এইবাৰ গৰজি উঠিল বশিষ্ঠ আৰক্ষীৰ বন্দুক। ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ।
সোমবাৰে পুৱতি নিশা গুৱাহাটী মহানগৰীত গৰজিল আৰক্ষীৰ বন্দুক।ডকাইতলৈ লক্ষ্য কৰি বশিষ্ঠ আৰক্ষীৰ গুলীচালনা। বেলতলাৰ নিৰূপমা এনক্লেভত সংঘটিত ডকাইতিকাণ্ডৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী।
বৃহস্পতিবাৰৰ নিশা বেলতলাৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছিল এই ডকাইতি কাণ্ডটো।হাতত ৰ’ড স্ক্ৰু-ড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল নগদ ধন আৰু সোণ।
তাৰ পিছতে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে কৰায়ত্ত্ব কৰে দুধৰ্ষ ডকাইতৰ দলটোৰ ৩ ডকাইতক।ডকাইতি কাণ্ডটোৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস নামৰ ডকাইতটো।৩ ডকাইতৰ পৰা উদ্ধাৰ ১৫ লাখ ৫৬ হাজাৰ টকা
পুৱতি নিশা হোৱা এনকাউণ্টাৰত বাওঁভৰিত গুলীবিদ্ধ হৈ আহত দুৰ্ধৰ্ষ ডকাইত মাধৱ দাস। আহত মাধৱ দাস বৰ্তমান জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে।
লগতে পঢ়ক: উজনিৰ ৰাজপথত মিঞা মুক্ত অসমৰ হ’ৰ্ডিংচ…









