ।

লগতে পঢ়ক : নিৰ্বাচনী শক্তি প্ৰদৰ্শনেৰে অন্তিম দিনটোত বহু হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

গুৱাহাটীত অন্তিম দিনটোত কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

মনোনয়ন দাখিলৰ অন্তিম দিনটোত গুৱাহাটীতো দেখা গ’ল এক অভূতপূৰ্ব পৰিৱেশ । অন্তিম দিনটোত শক্তি প্ৰদৰ্শন কৰে কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে

ৰাজ্যত এতিয়া তীব্ৰ বেগত বলিছে নিৰ্বাচনী বতাহ । ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । গণতন্ত্ৰৰ এই মহা উৎসৱৰ বাবে ৰাজনৈতিক দলসমূহে পূৰ্ণ গতিত নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰাৰ লগতে সাজু হৈছে ভোটাৰসকলো । ইফালে ২৩ মাৰ্চ আছিল বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ।  অন্তিম দিনটোত ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলৰ বহুটো প্ৰাৰ্থীয়ে দাখিল কৰে নিজৰ মনোনয়ন । ইয়াৰক ভিতৰত আছিল কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থী ।

মনোনয়ন দাখিলৰ অন্তিম দিনটোত গুৱাহাটীতো দেখা গ’ল এক অভূতপূৰ্ব পৰিৱেশ । বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীসকলে বিশাল সমদলেৰে জিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে নিজ নিজ মনোনয়ন । বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকেৰ উপস্থিতিত মনোনয়ন দাখিলৰ অন্তিম দিনটোত শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থীসকলে ।

গুৱাহাটীৰ বিজেপি মিত্ৰজোঁটৰ ৪ গৰাকীকৈ প্ৰাৰ্থীয়ে সোমবাৰে মনোনয়ন দাখিল কৰে । দিছপুৰৰ পৰা প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা আৰু নিউ গুৱাহাটীৰ পৰা দীপ্লুৰঞ্জন শৰ্মাই দাখিল কৰে মনোনয়ন । ইফালে ডিমৰীয়াৰ অগপ প্ৰাৰ্থী ডাঃ তপন দাসেও মনোনয়ন দাখিল কৰে ।

বৃহৎ ৰেলীৰে মনোনয়ন দাখিল কৰিবলৈ অহা দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো কৰ্মী-সমৰ্থকক ধন্যবাদ জ্ঞাপন কৰি প্ৰত্যয় আৰু বিনয়েৰে এক নতুন যাত্ৰাত আগবাঢ়ি যোৱা বুলি কয় । দিছপুৰৰ কংগ্ৰেছ প্ৰাথী মীৰা বৰঠাকুৰক শুভেচ্ছা জনোৱা বুলি উল্লেখ কৰি শেষ সিদ্ধান্ত সমষ্টিটোৰ ভোটাৰ ৰাইজে বুলি মন্তব্য কৰে ।

ইফালে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত গুৱাহাটীত এক ব্যতিক্ৰমী দৃশ্য দেখা যায় । একেলগে দেখা গ’ল বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাক । মনোনয়ন দাখিল কৰিবলৈ আহি দুয়োজনে ইজনে-সিজনক কৰমৰ্দন কৰা পৰিলক্ষিত হয় । দুয়োগৰাকী প্ৰাৰ্থীয়ে ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে ।

আনহাতে বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকক লৈ সমদল কৰি মনোনয়ন দাখিল কৰে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে । একে সময়তে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়েও দাখিল কৰে মনোনয়ন ।

লগতে পঢ়ক : পাকিস্তানত মনোনয়ন দিয়া হ’লে বেছি ভোট পালেহেঁতেন গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

প্ৰধানমন্ত্ৰীৰ পিছতে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিৰ্বাচনী ৰণশিঙা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰী শ্বাহ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতক আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ সামৰণিৰ পিছতেই অসমত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী ।

উল্লেখ্য যে, দেওবাৰে বিজেপিৰ যুৱ সন্মিলত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমৰ যুৱ প্ৰজন্মক একত্ৰিত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া যুৱ শক্তি সমাৰোহৰ প্ৰস্তুতি এতিয়া তীব্ৰতৰ হৈ পৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰিবলগীয়া এই বিশাল সমাৱেশত সমগ্ৰ অসমৰ প্ৰায় ১.৫ লাখ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

এই অনুষ্ঠানৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই ৰেলী ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে । তেওঁ উল্লেখ কৰে যে ইমান বৃহৎ সংখ্যক যুৱক-যুৱতীৰ সমাগম অসমত পূৰ্বে খুব কমেইহে দেখা গৈছে ।

মন্ত্ৰী হাজৰীকাই আৰু জনায় যে যুৱ সংগঠনৰ সৈতে তেওঁৰ প্ৰায় তিনি দশকজোৰা জড়িত থকাৰ কালছোৱাত ইমান ব্যাপক পৰিসৰৰ প্ৰস্তুতি তেওঁ কেতিয়াও দেখা নাই । তেওঁৰ মতে, এই পৰিকল্পনা আৰু অংশগ্ৰহণৰ মাত্ৰাই ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা উৎসাহ আৰু ৰাজনৈতিক সজাগতাকে প্ৰতিফলিত কৰিছে ।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে এই কাৰ্যসূচী । গৃহমন্ত্ৰীগৰাকীৰ উপৰিও এই সমাৱেশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব ।

লগতে পঢ়ক : কংগ্ৰেছ ভাৰত বিৰোধী শক্তিৰ হাতৰ পুতলা হৈ পৰিছে: শিলচৰত প্ৰধানমন্ত্ৰী মোদী

ভূমি পট্টা প্ৰদানৰে চাহ শ্ৰমিকৰ প্ৰতি হোৱা ঐতিহাসিক অন্যায় দূৰ কৰা হৈছে : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰি দশকজুৰি তেওঁলোকে সন্মুখীন হৈ অহা এক ঐতিহাসিক অন্যায়ৰ অন্ত পেলাইছে

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও উন্নয়মূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে চাহ জনগোষ্ঠীৰ লোকক ভূমিৰ পট্টা প্ৰদান কৰে । গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আই-মাতৃৰ চৰণ স্পৰ্শ কৰি চাহ শ্ৰমিকৰ হাতত নিজ হাতে ভূমি পট্টা তুলি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰি দশকজুৰি তেওঁলোকে সন্মুখীন হৈ অহা এক “ঐতিহাসিক অন্যায়”ৰ অন্ত পেলাইছে । ইয়াৰ লগতে তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে শাসনকালত চাহ শ্ৰমিকসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে ।

এখন জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ২৮,২৪১ টা চাহ শ্ৰমিক পৰিয়ালক ভূমি পট্টা বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে তিনিগৰাকী হিতাধিকাৰীক পট্টা প্ৰদান কৰি এই প্ৰক্ৰিয়াৰ আৰম্ভণি কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয়, “আমি তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিছোঁ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰতি কৰা এক ঐতিহাসিক অন্যায়ৰ অন্ত পেলোৱাৰ বাবে মই অসম চৰকাৰক অভিনন্দন জনাইছোঁ ।”

চাহ শ্ৰমিকসকলৰ সৈতে থকা তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপ আছিল এটা পুৰণি ঋণ পৰিশোধ কৰাৰ এক উপায় । তেওঁ কয়, “প্ৰকৃততে সকলো চাহ শ্ৰমিকক ভূমি পট্টা দি মই মোৰ ঋণহে পৰিশোধ কৰিছোঁ । আপোনালোকৰ দ্বাৰা উৎপাদিত আৰু প্ৰেৰণ কৰা চাহ বিক্ৰী কৰিয়েই মই আজি এই স্থান পাইছোঁ । মোৰ ওপৰত আপোনালোকৰ আশীৰ্বাদ আছে ।”

কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে দলটোৱে নিজৰ শাসনকালত চাহ শ্ৰমিকসকলৰ কল্যাণৰ কথা আওকাণ কৰিছিল । তেওঁ লগতে দাবী কৰে যে যোৱা এটা দশকত অসমৰ উন্নয়ন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ই চুবুৰীয়া পশ্চিম বংগৰ ৰাজনৈতিক পৰিৱেশতো প্ৰভাৱ পেলাইছে, য’ত এপ্ৰিল মাহত বিধানসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে ।

কৃষি খণ্ডৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে কৃষকসকলক ক’ভিড-১৯ মহামাৰী আৰু আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ দৰে বিশ্বব্যাপী অস্থিৰতাৰ পৰা সুৰক্ষিত কৰি ৰাখিছে । তেওঁ কয়, “আমি আমাৰ কৃষকসকলক ক’ভিড-১৯ আৰু যুদ্ধৰ দৰে গোলকীয় ঘটনাৰ পৰা আঁতৰাই ৰাখিছোঁ । কৃষকসকলক সকাহ দিবলৈ আমি সাৰত ৰাজসাহায্য হিচাপে ১২ লাখ কোটি টকা ব্যয় কৰিছোঁ ।”

আনহাতে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতো ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে । কৃষি সমৰ্থনমূলক ব্যৱস্থাসমূহৰ তুলনা কৰি মোদীয়ে কয় যে ২০১৪ চনৰ আগৰ দশকত কংগ্ৰেছ চৰকাৰে ন্যূনতম সমৰ্থন মূল্য হিচাপে ৬.৫ লাখ কোটি টকা প্ৰদান কৰিছিল, আনহাতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰে যোৱা দহ বছৰত ২০ লাখ কোটি টকা প্ৰদান কৰিছে ।

তেওঁ লগতে কয়, “এনডিএ চৰকাৰ সহানুভূতি আৰু সুশাসনৰ বাবে পৰিচিত । আমি সমাজৰ সকলো শ্ৰেণীৰ উন্নয়নত বিশ্বাস কৰো ।”

লগতে পঢ়ক : কংগ্ৰেছ ভুৱা প্ৰতিশ্ৰুতিৰ দোকানঃ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ