মহানগৰীত চাঞ্চল্যকৰ ঘটনা, এগৰাকী যুৱতীক ছুৰিকাঘাত দুৰ্বৃত্তৰ

-মহানগৰীত যুৱতীৰ সৈতে চাঞ্চল্যকৰ ঘটনা

-মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক ছুৰিকাঘাত

-GMCH ত মৃত্যু মৌচুমী গগৈ নামৰ যুৱতীগৰাকী

-নাহৰণি পথত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা

-নিহত মৌচুমী গগৈৰ ঘৰ ডিব্ৰুগড়ত

-মৌচুমী গগৈৰ হত্যাকাৰী চিনাক্ত

-ভূপেন দাস নামৰ কেবচালকে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা

-প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই এই কাণ্ডৰ সন্দেহ

সমবেত হ’ব নোৱাৰিব ৫গৰাকীতকৈ অধিক লোক ! গুৱাহাটীৰ এই এলেকাত জাৰি BNS ১৬৩  

-মহানগৰীৰ ৰাজভৱনৰ সমীপত ১৬৩ BNS ধাৰা জাৰি

-১ কিঃমিঃ ব্যসাৰ্ধজুৰি অঞ্চলত ১৬৩ BNS জাৰি

-একত্ৰিত হ’ব নোৱাৰিব ৫গৰাকীতকৈ অধিক লোক

-প্ৰতিবাদ-আন্দোলন ৰোধ কৰিবলৈ ১৬৩ ধাৰা প্ৰযোজ্য

-অনিৰ্দিষ্টকাললৈ এই নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে

-অনুমতিবিহীন কোনো ৰেলী উলিয়াব নোৱাৰিব ৰাজভৱনৰ সমীপত

-অকৰ্তৃত্বশীল যান-বাহনৰ চলাচলতো বাধা আৰোপ

-আইন উলংঘা কৰিলেই সন্মুখীন হ’ব শাস্তিৰ

গুৱাহাটীত পথ দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ

-নিশা মহানগৰীৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা

-থিতাতে নিহত ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী

-GMCHত মৃত্যুক সাবটে ৰেপিড’ত যোৱা যুৱতী গৰাকী

–নিহত যুৱতী গৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ

নিশা ৰেপিড’ বুক কৰি আহিছিল যুৱতী গৰাকীয়ে

-নিহত ৰেপিড’ চালক জনৰ ঘৰ নলবাৰীত

-দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601

মহানগৰীত ১৬৩ ধাৰা জাৰি, এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক

মৃদুল ইছলামৰ ঘটনাৰ পিছতে মহানগৰীত জাৰি কৰা হৈছে ১৬৩ ধাৰা । এই ধাৰা জাৰি থকালকৈ মহানগৰীত কঠোৰ হ’ব আৰক্ষী । মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক । প্ৰতিবাদ , ধৰ্ণা , শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী ।

উল্লেখ্য যে, মৃদুল ইছলামৰ ঘটনাৰ পিছতে গুৱাহাটীত বৃহৎ প্ৰতিবাদৰ আশংকা কৰা হৈছে । ইয়াৰ মাজতে কঠোৰ হৈছে মহানগৰ আৰক্ষী । বুধবাৰৰ প্ৰতিবাদৰ পিছতেই কঠোৰ হৈছে মহানগৰ আৰক্ষী । ইয়াৰ পিছতে মহানগৰীত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে । এই ধাৰা কাৰ্যকৰী হোৱাৰ বাবে মহানগৰীৰ কোনো এটা স্থানতে একত্ৰিত হ’ব নোৱাৰিব ৫জনকৈ অধিক লোক । প্ৰতিবাদ, ধৰ্ণা, শ্লোগান দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী । আনহাতে দিছপুৰ ৰাজধানী চৌহদৰ ১ কিঃ মিঃ ব্যাসাৰ্ধাত কৰিব নোৱাৰিব প্ৰতিবাদ । ৰাজধানীৰ প্ৰান্তে প্ৰান্তে তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে ।  ১৯ ডিচেম্বৰ, ২০২৪ৰ পৰা বলবৎ হৈছে এই নিৰ্দেশনা ।

মহানগৰ আৰক্ষীৰ সফলতা ;  গড়চুক ধৰ্ষণ কাণ্ডৰ শেষৰটো অভিযুক্তক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত গুৱাহাটী গড়চুক কাণ্ডৰ নৱমটো অভিযুক্ত। ধুবুৰীৰ গোলকগঞ্জত গ্ৰেপ্তাৰ কৰা হয় কৃষ্ণ বৰ্মন নামৰ পাষণ্ডটোক। পুৱাই মহানগৰ আৰক্ষীৰ এটা দল ধুবুৰীত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে কৃষ্ণ বৰ্মনক।

উল্লেক্য যে ৰাস চাবলৈ আহি মহানগৰীৰ বৰাগাঁৱৰ দুৰ্গা মন্দিৰৰ চৌহদতেই এগৰাকী যুৱতীক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল ৯ পাষণ্ডই। ধৰ্ষণৰ সেই ভিডিঅ’ কৰি ভাইৰেল কৰিছিল সামাজিক মাধ্যমত। সেই ভিডিঅ’ৰ ভিত্তিতে ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ।

ভিডিঅ’ টোৰ পিছতেই আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছিল গোচৰ। ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।তাৰ পিছতেই আৰক্ষীৰ জালত পৰিছে কুলদ্বীপ নাথ, পিংকু দাস, মৃণাল ৰাভা, গন দাস, বিজয় ৰাভা, দীপাংকৰ মুখিয়া আৰু সৌৰভ বড়োৰ সৈতে মূল মাষ্টাৰ মাইণ্ড ৰবীন দাসও পৰিছে আৰক্ষীৰ জালত

লজ্জাজনক কাণ্ড ; দুৰ্গা মন্দিৰ প্ৰাঙ্গনতে ৯ জনীয়া যুৱকৰ দলৰ দলবদ্ধ ধৰ্ষণ যুৱতীক , ভাইৰেল ভিডিঅ’

পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহানগৰ।৯ জনীয়া যুৱকৰ দলবদ্ধ  ধৰ্ষণ এগৰাকী  যুৱতীক ।

জানিব পৰা মতে ৫ দিন পূৰ্বে বৰাগাঁও নিজৰা পাৰৰ দুৰ্গা মন্দিৰ  প্ৰাঙ্গনতে  নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড।কেৱল ধৰ্ষণ কৰাই নহয় ৯ পাষণ্ডই ধৰ্ষণৰ সময়ৰ ভিডিঅ’ আৱদ্ধ কৰিছিল মোবাইলত।

ঘটনাৰ পিছতেই দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ হৈছিল ভাইৰেল।আৰু ভাইৰেল ভিডিঅ’ৰ ভিত্তিতেই বৰাগাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত গড়চুক আৰক্ষীয়ে ৬ জন ধৰ্ষণকাৰীক আটক কৰিছে।

আটক কৰা যুৱক কেইজন ক্ৰমে কুলদ্বীপ, পিংকু দাস, মৃণাল , গগন, বিজয়, সৌৰভ ।বৰ্তমানো মুকলি আকাশৰ তলত তিনি মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড ৰবীন দাস, দীপাংকৰ আৰু কৃষ্ণ।

এই পৰ্যন্ত গড়চুক আৰক্ষী থানাত ধৰ্ষণৰ কোনো গোচৰ ৰুজু হোৱা নাই যদিও ভাইৰেল ভিডিঅ’ ত থকা যুৱককেইজন বৰাগাঁওৰে বুলি নিশ্চিত কৰিছে একাংশ লোকে।

কিন্তু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৰ্বৰ কাণ্ডৰ বলি হোৱা ভুক্তভূগি যুৱতীৰগৰাকীৰ পৰিচয়। নিশাৰ ভাগত অকলশৰে  বৰাগাঁওত ক’ৰ পৰা সেই যুৱতীগৰাকী আহিল তাক লৈয়ো অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংক ; ৭ টাকৈ স্থানত বোমা থকাৰ সন্দেহ

গুৱাহাটী ৰে’ল ষ্টেচনৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংক। পৰীক্ষাৰ মাজতে বিশ্ব বিদ্যালয় খনলৈ ভাবুকি । মেইলযোগে বিশ্ববিদ্যালয়খন উৰুৱাই দিয়াৰ ভাবুকি দিছিল দুৰ্বৃত্তই।

বিশ্ববিদ্যালয়খনৰ চৌহদৰ ৭ টাকৈ স্থানত বোমা সংস্থানপ কৰাৰ ভাবুকিৰে আৰক্ষীলৈ অচিনাক্ত দুৰ্বৃত্তই দিছিল মেইল।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিল্ডিং, বিকেবি বেকগ্ৰাউণ্ড, আইএছটি বিল্ডিঙত বোমা থকাৰ ভাবুকি। আৰচিচি ২ ছাত্ৰাবাস, বিকেবি বেকগ্ৰাউণ্ডতো বোমা থকাৰ ভাবুকি দিয়া হৈছে।

বিশাল আৰক্ষী বাহিনীয়ে ঘেৰাও কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদ। স্নিফাৰ ডগ লৈ আৰক্ষীয়ে চলাইছে অভিযান। গুৱাহাটী আৰক্ষীলৈ আহিছিল ভাবুকিভৰা মেইল। ছাত্ৰ ছাত্ৰীক আতংকিত নহ’বলৈ আহ্বান।