গুজৰাটৰ বিৰুদ্ধে তিলক বাৰ্মাৰ বেটিং ধুমুহা, আই পি এল কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন
ইনিংছৰ অন্তিম বলত চাৰি কোবাই ৪৫টা বলত শতক অৰ্জন কৰে তিলক বাৰ্মাই । তেওঁৰ পূৰ্বে ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫টা বলত শতক অৰ্জন কৰিছিল সনথ জয়সূৰিয়াই ।
আই পি এল কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে তিলক বাৰ্মাই । আহমেদাবাদত অনুষ্ঠিত হোৱা এখন মেচত আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে ৪৫টা বলত শতক সম্পূৰ্ণ কৰে মুম্বাইৰ বিস্ফোৰক বেটছমেনজনে । ইয়াৰ লগে লগে তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ হৈ দ্ৰুততম শতক অৰ্জনৰ অভিলেখো স্পৰ্শ কৰিছে । এই বিস্ফোৰক ইনিংছত তেওঁ ৪৫টা বলত ১০১ ৰান সংগ্ৰহ কৰে ।
ইনিংছৰ অন্তিম বলত চাৰি কোবাই ৪৫টা বলত শতক অৰ্জন কৰে তিলক বাৰ্মাই । তেওঁৰ পূৰ্বে ২০০৮ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫টা বলত শতক অৰ্জন কৰিছিল সনথ জয়সূৰিয়াই । এতিয়া ১৮ বছৰৰ পাছত মুম্বাইৰ হৈ দ্ৰুততম শতক অৰ্জনৰ এই অভিলেখ স্পৰ্শ কৰিছে তিলক বাৰ্মাই ।
৪৫ বল – তিলক বাৰ্মা
৪৫ বল – সনথ জয়সূৰিয়া
৪৭ বল – কেমেৰুন গ্ৰীণ
৪৯ বল – সূৰ্য্যকুমাৰ যাদৱ
মুম্বাই ইণ্ডিয়ানছ ইনিংছৰ আৰম্ভণিতে বিপৰ্যয়ৰ গৰাহত পৰিছিল । ৪৪ ৰানত তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল দলটো । ইয়াৰ পিছতে তিলক বাৰ্মাই ইনিংছৰ দায়িত্ব গ্ৰহণ কৰে আৰু এটা পৰ্যায়ত ২২ বলত ১৯ ৰানত বেটিং কৰি আছিল । অৱশ্যে তাৰ পিছতে তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰি পৰৱৰ্তী ২৩টা বলত ৮২ ৰান সংগ্ৰহ কৰে ।
মুম্বাই ইণ্ডিয়ানছে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায় । এটা সময়ত দলটোৱে ১৪ অভাৰত ১০৩ ৰান সংগ্ৰহ কৰিছিল যদিও তিলক বাৰ্মাৰ ধুমুহাত মুম্বাইয়ে অন্তিম ছয় অভাৰত ৯৮ ৰান সংগ্ৰহ কৰে । হাৰ্দিক পাণ্ডিয়াৰ দুৰ্বল ফৰ্ম আজিৰ মেচতো পৰিলক্ষিত হয় । ১৩ নং অভাৰত বেটিং কৰিবলৈ আহে হাৰ্দিক । হাৰ্দিকে ১৬টা বল অপচয় কৰি মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : এদিনীয়া বিশ্বকাপ ২০২৭লৈ অব্যাহত থাকিব আগাৰকাৰ যুগ, বিচিচিআইয়ে দিব উপহাৰ