ৰাজস্থানক ৭৭ ৰাণত ধূলিসাৎ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত গুজৰাট টাইটানছ

গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে

আইপিএল ২০২৬-ৰ শনিবাৰে অনুষ্ঠিত হোৱা হাই-ভল্টেজ মেচত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই বিজয়ৰ লগে লগে গুজৰাটে পইণ্ট তালিকাত এক দীঘলীয়া জাঁপ মাৰি পঞ্চম স্থানৰ পৰা পোনপটীয়াকৈ দ্বিতীয় স্থান দখল কৰিছে ।

গীল আৰু চাই সুদৰ্শনৰ বেটিং তাণ্ডৱ-

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২২৯ ৰাণৰ এক বিশাল লক্ষ্য থিয় কৰায় । অপেনাৰ শুভমন গীল আৰু চাই সুদৰ্শনে আৰম্ভণিৰে পৰাই ৰাজস্থানৰ বলাৰসকলৰ ওপৰত আক্ৰমণ চলায় । চাই সুদৰ্শনে মাত্ৰ ৩০ বলত অৰ্ধশতক অৰ্জন কৰি ৫৫ ৰাণত আউট হয় । আনহাতে, অধিনায়ক গীলে ৮৪ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । শেষৰ ফালে ৱাশ্বিংটন সুন্দৰে ৩৭ ৰাণৰ বৰঙণি যোগায় । দুয়োৰে মাজত হোৱা ১১৮ ৰাণৰ অংশীদাৰিত্বই গুজৰাটৰ বিশাল স্ক’ৰৰ ভেটি গঢ়ি তোলে ।

বিফল ৰাজস্থানৰ বেটিং লাইন আপ-

২৩০ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ৰাজস্থানৰ আৰম্ভণি আশাব্যঞ্জক আছিল । বৈভৱে ১৬ বলত ৩৬ ৰাণ কৰি আশা জগাইছিল যদিও তেওঁ আউট হোৱাৰ পিছতেই দলটোৰ বেটিং বিপর্যয় আৰম্ভ হয় । তাৰকা বেটাৰ যশস্বী জয়ছোৱালে মাত্ৰ ৩ ৰাণ কৰি হতাশ কৰে । ধ্ৰুৱ জুৰেলে ২৪ ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই ৩৮ ৰাণ কৰি যুঁজ দিছিল যদিও সেয়া পৰ্যাপ্ত নাছিল । শেষত ৰাজস্থানৰ ইনিংছ ১৫২ ৰাণতে খহি পৰে ।

ৰছিদ খানৰ চমকপ্ৰদ বলিং-

গুজৰাটৰ জয়ৰ মূল নায়ক হিচাপে ধৰা দিলে তাৰকা স্পীনাৰ ৰছিদ খান । তেওঁ ধাৰাবাহিক উইকেট দখল কৰি ৰাজস্থানৰ বেটিং কঁকাল ভাঙি দিয়ে আৰু অকলেই ৪টা উইকেট দখল কৰে । তেওঁক যোগ্য সংগত দি জেছন হোল্ডাৰে ৩টা আৰু কাগিছো ৰাবাদাই ২টা উইকেট লাভ কৰে ।

পইণ্ট তালিকাৰ সমীকৰণ এই জয়ৰ পাছত পইণ্ট তালিকাত ডাঙৰ সালসলনি ঘটিছে । গুজৰাট এতিয়া দ্বিতীয় স্থানত থকাৰ বিপৰীতে পঞ্জাৱ কিংছ তৃতীয় আৰু আৰ চি বি চতুৰ্থ স্থানলৈ অৱনমিত হৈছে । আনহাতে, পৰাজয়ৰ গ্লানিৰে ৰাজস্থান ৰয়েলছ চতুৰ্থৰ পৰা পঞ্চম স্থানলৈ পিছুৱাই গৈছে ।

লগতে পঢ়ক : আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ

আই পি এল ২০২৬ : ফিন এলেনৰ বিধ্বংসী শতক, দিল্লীক ৮ উইকেটত ধূলিস্যাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ

আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে

শুকুৰবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৬-ৰ ৫১ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি এক দৰ্শনীয় জয় সাব্যস্ত কৰে । কলকাতাৰ এইটো আছিল চলিত ছিজনত একেৰাহে চতুৰ্থটো জয় ।

ফিন এলেনৰ বেটিং তাণ্ডৱ-

১৪৩ ৰাণৰ বিজয় লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা কলকাতাৰ হৈ তাণ্ডৱ চলায় নিউজীলেণ্ডৰ তাৰকা ফিন এলেনে । ‘ইমপেক্ট চাব’ হিচাপে খেলপথাৰত নমা এলেনে মাত্ৰ ৪৭ টা বলত ১০০ ৰাণৰ এক অবিস্মৰণীয় অপৰাজিত শতকীয় ইনিংছ খেলে । তেওঁৰ এই ইনিংছটোত আছিল ১০ টা বিশাল ছিক্সাৰ আৰু ৫ টা চাৰি । এলেনৰ এই বিস্ফোৰক বেটিংৰ সহায়ত কলকাতাই মাত্ৰ ১৪.২ অভাৰতে ২ উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে । কেমেৰন গ্ৰীনে দুটা ছিক্সাৰেৰে ৩৩ ৰাণ কৰি এলেনক যোগ্য সংগত দিয়ে ।

দিল্লীৰ বেটিং বিপৰ্যয়-

ইয়াৰ পূৰ্বে, টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪২ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অ’পেনাৰ পাথুম নিশাংকাই ২৯ টা বলত ৫০ ৰাণ আৰু আশুতোষ শৰ্মাই ৩৯ ৰাণৰ অৱদান আগবঢ়ায় যদিও আন বেটাৰসকলে বিশেষ সহায় কৰিব নোৱাৰিলে । এটা সময়ত ১ উইকেটত ৭৪ ৰাণ কৰি মজবুত স্থিতিত থকা দিল্লীয়ে হঠাৎ মাজভাগত উইকেট হেৰুৱাই বিপাঙত পৰে । কলকাতাৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে দুটাকৈ উইকেট দখল কৰে ।

পইণ্ট তালিকাৰ স্থিতি-

এই জয়ৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ ১০ খন মেচত ৯ পইণ্ট হৈছে । আনহাতে, পৰাজিত দিল্লী কেপিটেলছৰ ১১ খন মেচত ৮ পইণ্টত স্থিৰ আছে । চলিত ছিজনত দুয়োটা দলেই এতিয়ালৈকে তেনে কোনো বিশেষ চমক দেখুৱাব পৰা নাই ।

হেড-টু-হেড পৰিসংখ্যা-

আই পি এলৰ ইতিহাসত দিল্লী আৰু কলকাতাৰ মাজত হোৱা ৩৫ খন মুখামুখি যুঁজত ২০ খনত কলকাতা জয়ী হোৱাৰ বিপৰীতে ১৫ খনত দিল্লীয়ে জয়লাভ কৰিছে । যোৱা ছিজনতো কলকাতাই দিল্লীক ১৪ ৰাণত পৰাস্ত কৰিছিল ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ কঠোৰ সকীয়নি

আই পি এলত নিৰাপত্তাৰ ব্যাপক উলংঘন! বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে এতিয়া কঠোৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড । টুৰ্ণামেণ্টখনৰ চলিত ছিজনত খেলুৱৈ, দলৰ বিষয়া আৰু বাহিৰৰ অননুমোদিত ব্যক্তিৰ মাজত বৃদ্ধি পোৱা “বিসংগতি আৰু অনিয়ম”ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াই সকলো ফ্ৰেঞ্চাইজিলৈ এক অতি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰিছে ।

শইকীয়াই জনোৱা মতে, বি চি চি আইয়ে কেইবাটাও গুৰুতৰ নিৰাপত্তা আৰু দুৰ্নীতি বিৰোধী নীতি উলংঘনৰ ঘটনা ধৰা পেলাইছে । তেওঁ কয় যে বহু অনা-অনুমোদিত ব্যক্তি দলৰ সদস্যৰ সৈতে ঘুৰি ফুৰা, আনকি খেলুৱৈ আৰু বিষয়াৰ কোঠাত সোমোৱা আদি কাৰ্য লক্ষ্য কৰা হৈছে, যিটো আই পি এলৰ সুৰক্ষা নীতিৰ সম্পূৰ্ণ পৰিপন্থী । লগতে ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকলে নিষিদ্ধ এলেকাত খেলুৱৈৰ সৈতে মত বিনিময় কৰাক লৈও তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে ।

সাংবাদিকৰ আগত বৃহস্পতিবাৰে বি চি চি আইৰ সচিবজনে স্পষ্টকৈ কয়, “আমি এই কথাবোৰ অতি গুৰুত্বসহকাৰে লৈছোঁ । আজি সন্ধিয়াই এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা হ’ব । ইয়াৰ পিছতো যদি কোনোৱে নিয়ম উলংঘন কৰে, তেন্তে বি চি চি আই আৰু আই পি এল গভৰ্ণিং বডীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।”

উল্লেখ্য যে, অলপতে কেইবাটাও বিতৰ্কিত ঘটনাই ক্ৰিকেট মহলত জোকাৰণি সৃষ্টি কৰিছে । পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলৰ সময়ত ড্ৰেছিং ৰুমত ই-চিগাৰেট সেৱন কৰি থকা অৱস্থাত ৰাজস্থান ৰয়েলছৰ তাৰকা ক্ৰিকেটাৰ তথা অধিনায়ক ৰিয়ান পৰাগ ধৰা পৰিছিল । ইয়াৰ বাবে ৰিয়ানক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা আৰু এটা ডিমেৰিট পইণ্ট প্ৰদান কৰা হয় ।

একেদৰে, গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডাগআউটৰ ওচৰত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে ৰাজস্থান ৰয়েলছৰ মেনেজাৰ ৰবিন্দৰ সিং ভিন্দৰকো ১ লাখ টকাৰ জৰিমনা বিহা হৈছে । এনেবোৰ ঘটনাই আই পি এলৰ নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাক প্ৰকট কৰি তোলাৰ বাবেই এতিয়া বি চি চি আই কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক : ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

পৰাজয়ৰ চক্ৰবেহুত বন্দী মুম্বাই ইণ্ডিয়ানছ, অনিশ্চিত প্লে’ অফৰ পথ !

৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাইয়ে ৯খন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়লাভ কৰিছে আৰু ৭খন খেলত পৰাস্ত হৈছে

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছে অনুৰাগীৰ হৃদয় ভাঙি শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে । ৫ বাৰৰ আই পি এল চেম্পিয়ন মুম্বাইয়ে ৯খন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়লাভ কৰিছে আৰু ৭খন খেলত পৰাস্ত হৈছে । ২ মে’ শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত মুম্বাই ইণ্ডিয়ানছৰ বেটিং, বলিং আৰু ফিল্ডিং অতিশয় দুৰ্বল আছিল । ৭ উইকেটত মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় দলটোৱে । কঠিন পৰিস্থিতিত নমন ধীৰে ৫৭ ৰানৰ যুঁজাৰু ইনিংছ খেলিছিল যদিও আনটো মূৰৰ পৰা তেওঁৰ বিশেষ সমৰ্থনৰ লাভত ব্যৰ্থ হয় ।

১৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰা চেন্নাই ছুপাৰ কিংছে মেচখনত একপক্ষীয় বিজয় সাব্যস্ত কৰে । অধিনায়ক ৰুতুৰাজ গাইকোৱাদে ৬৭ ৰানৰ অপৰাজিত ইনিংছ খেলি মাত্ৰ ১৮.১ অভাৰতে দলটোক বিজয় লক্ষ্যত উপনীয় কৰায় । চি এছ কেয়ে ৮ উইকেটত জয়লাভ কৰি প্লে অফৰ আশা জীয়াই ৰাখিছে । ইফালে, চি এছ কেৰ বিৰুদ্ধে পুনৰ পৰাজয়ৰ ফলত মুম্বাই ইণ্ডিয়ানছ শলঠেকত পৰিছে । ৪ পইন্টেৰে দলটো বৰ্তমান পইণ্ট তালিকাৰ নৱম স্থানত আছে আৰু দলটোৰ আৰু নেট ৰান ৰেট -০.৮০৩ ।

এই ছিজনত মুম্বাই ইণ্ডিয়ানছৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মিডল অভাৰৰ বেটিং । ভাল আৰম্ভণিৰ পিছত উইকেট হেৰুৱাই দলটো প্ৰায়ে হেঁচাত পৰে । চি এছ কেৰ বিৰুদ্ধেও একেই দেখা গ’ল, য’ত শক্তিশালী স্থান থকাৰ পাছতো হঠাতে দলটো বেকফুটলৈ যায় ৷ দলটোৰ বলিং আক্ৰমণো দুৰ্বল । কম স্ক’ৰে বলাৰসকলৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰে, যাৰ বাবে বিপক্ষই সহজেই দলটোৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

বাকী পাঁচখন খেলত মুম্বাই ইণ্ডিয়ানছ জয়ী হ’লে ১৪ পইণ্ট লাভ কৰিবলৈ সক্ষম হ’ব । এতিয়া মুম্বাইৰ বাবে আগন্তুক পথ অত্যন্ত কঠিন হৈ পৰিছে । দলটোৱে বাকী সকলো মেচতে জয়ী হ’ব লাগিব আৰু নেট ৰান ৰেট যথেষ্ট উন্নত কৰিব লাগিব । তদুপৰি তেওঁলোকে আন দলৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব লাগিব । যদিহে মুম্বাই এখন মেচতো পৰাস্ত হয় তেন্তে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাটো প্ৰায় নিশ্চিত । গাণিতিকভাৱে হয়তো এতিয়াও মুম্বাই বাহিৰ হোৱা নাই, কিন্তু তেওঁলোকৰ বৰ্তমানৰ ফৰ্ম আৰু ধাৰাবাহিক ভুলৰ প্ৰতি লক্ষ্য ৰাখি প্লে অফত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ যেন লাগে ।

মুম্বাই ইণ্ডিয়ানছৰ বাকী থকা মেচ-

৪ মে’ : লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে

১০ মে’: ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে

১৪ মে’ : পঞ্জাব কিংছ, ধৰমশালা

২০ মে’ : কলকাতা নাইট ৰাইডাৰ্ছ

২৪ মে’ : ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে

ইফালে চলিত আই পি এলত আন এক গুৰুতৰ পৰাজয়ৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিজৰ যন্ত্ৰণা প্ৰকাশ কৰে । হাৰ্দিকে স্বীকাৰ কৰে যে এই ছিজনত তেওঁৰ দলটো পুনৰ ট্ৰেকলৈ আহিবলৈ সক্ষম নহ’ল । মেচৰ পিছত হাৰ্দিক পাণ্ডিয়াই স্পষ্টকৈ কয়, “এয়া আমাৰ ছিজন নহয় । প্ৰতিটো বিভাগতে চি এছ কে ভাল আছিল । তেওঁলোকে ভাল বলিং কৰিছিল, ভাল বেটিং কৰিছিল আৰু ভাল ফিল্ডিং কৰিছিল ।”

লগতে পঢ়ক : নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

নিস্তেজ মুম্বাই… চেন্নাইৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হাৰ্দিক বাহিনী

শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে

চলিত আই পি এলত আন এক পকাজয়ৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছ । শনিবাৰে আই পি এল ২০২৬ত অনুষ্ঠিত হোৱা এখন মেচত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে । মেচখনত ৮ উইকেটত জয়লাভ কৰে চেন্নাই চুপাৰ কিংছে । এই খেলখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হয় । টছত জয়ী হোৱাৰ পাছত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি মুম্বাইয়ে মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় যিটো চেন্নাইয়ে ১৯ অভাৰতে উপনীত হয় ।

১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি চেন্নাই চুপাৰ কিংছে সঞ্জু চেমছন আৰু ৰুতুৰাজ গাইকোৱাদৰ সৈতে ইনিংছৰ আৰম্ভণি কৰে । চেমছন ১১ ৰানত আউট হয় যদিও গাইকোৱাদে আনটো মূৰত দলৰ ইনিংছ চম্ভালে । উৰভিল আউট হোৱাৰ পিছতে গাইকোৱাদে কাৰ্তিক শৰ্মাৰ সৈতে ১৯ অভাৰত মেচখন জয় কৰে । কাৰ্তিক শৰ্মাই আই পি এলৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে ।

প্ৰথম বেটিং কৰা মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত উইল জেকছৰ উইকেট হেৰুৱাই দলটোৱে । জেকছে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে । তাৰ পাছত ৰিকেল্টনে ভাল ইনিংছ খেলিছিল যদিও সপ্তম অভাৰত তেওঁৰ উইকেটৰ পতন ঘটে । এই খেলখনত সূৰ্য কুমাৰ যাদৱে ১২টা বলত ২১ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ স্ক’ৰে ১১ অভাৰত ১০০ ৰান অতিক্ৰম কৰে । নমন ধীৰে ৩৭টা বলত ৫৭ ৰান সংগ্ৰহ কৰে । অৱশ্যে মুম্বাইৰ নিম্ন ক্ৰম সম্পূৰ্ণৰূপে ফ্লপ হোৱাৰ ফলত মুঠ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় দলটো । চি এছ কেৰ হৈ নূৰ আহমেদে ৪ অভাৰত মাত্ৰ ২৬ ৰানত দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক : বৈভৱৰ উইকেট দখল কৰি হৰ্ষোল্লাস কৰা জেমিছনৰ বিৰুদ্ধে কঠোৰ বিচিচিআই

বৈভৱৰ উইকেট দখল কৰি হৰ্ষোল্লাস কৰা জেমিছনৰ বিৰুদ্ধে কঠোৰ বিচিচিআই

কিন্তু বৈভৱৰ উইকেট দখল কৰাৰ পিছতে জেমিছনে এটা ভুল কৰাত বিচিচিআইয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়

আই পি এল ২০২৬ৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন মেচত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ মুখামুখি হয় । জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত খেলা মেচখনত ৰাজস্থান ৭ উইকেটত পৰাস্ত হয় । এই মেচত দুৰ্দান্ত ফৰ্মত থকা বেটছমেন বৈভৱ সূৰ্য্যবংশী ব্যৰ্থ হয় । দিল্লীৰ বেগী বলাৰ কাইল জেমিছনে ইনিংছৰ আৰম্ভণিতে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । কিন্তু বৈভৱৰ উইকেট দখল কৰাৰ পিছতে জেমিছনে এটা ভুল কৰাত বিচিচিআইয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

দিল্লী কেপিটেলছৰ ফাষ্ট বলাৰ কাইল জেমিছনৰ বিৰুদ্ধে আই পি এলৰ আচৰণ বিধি লেভেল ১ উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । মেচ ৰেফাৰী ৰাজীৱ ছেথে লেভেল ১ৰ সতৰ্কবাণী জাৰি কৰি ডেমেৰিট পইণ্ট প্ৰদান কৰে । মেচখনৰ প্ৰথম ইনিংছৰ দ্বিতীয় অভাৰত জেমিছনে এই উলংঘা সংঘটিত কৰে । বৈভৱ সূৰ্যবংশীক আউট কৰাৰ লগে লগে জেমিছনে তেওঁৰ কাষ চাপি আগ্ৰাসী উদযাপনত লিপ্ত হোৱা দেখা যায়, যাৰ ফলত বেটছমেনৰ আক্ৰমণাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছিল ।

এই কাণ্ডক আই পি এলৰ আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা বুলি গণ্য কৰা হৈছিল, য’ত আন এজন খেলুৱৈক উত্তেজিত কৰিব পৰা ভাষা, কাৰ্য্য বা ইংগিত সামৰি লোৱা হৈছে । কাইল জেমিছনে এই অভিযোগ স্বীকাৰ কৰি মেচ ৰেফাৰীয়ে জাৰি কৰা দণ্ড মানি লৈছে । উইকেট দখলৰ পিছত জেমিছনে বাৰে বাৰে হাত চাপৰি বজাই বৈভৱৰ চকুলৈ চাই থকা দেখা গৈছিল । ঘটনাৰ সময়ত সূৰ্যবংশীয়েও তেওঁৰ ফালে চাই আছিল ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল, হৰমনপ্ৰীতৰ হাতত দলৰ বাঘজৰী

ৰিয়ান পৰাগৰ বেটত ৰানৰ ধুমুহা: সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰেৰে আই পি এলত শক্তিশালী কামবেক

শেহতীয়াকৈ এক বিতৰ্কত সোমাই বিচিচিআইৰ শাস্তিৰ সন্মুখীন হোৱা ৰিয়ান পৰাগে চলিত আই পি এলৰ পূৰ্বৰ আটাইকেইখন মেচত ব্যৰ্থ হৈছিল

আই পি এল ২০২৬ত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাইছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক তথা অসম সন্তান ৰিয়ান পৰাগে । শেহতীয়াকৈ এক বিতৰ্কত সোমাই বিচিচিআইৰ শাস্তিৰ সন্মুখীন হোৱা ৰিয়ান পৰাগে চলিত আই পি এলৰ পূৰ্বৰ আটাইকেইখন মেচত ব্যৰ্থ হৈছিল । ইয়াৰ পিছতে শুকুৰবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি অকলেই দলৰ সংকটচ মোচকৰ ভূমিকাত অৱতীৰ্ণ হয় পৰাগ । দুৰ্দান্ত বেটিঙেৰে তেওঁ দলক এক শক্তিশালী স্ক’ৰ থিয় কৰাত সহায় কৰে । ৫০ টা বলত ৯০ ৰান সংগ্ৰহ কৰি পৰাগে এক শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিয়ে ।

আজি অনুষ্ঠিত হোৱা মেচখনত দুৰ্বল আৰম্ভণিৰ পিছতো ৰাজস্থান ৰয়েলছে স্ক’ৰ ব’ৰ্ডত ২২৫ ৰান সংগ্ৰহ কৰে । ৰাজস্থানে মাত্ৰ ১২ ৰানতে দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অধিনায়ক ৰিয়ান পৰাগৰ ৯০ ৰানৰ ইনিংছে মেচখনত ৰাজস্থানৰ স্থিতি শক্তিশালী কৰে । ধ্ৰুৱ জুৰেলেও ৪০ ৰানৰ অৰিহণা যোগাইছিল । ইফালে ডেথ অভাৰত ড’নভান ফেৰেইৰাই বিধ্বংসী ৰূপ ধাৰণ কৰে । তেওঁৰ বেটিং বিক্ৰমৰ সন্মুখত মিচেল ষ্টাৰ্কৰ মাৰাত্মক বলিঙো বিফল হয় । ফেৰেইৰাই ১৪টা বলত ৪৭ ৰান সংগ্ৰহ কৰে ।

ৰাজস্থান ৰয়েলছৰ দুয়োগৰাকী অ’পেনাৰ প্ৰথম ১২ ৰানৰ ভিতৰতে আউট হয় । যশস্বী জয়ছোৱালে ৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বৈভৱ সূৰ্যবংশীক কাইল জেমিছনে ৪ ৰানত ক্লীন বল্ড কৰে । ২০২৬ চনৰ আই পি এলৰ প্ৰথম ৯ ইনিংছত ৰিয়ান পৰাগে মাত্ৰ ১১৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল যদিও দিল্লীৰ বিৰুদ্ধে তেওঁৰ ফৰ্ম ঘূৰি আহে । এই মেচত তেওঁ অধিনায়কোচিত ইনিংছ খেলে আৰু ৫০টা বলত ৯০ ৰান সংগ্ৰহ কৰে । এই বিস্ফোৰক ইনিংছত তেওঁ ৮টা চাৰি আৰু ৫টা ছয় কোবাই ।

ধ্ৰুৱ জুৰেলৰ সৈতে ১০২ ৰানৰ অংশীদাৰিত্ব গঢ়ে ৰিয়ান পৰাগে । ইয়াৰ পাছতে পৰাগে ৰবীন্দ্ৰ জাডেজাৰ সৈতে ৫৩ ৰান সংযোজন কৰে । ১৭ নং অভাৰত পৰাগ ৯০ ৰানত আউট হৈছিল যদিও ইয়াৰ পিছতে ড’নভান ফেৰেইৰাৰ ধুমুহাই ৰাজস্থানক এক বৃহৎ স্ক’ৰৰ দিশে লৈ যায় ।

লগতে পঢ়ক : ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন

অথলে গ’ল বিৰাট কোহলীৰ সংগ্ৰামী ইনিংছ, গুজৰাটৰ হাতত পৰাস্ত আৰ চি বি

বিৰাট কোহলীয়ে ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দেৱদত্ত পাদিক্কালে ৪০ ৰান সংগ্ৰহ কৰে

আই পি এল ২০২৬ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন মেচত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪ উইকেটত পৰাস্ত কৰে । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত ভুৱনেশ্বৰ কুমাৰৰ ঐতিহাসিক প্ৰদৰ্শনৰ পিছতো বাংগালুৰু দলটোৱে জয় নিশ্চিত কৰাত ব্যৰ্থ হয় । এই খেলখনত ভুৱনেশ্বৰে তিনিটা উইকেট দখল কৰে । এই কৃতিত্বৰে তেওঁ টি-২০ কেৰিয়াৰত ৩৫০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হৈছে ।

টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰিবলৈ ওলাই আহে বাংগালুৰু দল । বিৰাট কোহলীয়ে ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দেৱদত্ত পাদিক্কালে ৪০ ৰান সংগ্ৰহ কৰে । আৰ চি বিৰ আন বেটছমেন সকলে মেচখনত প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় । দলটোৱে মুঠ ১৫৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

এই মেচখনত ছাই সুদৰ্শনৰ উইকেট দখল কৰাৰ লগে লগে ভুৱনেশ্বৰ কুমাৰে টি-২০ কেৰিয়াৰত ৩৫০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয় । টি-২০ ক্ৰিকেটত যুজবেন্দ্ৰ চাহালৰ পিছত এই কৃতিত্ব অৰ্জন কৰা তেওঁ দ্বিতীয়জন ভাৰতীয় । ৩২৫ সংখ্যক মেচত ভুৱনেশ্বৰ কুমাৰে ৩৫০টা উইকেট সম্পূৰ্ণ কৰে । গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত তেওঁ ছাই সুদৰ্শন, শুভমন গীল আৰু জোছ বাটলাৰৰ উইকেট দখল কৰি টি-২০ৰ মুঠ উইকেটৰ সংখ্যা ৩৫২ কৰে ।

ইয়াৰ জৰিয়তে গুজৰাট টাইটানছে আই পি এল ২০২৬ ছিজনত পঞ্চমটো জয় লাভ কৰি ১০ পইণ্টেৰে পইণ্ট টেবুলৰ পঞ্চম স্থানলৈ আগবাঢ়ি যায় । ইফালে দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে আৰ চি বিয়ে ।

যেতিয়া গুজৰাট দলটোৱে ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ ওলাই আহিছিল, তেতিয়া ছাই সুদৰ্শনৰ উইকেটৰ কম সময়তে পতন ঘটিছিল; কিন্তু কেপ্তেইন শুভমন গীলে মাত্ৰ ১৮টা বলত বিস্ফোৰক ৪৩ ৰান সংগ্ৰহ কৰে । জোছ বাটলাৰে ১৯টা বলত ৩৯ ৰান সংগ্ৰহ কৰে ।

অৱশেষত ইমপেক্ট প্লেয়াৰ হিচাপে অহা ৰাহুল তেৱাতিয়াই ১৭টা বলত অপৰাজিত ২৭ ৰান সংগ্ৰহ কৰি গুজৰাটৰ ছিজনৰ পঞ্চমটো জয় নিশ্চিত কৰে । গুজৰাটৰ বাবে এইটো আছিল বিশেষভাৱে উল্লেখযোগ্য জয়, কিয়নো তেওঁলোকে ২৫টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হয় । ইয়াৰ ফলত তেওঁলোকৰ নেট ৰাণ ৰেটো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ৩৯ বছৰত ভৰি দিলে ৰোহিত শৰ্মাই : ক্ৰিকেট বিশ্বৰ ‘হিটমেন’ৰ সোণালী কেৰিয়াৰৰ পৰিক্ৰমা

ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন

আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বিৰুদ্ধে আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ এখন মেচৰ সময়ত আচৰণ বিধি ভংগ কৰাৰ অভিযোগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বিৰুদ্ধে আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলা ৪০ নং মেচৰ সময়ত ড্ৰেছিং ৰুমত ভেপিং কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে ৰিয়ান পৰাগক ।

আই পি এলৰ চৰকাৰী সংবাদ পৰামৰ্শ অনুসৰি পৰাগে খেলুৱৈ আৰু দলৰ বিষয়াৰ বাবে নিৰ্ধাৰিত আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰিছে, যিয়ে খেলখনক বদনাম কৰাইছে । এই ঘটনা সংঘটিত হয় মেচখনৰ দ্বিতীয় ইনিংছত, যেতিয়া পৰাগে ড্ৰেছিং ৰুমত ই-চিগাৰেট ব্যৱহাৰ কৰা দেখা গৈছিল ।

এই উলংঘাক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হৈছে, যাৰ ফলত তেওঁৰ মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা ভৰিবলগীয়া হৈছে আৰু তেওঁৰ অভিলেখত এটা ডেমেৰিট পইণ্ট সংযোজন কৰা হৈছে । উল্লেখ্য যে, লেভেল ১ অপৰাধৰ বাবে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাই । পৰাগে নিজৰ ভুল স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শৰ্মাই দিয়া শাস্তি মানি লোৱা বুলিও উপদেষ্টাগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

বিষয়টোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ বিশ্বাসযোগ্যতা আৰু অনুশাসন অক্ষুণ্ণ ৰাখিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে।

উল্লেখ্য যে, ২০১৯ চনৰ পৰা ভাৰতত ই-চিগাৰেটৰ উৎপাদন, বিক্ৰী, বিতৰণৰ ওপৰত নিষেধাজ্ঞা বলবৎ হৈ আহিছে । ফলস্বৰূপে এজন পেছাদাৰী ক্ৰিকেটাৰৰ এনে আচৰণে বিতৰ্কক আৰু অধিক ইন্ধন যোগোৱা পৰিলক্ষিত হয় ।

যদিও এই মেচত ৰাজস্থান ৰয়েলছে খেলপথাৰত জয় নিশ্চিত কৰিছিল, পৰাগৰ এই ভুলৰ বাবে দলৰ ভাবমূর্তি সন্দর্ভত প্রশ্নৰ উত্থাপন হৈছে ৷ আগন্তুক মেচসমূহত তেওঁৰ প্ৰদৰ্শনৰ জৰিয়তে এই বিতৰ্কক নোহোৱা কৰিব পাৰিবনে নাই সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : ড্ৰেচিং ৰুমত ৰিয়ান পৰাগৰ ধুমপান! বিচিচিআই এ ল’ব নেকি এক্সন, ভাইৰেল ভিডিঅ’